বাকীছোৱা জীৱন/নানা কামত সাঙোৰ খাই পৰিলো
নানা কামত সাঙোৰ খাই পৰিলো
সাহিত্য-সংস্কৃতিৰ জগতত : কুৰি শতিকাৰ ষাঠি-সত্তৰ আৰু আশীৰ দশকত কাকত-পত্ৰ আৰু আলোচনী আদিত ছেগাচোৰোকাকৈ লিখা-মেলা কৰিছিলো যদিও নব্বৈৰ দশকৰে পৰা কলমে মোৰ পিছ নেৰা হ'ল। মোৰ ভাগ্য ভাল বুলিয়ে ক’ব পাৰো। একাংশ পাঠকৰ পৰা উদগনি নোপোৱা হ'লে কলমৰ গতি স্তব্ধ হ'লহেঁতেন। বিশেষকৈ নাৰীৰ অধিকাৰকে ধৰি নাৰীকেন্দ্ৰিক সমস্যা আৰু তাৰ প্ৰতিকাৰ সম্পর্কে লিখিবলৈ আৰম্ভ কৰাত মহিলাসমাজৰ পৰা সমাদৰ লাভ কৰিছো।
এই প্ৰসংগত মোৰ পদ্মশ্ৰী ড° শীলা বৰঠাকুৰলৈ মনত পৰিছে। ১৯৭৪ চনত প্রতিষ্ঠিত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠাপক সভানেত্রী শীলা বৰঠাকুৰে ১৯৭৮ চনত সমিতিৰ নগাঁৱত অনুষ্ঠিত চতুৰ্থ বাৰ্ষিক অধিৱেশনত বিশিষ্ট অতিথি [ ১৭৫ ] নাইবা বক্তা হিচাপে আমাক আমন্ত্রণ জনাইছিল। তেতিয়া আমি কলকাতাতে আছিলো। তাৰ পৰা আহি মহিলা লেখিকাসকলৰ এনে এক সমাবেশত উপস্থিত হৈ মুগ্ধ হৈছিলো। শীলা মোতকৈ দুই শ্রেণী তলত পঢ়িছিল যদিও তেওঁৰ লগত মোৰ ঘনিষ্ঠ সম্পর্ক যোৰহাটৰ স্কুলীয়া জীৱনৰে পৰা। আমি একেলগে নাটক কৰিছিলো। ‘আলিবাবা’ নামৰ নাটকত মই লৈছিলো আলিবাবাৰ ভাও আৰু নৃত্যপটিয়সী শীলাই মর্জিনাৰ ভাও লৈছিল। অসমলৈ অহাৰ পাছত সমাৰোহ সমিতিৰ আজীবন সদস্য হ'লো, নিয়মীয়াকৈ বিভিন্ন অধিবেশনতো যোগদান কৰিছিলো। ২০০০ চনত গোৱালপাৰাত অনুষ্ঠিত অষ্টাদশ দ্বি-বার্ষিক অধিবেশনত মুকলি সভাৰ সভানেত্রী হিচাপে আমন্ত্রিত হৈছিলো। শীলাৰ এটা প্রশংসা কৰিবলগীয়া গুণ হ'ল তেওঁ এগৰাকী দক্ষ জহুৰী। কাৰ দ্বাৰা কি কাম হ’ব তেওঁ দৈৱজ্ঞৰ দৰে আগধৰি ক'ব পাৰে। বিশ্বনাথ চাৰিআলি অধিৱেশনলৈ (১৯৯৫) আমন্ত্রণ জনাই তেওঁ মোক ড° তিলোত্তমা মিশ্ৰ ৰচিত ‘স্বর্ণলতা' উপন্যাসখনৰ এটা সমালোচনা প্রস্তুত কৰিবলৈ কৈছিল। কিতাপ সমালোচনা কৰাৰ অভিজ্ঞতা বা যোগ্যতা মোৰ নাই, কিয়নো এই বিষয়ে মোৰ কোনো অধ্যয়ন তেতিয়ালৈকে নাছিল । শীলাই কমাণ্ডাৰৰ সুৰত আদেশ দিলে, ‘তুমি লিখিবই লাগিব।' তাৰ পাছতে ফোনৰ লাইন কাটি দিলে।
মোৰ নিজৰ ওপৰতে খং উঠিল। কি কুক্ষণত ভ্রমণ কাহিনীটো যে লিখি উলিয়ালো। সেইখন নিলিখা হ’লে কাৰো চকুত মোৰ নামটো নপৰিলহেঁতেন। এবাৰ ভাবিলো মোৰ টাইফয়েড জাতীয় কিবা টান নৰিয়া হোৱা বুলি শীলাক জনাওঁ নেকি। পিছে মিছা কথাৰ ঠেং চুটি। উপায়ান্তৰ হৈ তেতিয়ালৈকে অপঠিত ‘স্বর্ণলতা’ উপন্যাসখন মেলি ল'লো ৷ গুণাভিৰাম বৰুৱাৰ জীয়ৰী স্বর্ণলতা কিতাপখনৰ মুখ্য চৰিত্ৰ। উপন্যাসখনে আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱাকে ধৰি ঊনৈশ শতিকাৰ যুগনায়কসকলৰ বিষয়ে আৰু তেতিয়াৰ অসমৰ ইতিহাস সম্পর্কে অধিক জানিবলৈ মোক আগ্রহী কৰিলে। আমাৰ গৃহস্থৰ ঘৰৱা লাইব্রেৰীত এইবোৰ কিতাপৰ অভাৱ নাই। গতিকে স্বর্ণলতাক একাষৰীয়াকৈ থৈ উল্লিখিত কিতাপবোৰতে মনোনিৱেশ কৰি অসমৰ ইতিহাসৰ এটা বিস্তাৰিতভাৱে নজনা অধ্যায়ত প্ৰৱেশ কৰিছিলো। অৱশেষত ভালে বেয়াই এটা সমালোচনা লিখি উলিয়ালো। মঞ্চত সেই সমালোচনা পাঠ কৰিবলৈ গৈ নিজৰ হৃদপিণ্ডৰ ধুক্ধুকনি নিজে শুনি থকা যেন লাগিছিল। মঞ্চত বহি আছিল অসমীয়া সাহিত্যৰ অধ্যাপিকা দেৱীকা শইকীয়া। তেওঁ মোক কিতাপ-পত্ৰৰ সমালোচনা লিখি পুস্তকাকাৰে প্ৰকাশ কৰিবলৈ কোৱাত মই মনে মনে শীলাক ধন্যবাদ জনালো।[ ১৭৬ ] ইয়াৰ পিছত ভালে কেইখন কিতাপৰ সমালোচনা লিখিছো যদিও বিশেষজ্ঞ সমালোচক মই নহওঁ। মোৰ সীমাবদ্ধতাৰ প্ৰতি মই সচেতন। এই বিষয়ে কিছু পঢ়া-শুনা, চিন্তা-চৰ্চা কৰিলে হয়তো সেই সীমাবদ্ধতা অতিক্ৰম কৰিব পাৰিলোহেঁতেন, কিন্তু সময় ক’ত? জীৱনত এটা কামো নিয়াৰিকৈ ক'ৰা নহ'ল। ইয়াকেই কয় জেক অব্ অল, মাষ্টাৰ অব্ নান্।
বিশ্বনাথ চাৰিআলি অধিৱেশনলৈ আমন্ত্ৰিত হৈ কলকাতাৰ পৰা আহিছিল স্নেহলতা ভট্টাচাৰ্য নামৰ এগৰাকী লেখিকা। সিদিনা গুৱাহাটীৰ পৰা তোষপ্ৰভা কলিতা আৰু মোৰ লগত তেওঁ বিশ্বনাথ চাৰিআলিলৈ যাওঁতে ওৰেটো বাট আতংকগ্ৰস্ত হৈ যোৱা যেন লাগিছিল। তিনিওৰে থকা-মেলাৰ বন্দবস্ত কৰিছিল বিনন্দি কলিতাৰ ঘৰত। মন কৰিছিলো তেওঁলোকৰ ঘৰ পোৱাৰ পাছতহে স্নেহলতাৰ মুখত সামান্য হাঁহি বিৰিঙি উঠিছিল৷ গুৱাহাটীৰ পৰা ৰাওনা হওঁতে পলম হোৱা বাবে তেজপুৰৰ পাছত ভালেখিনি বাট নিজান চাহ বাগিচাৰ বুকু ফালি এন্ধাৰৰ মাজেৰে যাবলগীয়া হৈছিলো। তেতিয়াৰ দিনত সন্ত্ৰাসৰ ভয় বৰকৈ নাছিল যদিও কলিকতীয়া মানুহজনীৰ হেনো ঘোপমৰা এন্ধাৰৰ মাজেৰে আহোঁতে খুব ভয় লাগিছিল। ইমান নিৰ্জন ঠাই হেনো জীৱনতে তেওঁ দেখা নাই। ওৰে বাট ইষ্টনাম জপ কৰি অহা বুলি শুনি আমি বৰ আমোদ পাইছিলো৷ পিছদিনা সভাস্থলীলৈ গৈ সাহিত্যিক আৰু সাহিত্যপ্ৰেমী অসংখ্য মহিলাক একেলগে দেখি স্নেহলতা অবাক। কেৱল মহিলাৰে গঠিত সাহিত্য সমাৱেশৰ কথা তেওঁলোকে হেনো কল্পনাও কৰিব নোৱাৰে। সিবাৰ অৱশ্যে পঞ্চাশৰো অধিক মহিলা কবিক কবি সন্মিলনীৰ দিনা কবিতা পাঠ কৰা দেখি ময়ো কম আচৰিত হোৱা নাছিলো। সকলো কবিতা উচ্চ স্তৰৰ নহ'লেও মহিলাসকলে হেতা-কৰচ এৰি কলম হাতত তুলি ল’বলৈ আগ্ৰহী হোৱাটোৱে উত্তৰণৰ প্ৰথম সোপান। লেখিকা সমাৰোহ সমিতিৰ আজীৱন সদস্য হলেও একে সময়তে প্ৰীতি বৰুৱাৰ দ্বাৰা প্ৰতিষ্ঠিত সদৌ অসম লেখিকা সংস্থাৰ লগতো মোৰ ওচৰ সম্পৰ্ক। তেওঁলোকৰো একাধিক অধিৱেশন তথা সভা-সমিতিলৈ আমন্ত্ৰিত হৈছো। কেৱল মহিলাৰ দ্বাৰা প্ৰতিষ্ঠিত অসমৰ এই দুটা সাহিত্য-সংস্কৃতিমূলক প্ৰতিষ্ঠানে অসমৰ নাৰী সমাজক জুহালৰ পৰা উলিয়াই আনি সৃষ্টিধৰ্মী কাম-কাজ কৰিবলৈ আৰু সাহিত্যৰ অনুৰাগী হ’বলৈ উদ্বুদ্ধ কৰিছে। পিতৃতান্ত্ৰিক সমাজত সৌসিদিনালৈকে নাৰীৰ সকলো প্ৰতিভা ৰান্ধনি ঘৰৰ জুইত জাহ গৈছিল। আজিও নাৰী মুক্ত হৈছে বুলি ক'ব নোখোজো। কিন্তু উল্লিখিত সংস্থা দুটাই মহিলা কবি-ঔপন্যাসিক, গল্পকাৰ, প্ৰৱন্ধকাৰ আদিৰ ৰচনা পুস্তকাকাৰে প্ৰকাশ [ ১৭৭ ] কৰি অসমীয়া সাহিত্যৰ ভঁৰাল কৰিছে সমৃদ্ধ। সমাজ সংস্কাৰমূলক কামতো তেওঁলোক জড়িত হৈ আছে।
সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ১৯৮৮ চনত বৰপেটাত অনুষ্ঠিত দ্বাদশ দ্বি-বাৰ্ষিক অধিৱেশনত মহিলাসকলে বৰপেটাৰ কীৰ্তন ঘৰত মহিলাৰ প্ৰৱেশ ঘটাবলৈ চেষ্টা কৰি বিফল হৈছিল। বৰপেটা সত্ৰত প্ৰচলিত এই যুক্তিহীন পৰম্পৰাই আমাক যুগপৎ মনত দুখ দিয়ে আৰু মনটোক বিদ্ৰোহী কৰি তোলে। বৰপেটাৰ সত্ৰাধিকাৰ আৰু ভকতসকলে কয় এই পৰম্পৰাটো হেনো মহিলাসকলেই জীয়াই ৰাখিছে। এটা কথা অস্বীকাৰ নকৰো যে ৰক্ষণশীলতা মহিলাসকলৰ মাজত বেছি। পৰম্পৰাক জীয়াই ৰাখিছে তেওঁলোকেই। পিছে মহিলাসকলৰ বিষয়ে থকা আন এটা ধাৰণা স্বীকাৰ নকৰো যে বংশগতভাৱে (hereditarily) মহিলা প্ৰজাতিটো ৰক্ষণশীল বা পৰম্পৰাগত মূল্যবোধ খামুচি ধৰি থকা বিধৰ। পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ নিষ্ঠুৰ পৰিৱেশে মহিলা প্ৰজাতিটোৰ স্বাভাৱিক প্ৰবৃত্তিবোৰক হেঁচি থকা বাবে ই প্ৰস্ফূটিত হ’ব পৰা নাই। নাৰীৰ চেতনাক বৰ্ধিত হ’বলৈ নিদি বাওনা কৰি ৰাখিছে।
নাৰীয়ে মাহৰ তিনিটা দিন নিজকে অশুচি বুলি ভাবে বাবে সেই তিনি দিন গোসাঁইঘৰত বা মন্দিৰত নোসোমায়। কীৰ্তন ঘৰত সোমাবলৈ নিদিয়াৰ এইটোৱে কাৰণ। বোধকৰো ভকতনীসকলৰ ভয় কোনোবাই অশুচি দেহাৰেই সোমাব। এবাৰ কেইজনীমান বান্ধৱী আৰু সহকৰ্মীৰ সৈতে কলকাতাৰ এখন চহৰতলীৰ মন্দিৰ এটালৈ গৈছিলো তাত অধিষ্ঠিত বিপদতাৰিণী গোসাঁনীক দৰ্শন কৰিবলৈ। নিৰাকাৰ শক্তি এটা প্ৰকৃতিৰ মাজত আছে বুলি বিশ্বাস কৰো যদিও মন্দিৰ, দেৱস্থান আদিৰ লগত মোৰ সম্পৰ্ক ক্ষীণ। তথাপিতো বিপদতাৰিণী মন্দিৰলৈ যাবলগীয়া হ'লো। সেই মন্দিৰত সকলোৰে অবাধ প্ৰৱেশ চাবলৈ। বিপদতাৰিণী কালী গোসাঁনীৰ এটা অন্য ৰূপ। অবাধ প্ৰৱেশৰ কাৰণ হ’ল মাকৰ দৰ্শন পোৱাত বাধা থাকিব কিয়? কেৱল দৰ্শনে নহয় মহিলাসকলে দেখিলো দহ ফুটমান ওখ বিপদতাৰিণীৰ কিচ্কিচীয়া ক’লা আৰু চিক্চিকীয়া মসৃণ দেহটোক সাবটি ধৰি আছে। ৰজস্বলা ছোৱালীও মন্দিৰত সোমাই বিপদতাৰিণীক চুমা খাই আহিব পাৰে। সঁচাকৈয়ে মন্দিৰৰ কাণ্ড-কাৰখানা দেখি বিচূৰ্তি খাইছিলো। মাটিৰ মূৰ্তিটো তো আৰু প্ৰগতিশীল দৃষ্টিভংগী সম্পন্ন হ’ব নোৱাৰে, পৰিচালনা কমিটীয়ে বিপদতাৰিণীক আধুনিকমনস্ক কৰিছে। পৰিচালনা কমিটীৰ প্ৰশংসা কৰি গোসাঁনীক সিদিনা প্ৰণাম কৰি আহিছিলো।
ইয়াৰ বিপৰীত চিত্ৰ দেখিবলৈ পাওঁ বৰপেটা কীৰ্তন ঘৰত। কিয় এনে হ’ল তাৰ [ ১৭৮ ] উত্তৰ বিচাৰি নাপাওঁ। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ ধৰ্ম আছিল উদাৰ। এই ধৰ্মই সকলো প্ৰাণীক সমদৃষ্টিৰে চাবলৈ কোৱা নাই জানো। কোৱা নাই জানো ‘কুকুৰ শৃগাল গদৰ্ভৰো আত্মাৰাম।/ জানিয়া সবাকো পৰি কৰিবা প্ৰণাম॥’
শংকৰ-মাধৱে প্ৰচাৰ কৰা ধৰ্ম ইমানে উদাৰ আৰু গভীৰ যে এই উদাৰতা বা গভীৰতা আন ধৰ্মত ইমান অৰ্থবহভাৱে আছে বুলি ধাৰণা নহয়। এনেস্থলত বৰপেটাৰ কীৰ্তন ঘৰ বা সুন্দৰীদিয়া আৰু পাটবাউসীৰ সত্ৰত মহিলাৰ প্ৰৱেশ নিষিদ্ধ কৰা ব্যৱস্থাটো শংকৰদেৱৰ ধৰ্ম আৰু মানৱতাৰ পৰিপন্থী যেন নালাগেনে?
মহাত্মা গান্ধীয়ে কৈছিল— Assam indeed is fortunate for Sankardava has five centuries back given to the Assamese people an ideal, which is also idea of my Ram Rajya.
