সমললৈ যাওক

পৃষ্ঠা:বুদ্ধদেৱ- গোপীনাথ বৰদলৈ.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
বুদ্ধদেৱ
 

তুকিস্তান, পাৰস্য আদি ঠাইত বৌদ্ধ প্ৰচাৰক সকলে বুদ্ধৰ প্ৰেমময় বাণী প্ৰচাৰ কৰিছিল। কিছুমান ধাৰ্মিক লোকে ভাবে যে যীশুখ্ৰীষ্টৰ জীৱনৰ মূল আদৰ্শ অৰ্থাৎ ঈশ্বৰ যে প্ৰেমময় এই ভাবটা যীশুৱে সেই ঠাইত বৌদ্ধ ধৰ্ম্মৰ প্ৰভাৱৰ পৰাহে গ্ৰহণ কৰিছিল। বুদ্ধৰ উপদেশ আৰু শিকনিৰ কথা কওতে আমি আকৌ এই বিষয়ে আলোচনা কৰিমহক। এনেবোৰ কাৰণৰ পৰাই বুদ্ধদেৱৰ নিচিনা মহাপুৰুষ এজনীক হিন্দু শাস্ত্ৰকাৰসকলে অৱতাৰ বুলি মানি লোৱাটো একো আচৰিত কথা নহয়।

এতিয়া যি সমাজৰ মাজত থাকি আৰু যি সমাজৰ নানা দোষ-অন্যায় দেখি বুদ্ধদেৱ জগতৰ মহৎ উপকাৰ কৰিবলৈ সঙ্কল্প গ্ৰহণ কৰিলে সেই সম্বন্ধে মই অলপ কওঁ শুনাঃ -

২৬-২-৪১

শ্ৰীৰামচন্দ্ৰৰ জীৱন-চৰিত পঢ়াতে তোমাললাকে জানিছা কেনেকৈ প্ৰাচীন ভাৰতবৰ্ষত অনেক সৰু সৰু ৰাজ্য আছিল আৰু কেনেকৈ সেইবোৰৰ মাজত যি জন ৰজাই প্ৰতাপশালী হয় তেৱেই সাময়িক