পৃষ্ঠা:অনিমা গুহ.pdf/১৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এজনীয়ে নাজানিব পাৰে দৈহিক সম্পৰ্কৰ পৰিণতি কি, এওঁ নাজানিব কিয়?

 আন এজনী ছোৱালীকো ‘উদ্ধাৰ’ কৰিবলৈ আগবাঢ়ি নহা বাবে মাকগৰাকী অসন্তুষ্ট হৈছিল মোৰ ওপৰত। কলেজত পঢ়া গাভৰু এজনী ঘৰৰ পৰা পলাই গৈছিল প্ৰেমিকৰ লগত। কাৰণ সিহঁত দুটাৰ বিয়াত মাক-দেউতাকৰ মত নাছিল। কোৱা বাহুল্য নিজে আহি ঘৰ সোমোৱা ছোৱালীক সকলো মানুহে বোৱাৰীৰ মর্যাদা দিব নোখোজে। পুতেকে অনা বাবে অনিচ্ছাসত্ত্বেও ৰাখিবলগা হ'ল যদিও ভাল ব্যৱহাৰ নাপাই তাইৰ মাক-দেউতাকৰ মৰমলৈ মনত পৰিছিল। কেনেবাকৈ যোগাযোগ কৰি তাইক উদ্ধাৰ কৰিবলৈ ফোনতেই কন্দা–কটা কৰিছিল মাকৰ আগত। ‘মাক হোৱাৰ শতেক জ্বালা’, কৈছিল আমাৰ শাহু আয়ে। সন্তানৰ মংগলৰ চিন্তাই মাকৰ মনক অহৰহ আচ্ছন্ন কৰি ৰাখে। পলাই যোৱা ছোৱালীজনীক কোনোদিনে ক্ষমা কৰিব নোৱাৰিব বুলি মনক ডাঠ কৰা মাকগৰাকীয়ে জীয়েকৰ ফোন পাই তাইক উলিয়াই আনিবলৈ উপায় বিচাৰি আছিল। এটা উপায়, তেওঁলোকে ভাবিছিল, নির্যাতন বিৰোধী ঐক্য মঞ্চৰ সহায় লোৱা। ফোনতে আমাৰ লগত যোগাযোগ কৰি সবিশেষ জনোৱাত পোনচাটে মই উদ্ধাৰ কাৰ্যত আগভাগ ল'ব নোৱাৰো বুলি কৈছিলো। কাৰণ যি ছোৱালীয়ে মাকৰ ঘৰৰ পৰা পলাই যাব পাৰে সেই ছোৱালীয়ে শহুৰৰ ঘৰৰ পৰা পলাই আহিব নোৱাৰিব কিয়? আগগুৰি নেভাবি প্রাপ্তবয়স্ক ছোৱালী এজনীয়ে অনিশ্চয়তাৰ জীৱন এটাত অৱতীৰ্ণ হোৱাটো সমর্থনযোগ্য নহয়।

 শহুৰৰ ঘৰত নির্যাতন সহ্য কৰিব নোৱাৰি আত্মহত্যা কৰা ছোৱালী এগৰাকীৰ মাকে অন্যায়ৰ প্ৰতিবাদত সভা এখন পাতি আমাকো অংশগ্রহণ কৰিবলৈ মাতিছিল। মাক-দেউতাকে মনত আঘাত পাব বুলি অধিকাংশ ছোৱালীয়ে শহুৰৰ ঘৰত ভোগ কৰা লাঞ্ছনা-গঞ্জনাৰ কথা ব্যক্ত নকৰে। কেতিয়াবা চৰম পৰ্যায়লৈ যোৱাৰ পাছত ক’বলৈ বাধ্য হয়। সমাজৰ আগত লাজ ঢাকিবলৈ আৰু বিয়াখন ভাগি নাযাবলৈ দেউতাকৰ পৰিয়ালে চেষ্টা কৰে। এইদৰে তাপলি মৰা বিয়া কোনোমতে তিষ্ঠি থাকে। কিছুমান বোৱাৰীয়ে কাকো একো নজনাই আত্মঘাতী হয়। উল্লিখিত সভাখনত যেতিয়া শুনিলো আত্মঘাতী বোৱাৰীজনী অর্থনৈতিকভাৱে স্বাধীন আছিল তেতিয়া কিন্তু মাকৰ প্ৰতি সহানুভূতি মোৰ কমি আহিবলৈ ধৰিলে। মাককো অলপ টানকৈ ক’লো জীৱন যুদ্ধত হাৰি নাযাবলৈ জীয়েকক তেওঁ নিশ্চয় শিক্ষা দিয়া নাছিল। আমাৰ বেছিভাগ মাক-দেউতাকে ল'ৰা-ছোৱালীক ইমান আলাসত ডাঙৰ কৰে যে বৃহত্তৰ বিশ্বৰ কঠিন পৰিস্থিতিক আলসুৱা সন্তানসকলে প্রত্যাহ্বান জনোৱাত বিফল

১৯২/ বাকীছোৱা জীৱন