একেটা সুৰতে আন এটা কথাও কওঁ যে সাধাৰণ মানুহৰ দৃষ্টিভংগীৰ দৰেই মহাপুৰুষজনাৰ দৃষ্টিভংগীও নাৰীৰ প্ৰতি বৰ উদাৰ নাছিল বুলি কোৱা হয়। পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাত আজিও সমাজৰ নিম্নবৰ্গ আৰু জনজাতীয় লোকক যি চকুৰে চোৱা হয়, স্ত্ৰী জাতিকো একেই চকুৰে চোৱা হয়। মহাপুৰুষজনাও এই দৃষ্টিভংগীৰ ব্যতিক্ৰম নাছিল। শূদ্ৰসকলৰ সৈতে বহু ৰচনাত তেওঁ নাৰীৰ নাম উচ্চাৰণ কৰি তেওঁলোককো মানুহৰ আসনত স্থান দিব খুজিছে। যেনে—
ভাগৱতত কৈছে—
স্ত্ৰী শূদ্ৰ অন্ত্য জাতি তাকো শিক্ষা দিন্ত আতি
ধৰিবে সি সৱে অহোপ্ৰাণে।
কীৰ্তন ঘোষাত আছে—
স্ত্ৰী শূদ্ৰে কৰে যদি আমাত ভকতি
তাহাত কৰিবা ইটো জ্ঞান মহামতি।
জীৱনৰ এটা সময়ত গুৰুজনাৰ প্ৰধান শিষ্য মাধৱদেৱ সুন্দৰীদিয়াত বাস কৰিছিল যদিও প্ৰথমফালে শংকৰদেৱে মাধৱদেৱক সুন্দৰী নাৰীপ্ৰধান ঠাইখনত বাস কৰিবলৈ নিষেধ কৰিছিল। কীৰ্তন ঘোষাত তাৰ কাৰণ আমি বিচাৰি পাওঁ।
ঘোৰ নাৰী মায়াসৰ্ব্ব মায়াতে কুৎসিত।৷
মহা সিদ্ধ মুনিৰো কটাক্ষে মোহে চিত্ত॥
দৰশনে কৰে তপ-জপ-যোগ-ভংগ।
জানি জ্ঞানীগণে কামিনীৰ এৰে সংগ॥ ১৮
আনহাতে নাৰীক ধৰ্মীয় জগতত এখন উচ্চ আসন দিয়াৰ কথাও অবিদিত নহয়, চন্দৰী আইক তেওঁ শৰণ দিছিল। চন্দৰী আয়ে গীতাৰ ব্যাখ্যা দাঙি ধৰিছিল। কনকলতাক পাতিছিল সত্ৰৰ অধিকাৰিনী। এইবোৰ প্ৰগতিশীলতাৰে লক্ষণ। তথাপিতো কিয় তেওঁ ‘জ্ঞানীগনে কামিনীৰ সংগ’ এৰাৰ দৰে বাক্যবোৰ লিখিলে ই মোৰ বাবে এক বিস্ময়। আৰু মনোকষ্টও।
মই কোনোমতে বুজি নাপাওঁ যিগৰাকী মাকে নিজৰ গৰ্ভত ভ্ৰূণ হিচাপে ধাৰণ কৰি তাক সেই অৱস্থাৰ পৰা এটি পূৰ্ণমানৱলৈ বৃদ্ধি কৰি জন্ম দিয়ে অসহ্য যন্ত্ৰণা সহ্য কৰি, সেইজনা মানৱে কেনেকৈ ভাবিব পাৰে সেইগৰাকী মাতৃৰ স্থান সমাজত তুচ্ছাতিতুচ্ছ! অনেক লেখাত পঢ়ো — অমুকৰ সন্তানক ধাৰণ কৰিছে অমুকীয়ে নাইবা অমুকীয়েও কয়, আপোনাৰ সন্তানক গৰ্ভত ধাৰণ কৰিছো ইত্যাদি ইত্যাদি। কিছুমানৰ ধাৰণা নাৰীৰ গৰ্ভ শস্যক্ষেত্ৰ, পুৰুষে ছটিওৱা বীজৰ পৰা গজালি মেলি এটি মানৱ শিশুৰ সৃষ্টি হয়। পুত্ৰ জন্ম দিব নোৱৰিলে কয় মাটি সাৰুৱা নোহোৱা বাবে উন্নত বীজ ৰোৱাৰ পাছত উৎপাদিত হ’ল নিকৃষ্ট কন্যা ফচল! এনেবোৰ অদ্ভূত ধাৰণা আজিও অনেকৰ মাজত আছে। এই সম্পৰ্কে এজন অৰ্বাচীনৰ লগত তৰ্ক কৰি কৈছিলো— তোমাৰ সন্তান আকৌ কেনে কথা? তোমাৰ তেইশটা আৰু তোমাৰ শ্ৰীমতীৰ তেইশটা ক্ৰমজ’মৰ মিলনৰ ফলত তেইশযোৰ ক্ৰমজ’ম বিশিষ্ট তোমালোকৰ সন্তান এটা উপজিছে।
মোক প্ৰশ্ন কৰে : এবাৰ আলোচনী এখনৰ পক্ষৰ পৰা মোক কেইটামান প্ৰশ্ন কৰিছিল। তাৰে এটা আছিল কোন কোন কিতাপ পঢ়ি মোৰ মনত নাৰীবাদী ধাৰণাৰ জন্ম হৈছিল। উত্তৰত কৈছিলো— কোনো কিতাপে নহয়, বাল্যকালত চাৰিওফালৰ সামাজিক পৰিৱেশে মোৰ মনত এই ধাৰণাৰ জন্ম দিয়ে। অৱশ্যে তাৰ নাম নাৰীবাদ নে আন কিবা বাদ জনা নাছিলো! আজিও মই নাৰীবাদ শব্দটো শুনিবলৈ ভাল নাপাওঁ। নাৰী আৰু পুৰুষ সৃষ্টিৰ দুটা ৰূপ, এটা আনটোৰ পৰিপূৰক। জ্ঞান হ’বৰ পাছতেই চাৰিজন ব্যক্তিক ঘনিষ্ঠভাৱে পাইছো— মা-দেউতা আৰু আতা (মাতামহ)- আবুক (পিতামহী)। এওঁলোকৰ পাছতেই বৃহত্তৰ পৰিয়ালৰ আন অনেকক। এওঁলোকৰ প্ৰত্যেকৰে মোৰ মানৱিক আৰু চাৰিত্ৰিক গঠন সৃষ্টিত অৱদান সমান বুলি ভাবো। এওঁলোকৰ কোনোবা উচ্চতৰ কোনোবা নিম্নতৰ বুলি মোৰ ধাৰণাত ঠাই পোৱা নাছিল। ধীৰে ধীৰে পাৰিপাৰ্শ্বিক পৰিৱেশে হেড মাষ্টৰৰ ভূমিকা লৈ মোক জীৱনৰ [ ১৮০ ] প্ৰথম পাঠ শিকালে— সৃষ্টিৰ দুটা ৰূপৰ এটা পুৰুষ, যাৰ পৃথিৱীখন আনটো ৰূপ নাৰীৰ পৃথিৱীখনতকৈ বেলেগ। পুৰুষ উচ্চতৰ পৃথিৱীৰ বাসিন্দা, নাৰী নিম্নতৰৰ। তেতিয়াই মোৰ মন বিদ্ৰোহী হৈ উঠিছিল, কিয় এই পক্ষপাতিত্ব? তাৰ কাৰণ বিচাৰি হাবাথুৰি খাই ফুৰিছো তেতিয়াৰে পৰা আজিৰ তাৰিখলৈকে। পুৰুষ-নাৰীৰ বৈষম্য আৱিষ্কাৰ কৰিবলৈ কিবা কিতাপ পঢ়িব লাগেনে? অসমত নাৰী মুক্তিৰ ধ্বজাধাৰিণী দৈশিংৰী গাঁৱৰ চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে নাৰীমুক্তিৰ পথ বিচাৰি কিতাপ পঢ়িছিল নে? চন্দ্ৰপ্ৰভাৰ কাষৰে-পাজৰে থিয় দিয়াৰ যোগ্যতা মোৰ নাই। কিন্তু মোৰ সীমিত বিদ্যা- বুদ্ধিৰে নাৰী সমাজক সচেতন কৰিবলৈ চেষ্টা কৰিছো যে প্ৰকৃতিৰ ৰাজ্যত উচ্চ-নীচ ভেদাভেদ নাই। আমাৰ ঘৰৰ পৰিৱেশে সম্ভৱ মোৰ মনত এনে এটা ধাৰণাৰ স্থিতি লভাত সহায় কৰিছে। মা-দেউতাৰ কথা বাদেই দিলো তিনিওজন পুতেকৰ ফালৰ পৰা কেৱল নাতিনীসকলৰ আগমনৰ বাবে আবুই হা-হুতাশ কৰা কোনেও দেখা নাই। তেওঁৰ মৃত্যুৰ আগতে সৰু বোৱাৰীয়েকৰ এটি পুত্ৰ সন্তান ওপজা দেখি গৈছে। কিন্তু তাৰ বাবে তেওঁ মনে মনে হ’লেও বাহিৰত উচ্ছাস প্ৰকাশ কৰা নাই। মাছ বিলোৱা নাই। নাতি-নাতিনীৰ জন্ম সমভাৱে লৈছে।
এজন মানুহে হেনো ভাবিছিল ছোৱালী হোৱা বাবে ঘৰত ভাল ব্যৱহাৰ নাপাই তাৰ প্ৰতিবাদত মই নাৰীবাদী হৈছো। ‘উল্টা বুঝ্লি ৰাম’। মই ভাল ব্যৱহাৰ পাইছিলো বাবেহে বৃহত্তৰ সমাজে নাৰীৰ প্ৰতি কৰা অন্যায়বোৰ চকুত পৰিছিল সহজতে। দুৰ্ব্যৱহাৰ পোৱা হ’লে ময়ো হয়তো ভাবিলোহেঁতেন— ‘এয়েই আমাৰ ভাগ্য। আমি আঁঠুৱাৰ তলৰ মহ, যমে মাইল্যেও মাইল্যাক, মৰদে মাইল্যেও মাইল্যাক।'
আঁঠুৱাৰ তলৰ মহবোৰক উলিয়াই আনিবলৈ চেষ্টা কৰিছো যদিও সফল আৰু ক’ত হ’লো। অনেকে যে আঁঠুৱাৰ তলতে থাকিবলৈ ভাল পায় এই চিন্তাই মোক খুলি খুলি খায়।
ভাৰতীয় গৃহিণীৰ মৰ্যাদা : সৌসিদিনালৈ সকলো বিবাহিতা মহিলা আছিল গৃহিণী। যুগৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ মানসিকতাত পৰিৱৰ্তন অহাৰ পাছত একাংশ বিবাহিতাই চাকৰিক বৃত্তি হিচাপে লয়। অৱশ্যে চাকৰি কৰে বুলি তেওঁলোকে ঘৰখনৰ ঘাই দায়িত্ব গৃহকৰ্মৰ পৰা মুক্তি নাপায়। সেই অৰ্থত তেওঁলোকো গৃহিণী। পিছে চাকৰি কৰা আৰু চাকৰি নকৰা— এই দুই শ্ৰেণী গৃহিণীৰ মাজত সমাজৰ চকুততো হয়েই, আনকি ভাৰত চৰকাৰৰ চকুতো আকাশ-পাতাল প্ৰভেদ।[ ১৮১ ] নিৰ্ভেজাল গৃহিণী অৰ্থাৎ অৰ্থ উপাৰ্জন নকৰা গৃহিণীসকলক ক’বলৈ মন যায় তেওঁলোকে সচেতন হৈ উপলব্ধি কৰক যে বিয়া হ'বৰ পিছদিনাৰে পৰা নিজৰ ঘৰ বুলি গ্ৰহণ কৰা এই ঘৰখনৰ শ্ৰীবৃদ্ধিৰ বাবে উদয়াস্ত খাটনি খটাৰ পাছত পুৰুষপ্ৰধান ভাৰত চৰকাৰে তেওঁলোকক কাৰ লগত ক’ত স্থান দিছে।
অৰ্থোপাৰ্জন নকৰা মহিলাসকল হেনো অৰ্থনৈতিকভাৱে অনুৎপাদনশীল কৰ্মী। মানিছো তেওঁলোকে দৃশ্যমান দৰমহা ঘৰলৈ আনিব নোৱাৰে, কিন্তু অদৃশ্যমান কিমান ধন যে ৰাহি কৰে তাক সচেতনভাৱে আমিও নাভাবো। জাতীয় আয়ৰ টোপোলাত দেখদেখকৈ নিৰ্ভেজাল গৃহিণী শ্ৰেণীটোৰ কোনো অৱদান নাই, গতিকে তেওঁলোক economically unproductive worker. অৱশ্যে গৃহিণীসকলৰ দৰে অৰ্থনৈতিকভাৱে অনুৎপাদনশীল মানুহ ভূ-ভাৰস্তত নোহোৱা নহয়। এনে মানুহবোৰক একেটা গোহালিৰ গৰুৰ দৰে ১৯৪৮ চনতে ৰচনা কৰা ভাৰত চৰকাৰৰ লোক গণনা আইনে একেলগে থূপ খুৱাই থৈছে।
কোন এওঁলোক? আৰু কোন কোন শ্ৰেণীৰ ভাৰতীয় অৰ্থনৈতিকভাৱে অনুৎপাদনশীল? এওঁলোক হ’ল কয়দী, ভিক্ষাৰী আৰু বেশ্যা। ২০১০ চনৰ ২৩ জুলাইৰ বাতৰি কাকতত পঢ়ি প্ৰথমতে চিন্তাশক্তি হেৰুৱাই পেলাইছিলো। বিষয়টো আলোচনা কৰিলো কেইগৰাকীমান গৃহিণীৰ লগত, আকৌ চিন্তাশক্তি হেৰুৱালো কাৰো কোনো প্ৰতিক্ৰিয়া নেদেখি। দিনটো গেবাৰি খাটোতে খাটোতে গৃহিণীসকলে আত্মসন্মানবোধ হেৰুৱাই পেলাইছে নে মান-অপমানবোধৰ ঊৰ্ধ্বত ধ্যানমগ্ন ঋষি-মুনিৰ পৰ্যায়লৈ উন্নীত হৈছে উপলব্ধি কৰিব পৰা নাছিলো।
বহু চিন্তা কৰি তেওঁলোকৰ নিৰ্লিপ্ততাৰ আন এটা কাৰণ বিচাৰি পালো। হয়তো তেওঁলোকে ভাবে গোলাপক ভিক্ষাৰী বুলি ক'লেও গোলাপ গোলাপেই, কয়দী বুলি ক’লেও গোলাপেই, বেশ্যা বুলিলেও গোলাপৰ মৰ্যাদা হ্ৰাস নহয়, তেওঁলোকো মানুহ।
কিছুমানে আকৌ ক’লে চৰকাৰে ভুলটো ক’ত কৰিলে? গৃহিণীসকল কয়দী নহয় নো কি? তেওঁলোকৰ ভৰি দুখন অদৃশ্য শিকলিৰে বান্ধি থোৱা। গৃহস্থ ওলাব খুজিলেই ওলাব পাৰে গৃহিণীয়ে নোৱাৰে। এগৰাকী মহিলাই দুখ কৰি কৈছিল— গুৱাহাটীৰ পৰা তেজপুৰলৈ বহু বছৰ মাকক চাবলৈ যাব পৰা নাই, কাৰণ শাহু অসুস্থ, আলপৈচান ধৰিব লাগে। কিন্তু যাৰ মাক তেওঁ টলৌ টলৌকৈ ঘূৰি ফুৰে।
গৃহিণীসকল ভিক্ষাৰীও, কৈছিল এগৰাকীয়ে। আচলতে ভিক্ষাৰীৰো অধম। জাতীয় আয়ত অৱদান নাথাকিলেও ভিক্ষাৰীৰ উপাৰ্জন নথকা নহয়। কিছুমান ভিক্ষাৰীৰ [ ১৮২ ] ফাণ্ড বেচ টনকিয়াল। কলকাতাৰ ফুটপাথবাসী বুঢ়ী ভিক্ষাৰী এজনীৰ মৃত্যুৰ পাছত গাৰুৰ তলত পোৱা গৈছিল পঁচিশ বছৰ আগতে পঁচিশ হেজাৰ টকাৰ এটা টোপোলা। দক্ষিণ ভাৰতৰ ভিক্ষাৰীবোৰ হেনো বেচ চহকী। গৃহিণীৰো উপাৰ্জন নথকা নহয়। তেওঁলোকৰ উপাৰ্জনৰ উৎস দুটা। অনেকক দেখিছো খোৱা-বোৱা বাবদ মাহটোৰ খৰচ চলাবলৈ গৃহস্থই একেলগে কিছু টকা গৃহিণীৰ হাতত দিয়ে। সুগৃহিণীসকলে তাৰ পৰা কিছু ৰাহি কৰি নিজৰ তহবিলত জমা কৰে। কিছুমানে স্বামীৰ পকেট মাৰে। স্বামীৰ উপাৰ্জন বেছি হ’লে তেওঁৰো হয়।
মনত পৰিল কলিকতীয়া বান্ধৱী বেলাৰ জীয়েক টুনীলৈ। বেলা কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়াল গৃহিণী, অৰ্থাৎ ডবল ডিউটি মহিলা। পুৱাৰে পৰা টাকুৰি ঘূৰাদি ঘূৰি ঘৰুৱা কাম-বন সামৰি থিয়ই থিয়ই দুগৰাহ গিলি কাপোৰখন মেৰিয়াই বাছ ষ্টেণ্ডলৈ বুলি ঢাপলি মেলে। শিশু বয়সৰে পৰা টুনীয়ে মাকৰ এই বিধ্বস্ত অৱস্থা দেখিছে। ইয়াৰ বিপৰীতে দেউতাকক দেখিছে আৰামত জীৱনটো কটোৱা। মাকে যেতিয়া লৰা-ঢপৰা কৰি কাম সামৰে দেউতাকে তেতিয়া ভৰিৰ ওপৰত ভৰিখন তুলি দি বাতৰি কাকত পঢ়ে, দাঢ়ি খুৰায়, আইনাৰ আগত থিয় হৈ টাইৰ গাঁঠি মাৰে আলফুলকৈ। টুনীয়ে মনে মনে সিদ্ধান্ত লৈছিল তাই বিয়াৰ পাছত ফুল টাইম গৃহিণী হ’ব।
এবাৰ গৰম বন্ধত মোমায়েকৰ ঘৰত পোন্ধৰ দিন কটাই টুনী উভতি আহিল পৰিৱৰ্তিত দৃষ্টিভংগী লৈ। ফুল টাইম গৃহিণী মামীয়েকে মোমায়েকৰ ওচৰত টকা কেইটামান বিচাৰি যাওঁতে মোমায়েকে হেনো ইমান ঘনাই পইচা কিয় লাগে বুলি প্ৰশ্ন কৰিছিল। লগতে কৈছিল টকা আৰ্জিবলৈ কিমান কষ্ট কৰিব লাগে দিনটো ঘৰত আৰাম কৰাসকলে জানিব কেনেকৈ? টুনীৰ জাধলী মাকজনীলৈ মনত পৰিছিল। তেওঁতো কোনো দিনে ভিক্ষাৰীৰ দৰে দেউতাকৰ ওচৰত হাত পতা নাই। তাই চাকৰি কৰিব৷ পিছে দেউতাকৰ দৰে ঘৰুৱা কাম নকৰা মানুহক নকৰায়। ফিফ্টি ফিফ্টি হাৰত কাম ভগাই ল’ব। নকৰিলে ঘৰৰ পৰা গতিয়াই উলিয়াই দিব। আজিৰ পুৰুষৰ মাজত বহু পৰিৱৰ্তন আহিছে। তেওঁলোক অনেকে ঘৰুৱা কামত ঘৈণীয়েকক সহায় কৰে, শিশুৰ কেথা ডায়েপাৰ সলাই দিয়ে, ভাত ৰান্ধে। পিছে কিছুমানে প্ৰকাশ্যে আনৰ সমুখত নকৰে, জানোচা কোনোবাই তিৰোতা সেৰুৱা বুলি কয়।
যি কি নহওক আলোচনাত বহা নিৰ্ভেজাল গৃহিণীসকলে তেওঁলোকক কয়দী আৰু ভিক্ষাৰীৰ শাৰীত স্থান দিয়া বাবে লোকগণনা আইনত ত্ৰুটি বিচাৰি নাপালে। তৃতীয় আনটো শ্ৰেণীভুক্ত কৰাৰ সপক্ষে যুক্তি কি, সুধিছিলো। এগৰাকীয়ে টপৰাই [ ১৮৩ ] কৈছিল— ‘পাৰ্থক্য এটাই। আমাৰ কাষ্টমাৰ এজন।'
মুষ্টিমেয় সচেতন গৃহিণীকেইগৰাকীৰ মন্তব্য শুনি হাঁহিছিলো যদিও কিমান গভীৰ দুখত যে সেইদৰে কৈছিল! পুৰুষপ্ৰধান সমাজে যুগ যুগ ধৰি নাৰীক অৱজ্ঞাই নহয়, নিৰ্যাতনো কৰিছে নানাভাৱে। বাল্যবিবাহ, সতীদাহ প্ৰথা, সামাজিক পদমৰ্যাদাৰ পৰা বঞ্চিত হোৱা আদি আছিল নাৰী জীৱনৰ অভিশাপ। অসমত জনজাতীয় গোষ্ঠীৰ প্ৰভাৱত পণ–প্ৰথা আৰু সতীদাহ-প্ৰথাৰ প্ৰচলন নাছিল যদিও বৰ্ণহিন্দু মহিলাৰ জীৱন অত্যন্ত পুতৌ লগা আছিল। পুৰুষতান্ত্ৰিক সমাজত ঘাইকৈ পুৰুষৰ দ্বাৰাই নাৰী উপেক্ষিতা হ'বলগীয়া হৈছিল যদিও নিৰ্যাতিতা নাৰীসত্তাক প্ৰথম স্বীকৃতি দিছিল ঊনৈশ শতিকাত পুৰুষে।
তেতিয়াৰে পৰা প্ৰায় দুটা শতিকা পাছত গৃহিণী শ্ৰেণীটোক ভিক্ষাৰী, কয়দী আৰু বেশ্যাৰ শাৰীৰ পৰা তুলি আনি যথাযোগ্য স্থানত উপবিষ্ট কৰাবলৈ ২০১০ চনৰ ২২ জুলাইত এটা ৰায়ৰ যোগেদি আগবাঢ়ি আহিছে আন দুগৰাকী পুৰুষ।
উচ্চতম ন্যায়ালয়ৰ বিচাৰক ন্যায়াধীশ জি এছ সিংভী আৰু ন্যায়াধীশ এ কে গাংগুলীয়ে এটা গোচৰৰ ৰায় দিবলৈ যাওঁতে আৱিষ্কাৰ কৰিলে যে ভাৰতৰ লোকগণনা আইনে অনুৎপাদনশীল কৰ্মী হিচাপে গৃহিণী শ্ৰেণীটোক কয়দী, ভিক্ষাৰী আৰু বেশ্যাৰ সৈতে একে শাৰীতে ঠাই দিছে। তেওঁলোকে এইখন আইনক কঠোৰ ভাষাৰে নিন্দা কৰি কৈছে যে দেশৰ সাংসদসকলে অনতিপলমে পুৰণি আইন সংশোধন কৰি নতুন আইন প্ৰণয়ন কৰক। মাতৃসকলক যথাযোগ্য স্থান দিয়ক। তেওঁলোকে কয় যে এগৰাকী গৃহিণীৰ মূল্য আৰু তেওঁলোকৰ অৱদানৰ পৰিমাণ জুখি উলিওৱাৰ ক্ষমতা কাৰো নাই। অতি নিৰ্দয়ভাৱে কোৱা হৈছে যে গৃহিণী এগৰাকী অৰ্থনৈতিকভাৱে উৎপাদনশীল নহয়। তেওঁলোকক ভিক্ষাৰী, কয়দী আৰু বেশ্যাৰে একেখন আসনত বহুৱাই অপমান কৰাৰ সাহস আৰু অধিকাৰ আইন প্ৰণেতাসকলে ক’ত পালে। হয়তো অদূৰ ভৱিষ্যতে লোক গণনা আইনখন সংশোধিত হ’ব। মোৰ দুখ গৃহিণীসকলে অপমানৰ প্ৰতিবাদ নকৰিলে কিয়?
