বাকীছোৱা জীৱন/তিমি মাছ বিচাৰি আটলাণ্টিক মহাসাগৰত

ৱিকিউৎসৰ পৰা
[ ১৬৭ ]

তিমি মাছ বিচাৰি আটলাণ্টিক মহাসাগৰত

 হিংসাত উন্মত্ত পৃথিৱীখনৰ পৰা ওলাই তিমি মাছ বিচাৰি আটলাণ্টিকৰ উত্তাল ঢৌৰ সৈতে নাচি নাচি ঘূৰি ফুৰা দিনটোৰ স্মৃতি ৰোমন্থন কৰা যাওক। চনটো আছিল ১৯৯৬। সৰুটো নাতি অনুভৱৰ জন্ম উপলক্ষে নিউয়ৰ্কলৈ গৈছিলো সেই চনত।

 আমেৰিকাৰ উত্তৰ-পূব সীমাত ওপৰফাললৈ পকোৱা কুকুৰৰ নেজডালৰ আকৃতিৰ এডোখৰ ভূখণ্ড আটলাণ্টিক মহাসাগৰৰ মাজলৈ সোমাই গৈছে। এই ভূখণ্ডৰ নাম কেপ কড্ বা কড্ অন্তৰীপ। নামটো শুনাৰ লগে লগে মনত পৰিছিল বাল্যকাললৈ। ভিটামিন-ডি সমৃদ্ধ দুৰ্গন্ধ কডলিভাৰ তেল আমি নাকত টিপা মাৰি খাইছিলো স্বাস্থ্য সচেতন দেউতাৰ নিৰ্দেশত! আজিকালি কাকো এইবিধ অখাদ্য বস্তু খোৱা নেদেখো।

 অন্তৰীপটোৰ আগীয়াঠুঁটিত চেথাম নামৰ সৰু চহৰ এখনৰ পৰ্যটকলৈ ভাড়া দিয়া ঘৰ এটাত দুৰাতি আছিলো। বোৱাৰী মনীষাৰ সহকৰ্মী এগৰাকীৰ শহুৰ শাহু ঢুকোৱাৰ পাছত বস্তু-বাহানিৰে সৈতে ঘৰটো পৰ্যটকক ভাড়া দিছিল। সুসজ্জিত ঘৰটোৰ প্ৰতিটো বস্তুতে মৃত দম্পতীৰ প্ৰাণৰ পৰশ বিচাৰি পাইছিলো। চকী-মেজ, টিভি, ভিচিপি- ভিচিআৰ, ৱাশ্বিং মেচিন, মাইক্ৰৱেভ, ৰান্ধনি ঘৰৰ বয়-বস্তু, শোৱনি কোঠাৰ সা-সামগ্ৰী সকলো একেদৰে আছে। নাই কেৱল গৃহস্থ-গৃহিণী। ড্ৰেছিং টেবুলৰ ওপৰত ধুনীয়া টেমা এটাত দেখিলো গৃহিণীয়ে ব্যৱহাৰ কৰা বিধে বিধে গহনা। আন এটা ফালে আটোমটোকাৰিকৈ থৈছে ফণি, ব্ৰাছ, প্ৰসাধন সামগ্ৰী। এইবোৰ দেখি হঠাতে মই জীৱন সম্পৰ্কে উদাসীন হৈ পৰিছিলো। মানুহ পৃথিৱীলৈ আহে কেইটামান দিনৰ বাবে, তাৰ বাবে প্ৰয়োজন কিমান বস্তুৰ! মাটি-বাৰী-সম্পত্তি আদিৰ বাবে কাজিয়া-পেচাল, কোৰ্ট-কাছাৰী, মৰা-মৰি কি নহয়। যৌতুকৰ বাবে কৰে বোৱাৰী হত্যা। চকু মুদিলেই সকলো পৰি থাকে। মোৰ মনত পৰিছিল আমাৰ শশী আতালৈ। পাৰ্থিৱ বস্তুৰ প্ৰতি নিষ্পৃহ মানুহজনৰ একমাত্ৰ সংগী আছিল এটা দোতাৰা। তাকে বজাই [ ১৬৮ ] তেওঁ গাইছিল দেহতত্ত্বৰ গীত — ‘অ' মোৰ দেহাৰ ভৰসা নাইৰে...।’

