সমললৈ যাওক

পৃষ্ঠা:বুদ্ধদেৱ- গোপীনাথ বৰদলৈ.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
বুদ্ধদেৱ
১২
 

কৈ আহিছে যে বেদমতে আৰ্যবিলাকে কিছুমান যাগযজ্ঞ আৰু কৰ্ম্মকাণ্ড কৰিব লাগিছিল। সেই বোৰ তেওঁবিলাকে নিজে কৰিছিল। সেই যাগ- যজ্ঞ ঈশ্বৰৰ বাহিক শক্তিৰ পূজা মাথোন। খেতিৰ কাৰণে বৰষুণ লাগে, শস্য গজিবলৈ সূৰ্যৰ তাপ লাগে, পৃথিবত গৰু-মানুহ আদি প্ৰাণী জম্মি কাৰণে শক্তি (প্ৰজাপতি) লাগে। সেই কাৰণে সেই সেই শক্তিবিলাকৰ পূজা কৰিছিল। প্ৰথমতে এই পূজা অতি সাধাৰণ আছিল। প্ৰত্যেক মানুহে নিজে পূজাৰ বস্তু গোটাই-মেলি আনি যজ্ঞকুণ্ডত অগ্নিদেৱক আহুতি দিছিল। এনে নিয়মেৰে ইহুদী পুৰোহিতবিলাকেও ঈশ্বৰ-পূজাত হোম কৰিছিল। যীশুৰ জীৱনত ইহুদীবিলাকৰ কথা পঢ়োতে এই বিষয়ে আৰু আভাস পাবা এতিয়া তোমালোকে জানা যে ভাৰতবৰ্ষত ক্ৰমে এই পূজাৰ যাগ- যজ্ঞৰ পৰাই পুৰোহিত শ্ৰেণী সৃষ্টি হ’ল। ক্ৰমে এই পূজাৰ নিয়মবোৰ ইমান সূক্ষ্ম আৰু বিতং হল যে সকলোৱে এইবিলাকলৈ মন দিবলৈ এৰি এই যাগ-যজ্ঞবিলাক কিছুমান পণ্ডিতৰ দ্বাৰা কৰাবলৈ ধৰিলে। বেদশাস্ত্ৰমতে এই কৰ্মকাণ্ডবিলাক মানুহৰ জীৱনৰ সকলো কথাতে লাগতিয়াল হোৱাত এই