মাজে মাজে হতাশাই মনটো ছাটি ধৰে। আদৰ্শ-সুস্থ সমাজ— য'ত নাৰী-পুৰুষৰ বৈষম্য নাথাকিব— এখন গঢ়িব পাৰিম বুলি বৰ আশা কৰিছিলো নিজৰ ক্ষুদ্ৰ শক্তিৰে। বহুদিনৰ পৰা পৃষ্ঠাৰ পাছত পৃষ্ঠা জুৰি বহুত কিবা কিবি লিখি আছো। বিয়াৰ আগত দৰা-কইনাৰ তেজ পৰীক্ষা কৰোৱাৰ বিষয়টো তাৰ মাজত এটা। কোনোবাই কথাষাৰ শুনে নে? সেই যে মান্ধাতা যুগতে সোঁৱৰণী মিলোৱা ধাৰণাটোৰ জন্ম দিলে কোনোবাই [ ১৮৪ ] ইয়েই অধিকাংশৰ মূৰত চিৰস্থায়ী হৈ থাকিল। সকলো দিশৰ পৰা জনা বুজা অত্যাধুনিক পৰিয়ালৰ মনবোৰো যেন একো একোটা লৰচৰ কৰিব নোৱৰা শিলাখণ্ড।
অলপতে এঘৰৰ পৰা ফোন আহিছিল। চাৰি মাহ আগতে জীয়েকৰ বিয়া দিছে উপযুক্ত ল'ৰা এজনলৈ। ল'ৰাৰ ঘৰৰ অৱস্থা খুবেই ভাল, ভাল নহয় ল’ৰাৰ স্বাস্থ্য। অৱশেষত কম বয়সতে ভগ্নস্বাস্থ্যৰ কাৰণ নিৰ্ধাৰণ কৰি ফলাফল পাই সকলোৰে হৃদপিণ্ড স্তব্ধ, বিশেষকৈ কইনাৰ। ল'ৰাৰ দেহত আশ্ৰয় লৈছে কালব্যাধি এইডচৰ বীজাণুৱে। বহুদিনৰ পৰা লিখি আছো যিবোৰ বিষয়ত সাৱধান হ’বলৈ সেইবোৰত অলপো গুৰুত্ব নিদিলে কোনেও। তাৰ পাছত যদি কোনোবাই দিহা-পৰামৰ্শ বিচাৰে কেনে লাগিব পৰামৰ্শদাতাৰ। বিয়াৰ আগত ভাৰতৰ আধুনিক মহিলাই হ'বলগীয়া দৰাৰ ক্ৰিমিনেল ৰেকৰ্ড কিবা আছে নেকি জানিবলৈ তথ্য জনাৰ অধিকাৰ আইনৰ শৰণাপন্ন হয়। বিয়াৰ আগত তেজপৰীক্ষা কৰোৱাৰ ধাৰণাটো যোৱা শতিকাৰ সত্তৰৰ দশকতে প্ৰচাৰ কৰা হৈছিল।
পঁচিশ বছৰীয়া ছোৱালীৰ দেউতাক-মাকক আগৰদিনীয়া বুলি ক'ব নোখোজো। তেজৰ নমুনা পৰীক্ষা কৰোৱা ব্যৱস্থাৰ বিষয়ে তেওঁলোক নিশ্চয় অৱগত। কেনেকৈনো তেওঁলোকে ভাবিলে ল'ৰাজন ধোৱা তুলসীপাত। এতিয়া ছোৱালীজনীৰ ডাক্তৰৰ পৰামৰ্শ মতে তেজ পৰীক্ষা কৰাই থকা বাঞ্ছনীয়।
মাজে মাজে ধাৰণা হয় মগজুটো যেন মোৰ জঠৰ হৈ আহিছে। চিন্তা কৰিব পৰা শক্তিৰ চোক কমি আহিছে। জীৱনত ভাল কাম একো কৰিব নোৱাৰিলো। এফালে চিঞৰি মৰিছো যৌতুকৰ বিৰুদ্ধে, ভ্ৰূণ হত্যাৰ বিৰুদ্ধে, নিৰ্যাতনৰ বিৰুদ্ধে। আনফালে দেখিছো এনেবোৰ অপৰাধ বাঢ়ি গৈ আছে। তেনেহ'লে লিখি কি লাভ হ’ব। কথাবোৰ ফুলজাৰি হৈ বতাহত মিহলি হৈ নগ'ল নে?
দীৰ্ঘ হতাশাৰ পাছত আকৌ মেৰুদণ্ড পোন কৰিছো। মনলৈ জোৰ আনি বাৰাক ওবামাৰ ভাষাত কওঁ— Yes, we can.
নিৰ্যাতন বিৰোধী ঐক্য মঞ্চ, অসম : ২০০২ চনৰ ১৩ জুলাই তাৰিখে আমাৰ উলুবাৰীৰ ঘৰৰ নিচেই কাষতে নেটৱৰ্ক ট্ৰেভেলছ নামৰ বে-চৰকাৰী বাছ আস্থানটোত ঘটিছিল এক অমানৱীয় অকল্পনীয় দুৰ্ঘটনা। ত্ৰিপুৰাৰ পৰা দুটি শিশু সন্তানেৰে সৈতে নিম্ন মধ্যবিত্ত দম্পতী এহালে দীঘলীয়া বাছ ভ্ৰমণ কৰি ৰাতিটোৰ বাবে সেই আস্থানত আশ্ৰয় লৈছিল পুৱাৰ বাছত ডিমাপুৰলৈ ৰাওনা হ’ব বুলি। ক্লান্ত পৰিয়ালটো মজিয়াতে [ ১৮৫ ] পাৰি লোৱা বিছনাত আশ্ৰয় লোৱাৰ লগে লগে টোপনিত লালকাল হৈ পৰিছিল। ৰাতি নৌপুৱাওঁতে সাৰ পাই সাত বছৰীয়া জীয়েক বৰ্ণালীক বিছনাত নেদেখি স্বাভাৱিকতেই মাক-দেউতাকৰ বুকু কঁপি উঠে। ক’তো বিচাৰি-খোচৰি নাপাই ওচৰৰ পল্টন বজাৰ থানালৈ তেওঁলোক যায়। বাছ আস্থানৰ চৌৱন্ন বছৰীয়া চকীদাৰটোৱে হেনো ধমকি দি কৈছিল দুটা নহয় এটা সন্তানকহে তেওঁলোকে আনিছিল। যি কি নহওক বৰ্ণালীক জীৱিত নহয়, মৃত অৱস্থাত আৱিষ্কাৰ কৰা হ’ল শৌচাগাৰ সংলগ্ন ছেপটিক টেংকত! সেই কাল নিশা দেউতাক-মাকৰ মাজৰ পৰা ককাকৰ বয়সীয়া যমদূতৰূপী চকীদাজনে কণমানি শিশুটিক উঠাই নি বলাৎকাৰ কৰে। অকলে নহয় আন এজন পাষণ্ড হেণ্ডিমেনৰ সহযোগত। সেই ৰাতি শিশুটিৰ ওপৰত কি ভয়ংকৰ অত্যাচাৰ সংঘটিত হৈছিল তাক আমি কল্পনাও কৰিব নোৱাৰো। কোৱা বাহুল্য এই নাৰকীয় ঘটনাই বিশ্বত জোকাৰণি তোলে। বি বি চিৰ বাতৰিত ঘটনাটোৰ বিষয়ে শুনা বুলি আমাৰ বোৱাৰীয়ে জনাইছিল।
এই বৰ্বৰ ঘটনাৰ প্ৰতিবাদত পঁচপন্নটামান নাৰী আৰু সামাজিক-সাংস্কৃতিক সংগঠনক একত্ৰিত কৰি নিৰ্যাতনবিৰোধী ঐক্যমঞ্চ নামেৰে এটা অনুষ্ঠান গঠন কৰা হ’ল। ই আছিল সম্পূৰ্ণ অৰাজনৈতিক অনুষ্ঠান। দলীয় ৰাজনৈতিক মতাদৰ্শৰ ঊৰ্ধ্বত থাকি সম্পূৰ্ণ মানৱীয় দৃষ্টিভংগী সন্মুখত ৰাখি নৱগঠিত অনুষ্ঠানটোৱে বৰ্ণালী হত্যাৰ প্ৰতিবাদত এক শক্তিশালী আন্দোলন গঢ়ি তোলে। জন্মলগ্নৰে পৰা অনুষ্ঠানটোৰ সৈতে যতীন্দ্ৰ কুমাৰ বৰগোহাঁঞি, সুমিত্ৰা হাজৰিকা, সবিতা লহকৰ, চম্পা বড়া, দীপ্তি বৰুৱা, শংকৰ শইকীয়া, মুকুল কলিতা, মুনীন মহন্ত, প্ৰণতি হাজৰিকা, জীমণি চৌধুৰীকে ধৰি ময়ো জড়িত হৈ আছো। অতন্দ্ৰ প্ৰহৰীৰ দৰে বৰ্ণালী হত্যাৰ বিচাৰ ব্যৱস্থা নিৰীক্ষণ কৰি আছিলো মঞ্চৰ প্ৰতিজন সদস্যই। আমিয়ে নহয় সমগ্ৰ অসমৰ ৰাইজেও সহযোগ কৰিছিল এই বৰ্বৰ কাণ্ডৰ প্ৰতিবাদত। কোৱা বাহুল্য যিকোনো প্ৰতিবাদত বিৰোধী ব্যক্তিও থাকে। গতিকে সাক্ষ্যদান কৰিবলৈ ত্ৰিপুৰাৰ পৰা বৰ্ণালীৰ দেউতাক মাক গুৱাহাটীলৈ আহিবৰ সময়ত ত্ৰিপুৰা আৰু অসম চৰকাৰে তেওঁলোকক নিৰাপত্তা প্ৰদান কৰিবলগীয়া হৈছিল। কিছুমান দুৰ্বৃত্তই হেনো দুখীয়া পৰিয়ালটোক প্ৰায়ে ভাবুকি দিছিল। আগৰতলাত ত্ৰিপুৰাৰ ৰাজ্যিক মহিলা আয়োগৰ তেতিয়াৰ চেয়াৰপাৰ্চন অধ্যাপিকা মীনাক্ষী সেনে পৰিয়ালটোক নানাভাৱে সহায় কৰিছিল। সাক্ষ্যদান কৰিবলৈ আহোতে তেৱোঁ লগত আহিছিল।
বৰ্ণালীক তাইৰ মাক-দেউতাকে ঘূৰাই পোৱাটো অসম্ভৱ যদিও তাইৰ হত্যাকাৰী [ ১৮৬ ]
■ নিৰ্যাতন বিৰোধী ঐক্য মঞ্চৰ সমদলত লেখিকা |
যদিও ডেকা অপৰাধীজনৰ হিয়া ভগা কান্দোনে মোৰ অন্তৰ কঁপাই তুলিছিল। বুঢ়াটোৰ বাবে অৱশ্যে অলপো অনুকম্পা বোধ কৰা নাই। শুনিছো মানুহজনৰ দুষ্কৰ্মত লজ্জিত হৈ তেওঁৰ পৰিয়ালটোৱে গুৱাহাটী এৰিছে।
উচ্চ আদালততো নিম্ন আদালতৰ ৰায়টো বাহাল থাকিল। বৰ্তমান বিশ্বৰ বহু দেশত মৃত্যুদণ্ড উঠাই দিয়া হৈছে। আমাৰ ইয়াতো এইবিধ শাস্তিৰ বিৰুদ্ধে জনমত গঠন হোৱা পৰিলক্ষিত হৈছে। বৰ্ণালী বিচাৰৰ ৰায় ওলোৱাৰ পাছত আমাৰ চকুৱে-মুখে আনন্দৰ অভিব্যক্তি দেখি কেইগৰাকীমান বুদ্ধিজীৱীয়ে মৃত্যুদণ্ডৰ বিৰুদ্ধে প্ৰবন্ধ লিখা মনত পৰে। দৰাচলতে যাৱজ্জীৱন কাৰাদণ্ড কিছুমান অপৰাধীৰ বাবে যোগ্য শাস্তি নহয় যেন লাগে। নামত যাৱজ্জীৱন হ’লেও প্ৰকৃততে বাৰ-তেৰ বছৰৰ বাবেহে কাৰাদণ্ড হয়। বৰ্ণালী হত্যাৰ অপৰাধী দুজন বাৰ বছৰ পাছত ওলাই আহি আকৌ একেই পৈশাচিক কাণ্ডত লিপ্ত নহ'ব বুলি কোনে গেৰাণ্টি দিব পাৰে। প্ৰকৃত অৰ্থতে সিহঁতক আজীৱন জে’লত ৰাখিব পৰা হ'লে যোগ্য শাস্তি হোৱা বুলি ভাবিব পাৰিলোহেঁতেন। সিহঁতৰ দৰে নিকৃষ্ট মানুহৰ মুকলিকৈ বাস কৰাৰ অধিকাৰ আছে জানো?
