সমললৈ যাওক

পৃষ্ঠা:বাজিকৰ আৰু আন আন গল্প.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৮ ]


সুধিলে, “আই, তোক দেখি মোৰ প্ৰাণ গলি যায়। ক, ক, তোৰ কিহৰ দুখ।

 ছোৱালীজনীয়ে কলে, “আই, তোমাৰ মাইকীৰ গঢ় দেখিছোঁ। পুৰুষ জাতিতকৈ তেও তোক বিশ্বাস কৰিব পাৰি। মোৰ নো দুখৰ কথা কি শুনিবা। মই মোৰ সমস্ত হৃদয়ৰ দয়া মৰম প্ৰীতি বেথাৰে এখনি নৈবদ্য সাজি এজনা ডেকাক উপহাৰ দিলোঁ। তেওঁ তাক গ্ৰহণ কৰিলে নে অৱজ্ঞাৰে অতদিন এচুকত পেলাই থৈ দিলে, তাক কোনো ক্ৰমে বুজিব নোৱাৰোঁ। কেতিয়াবা তেওঁ মৰমতে মোৰ সমগ্ৰ আত্মাক অমৃত ৰসত ডুবাই ৰাখে; আৰু কেতিয়াবা পৰ্বত প্ৰমাণ অৱজ্ঞা আৰু অবিশ্বাসৰ ভৰত মোৰ প্ৰাণ ৰস চেপি চেপি উলিয়ায়। আজি পৰিমিত মই তেওঁৰ মনৰ তত্ত্ব নাপালোঁ। এই মোৰ মৰ্ম-ক্ৰটন খেদ।”

 পাৰ্বতীএ ছোৱালীজনীক এৰি গৈ দেখে, অলপ দূৰতে লৰা-ছোৱালী এহাল মহা বিষাদত মগ্ন হৈ বহি আছে। তেওঁ সুধিলে, “বাছাহঁত, তহঁত কোন? ইয়াত নো জংঘলৰ মাজত এইদৰে বহি আছ কিয়? ভয় ডৰ নাই নে তহঁতৰ?”

 সিহঁতে কলে, “আই, ভয় কিহৰ? আই-বোপাইত কৈ বনৰ জন্তুক বেছি ভয় কৰিব নালাগে। আমি দুয়ো ভাই-ভনী। আমাৰ আই-বোপাইৰ উৎপাতত ঘৰত ৰব