অগত্যা মহাদেৱ বৃষভৰ নাকিত ধৰি উঠি বহিল।
পাৰ্বতীও বৃষভৰ ওপৰত নিজৰ ঠাই ললে; বৃষভে উৰা মাৰি
দিলে। খন্তেকতে তেওঁলোেক নৰলোকৰ ওপৰৰ আকাশ
পালেগৈ।
তাত দেখে যে, আচনক কাণ্ড! মানুহৰ সৰহ ভাগে ঘৰ-দুৱাৰ এৰি হাবি-বন-পাহাৰ-পৰ্বতৰ ফালে লৰ ধৰিছে। মানুহ দেখিলে ভয়তে লৰি বাঘ, ভালুক, সিংহ, হাতী যিহকে পাই তাৰ পেটৰ তলত সুমাই আশ্ৰয় বিচাৰিছে। মানুহে মানুহৰ ভয়ত বিতত হৈ কাল সৰ্পকো সাবটি ধৰিছেগৈ। মুঠে মাজে মাজে দুই চাৰিজনে এই অদ্ভুত বিপদ দেখি মানুহক তাৰপৰা ৰক্ষা কৰিবলৈ চিঞৰি-বাখৰি ফুৰিছে।
সকলো দেখি শুনি পাৰ্বতী স্তম্ভিত হল। হৰত সুধিলে, “প্ৰভু, আজি আৰু ই কি ভীষণ দৃশ্য দেখিছোঁ। আজি দেখোন মানৱ-সমাজ তেনেই ধবংস হল!”
হৰে উত্তৰ দিলে, “প্ৰিয়া, দেখিবা আৰু কি! কালি তুমি যি উপায়েৰে তাঁহাতৰ সুখৰ বিধান কৰিব খুজিছিলা, তাৰ ফল এই।”
পাৰ্বতীয়ে আচৰিত হৈ কলে, “কেনেকই। মানুহে
মানুহৰ অন্তৰ বুজিহে এই দৰে মানুহৰ সঙ্গ ত্যাগ কৰি
বনৰীয়া জন্তুৰো সঙ্গ বিচাৰিছে নে?”