‘বিৰলৰ মাজত বিৰলতম’ অপৰাধত লিপ্ত অপৰাধীক হেনো মৃত্যুদণ্ড দিয়া হয়। উচ্চতম ন্যায়ালয়ে বৰ্ণালীৰ দৰে সাত বছৰীয়া শুই থকা শিশুটিক সুৰক্ষিত বাছ আস্থানৰ পৰা তুলি নি বলাৎকাৰ কৰি হত্যা কৰা বৰ্বৰোচিত ঘটনাটোক ‘বিৰলৰ মাজত বিৰতলম’ বুলি স্বীকাৰ নকৰি নিম্ন আৰু উচ্চ আদালতে বিহা মৃত্যুদণ্ড নাকচ কৰিছে। উচ্চতম আদালতৰ এই ৰায়ে বৰ্ণালীৰ মাক-দেউতাকক যথেষ্ট আঘাত দিছে। আমিও হতাশ হৈছো। কিয়নো একেই অপৰাধত কলকাতাত ধনঞ্জয় নামৰ [ ১৮৮ ] বলাৎকাৰীজনৰ ফাঁচী হৈছিল, ফাঁচী হৈছিল উত্তৰ প্ৰদেশৰ এজন ডেকাৰো। উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে কোৱাৰ অধিকাৰ আমাৰ নাই যদিও প্ৰশ্ন এটা মনত থাকি গ'ল — বিৰলৰ মাজত বিৰলতম ঘটনা তেনেহ'লে কাক কোৱা হয়।
বৰ্ণালী ইছ্যুটোৰ পাছত নিৰ্যাতনবিৰোধী ঐক্য মঞ্চৰ ওপৰত অনেকৰ আস্থা বাঢ়িছে। বহু নিৰ্যাতিত নাৰী সহায় বিচাৰি আমাৰ ওচৰলৈ আহে। কত ধৰণৰ যে নিৰ্যাতন! বাহিৰৰ পৰা সুখী যেন লগা কিছুমান দম্পতীৰ ভিতৰি কিমান যে অশান্তি। নিৰ্যাতনৰ কোনো বয়স নাই। স্তম্ভিত হৈ গৈছিলো যিদিনা তিনিগৰাকী প্ৰাপ্তবয়স্ক বিবাহিত ভাই-ভনী আমাৰ ওচৰলৈ পঁচাশী বছৰ বয়সীয়া দেউতাকৰ বিৰুদ্ধে কি শাস্তিমূলক ব্যৱস্থা লোৱা যায় পৰামৰ্শ বিচাৰি আহিছিল। ভয়ংকৰ অশান্তিৰ মাজেৰে ওৰে জীৱন কটাবলগীয়া হৈছে মাকে, বুঢ়া বয়সতো যাৰ অন্ত পৰা নাই। বৰ্তমানে খোৱা-পিন্ধাৰ পৰা বঞ্চিত কৰি ৰাখিছে। লাজ-মান কাতি কৰি মাকে জীয়েকহঁতৰ আগত তেওঁ যৌন নিৰ্যাতনৰ বলি বুলি দুখ কৰে। এটা সময়ত তেওঁ হেনো স্বামীৰ ভৰিত ধৰি অনুৰোধ কৰিছিল দ্বিতীয় বিবাহ কৰাবলৈ। ষাঠি-সত্তৰ বছৰ বয়সতো চলিছিল এই নিৰ্যাতন। মানুহজন অৱসৰপ্ৰাপ্ত চৰকাৰী পেন্সনাৰ, সমাজত নাম আছে। আমি এপালি কাঢ়া দৰব দিয়াৰ পাছত বুঢ়ীৰ লগত মাত-বোল নাথাকিলেও খাবলৈ পিন্ধিবলৈ খৰচ দিছিল। অৰ্থনৈতিক স্বাধীনতা নথকা মহিলাৰ কি যে দুৰ্গতি!
এবাৰ দামী গাড়ী এখন ড্ৰাইভ কৰি আহিছিল কথা-বতৰা, চেহেৰা-পাতি, সাজ-পাৰত এগৰাকী ঈৰ্ষণীয় আধুনিকা। দেখাত সুখী যেন লগা ৰূপৱতীজনী কিন্তু ভিতৰি নিঃস্ব। প্ৰতি নিশা মদ্যপান কৰি অহা স্বামীজনে হেনো তেওঁক প্ৰাণভৰি প্ৰহাৰ কৰে। শৰীৰৰ ক্ষতবোৰ ঢাকি ৰাখিবলৈ তেওঁ চাৰ্ট পিন্ধি আহিছিল। বুকুৱে-পিঠিয়ে-ডিঙিয়ে-হাতে কালসিৰাবোৰ দেখি মানুহগৰাকীক থানাত এজাহাৰ দিবলৈ কোৱাত তেওঁ মান্তি নহ’ল। কাৰণ দেউতাকক গ্ৰেপ্তাৰ কৰিলে ল’ৰা-ছোৱালী দুটাৰ ভৱিষ্যৎ এন্ধাৰ হ’ব। তেনেহ'লে আমাৰ ওচৰলৈ অহাৰ অৰ্থ কি? ক’লে এটা চাকৰিৰ সন্ধানত আহিছিল তেওঁ। চাকৰিটো পালে মাৰ খাই থাকিবলগীয়া নহ'ব। সন্তান দুটাক লৈ ওলাই আহিব ঘৰৰ পৰা। পিছে চাকৰি দিয়াৰ ক্ষমতাতো আমাৰ নাই!
আন এদিনৰ কথা। সিদিনাও আহিছিল এগৰাকী নিজৰ গাড়ীত। পিছে এওঁ উপাৰ্জনশীলা, নাম কৰা কোম্পানী এটাত উচ্চ পদস্থ বিষয়া। তেওঁৰো একেই সমস্যা— স্বামীৰ অত্যাচাৰ। পাণবজাৰ মহিলা থানাত গোচৰ তৰিছিল। স্বামীজনক তালৈ মাতি পঠোৱাৰ পাছত মিঠা মিঠা কথাৰে বুদ্ধিমান মানুহজনে সকলোকে মোহিত [ ১৮৯ ] কৰি আগলৈ ‘হঠাতে’ কৰা ভুলৰ বহিঃপ্ৰকাশ নকৰে বুলি প্ৰতিশ্ৰুতি দিছিল। দুদিনমানৰ পাছত ‘পূনৰ্মূষিক ভৱ’ পৰিস্থিতি। আমি কৈছিলো অৰ্থনৈতিকভাৱে স্বাধীন মানুহগৰাকীক সেইখন ঘৰ ত্যাগ কৰি আন ঠাইলৈ যাবলৈ। তেওঁ ক'লে এতিয়া বাস কৰা এপাৰ্টমেণ্টটো কিনোতে দুই-তৃতীয়াংশ টকা হেনো তেৱেঁই দিছে। তেওঁৰ এই সমস্যা সমাধান কৰা সহজ নহয়। ক’লো মাক-দেউতাকৰ লগত আলোচনা কৰিবলৈ। তেওঁলোক প্ৰয়াত। ককায়েক-ভায়েক? ভনীয়েকৰ জীৱনৰ সমস্যাৰ লগত আজিৰ ব্যস্ততাৰ দিনত কোনেও সাঙোৰ খাব নোখোজে। গতিকে তেওঁলোকৰ মতে ভনীয়েকৰহে দোষ। দ্ৰৌপদীয়ে পাঁচোটাকৈ স্বামীক চম্ভালিছিল, তাই এটাকো নোৱাৰে নে? এৰা, ঠিকেই কৈছে পিতৃপ্ৰধান সমাজত ‘যত দোষ নন্দঘোষ’ৰূপী ব্যক্তিজন সদায় মহিলাগৰাকীয়ে হ’ব লাগে। বিবাহ-বিচ্ছেদে উত্তম উপায় বুলি আমি কোৱাত তেওঁ ভয় খাইছে কিজানিবা শিশু পুত্ৰ-কন্যা দুটাৰ দায়িত্ব দেউতাকেই পায়। যিমানদূৰ জানো নাবালক সন্তানৰ দায়িত্ব বৰ্তায় মাকৰ ওপৰত৷ সোণালী জীৱন এটা কটাবলৈ মানুহে বিবাহপাশত আবদ্ধ হয়। কিন্তু এনে পৰিণতি দেখিলে বিবাহ প্ৰতিষ্ঠানটোৰ ওপৰত আস্থা হেৰুৱাও। কিছুদিনৰ আগতে আদালতত বিবাহ-বিচ্ছেদ সম্পৰ্কীয় গোচৰবোৰৰ কলেৱৰ বৃদ্ধি হৈ থকা দেখি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এগৰাকীয়ে কৈছিল marriages are made in heaven, কিন্তু মৰ্ত্যলৈ নামি অহাৰ পাছত কিয় বা ভাঙোন ধৰে!
অৰ্থনৈতিকভাৱে স্বাধীন আৰু থকা ঘৰটোৰ গৰাকী হ’লেও যে মহিলাৰ নিৰাপত্তা নাই তাৰ এটা জ্বলন্ত উদাহৰণ বোধকৰো গুৱাহাটীৰ মানুহে পাহৰা নাই। বেচেৰী এম এ পাছ শিক্ষয়িত্ৰীগৰাকী নিৰাপত্তাৰ সন্ধানত আইনৰ দুৱাৰে দুৱাৰে ঘূৰি প্ৰাপ্য অধিকাৰতো নাপালেই, শেষত জীৱনটো স্বামীৰ দিয়াচলাইৰ কাঠিত দিবলগীয়া হৈছিল। আমিও তেওঁক বচাব নোৱাৰিলো। তাৰ বাবে আজিও বিবেক দংশনত ভুগো। স্বামী-স্ত্ৰীৰ মাজত হোৱা ঘৰুৱা কন্দলক পুলিচে গুৰুত্ব দিব নোখোজে। আমাৰ ইয়াতে নহয়, আমেৰিকাৰ দৰে স্বাধীন আৰু মুক্ত নাৰীৰ দেশতো এনেবোৰ গোচৰ গুৰুত্বহীন। হত্যা বা সশস্ত্ৰ ডকাইতিৰ বাতৰি পালে যিটো গতিত পুলিচ ঘটনাস্থলীত ওলায়হি ঘৰুৱা সংঘৰ্ষৰ ক্ষেত্ৰত সেই তৎপৰতা দেখা নাযায়। নিৰ্যাতিতা নাৰীক অৱজ্ঞা কৰি থূপতে এওঁলোকক ‘ডমেছটিক্স’ বুলি কৈ থয় আমেৰিকাৰ পুলিচে। কেইবাটা হাই-প্ৰফাইল হত্যাকাণ্ড সংঘটিত হোৱাৰ পাছত পুলিচ কিছু সজাগ হৈছে।
আমেৰিকাত চকুৰ আঁৰত হোৱা গৃহযুদ্ধ আৰু তাৰ পৰিণাম সম্পৰ্কে লিখিছো [ ১৯০ ]
■ নিৰ্যাতন বিৰোধী ঐক্য মঞ্চৰ ধৰ্ণা কাৰ্যসূচীত লেখিকা |
ক্রীড়াজগতৰ বিষয়ে মোৰ জ্ঞান সীমিত। বোধকৰো সেইখন জগতৰ এজন উজ্জ্বল নক্ষত্র অ’ জে ছিম্পছন। ডিভোর্ছী পত্নী নিকোলক কটাৰীৰে ঘপিয়াই হত্যা কৰাৰ সন্দেহত পুলিচে অ' জেক গ্ৰেপ্তাৰ কৰিবলৈ যোৱা দৃশ্যটো আছিল এখন ৰোমাঞ্চকৰ নাটকৰ দৃশ্যৰ দৰে। নব্বৈ মিনিট জোৰা এই দৃশ্যৰ পোনপটীয়া সম্প্ৰচাৰ সমগ্ৰ আমেৰিকাবাসীয়ে প্রত্যক্ষ কৰিছে। সেই নাটকৰ দৰ্শক আছিলো ময়ো। নিজৰ মূৰত পিষ্টলৰ নলীটো লগাই অ’ জেই বন্ধু এজনক গাড়ীখন চলাই যাবলৈ কৈছিল, ৰখালেই আত্মহত্যা কৰিব। পিছে পিছে খেদি গৈছিল এজাক পুলিচৰ গাড়ীয়ে। বাটৰ ট্ৰেফিক বন্ধ হৈছিল। তাৰ ঠাইত আলিবাটৰ দুয়োকাষে থিয় দিছিল হেজাৰ হেজাৰ মানুহ। অ’ভাৰ ব্ৰীজবোৰতো মানুহ গিজগিজাই আছিল আৰু মূৰৰ ওপৰেৰে উৰিছিল বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ হেলিকপ্টাৰ, হাতত কেমেৰা আদি লৈ। অৱশেষত নিজৰ প্রাসাদ গৈ পোৱাৰ পাছত পুলিচৰ হাতত ধৰা দিছিল অ’ জেই। মোৰ যিমান দূৰ মনত পৰে দীঘলীয়া সময়ৰ বাবে তেওঁৰ কাৰাদণ্ড হৈছিল। আমেৰিকাত নাৰী নিৰ্যাতন আৰু তাৰ বিৰুদ্ধে প্রণয়ন কৰা আইন তথা আইনৰ ৰূপায়ণ সম্পর্কে মোৰ উল্লিখিত কিতাপখনত লিখা হৈছে।
নিজৰ দোষ, নিজৰ অদূৰদৰ্শিতা বা ব্যক্তিত্বহীনতাৰ বাবে কিছুমান ছোৱালী বিপদত পৰে নাইবা নির্যাতন ভোগ কৰে। কম বয়সীয়া হ'লে তেনে ছোৱালীৰ কাষত থিয় হওঁ। কিন্তু জানি-শুনি বাৰে বাৰে ভুল বাটেৰে আগবাঢ়ি গৈ বাৰে বাৰে বিপদক মাতি অনা চঞ্চল স্বভাৱাসকলৰ প্ৰতি অলপো সহানুভূতিশীল নহওঁ। এনে এজনী অবিবাহিতা মাতৃক প্ৰতাৰণা কৰা তেওঁৰ প্ৰেমিকৰ বিৰুদ্ধে মাত নমতা বাবে কেইজনমান সমাজসেৱী ডেকাৰ দ্বাৰা নিন্দিত হৈছিলো। খা-খবৰ লৈ জানিব পাৰিছিলো একেজন প্রেমিকে বিয়াৰ প্ৰলোভন দেখুৱাই ২৬/২৭ বছৰীয়া গাভৰুজনীৰ লগত দৈহিক সম্পর্ক স্থাপন কৰিছিল। ইয়াৰ আগতে কেইবাবাৰো তেওঁ গর্ভপাত কৰোৱায়। প্ৰথমবাৰ প্ৰতাৰিত হোৱাৰ পাছত বয়সীয়া গাভৰুজনী কিয় আকৌ একেজনৰে জালত পৰিল। কিশোৰী [ ১৯২ ] এজনীয়ে নাজানিব পাৰে দৈহিক সম্পৰ্কৰ পৰিণতি কি, এওঁ নাজানিব কিয়?
