পৃষ্ঠা:অনিমা গুহ.pdf/১৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নাইবা বক্তা হিচাপে আমাক আমন্ত্রণ জনাইছিল। তেতিয়া আমি কলকাতাতে আছিলো। তাৰ পৰা আহি মহিলা লেখিকাসকলৰ এনে এক সমাবেশত উপস্থিত হৈ মুগ্ধ হৈছিলো। শীলা মোতকৈ দুই শ্রেণী তলত পঢ়িছিল যদিও তেওঁৰ লগত মোৰ ঘনিষ্ঠ সম্পর্ক যোৰহাটৰ স্কুলীয়া জীৱনৰে পৰা। আমি একেলগে নাটক কৰিছিলো। ‘আলিবাবা’ নামৰ নাটকত মই লৈছিলো আলিবাবাৰ ভাও আৰু নৃত্যপটিয়সী শীলাই মর্জিনাৰ ভাও লৈছিল। অসমলৈ অহাৰ পাছত সমাৰোহ সমিতিৰ আজীবন সদস্য হ'লো, নিয়মীয়াকৈ বিভিন্ন অধিবেশনতো যোগদান কৰিছিলো। ২০০০ চনত গোৱালপাৰাত অনুষ্ঠিত অষ্টাদশ দ্বি-বার্ষিক অধিবেশনত মুকলি সভাৰ সভানেত্রী হিচাপে আমন্ত্রিত হৈছিলো। শীলাৰ এটা প্রশংসা কৰিবলগীয়া গুণ হ'ল তেওঁ এগৰাকী দক্ষ জহুৰী। কাৰ দ্বাৰা কি কাম হ’ব তেওঁ দৈৱজ্ঞৰ দৰে আগধৰি ক'ব পাৰে। বিশ্বনাথ চাৰিআলি অধিৱেশনলৈ (১৯৯৫) আমন্ত্রণ জনাই তেওঁ মোক ড° তিলোত্তমা মিশ্ৰ ৰচিত ‘স্বর্ণলতা' উপন্যাসখনৰ এটা সমালোচনা প্রস্তুত কৰিবলৈ কৈছিল। কিতাপ সমালোচনা কৰাৰ অভিজ্ঞতা বা যোগ্যতা মোৰ নাই, কিয়নো এই বিষয়ে মোৰ কোনো অধ্যয়ন তেতিয়ালৈকে নাছিল । শীলাই কমাণ্ডাৰৰ সুৰত আদেশ দিলে, ‘তুমি লিখিবই লাগিব।' তাৰ পাছতে ফোনৰ লাইন কাটি দিলে।

 মোৰ নিজৰ ওপৰতে খং উঠিল। কি কুক্ষণত ভ্রমণ কাহিনীটো যে লিখি উলিয়ালো। সেইখন নিলিখা হ’লে কাৰো চকুত মোৰ নামটো নপৰিলহেঁতেন। এবাৰ ভাবিলো মোৰ টাইফয়েড জাতীয় কিবা টান নৰিয়া হোৱা বুলি শীলাক জনাওঁ নেকি। পিছে মিছা কথাৰ ঠেং চুটি। উপায়ান্তৰ হৈ তেতিয়ালৈকে অপঠিত ‘স্বর্ণলতা’ উপন্যাসখন মেলি ল'লো ৷ গুণাভিৰাম বৰুৱাৰ জীয়ৰী স্বর্ণলতা কিতাপখনৰ মুখ্য চৰিত্ৰ। উপন্যাসখনে আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱাকে ধৰি ঊনৈশ শতিকাৰ যুগনায়কসকলৰ বিষয়ে আৰু তেতিয়াৰ অসমৰ ইতিহাস সম্পর্কে অধিক জানিবলৈ মোক আগ্রহী কৰিলে। আমাৰ গৃহস্থৰ ঘৰৱা লাইব্রেৰীত এইবোৰ কিতাপৰ অভাৱ নাই। গতিকে স্বর্ণলতাক একাষৰীয়াকৈ থৈ উল্লিখিত কিতাপবোৰতে মনোনিৱেশ কৰি অসমৰ ইতিহাসৰ এটা বিস্তাৰিতভাৱে নজনা অধ্যায়ত প্ৰৱেশ কৰিছিলো। অৱশেষত ভালে বেয়াই এটা সমালোচনা লিখি উলিয়ালো। মঞ্চত সেই সমালোচনা পাঠ কৰিবলৈ গৈ নিজৰ হৃদপিণ্ডৰ ধুক্‌ধুকনি নিজে শুনি থকা যেন লাগিছিল। মঞ্চত বহি আছিল অসমীয়া সাহিত্যৰ অধ্যাপিকা দেৱীকা শ‍ইকীয়া। তেওঁ মোক কিতাপ-পত্ৰৰ সমালোচনা লিখি পুস্তকাকাৰে প্ৰকাশ কৰিবলৈ কোৱাত মই মনে মনে শীলাক ধন্যবাদ জনালো।

বাকীছোৱা জীৱন / ১৭৫