পৃষ্ঠা:অনিমা গুহ.pdf/১৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

উত্তৰ বিচাৰি নাপাওঁ। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ ধৰ্ম আছিল উদাৰ। এই ধৰ্মই সকলো প্ৰাণীক সমদৃষ্টিৰে চাবলৈ কোৱা নাই জানো। কোৱা নাই জানো ‘কুকুৰ শৃগাল গদৰ্ভৰো আত্মাৰাম।/ জানিয়া সবাকো পৰি কৰিবা প্ৰণাম॥’

 শংকৰ-মাধৱে প্ৰচাৰ কৰা ধৰ্ম ইমানে উদাৰ আৰু গভীৰ যে এই উদাৰতা বা গভীৰতা আন ধৰ্মত ইমান অৰ্থবহভাৱে আছে বুলি ধাৰণা নহয়। এনেস্থলত বৰপেটাৰ কীৰ্তন ঘৰ বা সুন্দৰীদিয়া আৰু পাটবাউসীৰ সত্ৰত মহিলাৰ প্ৰৱেশ নিষিদ্ধ কৰা ব্যৱস্থাটো শংকৰদেৱৰ ধৰ্ম আৰু মানৱতাৰ পৰিপন্থী যেন নালাগেনে?

 মহাত্মা গান্ধীয়ে কৈছিল— Assam indeed is fortunate for Sankardava has five centuries back given to the Assamese people an ideal, which is also idea of my Ram Rajya.

 একেটা সুৰতে আন এটা কথাও কওঁ যে সাধাৰণ মানুহৰ দৃষ্টিভংগীৰ দৰেই মহাপুৰুষজনাৰ দৃষ্টিভংগীও নাৰীৰ প্ৰতি বৰ উদাৰ নাছিল বুলি কোৱা হয়। পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাত আজিও সমাজৰ নিম্নবৰ্গ আৰু জনজাতীয় লোকক যি চকুৰে চোৱা হয়, স্ত্ৰী জাতিকো একেই চকুৰে চোৱা হয়। মহাপুৰুষজনাও এই দৃষ্টিভংগীৰ ব্যতিক্ৰম নাছিল। শূদ্ৰসকলৰ সৈতে বহু ৰচনাত তেওঁ নাৰীৰ নাম উচ্চাৰণ কৰি তেওঁলোককো মানুহৰ আসনত স্থান দিব খুজিছে। যেনে—

ভাগৱতত কৈছে—
স্ত্ৰী শূদ্ৰ অন্ত্য জাতি তাকো শিক্ষা দিন্ত আতি
ধৰিবে সি সৱে অহোপ্ৰাণে।
কীৰ্তন ঘোষাত আছে—
স্ত্ৰী শূদ্ৰে কৰে যদি আমাত ভকতি
তাহাত কৰিবা ইটো জ্ঞান মহামতি।

 জীৱনৰ এটা সময়ত গুৰুজনাৰ প্ৰধান শিষ্য মাধৱদেৱ সুন্দৰীদিয়াত বাস কৰিছিল যদিও প্ৰথমফালে শংকৰদেৱে মাধৱদেৱক সুন্দৰী নাৰীপ্ৰধান ঠাইখনত বাস কৰিবলৈ নিষেধ কৰিছিল। কীৰ্তন ঘোষাত তাৰ কাৰণ আমি বিচাৰি পাওঁ।

ঘোৰ নাৰী মায়াসৰ্ব্ব মায়াতে কুৎসিত।৷
মহা সিদ্ধ মুনিৰো কটাক্ষে মোহে চিত্ত॥
দৰশনে কৰে তপ-জপ-যোগ-ভংগ।
জানি জ্ঞানীগণে কামিনীৰ এৰে সংগ॥ ১৮

১৭৮/ বাকীছোৱা জীৱন