পৃষ্ঠা:বাজিকৰ আৰু আন আন গল্প.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১৬ ]


প্ৰণোদিত দয়াৰ অন্তস্থল দেখা গল! তেতিয়া মানুহে দেখিলে অবস্থা বুজি মানুহ বাঘতকৈও ভয়ঙ্কৰ, ভালুকতকৈও নিষ্ঠুৰ আৰু সৰ্পতকৈও ক্ৰুৰ। সেই দেখি আজি মানব-সমাজৰ এই দশা দেখিছা।”

 পাৰ্বতীয়ে আথে-বেথে কলে, “প্ৰভু, মানুহৰ আৰু এই দশা সহি থাকিব নোৱাৰি। কালি মোৰ খাটনিত যি অন্তৰ আবৰণ খনি টানি পেলাই দিছিল, আজি আকৌ সেই খনি ঢাকি দিয়ক, প্ৰভু।”

 “তথাস্তু” বুলি গোঁসায়ে বৃষভক কৈলাস মুৱা কৰি চুটি মেলি দিলে।

 বাটত যাওঁতে পাৰ্বতীক কলে, “প্ৰিয়া, তুমি কৈলাস অধিষ্ঠাত্ৰী হলেও, মাইকী মানুহ হে। এইবোৰ কথাত হাত নিদিয়াই ভাল।”

৭।৯।২১