পৃষ্ঠা:বুদ্ধদেৱ- গোপীনাথ বৰদলৈ.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
বুদ্ধদেৱ
 

ভাবে ৰাজচক্ৰৱৰ্তী অৰ্থাৎ বৰ্তমান সম্ৰাটৰ দৰে খিতাপী হবলৈ বিচাৰিছিল। আৰ্যসকলে হিন্দু- স্থানত সোমাওতে প্ৰথমতে দলে দলে আহিছিল। তেওঁবিলাকে ক্ৰমে সিন্ধু নদ উপত্যকা আৰু তাৰ পিছত গঙ্গা নদীৰ পাৰৰ ঠাইবোৰত বসতি কৰে আৰ্যসকল ভ্ৰমণকাৰী জাতি গুচি স্থায়ী বসতি কৰা লোক হোৱাৰ লগে লগে এই সৰু ৰাজ্যবোৰ গঠিত হয়। এনে ৰাজনৈতিক অৱস্থা বুদ্ধদেৱ জন্ম কাললৈকে থকা যেন দেখা যায়। শ্ৰীৰাম- চন্দ্ৰৰ দিনৰ পৰা বুদ্ধদেৱৰ দিনলৈকে কিমান বছৰ হয় সেই কথা কোনেও সঠিককৈ কব নোৱাৰে। কিছুমান বিদ্বান লোকে ১০০০ বছৰমান বুলি কব খোজ। কিছুমানে তাতকৈয়ো বেছি বুলি কয়। কিছুমান পণ্ডিতে ৫০০ বা ৭০০ বছৰৰ বেছি নহয় বুলি অনুমান কৰে

২৭-২-৪১

সি যিকি নহওক প্ৰত্যেক জন ডাঙৰ ৰজাই ৰাজচক্ৰৱৰ্তী হবলৈ ইচ্ছা কৰিছিল। সেই নিমিত্তে সেই কালৰ ৰাজ্যবোৰৰ মাজত সততে যুজবাগৰ চলি আহিল। বৰ্তমান কাশ্মীৰৰ কাষৰ পৰা অসমৰ