আন এজনী ছোৱালীকো ‘উদ্ধাৰ’ কৰিবলৈ আগবাঢ়ি নহা বাবে মাকগৰাকী অসন্তুষ্ট হৈছিল মোৰ ওপৰত। কলেজত পঢ়া গাভৰু এজনী ঘৰৰ পৰা পলাই গৈছিল প্ৰেমিকৰ লগত। কাৰণ সিহঁত দুটাৰ বিয়াত মাক-দেউতাকৰ মত নাছিল। কোৱা বাহুল্য নিজে আহি ঘৰ সোমোৱা ছোৱালীক সকলো মানুহে বোৱাৰীৰ মর্যাদা দিব নোখোজে। পুতেকে অনা বাবে অনিচ্ছাসত্ত্বেও ৰাখিবলগা হ'ল যদিও ভাল ব্যৱহাৰ নাপাই তাইৰ মাক-দেউতাকৰ মৰমলৈ মনত পৰিছিল। কেনেবাকৈ যোগাযোগ কৰি তাইক উদ্ধাৰ কৰিবলৈ ফোনতেই কন্দা–কটা কৰিছিল মাকৰ আগত। ‘মাক হোৱাৰ শতেক জ্বালা’, কৈছিল আমাৰ শাহু আয়ে। সন্তানৰ মংগলৰ চিন্তাই মাকৰ মনক অহৰহ আচ্ছন্ন কৰি ৰাখে। পলাই যোৱা ছোৱালীজনীক কোনোদিনে ক্ষমা কৰিব নোৱাৰিব বুলি মনক ডাঠ কৰা মাকগৰাকীয়ে জীয়েকৰ ফোন পাই তাইক উলিয়াই আনিবলৈ উপায় বিচাৰি আছিল। এটা উপায়, তেওঁলোকে ভাবিছিল, নির্যাতন বিৰোধী ঐক্য মঞ্চৰ সহায় লোৱা। ফোনতে আমাৰ লগত যোগাযোগ কৰি সবিশেষ জনোৱাত পোনচাটে মই উদ্ধাৰ কাৰ্যত আগভাগ ল'ব নোৱাৰো বুলি কৈছিলো। কাৰণ যি ছোৱালীয়ে মাকৰ ঘৰৰ পৰা পলাই যাব পাৰে সেই ছোৱালীয়ে শহুৰৰ ঘৰৰ পৰা পলাই আহিব নোৱাৰিব কিয়? আগগুৰি নেভাবি প্রাপ্তবয়স্ক ছোৱালী এজনীয়ে অনিশ্চয়তাৰ জীৱন এটাত অৱতীৰ্ণ হোৱাটো সমর্থনযোগ্য নহয়।
শহুৰৰ ঘৰত নির্যাতন সহ্য কৰিব নোৱাৰি আত্মহত্যা কৰা ছোৱালী এগৰাকীৰ মাকে অন্যায়ৰ প্ৰতিবাদত সভা এখন পাতি আমাকো অংশগ্রহণ কৰিবলৈ মাতিছিল। মাক-দেউতাকে মনত আঘাত পাব বুলি অধিকাংশ ছোৱালীয়ে শহুৰৰ ঘৰত ভোগ কৰা লাঞ্ছনা-গঞ্জনাৰ কথা ব্যক্ত নকৰে। কেতিয়াবা চৰম পৰ্যায়লৈ যোৱাৰ পাছত ক’বলৈ বাধ্য হয়। সমাজৰ আগত লাজ ঢাকিবলৈ আৰু বিয়াখন ভাগি নাযাবলৈ দেউতাকৰ পৰিয়ালে চেষ্টা কৰে। এইদৰে তাপলি মৰা বিয়া কোনোমতে তিষ্ঠি থাকে। কিছুমান বোৱাৰীয়ে কাকো একো নজনাই আত্মঘাতী হয়। উল্লিখিত সভাখনত যেতিয়া শুনিলো আত্মঘাতী বোৱাৰীজনী অর্থনৈতিকভাৱে স্বাধীন আছিল তেতিয়া কিন্তু মাকৰ প্ৰতি সহানুভূতি মোৰ কমি আহিবলৈ ধৰিলে। মাককো অলপ টানকৈ ক’লো জীৱন যুদ্ধত হাৰি নাযাবলৈ জীয়েকক তেওঁ নিশ্চয় শিক্ষা দিয়া নাছিল। আমাৰ বেছিভাগ মাক-দেউতাকে ল'ৰা-ছোৱালীক ইমান আলাসত ডাঙৰ কৰে যে বৃহত্তৰ বিশ্বৰ কঠিন পৰিস্থিতিক আলসুৱা সন্তানসকলে প্রত্যাহ্বান জনোৱাত বিফল [ ১৯৩ ] হয়। বিয়াত সুখী হ’ব নোৱৰা আন কেইজনীমান অৰ্থনৈতিকভাৱে স্বাধীন আত্মঘাতী ছোৱালীৰ প্ৰাণহীণ দেহবোৰ একে একে আহি আছে মোৰ মনৰ পৰ্দালৈ। বিবাহেই নাৰী জীৱনৰ একমাত্ৰ লক্ষ্য আছিল সৌ সিদিনালৈকে। আজিৰ আধুনিক যেন লগা ছোৱালীবোৰৰো মানসিক উত্তৰণ নোহোৱা দেখিলে হতাশ হওঁ।
বিবাহিত পুত্ৰৰ অত্যাচাৰ সহিব নোৱৰা এগৰাকী মাক সহায় বিচাৰি আমাৰ ওচৰলৈ আহিছিল। দেউতাকৰ মৃত্যুৰ পাছত মাকো তেওঁলোকৰ দুমহলীয়া ঘৰটোৰ এক তৃতীয়াংশৰ গৰাকী হৈছিল। সকলো বিষয়ত পুতেকৰ ওপৰত নিৰ্ভৰশীল ( আৰ্থিকভাৱে নহয় ) মাকজনীক তেওঁৰ অংশটো পুতেকৰ নামত লিখি দিবলৈ হেঁচা প্ৰয়োগ কৰিছিল নিৰ্দয়ভাৱে। বাতৰি পাই মানুহগৰাকীৰ অসমৰ বাহিৰত থকা জীয়েকে আমাৰ লগত যোগাযোগ কৰিছিল। মহিলাগৰাকীৰ আন এজন আত্মীয়ইও আমাৰ সহায় বিচাৰিছিল। সঁচা কথা ক'বলৈ গ'লে আমাৰ ওচৰলৈ অনেকে আহে যদিও আমাৰ মূলধন একমাত্ৰ মনৰ জোৰ আৰু মানুহক সহায় কৰাৰ মানসিকতা। আমাৰ ঐক্য মঞ্চৰ নাই কোনো ফাণ্ড, নাই কোনো ৰাজনৈতিক ক্ষমতা। সভা-সমিতি পাতিলে সভাস্থলীতে সদস্যসকলৰ পৰা চান্দা আদায় কৰা হয়, কিছু সদাশয় ব্যক্তিয়ে সহায়ো কৰে। কেতিয়াবা নিজকে ঢাল নাই তৰোৱাল নাই নিধিৰাম চৰ্দাৰ যেন লাগে। যি কি নহওক, নিৰ্যাতিতা মাকগৰাকীৰ জীয়েকক কোৱা হৈছিল— থানাত এজাহাৰ দিবলৈ। দৰবে ভাল কাম দিলে। নিৰ্যাতক পুতেকক থানাত উত্তম-মধ্যম শোধোৱাৰ পাছত সি চিধা হ’ল। কিছুদিনৰ বাবে বোধকৰো তাক ঘৰৰ পৰা উলিয়াই দিয়াৰ ব্যৱস্থাও কৰা হৈছিল। অৱশেষত সপৰিয়ালে আহি মাকৰ ভৰিত দীঘল দি পৰিল। মাকৰ দৰে ক্ষমাশীলা পৃথিৱীত দ্বিতীয় এজন নাই। শুনিছো তেওঁলোক মিলাপ্ৰীতিৰ মাজেৰে একেলগে আছে।
কাকতে-পত্ৰে নাৰী নিৰ্যাতনৰ বিষয়ে পঢ়ো, কিন্তু নিৰ্যাতিতা নাৰী আৰু তেওঁলোকৰ বিবিধ সমস্যাৰ সৈতে মুখামুখি হ’লো নিৰ্যাতন বিৰোধী ঐক্য মঞ্চ গঠন কৰাৰ পাছত। কিছু হাই-প্ৰফাইল নিৰ্যাতিতাও আমাৰ ওচৰলৈ অহা দেখি বিস্ময়বোধ কৰিছিলো। তেওঁলোকে ইচ্ছা কৰিলেই দিল্লী-মুম্বাই-কলকাতাৰ নামী-দামী নাৰী সংগঠনলৈ অনায়াসে যাব পাৰে। কিন্তু আমাৰ ওচৰলৈ আহে। বহু অভিজ্ঞতা হ’ল জীৱনত। আমি জানো আৰক্ষীয়ে নিৰাপত্তা দিয়ে, চোৰ-ডকাইত-প্ৰৱঞ্চক-নিৰ্যাতকক শাস্তি দিয়ে। কিন্তু কোনোবাই বিশ্বাস কৰিব নে উচ্চপদস্থ আই পি এছ বিষয়াই যৌতুকৰ বাবে তেওঁৰ পত্নীক চূড়ান্ত পৰ্যায়ত নিৰ্যাতন কৰে বুলি। গুৱাহাটীত নিযুক্তি পোৱা দক্ষিণ [ ১৯৪ ] ভাৰতীয় আৰক্ষী বিষয়া এজনে কেইবা লাখ টকা আৰু কেইবা লাখ টকাৰ সোণৰ বিনিময়ত কোনোবা চহকী মানুহৰ ছোৱালীক বিয়া কৰাই ল'ৰা-ছোৱালী হোৱাৰ পাছতো শহুৰেকৰ পৰা ধন দাবী কৰিবলৈ এৰা নাছিল। তেওঁৰ পত্নীৰ মুখে শুনাৰ পাছত মই তেওঁক ক’লো— এওঁক দেখোন সন্ত্রাসবাদীৰে তুলনা কৰিব পাৰি। ভাবুকি দেখুৱাই ধন আদায় কৰাৰ পদ্ধতি দুয়োৰে হুবহু একে। দাবী কৰা টকা নিদিলে মানুহগৰাকীক হেনো ডিভোৰ্ছ কৰিব। আন এটা পৰিয়ালে হেনো আই পি এছজনে তেওঁলোকৰ ছোৱালী বিয়া কৰালে পঞ্চাশ লাখ দিবলৈ ৰেডী হৈ আছে। সকলো শুনাৰ পাছত মোৰ মানুহজনীলৈ পুতৌ উপজিল। ইতিমধ্যে তেওঁ দেউতাকৰ লগত আলোচনা কৰি ওলাই যাবলৈ সিদ্ধান্তও লৈছিল। আমি তেওঁক কৈছিলো, তেওঁৰ যেতিয়া সুবিধা আছে দিল্লীত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ ওচৰত গোচৰ তৰিবলৈ। তেওঁ গৈছিল। তাৰ পাছত তেওঁলোকৰ কি হ’ল গম নাপালো। আমি তেওঁক কৈছিলো ডিভোৰ্ছত ৰাজী নহ'বলৈ।
নিৰ্যাতনৰ ঘটনাবোৰ নিৰ্যাতিতাৰ মুখে পোনপটীয়াকৈ যিসকলে শুনে তেওঁলোকৰ হৃদয়বোৰ কেতিয়াবা লোৰ দৰে টান কৰি ল'বলগীয়া হয়। কাৰণ সহায়কাৰী ভাগি পৰিলে সহায় কৰা কঠিন হৈ পৰে। সম্প্ৰতি মোৰ মাজত কিছু দুর্বলতা অনুভৱ কৰিছো যেন লাগিছে। বয়স বঢ়াৰ ফলতেই এই দুৰ্বলতাৰ দ্বাৰা আক্রান্ত হ'লো কিজানি। বেছি অত্যাচাৰৰ কাহিনী শুনিব নোৱৰা হ'লো।
অলপতে এজনী নৱবিবাহিতা গাভৰু আহিছিল নিজে ভাল পাই বিয়া কৰোৱা স্বামীজনৰ চৰিত্ৰৰ বিষয়ে অভিযোগ কৰিবলৈ। তেওঁলোক অসমৰ বাহিৰত থাকে। ব্লু-ফিল্মৰ নাম শুনিছো, এনে ফিল্ম বিকৃতমনাসকলে নিৰ্মাণ কৰে আৰু বিকৃতমনাসকলেই চায়। এই ফিল্মৰো ৰমৰমীয়া ব্যৱসায় চলে গুপুতে। বিয়াৰ পাছত ছোৱালীজনীয়ে গম পালে বহু দিনৰ চিনাকি স্বামীজনে সেই জঘন্য ফিল্ম নির্মাণ কৰে আৰু অচিনাকি পুৰুষৰে সৈতে পত্নীক অন্তৰংগ হ’বলৈ দি ছবি তোলে। ছোৱালীজনীক সি নজৰবন্দী কৰি ৰাখে যেন বাহিৰৰ কাৰো সংস্পৰ্শলৈ আহিবলৈ সুযোগ নাপায়। যি কি নহওক উপায় এটা উলিয়াই তাই এদিন গুৱাহাটীলৈ আহে। স্বামীৰ দ্বাৰা নানাভাৱে নির্যাতিতা অনেকৰ হৃদয় বিদাৰক কাহিনী শুনিছো, কিন্তু এইবাৰৰ উৎপীড়িতা-লাঞ্ছিতা ছোৱালীজনীৰ কাহিনী কাৰো লগত তুলনা কৰিব নোৱাৰি। অলপো লুক-ঢাক নকৰাকৈ তাই যিদৰে নিজকে মেলি ধৰিলে যে শুনি মোৰ মূৰটো ঘূৰাবলৈ ধৰিছিল। সহ্য কৰিব নোৱাৰি মাকৰ লগত অহা ছোৱালীজনীক কেৱল ক’লো— Stop it, আৰু শুনিব [ ১৯৫ ] নোখোজো। তেওঁলোক যোৱাৰ পাছত মই বিছনাত শুই দিলো। সিদিনাই উপলব্ধি কৰিলো মই মানসিকভাৱে দুৰ্বল হৈছো। শাৰীৰিকভাৱেও। আগৰ দৰে পূৰ্ণোদ্যমে কাম কৰা বোধকৰো সম্ভৱ নহ’ব। গতিকে সক্রিয় অংশগ্ৰহণৰ পৰা কিছু বিৰত হৈ আছো। বর্তমানে কাম-কাজ আন সদস্যসকলে কৰে। সেই বুলি মই সন্ন্যাস গ্ৰহণ কৰা নাই। যিটো হাৰত সমাজত বিভিন্ন পৰিস্থিতিত মানুহে মানুহক শোষণ-নিষ্পেষণ-নির্যাতন কৰে তাক উৎপাটন কৰা এক দুৰূহ কাম যদিও সচেতন ব্যক্তি হিচাপে চকু মুদি বহি থাকিব নোৱাৰো। সেয়েহে আমাৰ ক্ষুদ্ৰ চেষ্টাৰে যিকণ পাৰো জীৱনৰ শেষ দিনলৈ কৰি যাম।
নাৰীৰ ঐতিহাসিক পৰাজয় : পিতৃতান্ত্রিক সমাজ ব্যৱস্থাৰ পিঞ্জৰাত বন্দিনীসকলৰ বাবে নির্যাতন কোনো নতুন ঘটনা নহয়। আদি প্ৰস্তৰ যুগত সমাজত, সম্ভৱ প্ৰচলিত আছিল আদিম সাম্যবাদ, যেতিয়া স্ত্রী-পুৰুষ নির্বিশেষে সকলোৱে ঘূৰি ফুৰিছিল খাদ্যৰ সন্ধানত। নৱপ্ৰস্তৰ যুগত স্থূল খেতিবাতিৰ আৰম্ভণিৰ সময়তো সমাজৰ গাঁথনি জটিল নাছিল। কৃষি আৱিষ্কাৰৰ পৰৱৰ্তী পৰ্যায়ৰ পৰাই নাৰীৰ পদমর্যাদা নিম্নগামী হ’বলৈ ধৰে। বীজৰ পৰা গছৰ উৎপত্তি — এই আৱিষ্কাৰক নাৰীৰ অৱদান বুলি কোৱা হয়। এনে এক যুগান্তকাৰী আৱিষ্কাৰৰ ফলতে সৃষ্টি হৈছে ভূ-সম্পত্তি, অধিকাৰ আদি ধাৰণাবোৰৰ। এই ধাৰণাসমূহৰ মেৰপাকত পৰি নাৰীৰ হ’ল পুৰুষ নিৰ্ভৰ জীৱন। গৃহবন্দী নাৰী ক্ৰমে পুৰুষৰ ভোগৰ সামগ্ৰী আৰু সন্তান জন্ম দিয়াৰ আহিলালৈ ৰূপান্তৰিত হ’ল। এনে পৰিস্থিতিক এংগেলছে কৈছিল নাৰীৰ ঐতিহাসিক পৰাজয় বুলি।
এংগেলছৰ ভাষাত – The overthrow of mother right was the world historic defeat of the female sex. The man seized the reins in the house also, the woman was degraded, enthralled, the slave of the man's lust, a mere instrument for breeding children.' (Origin of the Family, Private Property and State).
এনে এক পৰিস্থিতিত আমাৰ দেশত ধৰ্ম আৰু পিতৃতান্ত্রিক সমাজ ব্যৱস্থাই নাৰীক এষাৰ কথাত ক'বলৈ গ'লে Concentration Camp-ৰ চিৰস্থায়ী বাসিন্দাত পৰিণত কৰিলে। ভাৰততে নহয় পৃথিৱীৰ সৰ্বত্ৰ নাৰীৰ ইতিহাস নিৰ্যাতনৰ এক সুদীৰ্ঘ ইতিহাস। সীতা-দ্রৌপদীৰ যুগৰ পৰা আৰম্ভ কৰি বৰ্তমানকাললৈ নিৰৱচ্ছিন্নভাৱে সংঘটিত হৈ [ ১৯৬ ] আছে নাৰী নিৰ্যাতন। আৰব্য ৰজনীত পাওঁ নাৰীৰ প্ৰতি কৰা চৰম অন্যায়ৰ কাহিনী। প্ৰতি নিশা হাৰুল-অল-ৰছিদৰ শোৱনি কোঠাত যোগান ধৰা হৈছিল একোজনীকৈ কুমাৰী কন্যা। পিছদিনা পুৱাই তাইক বিহা হৈছিল মৃত্যুদণ্ড। আমাৰ ৰজা-মহাৰজাসকলৰ হাৰেম উপচি পৰিছিল উপ-পত্নীৰে। মোগল সম্ৰাটসকলে পাশা খেলৰ গুটি হিচাপে ব্যৱহাৰ কৰিছিল বান্দীসকলক। সিন্ধু সভ্যতাৰ চিল-মোহৰ এটাত খোদিত দৃশ্য বিশ্লেষণ কৰি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে যে সেই সময়ত কুমাৰী বলিদানৰ বিধান প্ৰচলিত আছিল। বিভিন্ন সময়ত বিভিন্ন স্থানত কুমাৰী কন্যাক বলি দিছিল বিভিন্ন কাৰণে— মাটিৰ উৰ্বৰতা বঢ়াবলৈ, অনাবৃষ্টিৰ বতৰত বৃষ্টিপাত ঘটাবলৈ ইত্যাদি। আফ্ৰিকাৰ নীল নদত জলপ্ৰৱাহ অবিৰাম গতিত বৈ থকা গেৰেণ্টিড কৰিবলৈ প্ৰতি বছৰে একোজনীকৈ কুমাৰীক সেই পানীত জীৱন্তে সমাধি দিছিল।
পাঁচ শতাব্দী আগতে দক্ষিণ আমেৰিকাৰ ইন্কা সাম্ৰাজ্যত কিশোৰী এজনীক বলি দিয়া ঘটনা এটা পোহৰলৈ অহা বেছি দিন হোৱা নাই। ১৯৯৫ চনত পেৰুৰ আমপাট পৰ্বতৰ ২০,৭০০ ফুট উচ্চতাত শুকান পৰিবেশত হিমীভূত হৈ থকা কিশোৰীজনীৰ মমিলৈ ৰূপান্তৰিত দেহটো আৱিষ্কৃত হয়। বিশেষজ্ঞসকলৰ মতে ইন্কা সাম্ৰাজ্যৰ পতনমুখী বছৰবোৰৰ কোনোবা এটা দিনত এণ্ডিজ পৰ্বতৰ চূড়া এটাৰ হিমশীতল পৰিবেশত আঁঠুকাঢ়ি বহিছিল ছোৱালীজনী। তাইৰ কেউপাশে মাটিৰ পাত্ৰত আগবঢ়োৱা হৈছিল দেৱতালৈ নৈবেদ্য। তাই আগফালে সামান্য হাওলিবলৈ লওঁতে কোনোবাই প্ৰচণ্ড জোৰে কোব মাৰি তাইৰ সোঁ চকুটোৰ ওপৰভাগত মূৰটো চিৰাচিৰ কৰে। মস্তিষ্কৰ ৰক্তস্খলনত তাইৰ মৃত্যু হয়। এইদৰে আনুষ্ঠানিকভাৱে ৰূপৱতী কিশোৰী কন্যাক উৎসৰ্গ কৰি তুষ্ট কৰা হৈছিল পৰ্বতৰূপী দেৱতাক। এসময়ত পাৰ্চীসকলৰ কন্যা সন্তানক ওপজাৰ লগে লগে পিতৃয়ে হত্যা কৰাৰ নিয়ম আছিল। অতীতত বংগদেশতো কন্যা সন্তানক গংগাসাগৰত বিসৰ্জন দিয়া হৈছিল।
এনে বহু নিষ্ঠুৰ উদাহৰণেৰে সমৃদ্ধ পৃথিৱীত নাৰী নিৰ্যাতনৰ ইতিহাস। একেই নিষ্ঠুৰতা আজিও আছে, কেৱল সলনি হৈছে পন্থাৰ। অতীতত আছিল বুলিয়ে আজিও থকাৰ কোনো যুক্তিসংগত কাৰণ নাই। কিয়নো আজিৰ বিশ্বত জ্ঞান-বিজ্ঞান, তথ্য- প্ৰযুক্তি আদিয়ে কল্পনাতীত পৰিৱৰ্তন আনিছে। মানৱাধিকাৰ প্ৰতিষ্ঠাৰ আদৰ্শ হ’ল বৰ্তমান শতাব্দীৰ অন্যতম প্ৰধান সমাজ ভাৱনা। শিক্ষা, চিকিৎসাৰ সা-সুবিধা, বিশ্বশান্তি, বাক-স্বাধীনতা, নাৰী মুক্তি আন্দোলন, পৰিবেশ সংৰক্ষণ, পৰমাণু শক্তিৰ অপব্যৱহাৰ ৰোধ, মুক্ত চিন্তাৰ অধিকাৰ আদি সেই ভাৱনাৰ অন্তৰ্গত। ক্ৰমবৰ্ধমান নাৰী নিৰ্যাতনে [ ১৯৭ ] নাৰী জাতিটোক মানৱাধিকাৰৰ পৰা বঞ্চিত কৰিছে। নাৰীৰ বিৰুদ্ধে হিংসাত্মক ঘটনা বৃদ্ধিৰ বাতৰি আমি জানিব পাৰো ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনসমূহৰ পৰা।
ব্যাপকভাৱে সংঘটিত নিপীড়নৰ কাৰণ কি হ’ব পাৰে? সবলে শাৰীৰিকভাৱে দুৰ্বলৰ ওপৰত আধিপত্য বিস্তাৰ কৰা প্ৰাণীজগতৰ নিয়ম বাবে নে? মানুহো প্ৰাণী, গতিকে পেশী শক্তিত বলীয়ান পুৰুষে হয়তো ধৰিয়ে লয় ই তেওঁলোকৰ জন্মস্বত্ব। পিছে মানুহ কেৱল প্ৰাণীয়েই নে? চিন্তা কৰিব পৰা এটা উন্নত মগজুৰ গৰাকী হোৱা বাবে মানুহক জীৱশ্ৰেষ্ঠ বুলি কোৱা নহয়নে? গণতন্ত্ৰ, সাম্যবাদ, মানৱাধিকাৰ আদিৰ দৰে উচ্চ পৰ্যায়ৰ চিন্তা শিয়াল-কুকুৰে কৰিব পাৰে নে?
