পাৰ্বতীয়ে উত্তৰ দিলে,” বাৰু, দাসীয়ে সময়ত নিবেদন
জনাব।”
(8)
কৈলাস পাওঁতে অলপ নিশা হল। দেৰি হোৱা দেখি নন্দীয়ে পদুলি ওলাই বাট চাই আছে। ঘৰৰ দুৱাৰ মুখ পোৱা মাত্ৰকতে চাৰিও ফালৰপৰা সহচৰ সকল আহি বৃষভক তাৰ গোহালিলৈ লৈ গল। আৰু গোঁসাই-গোঁসানীকো জিৰণি লবৰ সুবিধা কৰি দিলে।
হৰে বাঘৰ ছালত দীঘল দি পৰি কলে, “নন্দী, আজি বৰ ভাগৰ লাগিল। ভাঙ চিলিম বৰ ডবল কৰি দিবিহঁক। আৰু গণপতিৰ মাক, শুনিছা নে; মই হলে পাহৰা নাই। বাৰ মছলাৰে ঘুটা সিদ্ধি নাপালে, আজি আমাৰ আৰু নিশাৰ ভোজন নহয়।”
হৰৰ কথা শুনি, পাৰ্বতীএ মিচিক কৰি হাঁহি সিদ্ধি
ঘোঁটাত লাগিল। আৰু কিছু পৰৰ মূৰত প্ৰকাণ্ড এটা
কাঠৰ চৰিয়াতকৈ এক চৰিয়া মহা সুগন্ধময় সিদ্ধি আনি
গোঁসাইৰ আগত হাজিৰ কৰিলে। সিদ্ধিৰ পাত্ৰ দেখি আৰু
গন্ধ পাই, গোঁসাইৰ তিনিওটি চকু আনন্দত নাচি উঠিল,
আৰু চিপ-চিপকৈ সেই সুধা সদৃশ সিদ্ধি পান কৰিবলৈ
ধৰিলে।