এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১০ ]
পৰ! এই দুখতে বনবাস খপিছোঁ, আই, ইয়াতে নাখাই
মৰোঁ।”
( ৩ )
ইফালে বেলিও পৰি আহিল। হৰৰ খং উঠিব বুলি ভয় কৰি পাৰ্বতী বৃষভটি যত আছে তালৈকে ফিৰি আহিল। হৰে পাৰ্বতীক বৃষভৰ আগৰ ফালে তুলি লৈ কৈলাসলৈ ছুটি মেলিলে।
বাটত হৰে সুধিলে, “গনেশৰ মাক, নৰলোকত কি দেখিলা!”
পাৰ্বতীয়ে কলে, “কি দেখিম, প্ৰভু! নৰলোকৰ আচলতে বৰ দুখ। আপুনি ব্ৰহ্মা আৰু বিষ্ণুৰে লগ হৈ কি যে অভেদ্য আবৰণেৰে তাহঁতৰ হৃদয় ঢাকি থলে! কাৰো অন্তৰৰ কথা কোনোৱে বুজি নাপায়। ইটোই সিটোই বিশ্বাস নাই। মৰমক ভাবে উপেক্ষা বুলি, শাসনক লয় নিষ্ঠুৰতা ৰূপে। নৰলোকৰ দুখৰ পাৰ-কুল নাই প্ৰভু! ইয়াৰ এটা উপায় কৰক।”
হৰে কলে, “কি কৰিব লাগে কোৱাচোন বাৰু। তোমাৰ কথা মই জানো কেতিয়াবা পেলাওঁ।”