হিন্দু, মুছলমান, খ্ৰীষ্ট সকলোৰে ধৰ্মপুথিত নাৰীক নিম্নখাপৰ প্ৰাণী হিচাপে চিত্ৰিত কৰা হৈছে। ধৰ্ম পুৰুষৰ বাবে। কোনো ধৰ্মই মহিলাক মানুহৰ স্বীকৃতি দিয়া নাই। সত্ৰবোৰত মহিলাৰ প্ৰৱেশ নিষেধ। পুৰুষ প্ৰধান সমাজৰ ৰীতি-নীতিৰ হেঁচাত হাওলি যোৱা মেৰুদণ্ডহীন মহিলাসকলেও মগজুৰ সদ্ব্যৱহাৰ নকৰি পুৰুষ ৰচিত শাস্ত্ৰৰ কথা মানি লয়। ধৰ্মই অধৰ্মৰ মূল নহয়নে? প্ৰাচীনকালৰ সকলো সাহিত্য নাৰীৰ প্ৰতি থকা কটুক্তিৰে ভৰা। স্বামী বিবেকানন্দই ছোৱালীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিবলৈ কোৱা নাই বিজ্ঞান, দৰ্শন আৰু অৰ্থনীতি। অৰ্থাৎ মহিলাক ঘৰৰ চাৰি বেৰৰ মাজত থকাটোৱে সম্ভৱতঃ তেওঁ বিচাৰিছিল।
পুৰুষপ্ৰধান সমাজৰ মূল্যবোধ পুৰুষৰ মূল্যবোধ। সমাজত নাৰীৰ যি শাশ্বত ৰূপ গঢ়ি তোলা হৈছে সি পুৰুষৰ সৃষ্টি। মহিলাইও তাক ঈশ্বৰৰ নিৰ্দেশ বুলি ধৰি লৈ প্ৰয়োজন হ’লে নিজৰ অস্তিত্ব বিসৰ্জন দি সেইখন সাঁচত নিজকে খাপ খুৱাবলৈ চেষ্টা কৰে। সীতাই জুইত প্ৰৱেশ কৰিছিল সমাজৰ আগত নিজৰ সতীত্ব প্ৰমাণ কৰিবলৈ।
পুৰুষ শাসিত সমাজে কোৱামতে নাৰী কেতিয়াও অবলা নহয়। অবলাই সন্তান ধাৰণ আৰু পালন কৰাৰ দৰে কঠিন কাম কৰিব নোৱাৰে। অবলাই দিনটো খেতিপথাৰত বেঁকা হৈ ভূঁই ৰোৱাৰ পাছত ঘৰ-গৃহস্থালি চম্ভালিব নোৱাৰে। তাৰ পাছতো সামান্য কথাত সৌকাৰ কোব খাই পুনৰ কামত সোমাব নোৱাৰে ‘অবলা’ই। পুৰুষৰ আশ্ৰয়ত লতাগছ হেন হৈ জীৱন কটাবলৈ নাৰীৰ পিঠিত অবলা শব্দটোৰ ষ্টাম্প মাৰি ৰখা হৈছে।
নাৰীৰ শাশ্বত ৰূপটোৰ সৈতে খাপ খুৱাব নোৱৰাসকলক মানসিক নিৰ্যাতন কৰা হয় হটঙা, হস্তিনী, শংখিনী, অসতী, মদ্দানী আদি পুংলিংগবিহীন শব্দৰে। আনকি বন্ধ্যাৰো নাই পুংলিংগ। আজিৰ যুগতো অনেক শিক্ষিত স্ত্ৰী-পুৰুষৰ ধাৰণা নাৰীৰ গৰ্ভ [ ১৯৮ ] শস্যক্ষেত্র তুল্য। বীজ ৰোপণ কৰে পুৰুষে, যি বীজ তেওঁলোকৰ ধাৰণাত সদায় অংকুৰণক্ষম। সেই বীজ অংকুৰিত নহ'লে দোষ জাপি দিয়া হয় অনুৰ্বৰ ক্ষেত্ৰৰ ওপৰত। সেয়েহে বন্ধ্যা শব্দৰ নাই পুংলিংগ। সেইদৰে পুত্র সন্তান জন্ম দিবলৈ নোৱৰাৰ অপৰাধো নাৰীৰ। আজিৰ যুগতো অনেক পৰিয়ালত বংশধৰ এটা জন্ম দিব নোৱাৰিলে পুত্রহীনাই অপৰাধবোধত ভোগে। নিজৰ জৰায়ুটোত অধিকাৰ নথকা বাবে স্বামী বা তেওঁৰ পৰিয়ালৰ অৰ্ডাৰমতে মহিলাগৰাকী পুত্ৰ সন্তানৰ আশাত বাৰে বাৰে গৰ্ভৱতী হ’বলগীয়া হয়। ভ্রূণৰ লিংগ নিৰ্ধাৰণ কৰি কন্যা ভ্রূণ পালে গর্ভপাতৰ যন্ত্রণাও ভুগিবলগীয়া হয় নাৰীয়ে। লিংগ নিৰ্ধাৰণ কৰিব নোৱৰাসকলে বাৰে বাৰে কন্যা সন্তান জন্ম দিয়াৰ ‘অপৰাধ’ত দুর্ব্যৱহাৰো নোপোৱা নহয়। আজিৰ শিক্ষিত প্রগতিশীল পৰিয়ালবোৰত অৱশ্যে এনে ধৰণৰ অত্যাচাৰ নাই। সন্তানৰ লিংগ নিৰ্ধাৰক X (এক্স) আৰু Y (ওৱাই) ক্ৰমজ’মৰ ভূমিকাৰ কথা সত্তৰ-আশী বছৰ আগতেই জীৱবিজ্ঞানীসকলে জনাইছে। পুত্র সন্তান সৃষ্টিকাৰী ওৱাই ক্ৰমজ’মটো পিতৃৰ ফালৰ পৰা অহা বুলি জানিও দোষ জাপি দিয়ে পত্নীৰ ওপৰত। প্ৰকৃততে সুদূৰ অতীততে পুৰুষ-মহিলাৰ মগজুত যি মানসিকতাই বাহ লৈছে তাক উৎপাটন কৰা বৰ সহজ কাম নহয়। নহ'লেনো গুজৰাট সংঘৰ্ষত মুছলমান মহিলাৰ ওপৰত হোৱা যৌন উৎপীড়নৰ তাৎক্ষণিক প্রতিক্রিয়া হিচাপে প্রাক্তন প্ৰতিৰক্ষা মন্ত্ৰী জৰ্জ ফার্নাণ্ডেজৰ মুখৰ পৰা কুখ্যাত উক্তি শাৰী—What is new about women getting raped in riots নির্গত হয়নে? একৈশ শতিকাৰ বিজ্ঞানৰ আকাশলংঘী উন্নতিৰ সময়তো কোনোবাই উচ্চাৰণ কৰে নে যে স্ত্ৰী দেহত হাড়ৰ সংখ্যা পুৰুষৰ হাড়ৰ সংখ্যাতকৈ কম!
পুৰুষৰ মানসিকতা যে আওপুৰণি অৱস্থাতে আছে তাৰ এটা উদাহৰণ হ’ল নাৰী নিৰ্যাতনৰ বিৰুদ্ধে মাত মতাত তেওঁলোকৰ অধিকাংশৰে অনীহা। নির্যাতন বিৰোধী ঐক্য মঞ্চৰ জন্মলগ্নৰ পৰা মন কৰিছো আমাৰ সহযাত্ৰী শংকৰ শইকীয়া, প্রয়াত সুৰজিৎ বৰুৱা, মুকুল কলিতা, যতীন্দ্ৰ কুমাৰ বৰগোহাঞি, সমাজসেৱী মুকুট সিংহ চেতিয়া প্ৰমুখ্যে মুষ্টিমেয় কেইজনমান পুৰুষৰ বাহিৰে অধিকাংশ পুৰুষ নির্যাতিত নাৰীৰ কাষত থিয় দিবলৈ আগবাঢ়ি নাহে। বর্তমানে যৌতুক সংক্রান্ত কাৰণত অসমত যিটো হাৰত নাৰীৰ ওপৰত নিৰ্যাতন বাঢ়িছে তাৰ প্ৰতিকাৰাৰ্থে একেটা হাৰত সমাজ জাগি উঠা নাই। নাৰী সংগঠনবোৰো আশা কৰামতে সক্রিয় হ’ব পৰা নাই। কোনোবাই ভাবি চায় নে মণিপুৰত হঠাতে কিয় কম বয়সীয়া বিধৱাৰ সংখ্যা বাঢ়িছে। কিয় [ ১৯৯ ] ভাৰতত নাৰীৰ সংখ্যা কমিছে।
আমাৰ সমাজ সচেতন পুৰুষসকলে নাৰী সংক্ৰান্ত ইস্যুবোৰত মৌন ব্ৰত কৰি থাকে কিয়? ২০০১ চনত সচেতন পুৰুষৰ নিৰ্লিপ্ততাৰ বিষয়টোত মই অধিক সচেতন হৈছিলো। সেই বছৰ আমেৰিকাত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পাছত আমেৰিকাই সন্ত্ৰাসবাদীৰ আশ্ৰয়দাতা আফগানিস্তানৰ তালিবান চৰকাৰৰ ওপৰত আক্ৰমণ হানিবলৈ অহাৰ প্ৰতিবাদত আমাৰ ইয়াত সাম্ৰাজ্যবাদী আমেৰিকাৰ নিন্দাত মুখৰ হৈছিল সচেতন নাগৰিক সমাজ। মেল-মিটিঙত তেতিয়াৰ বুশ্ব চৰকাৰৰ মুণ্ডপাত কৰাৰ উপৰি হাতত বেনাৰ আদি লৈ ওলাইছিল যুদ্ধবিৰোধী সমদল কাগজে-পত্ৰে আক্ৰমণকাৰীৰ শৰাধ কৰি ওলাইছিল প্ৰবন্ধৰ পাছত প্ৰবন্ধ। আমিও এই কাৰ্যৰ প্ৰতিবাদ কৰিছো, যোগ দিছিলো প্ৰতিবাদ সভাত, সমদলত। অতি দুখেৰে পৰ্যবেক্ষণ কৰিছো আমেৰিকাৰ বিৰুদ্ধে সোচ্চাৰ হোৱা আমাৰ সুশীল সমাজখনৰ বিবেকে সাৰ নাপায় আপোন মানুহৰ দ্বাৰা আক্ৰান্ত বাই-ভনীৰ ক্ষেত্ৰত।
২০১১ চনৰ জনপিয়ল হৈ থকাৰ সময়ত আশা কৰিছিলো জনসাধাৰণৰ মানসিকতাৰ উত্তৰণ ঘটিছে। একৈশ শতিকাৰ পিতৃ-মাতৃয়ে চকুৰ আগত সকলো ক্ষেত্ৰতে দেখিছে নাৰীৰ উত্থান। গতিকে ভাবিছিলো কন্যা ভ্ৰূণ হত্যাকাৰী পৰিয়ালবোৰৰ চেতনাৰ উন্মেষ ঘটিছে। পিছে ফলাফল ওলোৱাৰ পাছত উপলব্ধি কৰিলো যেতিয়ালৈকে মৃত্যুৰ পাছত শ্ৰাদ্ধ কৰি পুৎ নামৰ নৰকৰ পৰা পুত্ৰই উদ্ধাৰ কৰাৰ ভ্ৰান্ত ধাৰণাবোৰ মানুহৰ মানসিকতাৰ পৰা আঁতৰি নাযায় তেতিয়ালৈকে চেতনাৰ উন্মেষ কাৰো নঘটে।
সম্প্ৰতি বিজ্ঞানী ষ্টিফেন হকিংছে মৃত্যুৰ পাছত জীৱৰ সকলো শেষ, স্বৰ্গ-নৰক বুলি একো নাই কোৱাৰ বহু আগৰে পৰা আমি একেটা কথাকে বহুবাৰ লিখিছো, কৈছো। কিন্তু মোৰ দৰে গৰিবৰ কথাত গুৰুত্ব দিয়ে কোনে? ডেৰশ বছৰ আগতেও এই কথা কৈছিল হেমচন্দ্ৰ বৰুৱাই (১৮৩৫-১৮৯৬)। তেওঁৰ শৱদেহ মৃত্যুৰ পাছত দাহ কৰিব নালাগে বুলি কৈছিল, কাৰণ তেওঁৰ মতে আত্মাৰ অস্তিত্ব নাই আৰু শৱদেৱ আৱৰ্জনা সদৃশ। গতিকে টানি নি হাবিত পেলাই দিয়াৰ পক্ষপাতী আছিল তেওঁ। কিন্তু আজিও অধিকাংশ মানুহৰ নৰকলৈ বৰ ভয়। কি যে শাস্তি! যমদূতবোৰে গৰম তেলত ভাজিব, জুইত পুৰিব আৰু যে কত কষ্ট। পুত্ৰই শ্ৰাদ্ধৰ মাধ্যমেৰে এনেহেন নৰকৰ পৰা উদ্ধাৰ কৰি পোনে পোনে স্বৰ্গত লেণ্ড কৰাব। আহ্ ভাবিলেই মৰিবলৈ মন যায়। মৰ্ত্যৰ শোক-দুখ-তাপ-জ্বালা-যন্ত্ৰণা, বস্তু-বাহানিৰ দৰবৃদ্ধি, উৎপীড়ন[ ২০০ ] নিপীড়ন-নির্যাতন একো নাই। এনেয়ে আৰু কোৱা হয় নে স্বৰ্গসুখ! গতিকে মাৰি পেলা এই আপদ কন্যা সন্তানবোৰক। পিছে অদূৰদৰ্শী এই মানুহবোৰে উপলদ্ধি কৰিব নোৱাৰে কন্যা সন্তানবোৰক মাৰি পেলালে এটা সময়ত পুত্ৰ সন্তানৰ জন্ম দিবলৈ কোনো নাথাকে।
তেনে এটা পৰিস্থিতিৰ উদ্ভৱ যে ঘটিব তাৰ লক্ষণ দেখা গ'ল ২০১১ চনৰ লোকপিয়লত। ০-৬ বছৰৰ ভিতৰত পুত্ৰ শিশুৰ তুলনাত কন্যা শিশুৰ সংখ্যা ভয়লগাকৈ কমিছে। এইটো বয়সত লিংগ অনুপাত ( ১০০০ পুত্ৰ শিশুৰ বিপৰীতে কন্যা শিশুৰ সংখ্যা ) প্রাকৃতিক নিয়মমতে যি হ’ব লাগে তাতকৈ বহু কম, মুঠ ৯১৪। স্বৰাজোত্তৰ ভাৰতত কন্যা শিশুৰ কল্পনাতীতভাৱে কম সংখ্যা এয়ে প্রথম। লোক গণনা বিভাগৰ ৰেজিষ্ট্ৰাৰ জেনেৰেল চন্দ্ৰশেখৰন্ চন্দ্ৰমৌলিয়ে কৈছে— ‘This decline in the child sex ratio is perhaps the most serious negative finding from this census.' এই সংখ্যাটোৱে ভাৰতীয়সকলৰ মানসত কন্যাৰ প্ৰতি থকা অমানৱীয় দৃষ্টিভংগীৰ ফালে আঙুলিয়ায়। শিশুসকলৰ মাজত আদর্শ লিংগানুপাত হ’ব লাগে ৯৫০ ৰ পৰা ৯৭৫ ৰ ভিতৰত। পৃথিৱীৰ সকলো উন্নত দেশত আৰু ভাৰতৰ প্রগতিশীল ৰাজ্য কেৰেলাত নাৰীৰ স্বাভাৱিক সংখ্যা নিৰ্ধাৰণ কৰে প্ৰকৃতিয়ে। সামগ্ৰিকভাৱে আদৰ্শ লিংগানুপাত হ'ব লাগে ১,০৫০ ৰ সামান্য ইফালে সিফালে। অৰ্থাৎ ১,০০০ পুৰুষৰ বিপৰীতে নাৰীৰ সংখ্যা হ'ব লাগে ১,০৫০ মান। কিন্তু ভাৰতত এই সংখ্যাটো সদায় কম। ২০১১ চনৰ লোকপিয়লৰ মতে সামগ্ৰিকভাৱে ভাৰতত নাৰীৰ সংখ্যা ১,০০০ পুৰুষৰ বিপৰীতে ৯৪০। অসমত ৯৫৪। জাতীয় স্তৰৰ তুলনাত লিংগানুপাত অসমত বেছি হ’লৈও নাগালেণ্ড ( ৯৩১ ) আৰু অৰুণাচল প্ৰদেশৰ ( ৯২০ ) বাহিৰে উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্য মণিপুৰ ( ৯৮৭ ), মেঘালয় ( ৯৮৬ ), মিজোৰাম ( ৯৭৫ ) আৰু ত্ৰিপুৰাৰ (৯৬১) তুলনাত কম। এই সংখ্যাবোৰে কি সূচায়? সূচায় যে প্রাকৃতিক নিয়মৰ বিৰুদ্ধে সামাজিক শক্তিয়ে নাৰীমেধ যজ্ঞ পালন কৰি আছে।
