পৃষ্ঠা:অনিমা গুহ.pdf/২০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নিপীড়ন-নির্যাতন একো নাই। এনেয়ে আৰু কোৱা হয় নে স্বৰ্গসুখ! গতিকে মাৰি পেলা এই আপদ কন্যা সন্তানবোৰক। পিছে অদূৰদৰ্শী এই মানুহবোৰে উপলদ্ধি কৰিব নোৱাৰে কন্যা সন্তানবোৰক মাৰি পেলালে এটা সময়ত পুত্ৰ সন্তানৰ জন্ম দিবলৈ কোনো নাথাকে।

 তেনে এটা পৰিস্থিতিৰ উদ্ভৱ যে ঘটিব তাৰ লক্ষণ দেখা গ'ল ২০১১ চনৰ লোকপিয়লত। ০-৬ বছৰৰ ভিতৰত পুত্ৰ শিশুৰ তুলনাত কন্যা শিশুৰ সংখ্যা ভয়লগাকৈ কমিছে। এইটো বয়সত লিংগ অনুপাত ( ১০০০ পুত্ৰ শিশুৰ বিপৰীতে কন্যা শিশুৰ সংখ্যা ) প্রাকৃতিক নিয়মমতে যি হ’ব লাগে তাতকৈ বহু কম, মুঠ ৯১৪। স্বৰাজোত্তৰ ভাৰতত কন্যা শিশুৰ কল্পনাতীতভাৱে কম সংখ্যা এয়ে প্রথম। লোক গণনা বিভাগৰ ৰেজিষ্ট্ৰাৰ জেনেৰেল চন্দ্ৰশেখৰন্ চন্দ্ৰমৌলিয়ে কৈছে— ‘This decline in the child sex ratio is perhaps the most serious negative finding from this census.' এই সংখ্যাটোৱে ভাৰতীয়সকলৰ মানসত কন্যাৰ প্ৰতি থকা অমানৱীয় দৃষ্টিভংগীৰ ফালে আঙুলিয়ায়। শিশুসকলৰ মাজত আদর্শ লিংগানুপাত হ’ব লাগে ৯৫০ ৰ পৰা ৯৭৫ ৰ ভিতৰত। পৃথিৱীৰ সকলো উন্নত দেশত আৰু ভাৰতৰ প্রগতিশীল ৰাজ্য কেৰেলাত নাৰীৰ স্বাভাৱিক সংখ্যা নিৰ্ধাৰণ কৰে প্ৰকৃতিয়ে। সামগ্ৰিকভাৱে আদৰ্শ লিংগানুপাত হ'ব লাগে ১,০৫০ ৰ সামান্য ইফালে সিফালে। অৰ্থাৎ ১,০০০ পুৰুষৰ বিপৰীতে নাৰীৰ সংখ্যা হ'ব লাগে ১,০৫০ মান। কিন্তু ভাৰতত এই সংখ্যাটো সদায় কম। ২০১১ চনৰ লোকপিয়লৰ মতে সামগ্ৰিকভাৱে ভাৰতত নাৰীৰ সংখ্যা ১,০০০ পুৰুষৰ বিপৰীতে ৯৪০। অসমত ৯৫৪। জাতীয় স্তৰৰ তুলনাত লিংগানুপাত অসমত বেছি হ’লৈও নাগালেণ্ড ( ৯৩১ ) আৰু অৰুণাচল প্ৰদেশৰ ( ৯২০ ) বাহিৰে উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্য মণিপুৰ ( ৯৮৭ ), মেঘালয় ( ৯৮৬ ), মিজোৰাম ( ৯৭৫ ) আৰু ত্ৰিপুৰাৰ (৯৬১) তুলনাত কম। এই সংখ্যাবোৰে কি সূচায়? সূচায় যে প্রাকৃতিক নিয়মৰ বিৰুদ্ধে সামাজিক শক্তিয়ে নাৰীমেধ যজ্ঞ পালন কৰি আছে।

 অতদিনে কিছুমান পশু-পক্ষী বিপন্ন হোৱা বুলি ( endangered ) জানিছিলো— যেনে এশিঙীয়া গঁড়, সোণালী বান্দৰ, শগুণ ইত্যাদি। এতিয়া সেইসকলৰ শাৰীত থিয় হ’ল কন্যা সন্তান। পশু-পক্ষীবোৰক ৰক্ষা কৰিবলৈ প্ৰকৃতিপ্রেমীসকলে উঠি-পৰি লগাৰ দৰে ভাৰত চৰকাৰেও কন্যা সন্তান সুৰক্ষাৰ উদ্দেশ্যে ২০০৮ চনৰ ২৮ এপ্ৰিলত প্ৰথম ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত কৰিছিল। এই প্রচেষ্টা হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ত। সামাজিক

২০০/ বাকীছোৱা জীৱন