পৃষ্ঠা:বুদ্ধদেৱ- গোপীনাথ বৰদলৈ.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
বুদ্ধদেৱ
১০
 

বুজা যায় যে নদী বা নিজৰাৰ পানী পোৱা খট- খটীয়া কিছুমান হাবিয়নি ঠাই সন্ন্যাসীৰ আশ্ৰমেৰে ভৰি গৈ গাঁৱৰ দৰে হৈছিল। এই সন্ন্যাসী- বিলাকৰ ভিতৰত কিছুমান আজিকালিৰ বহুত সন্ন্যাসীৰ দৰে নিজৰ ব্ৰত ৰক্ষা কৰিব নোৱাৰি ভ্ৰষ্ট হবলৈ বাধ্য হৈছিল। এইদৰে ধৰ্মৰ গ্লানি হবলৈ ধৰিলে।

১-৩-৪১

ইপিনেদি দাৰ্শনিক পণ্ডিতসকলৰ জ্ঞান আৰু তৰ্ক চৰ্চাৰ দ্বাৰা মনুষ্য সমাজখন অযথা তৰ্ক আৰু বাক-বিতণ্ডাৰ থল হৈ পৰিছিল। দৰ্শনকাৰ ঋষি- সকলৰ তিৰোভাৰ লগে লগে তেওঁবিলাকৰ শিষ্য- বিলাকে ঋষিসকলৰ বাণী আৰু উপদেশবিলাক লৈ নানা তৰ্ক সৃষ্টি কৰিবলৈ ধৰিলে। এই শাস্ত্ৰ- বিলাকৰ উদ্দেশ্য যদিও ঈশ্বৰত আছিল তথাপি মুক্তি বা মোক্ষৰ পথ সম্পৰ্কে সকলোবিলাকৰে একে মত নাছিল। সেই কাৰণেই ছয় ৰকমৰ মত প্ৰকাশ হৈ ছয় দৰ্শন চলিবলৈ ধৰিলে। প্ৰত্যেক মত শাস্ত্ৰজ্ঞ লোকসকলে নিজৰ তথ্যৰ সত্যতা প্ৰমাণ কৰিবৰ কাৰণে আৰু তৰ্ক-শক্তি