অতদিনে কিছুমান পশু-পক্ষী বিপন্ন হোৱা বুলি ( endangered ) জানিছিলো— যেনে এশিঙীয়া গঁড়, সোণালী বান্দৰ, শগুণ ইত্যাদি। এতিয়া সেইসকলৰ শাৰীত থিয় হ’ল কন্যা সন্তান। পশু-পক্ষীবোৰক ৰক্ষা কৰিবলৈ প্ৰকৃতিপ্রেমীসকলে উঠি-পৰি লগাৰ দৰে ভাৰত চৰকাৰেও কন্যা সন্তান সুৰক্ষাৰ উদ্দেশ্যে ২০০৮ চনৰ ২৮ এপ্ৰিলত প্ৰথম ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত কৰিছিল। এই প্রচেষ্টা হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ত। সামাজিক [ ২০১ ] পৰ্যায়ত আমাৰ পুৰুষ-নাৰীক সচেতন হোৱা নেদেখো। কাৰণ কি? কাৰণ সকলোৰে জনা। ভ্রূণ হত্যা, শিশু কন্যা হত্যা, শিশু কন্যাক অনাদৰ, বোৱাৰী হত্যা আদিৰ প্ৰতিবাদত কেৱল নাৰী সংগঠনবোৰেহে আগবাঢ়ে। যেন এই সমস্যা কেৱল নাৰীৰহে।
কেতিয়াবা দুখতো যে হাঁহি উঠে তেনে হাঁহি মোৰো মাজে মাজে নুঠা নহয়। আমি কলকাতাত থাকোতে কিবা কাৰণত সাম্রাজ্যবাদী আমেৰিকাৰ বিৰুদ্ধে কিছুমান মানহে প্রতিবাদ সাব্যস্ত কৰিছিল আমেৰিকান কনছ্যুলেটৰ অফিচৰ সন্মুখত। হাত-ভৰি জোকাৰি, ডিঙিৰ সিৰা ফুলাই বক্তৃতা দি ঘৰলৈ উভতি আহি তেওঁলোকৰে দুজনমানক দেখিছিলো খোৱা টেবুলত মুৰ্গীৰ ঠেং চোবাই চোবাই নানা ধৰণৰ অন্যায়ৰ বিৰুদ্ধে, শ্ৰেণী সংগ্ৰামৰ কথাৰে গৰম গৰম আলোচনাত লিপ্ত হোৱা। একেখন টেবুলত বহি চজিনা চোবাই আছিল বামুণৰ ঘৰখনৰ বিধৱা বোৱাৰীজনীয়ে।
হিন্দু সমাজত, ঘাইকৈ উচ্চ বৰ্ণৰ মাজত বৈধৱ্য এক যন্ত্রণাদায়ক কৰুণ অৱস্থা। এই শ্ৰেণীৰ মহিলাই হেনো শুভকার্যত অংশগ্ৰহণ কৰাৰ নিয়ম নাই। কি কাৰণে, তাৰ এটা যুক্তিসংগত উত্তৰ কোনোবাই আগবঢ়াব পাৰিব নে? নোৱাৰে। আজি চহৰ-নগৰৰ প্ৰগতিশীল অংশটোৰ ভিতৰত আগৰদিনীয়া ৰক্ষণশীল মনোভাব নাই যদিও বৃহত্তৰ সমাজখনৰ দৃষ্টিভংগীৰ সালসলনি হোৱা নাই। পিছে মোৰ এই সুদীৰ্ঘ জীৱনৰ অভিজ্ঞতাই কয়, গাঁৱেই হওক, চহৰেই হওক বা মহানগৰীয়ে হওক কিছুমান অন্ধবিশ্বাসৰ পৰা মানুহৰ মুক্তি নাই। গুৱাহাটীৰ আধুনিকমনস্ক বুলি জনাজাত পৰিয়াল এটাৰ বিধৱা মাকগৰাকীয়ে জোৰণত হ'বলগীয়া বোৱাৰীজনীক সেন্দূৰ নিপিন্ধালে, জানোচা তেওঁৰ দুৰ্ভাগ্য সেন্দূৰৰ মাজেদি বিজুলী বৈ যোৱাৰ দৰে অদৃশ্যভাৱে বৈ বোৱাৰীয়েকৰ গাত লম্ভে! প্রগতিশীল শিক্ষিতা কইনাজনীয়েতো জোৰ কৰি শাহুয়েকৰ হাতেৰেই এই ফেৰা কাম কৰোৱাব পাৰিলেহেঁতেন। নাই, নকৰে। কিয়নো তেৱোঁ অন্ধবিশ্বাস আৰু কু-সংস্কাৰমুক্ত নহয়।
অদৃশ্য পথেৰে এজনৰ দুৰ্ভাগ্য আন এজনলৈ প্ৰৱাহিত হোৱা ধাৰণাটোৰ জন্ম হৈছিল সুদূৰ অতীতকালৰ সমাজত। নৃতত্ত্বৰ ভাষাত ইয়াক কয় ‘মানা’। পৃথিৱী বহু আগুৱাই গ’ল, কিন্তু মানাৰ অস্তিত্ব লোপ নাপালে। দুখতো হাঁহি উঠিছিল যেতিয়া অর্থনীতিত এম এ পাছ ছোৱালী এজনীয়ে জোৰণৰ সামগ্ৰীখিনিত নবৌয়েকক হাত লগাবলৈ বাৰণ কৰিলে। তেওঁ আছিল নিঃসন্তান। কইনাৰ বিশ্বাস নবৌয়েকৰ সন্তানহীনতা মানাৰ বোকোচাত উঠি ছোৱালীজনীৰ দেহত প্ৰৱেশ কৰিব।
কলকাতা মহানগৰীত, য’ত ৰাজা ৰামমোহন ৰায়, ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ দৰে [ ২০২ ] ব্য়ক্তিয়ে সমাজ সংস্কাৰমূলক বহু কাম কৰিছে, যি দুগৰাকী মনীষীৰ প্ৰচেষ্টাত সতীদাহ প্ৰথা ৰোধ আৰু বিধৱা বিবাহ আইনতঃ সিদ্ধ হৈছে ঊনৈশ শতিকাতে সেই কলকাতাৰ এচাম শিক্ষিত, আধুনিক আৰু প্ৰগতিশীল বুলি দাবী কৰা মানুহৰ অতি ৰক্ষণশীল দৃষ্টিভংগীৰ উমান পাই অবাক হৈছিলো।
ৰমা বেনাৰ্জী ( নাম সলাই দিয়া হৈছে ) কলকাতাৰ এগৰাকী নামকৰা গৱেষিকা-অধ্যাপিকা তথা আগশাৰীৰ নাৰীবাদী লেখিকা। আমি পুনেত থকাৰ সময়ত আন্তৰ্জাতিক চেমিনাৰ এখনত অংশগ্ৰহণ কৰিবলৈ আহোতে আমাৰ ঘৰত খোৱা-বোৱা কৰিছিল। তেওঁ বামুণৰ ঘৰৰ প্ৰৌঢ়া বিধৱা আছিল। সময় ১৯৭০ চন।
‘আপুনি চিকেন খাব নে মাটন?’ মোৰ প্ৰশ্ন শুনি ৰমাদি চক খাই উঠিছিল। বোধকৰো এনে প্ৰশ্ন তেওঁৰ স্বামীৰ মৃত্যুৰ পাছত কোনেও কৰা নাছিল। খাৱন-পিন্ধনত ৰমাদিৰ কোনো বাছ-বিচাৰ নাই বুলি জনালে। গ’ল কথা গুছিল। আমি কলকাতালৈ অহাৰ পাছত ১৯৭৪ চনত সাহিত্য অকাডেমীৰ সভা এখনলৈ গৈছিলো শ্ৰোতা-দৰ্শক হিচাপে। ভাৰতৰ সকলো ৰাজ্যৰ পৰা আহিছিল সাহিত্য আকাশৰ নক্ষত্ৰসকল। তাতেই প্ৰথম লগ পাইছিলো মহিম বৰাক। আন এগৰাকী বিখ্যাত লেখকক দেখি মই সঁচাকৈয়ে উত্তেজিত হৈছিলো। তাৰ আগতে জৰাসন্ধ ছদ্মনামেৰে লেখা লৌহকপাট নামৰ এলানি কিতাপ পুনেত পঢ়িছিলো। জেইলাৰ হিচাপে অপৰাধীসকলৰ জীৱন সম্পৰ্কে আহৰণ কৰা অভিজ্ঞতাৰে সমৃদ্ধ কিতাপ কেইখন সাহিত্য জগতলৈ জৰাসন্ধৰ মূল্যৱান অৱদান। সি যি কি নহওক দুপৰীয়াৰ আহাৰ খাবৰ সময়ত জৰাসন্ধৰ কাষৰ আসনত বহা আমাৰ গৃহস্থই নিজৰ চকীখন মোলৈ এৰি দি আন ক'ৰবাত বহিলে গৈ। প্ৰিয় লেখকগৰাকীক কাষতে পাই কিমান কথা যে নাপাতিলো। তেতিয়া কিতাপখনৰ চৰিত্ৰবোৰ মনত স্পষ্ট হৈ আছিল। এনেতে ৰসভংগকাৰীৰ দৰে উল্লিখিত ৰমাদিয়ে মোক তাৰ পৰা উঠাই চুকৰ টেবুল এখনত বহুৱালে আৰু মোক পৰ্দা হিচাপে ব্যৱহাৰ কৰি তেওঁ খাবলৈ বহিল। কাৰণ কলকাতাৰ পণ্ডিতসকলে হেনো তেওঁক মাছ-মাংস খোৱা দেখিলে নিন্দা কৰে। মনে মনে ভাবিলো হায়ৰে ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ কলকাতাৰ সাহিত্যিকসকল! আনহাতে পিছপৰা অসমৰ পিছপৰা ধুবুৰীৰ জীয়ৰী হিচাপে গৰ্ববোধো কৰিছিলো। নাজানো তেতিয়াৰে পৰা আজি ত্ৰিশ/পঁইত্ৰিশ বছৰ পাছৰ কলকাতাত মুকলিমূৰীয়া হৈ ৰমাদিয়ে সকলোৰে সৈতে একেলগে বহি আমিষ খাদ্য খায় নে নাই।
কলকাতাৰ আন এগৰাকী লুকাই ফুৰা অভিজাত পৰিয়ালৰ মহিলালৈ মনত [ ২০৩ ] পৰিল। ধৰি ল'লো তেওঁৰ নাম ৰীণাদি। বংগৰ এক নামী তথা সমাজৰ আগশাৰীৰ বিদ্বান পৰিয়ালৰ বোৱাৰী হৈ আহিছিল সুন্দৰী শিক্ষিতা ৰীণাদি। কেইবছৰমান পাছত নিঃসন্তান মানুহগৰাকীৰ স্বামীৰ অকাল মৃত্যু হোৱাত ১৯৬১ চনত তেওঁ পুনৰ্বিবাহ কৰায়। ৰীণাদিৰ দ্বিতীয় স্বামী এগৰাকী পণ্ডিত ব্যক্তি। প্ৰগতিশালী পৰিয়াল বুলি জনাজাত প্ৰথম স্বামীৰ পৰিয়ালে বিয়াখন সুনজৰে দেখা নাছিল। তেওঁৰ এই কামে পৰিয়ালটোৰ মান-সন্মান ভূলুণ্ঠিত কৰা বুলিও অনেকে মত প্ৰকাশ কৰিছিল। মানুহগৰাকীৰ ঘৰৰ পৰা ওলাব নোৱৰা অৱস্থা হৈছিল, বিশেষকৈ দুয়োটা পৰিয়াল বংগৰ আগশাৰীৰ হোৱা বাবে তেওঁলোকক চিনি নোপোৱা মানুহ কমেই আছিল। ৰীণাদিৰো ৰমাদিৰ দৰে মোৰ ওপৰত আস্থা আছিল। গতিকে অলপ দিনৰ চিনাকি হ'লেও সমাজৰ পৰা পোৱা মানসিক যন্ত্ৰণাৰ কথা মুকলিকৈ প্ৰকাশ কৰিছিল। অৱশেষত নিজৰ ৰাজ্যৰ বিষাক্ত পৰিবেশৰ পৰা ওলাই গৈ বিদেশৰ মুক্ত পৰিবেশত তেওঁলোকে শান্তিৰে জীৱনৰ বাকীছোৱা কাল কটাই আছে।
ডাইনী হত্যাৰ বিৰুদ্ধে আমি সোচ্চাৰ। মানুহ কেতিয়াবা অশুভ হ'ব পাৰেনে? ডাইনীসকল ‘অশুভ’ হোৱা বাবে তেওঁলোকক কোবাই মৰা হয়। আৰু বিধৱাসকল ‘অশুভ’ হোৱা বাবে মানসিক যন্ত্ৰণা দি তিলে তিলে মৰা নহয়নে? নাৰীৰ প্ৰতি সমাজৰ অন্যায় আচৰণে মোৰ মনোজগতক সদায় ভাৰাক্ৰান্ত কৰি ৰাখে। তাতোকৈ দুখৰ কথা পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ ধাৰক আৰু বাহক হিচাপে নাৰীয়েও নাৰীক কৰে নিৰ্যাতন।
নৈৰ ইপাৰে কয়... : ৰবীন্দ্ৰ নাথৰ কবিতা এফাঁকি আছে—
নদীৰ এপাৰ কহে ছাড়িয়া নিঃশ্বাস
ওপাৰেতে কত সুখ এ মোৰ বিশ্বাস।
অৰ্থাৎ নৈৰ ইটো পাৰে হুমুনিয়াহ কাঢ়ি কয়— ‘মই ডাঠি ক’ব পাৰো সিটো পাৰত বৰ সুখ’। ইয়াৰ আচল অৰ্থ হ'ল আমি নিজৰ দুখ-দুৰ্গতি, অভাৱ-অভিযোগবোৰ নিজৰ জীৱনতহে ঘটি থকা বুলি ভাবো। আনৰ জীৱন যেন সুখৰ উভৈনদী।
পিতৃতান্ত্ৰিক সমাজৰ নীতি-নিয়মক আমি যিসকল মহিলাই ব্যক্তি স্বাধীনতাৰ পৰিপন্থী বুলি ভাবো তেওঁলোকে মাতৃতান্ত্ৰিক খাচী আৰু গাৰো সমাজৰ মহিলাক ঈৰ্ষা কৰো। তেওঁলোক কিমান মুকলিমুৰীয়া।
ষাঠি-সত্তৰ বছৰ আগতে বাল্যকালত প্ৰথম শ্বিলঙলৈ গৈ তবধ মানিছিলো [ ২০৪ ] মহিলাসকলে শাক-পাচলি আদি বজাৰত বহি বিক্ৰী কৰা দেখি, তাকো ৰাতিৰ বজাৰত। তেওঁলোকক দেখিবলৈ সদায় দেউতাৰ লগত বজাৰলৈ গৈছিলো। পাইন কাঠৰ খণ্ডত জুই জ্বলাই পোহৰাই তুলিছিল বজাৰৰ চৌহদ। মুকলিমুৰীয়া মহিলাসকলক দেখি আমাৰ মা-খুড়ী-মাহী-পেহীলৈ মনত পৰিছিল। তেওঁলোক আছিল অসূৰ্যম্পশ্যা। দেউতাক সুধিছিলো মাবোৰে কিয় মাছ বেচিছে। তেওঁ কৈছিল এওঁলোকৰ সমাজত এইটোৱে নিয়ম।
আমাৰ লগত দেউতাৰ অফিচৰ পিয়ন এজনো গৈছিল। মোৰ দৰে তেৱোঁ তিৰোতা মানুহে মাছ-পাচলি বেচা দেখি আচৰিত হৈছিল। পিছে তেওঁৰ প্ৰতিক্ৰিয়া আছিল সাংঘাতিক। শ্বিলঙৰ পৰা কোকৰাঝাৰলৈ উভতি আহি মানুহক কৈছিল এইদৰে—
‘শ্বিলংখন বৰ সুন্দৰ ঠাই। গৰম মুঠে নাই। কিন্তু আপীগুলা মস্ত ডাংকাটি। লাজ-চৰম নাই। তামোল খাই মুখখন লাল টিকটিকা কৰি আপাগুলাৰ লগত হাঁহিয়া হাঁহিয়া কথা কয়। সব চৰিত্ৰহীন।’
যি কি নহওক আমি ভাবিছিলো পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ বাবে আমাৰ নাৰীসকল নিৰ্যাতিতা, বঞ্চিতা। মহিলাৰ সম্পত্তিত অধিকাৰ থাকিও নথকা বাবেও দায়ী কৰো আমাৰ সমাজ ব্যৱস্থাক। আইনে সকলো ক্ষেত্ৰতে সম অধিকাৰ দিছে যদিও মানসিকতাৰ পৰিৱৰ্তন নোহোৱা বাবে প্ৰায় ভাগ আইন কাৰ্যকৰী হৈ উঠা নাই।
