সমললৈ যাওক

পৃষ্ঠা:বুদ্ধদেৱ- গোপীনাথ বৰদলৈ.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
বুদ্ধদেৱ
 

কাষলৈ বিশেষকৈ গঙ্গা নদীৰ পাৰৰ ৰাজ্যবোৰৰ ভিতৰত লিচ্ছবি মগধ, কাশী, কোশল, অঙ্গ, মৰু বিদেহ ইত্যাদি ৰাজ্য কেইখন বিশেষভাৱে জনা- জাত আছিল। মগধ ৰাজ্য প্ৰায় ১০০ বছৰমান পিছত গৈ অশোক, চন্দ্ৰগুপ্ত আদি ৰজাসকলৰ দিনত প্ৰায় সমগ্ৰ ভাৰতবৰ্ষ ব্যাপি বিস্তৃত হৈছিল আৰু সকলো প্ৰকাৰ শিক্ষা পাণ্ডিত্য আদিৰ কেন্দ্ৰস্থল হৈছিল। বুদ্ধদেৱৰ পিতা শুদ্বোধন ৰজাৰ ৰাজ্যও তেনে এখন স্বাধীন ৰাজ্য আছিল। এই ৰাজ্য- খন নেপাল পৰ্বতৰ তলৰ বৰ্তমান ৰোই নামেৰে সমভূমিৰ এক খণ্ড। কাশীৰ উত্তৰে আৰু পূবে প্ৰায় ১০০ মাইল দূৰৈত। এই বিভিন্ন ৰাজ্যবোৰৰ মাজত সাময়িক বিৰোধ বা যুদ্ধ চলি থকা স্বত্বেও মানুহৰ আৰ্থিক, সামাজিক আৰু ধৰ্ম্ম-জীৱনৰ তুল- নাত ৰাজনৈতিক অৱস্থা শান্তিময় আছিল বুলি কব পাৰি। তোমালোকে প্ৰাচীন হিন্দু ঋষি মুনিসকলৰ মহত্বপূৰ্ণ ধৰ্ম্ম জীৱন সম্বন্ধে নিশ্চয় শুনিছা। বৰ্তমান সময়ৰ ভাৰতৰ আৰু য়ুৰোপৰ বিজ্ঞলোক, সকলে ভাৰতবাসী আৰ্যসকলৰ পৰিত্ৰতা, মৌলিকতা আৰু ভাবধাৰাৰ বিশেষত্ব দেখি বিস্মিত হয় আৰু এইবিলাক বিকাশৰ অনুমানিক বিবৰণ দিয়ে।