সমললৈ যাওক

পৃষ্ঠা:বুদ্ধদেৱ- গোপীনাথ বৰদলৈ.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পাতনি


 গান্ধীজীৰ আশ্ৰমৰ একাদশ ব্ৰতৰ ভিতৰত “সৰ্ব্ব ধৰ্ম্মে সমানত্বং” এটা মূল ব্ৰত। এই ব্ৰতৰ নীতি ভাৰতবৰ্ষৰ বৰ্ত্তমান যুগত প্ৰভু ৰামকৃষ্ণ পৰমহংসদেৱে প্ৰচাৰ কৰে। গান্ধীজীয়ে আৰু তেওঁৰ আশ্ৰমবাসীসকলে দৈনন্দিন জীৱনত এই ব্ৰত পালন কৰে। আচলতে ই এটা নিখুত সত্য। ঈশ্বৰৰ বিশ্বাস কেনেকৈ আৰু কেতিয়া মানুহৰ মনত সোমা- লহি সেইটো বৈজ্ঞানিক চৰ্চ্চাৰ বিষয় হব পাৰে, কিন্তু এইটো ঐতিহাসিক সত্য যে ঈশ্বৰৰ অস্তিত্ব মহাজনসকলে অন্তৰ-আত্মাৰ অনুভূতিৰ পৰাই পাইছে আৰু এই মহাপুৰুষ- সকলে বেলেগ দেশত বেলেগ ৰাজবংশত জন্ম গ্ৰহণ কৰিলেও সকলো মহাপুৰুষেই জগতৰ মঙ্গলময় কিছুমান মৌলিক সত্য গ্ৰহণ কৰি গৈছে আৰু তাকে প্ৰচাৰ কৰিছে। দেশ- কাল পাত্ৰ অনুসৰি তেখেতসকলৰ শিকনি বেলেগ হলেও সকলোৰে উদ্দেশ্য একেই—মানৱ সমাজৰ উন্নতি আৰু শান্তি।

 ১৯৪০|৪১ চনত সত্যাগ্ৰহ আন্দোলন সম্বন্ধে জেলত থকা সময়ত কেনেকৈ উঠি-অহা লৰা-ছোৱালীৰ মনৰ পৰা সাম্প্ৰদায়িক বিৰোধ ভাব দূৰ কৰি সমতা ভাব আনিব