আমি জানো মাতৃতান্ত্ৰিক খাচী আৰু গাৰো ছোৱালী বিয়াৰ পাছত শহুৰেকৰ ঘৰলৈ নাযায়, দৰাহে যায় কইনাৰ ঘৰলৈ। আমাৰ ধাৰণা দৰাবোৰে শহুৰৰ ঘৰলৈ গৈ ভাত ৰান্ধে, কাপোৰ ধোৱে, শহুৰ শাহুৰ আলপৈচান ধৰে, সকলোকে সন্তুষ্ট কৰি চলে। ঘৈণীয়েকৰ-মাকৰ ধমকি খাই কান্দি মৰে। ঘৈণীয়েকে গিৰিয়েকক চাহৰ অৰ্ডাৰ মাৰি ভৰিৰ ওপৰত ভৰি তুলি থমথম মদন গোপালটো হৈ বহি থাকে। পিতৃতান্ত্ৰিক সমাজৰ আমিসকলে গেবাৰি খাটি খাটি নৈখনৰ দৰেই ভাবো— আহ্, খাচী-গাৰো সমাজৰ মহিলাসকলৰ কি যে সুখ। অহা জনমত যেন মেঘালয়তে ওপজো।
পিছে খাচী-গাৰো সমাজৰ বিষয়ে প্ৰবন্ধ, কিতাপ-পত্ৰ আদি পঢ়ি সেই সমাজৰ মানুহৰ লগত আলোচনা কৰি উপলব্ধি কৰিছো কথাবোৰ নৈৰ ইটো পাৰে ভবাৰ দৰে নহয়। মাতৃতান্ত্ৰিক সমাজত বাস কৰিও সিপাৰৰ মহিলাৰ সুখ নাই।
এই কথা সত্য যে খাচী-গাৰো সমাজত বংশৰ মূল ধাৰাটো বাহিত হয় মাতৃ বংশৰ যোগেদি। খাচী আৰু জয়ন্তীয়াসকলৰ ক্ষেত্ৰত সম্পত্তি লাভ কৰে ঘৰৰ কনিষ্ঠ জীয়েকজনীয়ে৷ এওঁক কোৱা হয় খাদ্দু। তেওঁ পৰিয়ালৰ সম্পত্তি লাভ কৰে। সম্পত্তি [ ২০৫ ] দুই প্ৰকাৰ। পৰিয়ালৰ পৰা পোৱা সম্পত্তি তেওঁ বেচিব নোৱাৰে। ভোগ কৰিব পাৰে। পৰিয়ালৰ আন সদস্যৰ বিপদ-আপদ বা সংকটকালত সেই সম্পত্তি তেওঁলোকেও ভোগ কৰে। উল্লেখযোগ্য বিষয়টো হ'ল নুমলীয়া জীয়ৰীয়ে সম্পত্তি লাভ কৰিলেও সম্পত্তিৰ ৰক্ষণাবেক্ষণ কৰে খাদ্দুৰ মোমায়েকেহে। অৰ্থাৎ তেওঁলোক পুৰুষৰ প্ৰতিপত্তিৰ পৰা মুক্ত নহয়। গাৰো সমাজত আকৌ নুমলীয়া জীয়েকৰ স্বামীয়ে সম্পত্তি ৰক্ষা কৰে। ডাঙৰ ছোৱালী কেইজনীয়েতো একোকেই নাপায়। এওঁলোকক ঈৰ্ষা কৰাৰ কোনো যুক্তি নাই।
সাধাৰণ খাচী মহিলাৰ, বিশেষকৈ তেওঁ যদি দুখীয়া হয়, ভাগ্য পিতৃতান্ত্ৰিক সমাজৰ মহিলাৰ দৰেই কষ্টকৰ। নিজৰ ঘৰখনৰ আৰু ল'ৰা-ছোৱালীৰ সুখৰ বাবে কাম কৰি কৰি স্বাস্থ্যৰ অৱনতি ঘটায়। বেমাৰত চিকিৎসকৰ ওচৰলৈ মহিলাসকল নাযায় বুলিয়ে ক’ব পাৰি। আমাৰ সমাজত পোৱাৰ দৰে স্বাস্থ্যৰক্ষাৰ বাবে প্ৰাধান্য পায় পুৰুষেই। আমি ভবাৰ দৰে খাচী পুৰুষে ঘৰ-গৃহস্থালি চম্ভালিব নালাগে। তেওঁলোকে চাকৰি কৰে অৰ্থ উপাৰ্জন কৰিবলৈ। গতিকে স্বাস্থ্য ভালে ৰখা প্ৰয়োজনীয়। সাধাৰণ গৃহিণীসকলৰ স্বাস্থ্য ভালে নথকাৰ কাৰণ সঘনাই সন্তানৰ জন্ম দিয়া। আজিৰ যুগতো তেওঁলোকে গড়ে আঠোটাকৈ সন্তানৰ জন্ম দিয়ে। স্বাস্থ্যহীন মাতৃয়ে স্বাস্থ্যৱান সন্তানৰ জন্ম দিব নোৱাৰে। গতিকে ঘৰখনত স্বাস্থ্য ৰক্ষাৰ দ্বিতীয় অধিকাৰ লাভ কৰে সন্তানে।
মাক-সন্তান দুয়ো ঘাইকৈ ভোগে ৰক্তহীনতাত। ফলত কেঁকাই-গেঁথাই জীৱননিৰ্বাহ কৰে শতকৰা আশীগৰাকী খাচী মহিলাই। স্বাস্থ্যহীনাক অৰ্থনৈতিকভাৱে স্বাধীন হ’বলৈ আগ্ৰহী কৰাও অসম্ভৱ। তদুপৰি সময় ক’ত বাহিৰলৈ ওলাবলৈ। দিনটো কটায় জুহালত। তাৰে মাজতে শাক-পাচলি দুটামান ৰোৱে। সেইখিনি বেচি নিমখ-তেল-চাউল কিনে।
পিতৃতান্ত্ৰিক সমাজৰ পুৰুষৰ দৰে মাতৃতান্ত্ৰিক সমাজৰ পুৰুষো স্বাধীন। সকলো কাম স্বইচ্ছাৰে কৰে। মদ খায়, চিগাৰেট হোপে, জুৱা খেলি সৰ্বস্বান্ত হয়। পত্নী প্ৰহাৰ প্ৰতিদিনে কৰিবলগীয়া যেন এটা মহান কৰ্তব্য। চহৰৰ মহিলা গাঁৱৰ মহিলাৰ তুলনাত বেছি উৎপীড়িতা। আনহাতে সমগ্ৰ ভাৰততে শিক্ষিতা মহিলাই স্বামীৰ দ্বাৰা অশিক্ষিতাৰ তুলনাত বেছি নিৰ্যাতিতা হয়। বোধকৰো নিজকে বৰমতা বুলি ভবা পুৰুষ শ্ৰেণীটোৱে তেওঁৰ সমপৰ্যায়ৰ পত্নীক সহ্য কৰিব নোখোজে। এই বিষয়ত যিকোনো সমাজ ব্যৱস্থাৰ পুৰুষৰ একেটা চৰিত্ৰ।
মাতৃতান্ত্ৰিক সমাজ হোৱা হেতুকে সম্ভৱতঃ খাচী সমাজত বিয়াবোৰ প্ৰায়ে নিটিকে।[ ২০৬ ] সন্তানবোৰৰ ওপৰত দেউতাকৰ অভিভাৱকত্ব নথকাৰ বোধ ওপজে কিয়নো ৰীতিমতে সিহঁত মাকৰ ঘৰৰ সদস্য। সম্ভৱতঃ পুৰুষ মানুহবোৰে পৰিচয় সমস্যাতো ভোগে। অতীতত যোগাযোগ ব্যৱস্থা আছিল অনুন্নত। আজিকালি এওঁলোকে বিশ্বৰ প্ৰায়ভাগৰে চিনাকি দেউতাকৰ যোগেদি হয় বুলি জনাৰ পাছত হীনমন্যতাত ভোগাটো অস্বাভাৱিক নহয়। সন্তান এটাৰ মাকক চিনাক্ত কৰা সহজ। কিন্তু দেউতাকক? খাচী পৰিয়ালবোৰত স্বামী এজন শিপাহীন ব্যক্তি। বিচ্ছেদৰ পাছত মহিলাই আকৌ বিয়া-বাৰু কৰাই সন্তানৰ জন্ম দিলে আটায়ে মাকৰ নামেৰেই জনাজাত হয়, দেউতাকহঁতৰ চিন-চাব নাথাকে। হয়তো এইবোৰেই বিয়া ভাগি যোৱাৰ কাৰণ।
আনহাতে বিবাহ বিচ্ছেদে খাচী সমাজৰ মহিলাক গৃহহীন নকৰে। তেওঁলোকেই ঘৰখনৰ গৰাকী, সন্তানো তেওঁলোকৰ। আমাৰ সমাজৰ বিবাহ বিচ্ছেদিতাসকলৰ দৰে ল’ৰা-ছোৱালীক লৈ অথৈ সাগৰত পৰিব নালাগে। কেতিয়াবা সিহঁতৰ মুখলৈ চাই নীৰৱে সকলো সহ্য কৰে। এই ফালৰ পৰা খাচী মহিলা স্বাধীনচিতীয়া। বজাৰখনো তেওঁলোকে চলায়। প্ৰবন্ধ এটাত পঢ়িছিলো বেপাৰ-বাণিজ্য কৰে যদিও বাণিজ্য সম্পৰ্কে খাচী মহিলাৰ জ্ঞান সীমাবদ্ধ। হিচাপ পত্ৰও নিয়াৰিকৈ ৰাখিব নাজানে। কেৱল বুদ্ধিৰ জোৰত চলি আছে।
এওঁলোকে কিছুমান ক্ষেত্ৰত সা-সুবিধা পালেও পিতৃতান্ত্ৰিক সমাজৰ নাৰীৰ দৰে দ্বিতীয় শ্ৰেণীৰহে নাগৰিক। ৰাজনীতিৰ চোতালত কোনো ভূমিকাত নামিব পৰা নাই। খাচী চিয়েম, অৰ্থাৎ ৰজাসকল সদায় পুৰুষ। তেনেহ'লে কোন তান্ত্ৰিক ব্যৱস্থাই নাৰীক সমমৰ্যাদা দিব? মিছাকৈয়ে পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ মহিলাই ভাবিছিল নৈৰ সিটো পাৰত সুখ বেছি। আজিৰ উন্নত বিশ্বত পিতৃ বা মাতৃতান্ত্ৰিক ব্যৱস্থাৰ প্ৰয়োজন আছে নে? কোনেও কাকো দবাই ৰাখিব নোৱৰা ব্যৱস্থা এটাৰ উদ্ভাৱন কৰা হওক।
পুৰুষ নিৰ্যাতন আৰু অসৎ নাৰী : নাৰী মানেই ধোৱা তুলসীপাত নহয়। সকলো নাৰী নিৰ্যাতিতা নহয়। কিছুমান নাৰীয়ে পুৰুষকহে নিৰ্যাতন কৰে। এওঁলোকৰ সংখ্যা ক্ৰমবৰ্ধমান। পিছে আমাৰ সমাজৰ পুৰুষে পত্নীৰ হাতত নিৰ্যাতিতা হয় বুলি ক’বলৈ লাজ কৰে তেওঁলোকৰ অহং ভাবত আঘাত লগাৰ আশংকাত। তাৰে মাজত দুই-চাৰিজনে অভিযোগ নকৰাকৈ নাথাকে। কলকাতাত সচেতনা নামৰ এটা মহিলা সংগঠন আছে। কোৱা বাহুল্য তেওঁলোকে নাৰী নিৰ্যাতনৰ বিষয়টোতহে গুৰুত্ব দিয়ে।[ ২০৭ ] এবাৰ এজন বৃদ্ধ ভদ্ৰলোকে সচেতনাৰ কৰ্ম-কৰ্তাসকলক লগ ধৰি কৈছিল যে বোৱাৰীয়েকে আত্মহত্যা কৰি শহুৰকুলৰ সকলোকে জে'লৰ ভাত খুওৱাৰ ব্যৱস্থা কৰিব বুলি সদায় ভাবুকি দিয়ে। নিৰ্যাতনবিৰোধী ঐক্য মঞ্চৰ ওচৰলৈও নিৰ্যাতক বোৱাৰীৰ বিৰুদ্ধে গোচৰ তৰিবলৈ আহিছিল একাধিক নিৰ্যাতিত স্বামী-শহুৰ আৰু শাহু।
মহিলা সুৰক্ষাৰ বাবে বহু আইন প্ৰণয়ন হৈছে যদিও অধিকাংশ মহিলাই এইবোৰৰ ভু নাপায়। নোপোৱাৰ ঘাই কাৰণ শিক্ষাহীনতা আৰু সচেতনতাৰ অভাৱ। ২০১১ চনৰ জনপিয়ল মতে সাক্ষৰৰ সংখ্যা বৃদ্ধি পাইছে যদিও এতিয়াও অসমত নিৰক্ষৰ নাৰীৰ হাৰ ৩২.৭৩ শতাংশ। তদুপৰি চহীটো কৰি সাক্ষৰ নাম পোৱা পুৰুষ বা নাৰী শিক্ষিত নহ'বও পাৰে। গতিকে নিৰক্ষৰ বা নামত সাক্ষৰ মহিলাৰ মাজত সচেতনতা শূন্য বুলি ক’ব পাৰি। তেওঁলোকে নাজানে স্বামী গৃহত নিৰ্যাতনৰ পৰা সুৰক্ষা পাবলৈ আছে ব্ৰহ্মাস্ত্ৰ স্বৰূপ দুখন আইন— ভাৰতীয় দণ্ডবিধিৰ ৪৯৮ ( ক ) ধাৰা আৰু পাৰিবাৰিক হিংসা নিৰ্মূল আইন ২০০৬।
যিসকল মহিলাই অজ্ঞতাৰ বাবে অথবা সন্তানৰ মুখলৈ চাই বা আন কাৰণে আইনবোৰৰ বিষয়ে জনা সত্ত্বেও আইনৰ সহায় নলয় তেওঁলোকে অশান্তিৰ মাজেৰে জীৱন কটায়। ইয়াৰ বিপৰীতে কিছুমান অসৎ স্বভাৱৰ মহিলাই আইনৰ সুৰুঙা উলিয়াই শহুৰ-শাহু-স্বামী-ননদৰ বিৰুদ্ধে মিছা অভিযোগ আনি তেওঁলোকক গ্ৰেপ্তাৰ কৰোৱায়। ‘ৰক্ষা’ নামৰ বেচৰকাৰী সংস্থা এটাই কৰা সমীক্ষা মতে আইনৰ অপব্যৱহাৰ কৰা এই মহিলাসকল চহৰ-নগৰৰ আৰু স্নাতক ডিগ্ৰীধাৰী। আমি যিসকলে নাৰী মুক্তিৰ বাবে সংগ্ৰাম কৰি আছো তেওঁলোকে মুষ্টিমেয় স্বাৰ্থান্বেষী বিবেকহীন অসৎ মহিলাৰ আচৰণত লজ্জাবোধ কৰিছো। উল্লিখিত সংস্থাটোৰ ৰিপ'ৰ্টমতে ১.২ লাখ স্বামী-শহুৰ শাহু-ননদৰ বিৰুদ্ধে মিছা অভিযোগ আনি ৪৯৮ ( ক ) ধাৰাৰ অধীনত তেওঁলোকক গ্ৰেপ্তাৰ কৰাইছে। এওঁলোকৰ মাজত দুই শতাংশহে অপৰাধী বুলি প্ৰমাণিত হৈছে। যৌতুকৰ বাবে নিৰ্যাতনো এই ধাৰাৰ অধীনত পৰে। গতিকে যৌতুকৰ বাবে নিৰ্যাতন ভোগ কৰি থকা বুলি মিছা অভিযোগ অনা সহজ।
শিক্ষিতা আৰু চহৰ-নগৰৰ মহিলাসকলৰ এনে হীন মনোবৃত্তিৰ উমান পাই যিসকল মহিলাই নাৰী সুৰক্ষাৰ বাবে আইন প্ৰণয়ন কৰাবলৈ উঠি-পৰি লাগিছিল, চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল তেওঁলোকে এতিয়া আইনখন সংশোধন কৰাবলৈ ব্যস্ত হৈ পৰিছে। [ ২০৮ ] নাৰী হ'লেই যে মধুৰ স্বভাবা হ’ব আশা কৰা ভুল। শাহু-বোৱাৰীৰ তিক্ত সম্পৰ্কৰ কথা আজিৰ নহয়। ব্যতিক্ৰমীসকলৰ প্ৰসংগ উত্থাপন কৰা নাই। প্ৰথম জীৱনত শাহুৰ দ্বাৰা নিৰ্যাতিত বোৱাৰীয়ে বুঢ়া বয়সত শাহুৰ চোকটো কমিলে প্ৰতিশোধ লোৱা দেখিছো। সামান্য কথাৰ আলম লৈ মহিলাই মহিলাৰ চুলি কটা, মুখত চূণ সনা, প্ৰহাৰ কৰা উদাহৰণ গুৱাহাটী মহানগৰীতে দেখিবলৈ পাওঁ। এইবোৰ অপৰাধৰ শাস্তি হোৱা নেদেখো।
নামমাত্ৰ কথাতে ৪৯৮ ( ক ) ধাৰাৰ অধীনত স্বামীক গ্ৰেপ্তাৰ কৰোৱা নাৰী আমাৰ সমাজৰ কলংক। শীঘ্ৰেই এনে আইনৰ সংশোধনী হোৱাটো বাঞ্ছনীয়। আজিকালি নাৰীও জংগী হ’ল।