এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১৩ ]
চকু দুটিও ঢুল-ঢুল। হৰে কলে, “তথাস্তু”।
(৫)
অলপ পাছতে, ভয়ঙ্কৰ কোঢ়াল! নৰ-লোকৰপৰা আকাশ ভেদি কৈলাসতো খলক লাগি গল। পাৰ্বতীএ আথেবেথে সুধিলে, “প্ৰভু, ই কি! নৰলোকৰপৰা ই কিহৰ বিষম কোঢ়াল?”
“যিহৰে নহক, মেনকাৰ কন্যা, মনে মনে থাকা। মোৰ টোপনি ধৰিছে।”
এই বুলি ঘোৰ্ঘোৰ কৰি নাক ডকাই গোঁসাইৰ দোৰ্ঘোৰ টোপনি আহিল। ইফালে নৰলোকৰ হাহাকাৰৰ খলকনিএ পাৰ্বতীৰ কাণত শেল বিন্ধা দিব ধৰিলে; তেওঁ কি কৰিব কি নকৰিব একো উপায় নাপাই, থাকিল উচ্পিচ্ কৰি।
(৬)
পাছ দিন ফুটিল পুৱাতে পাৰ্বতী উঠি হৰক ভাং এক চিলিম ভাল কৰি সজাই দি কলে, “প্ৰভু ই কথাই কথা নহয়। নৰ-লোকৰ কি হৈছে চাব লাগিল। তাহাঁতৰ হাহা- কাৰত মোৰ চাৰা ৰাতি টোপনিয়ে আহা নাই