 ফুৰিবলৈ আহি জীৱনৰ শেষ পৰিণতিৰ কথা ভাবিবলৈ এৰি পিছদিনা পুৱা প্ৰভিন্স টাউনৰ জাহাজঘাটত ওপঙি থকা বিশাল সমুদ্ৰগামী জাহাজখনত টিকেট কাটি উঠিলোগৈ। মূৰৰ ওপৰত আদিগন্ত বিয়পি থকা নীলা আকাশ আৰু তলত পাৰাপাৰহীন তৰংগায়িত নীলা সমুদ্ৰ। নিজৰ গাত চিকুটি চালো, সঁচাকৈয়ে আটলাণ্টিকত ওপঙি আছো নে?

 উপকূলৰ লগত সংযোগ বিচ্ছিন্ন কৰি জাহাজ আগুৱাই যাবলৈ ধৰিলে সমুদ্ৰৰ গভীৰলৈ। মোৰ উৰণীয়া মনেও দিলে ডেউকা মেলি। পাহৰি গৈছিলো দৈনন্দিন জীৱনৰ হেজাৰ সমস্যাৰ কথা। আগদিনা গুৱাহাটীৰ চিঠিৰ পৰা গম পাইছিলো পিঁয়াজৰ মূল্য আকাশস্পৰ্শী, বজাৰত খোৱা তেলৰ আকাল, অসমত বানপানী আৰু বোমা-পিষ্টলপ্ৰেমী যুৱকৰ তাণ্ডৱ...। পাহাৰ সদৃশ ওখ ওখ ঢৌবোৰ জাহাজত খুন্দা খাই ৰূপোৱালী ফেনলৈ নিমিষতে ৰূপান্তৰিত হৈছিল। সেই ফেনৰ ছিটিকনিয়ে আমাকো চুই গৈছিল। নয়নাভিৰাম এই দৃশ্য আজিও চকু মুদিলেই দেখা পাওঁ। সীমাহীন নীলা বিশালতাই ঢাকি ৰাখিছিল অসমৰ নিৰীহ ৰাইজৰ তেজৰ ৰঙা বৰণ। বহু আঁতৰৰ পৰা নাচি নাচি অহা গৰ্জনমুখৰ ঢৌবোৰৰ তলত অদৃশ্য হৈছিল গুৱাহাটীৰ তেল-পিঁয়াজৰ মূল্য।

 জাহাজৰ ডেকত উন্মুক্ত নীলাৰ তলত থিয় হৈ দূৰ দিগন্তত সমুদ্ৰ আৰু আকাশৰ বাহুবন্ধনৰ মনোমোহা দৃশ্য চাই আছিলো। এটা সময়ত ৰেলিঙত ধৰিও থিয় হৈ থকা অসম্ভৱ যেন লাগিল। পগলা ঢৌবোৰে জাহাজকো কৰি তুলিলে উন্মত্ত। জাহাজখনো ঢৌ হৈ উঠিল— এবাৰ ওপৰলৈ উঠে, এবাৰ তললৈ নামে। দোল খাই খাই মোৰ মূৰটোও লাটুম ঘূৰাদি ঘূৰিবলৈ ধৰিলে। বেগৰ পৰা ভাৰ্টিগন টেবলেট এটা উলিয়াই কোনোমতে খাবপৰা নাছিলো। পানীখিনি মুখৰ ওচৰলৈ আনিলেই জাহাজৰ দোলনিত ক'ৰবাত ছিটিকি পৰে।

 মনীষাৰ বায়েক কাজৰীয়ে মোৰ কাণ্ড দেখি ক’লে যে মূৰ ঘূৰণিৰ টেবলেট কোনো কামত নাহে; কাৰণ মোৰ Sea sickness হৈছিল। জাহাজৰ অফিচ কাউণ্টাৰৰ পৰা সামুদ্ৰিক নৰিয়াৰ বাবে দৰব এটা তেওঁ আনি দিছিল। জয় আৰু তাৰ শালপতি কুলদীপে হাতত ভিডিঅ’ কেমেৰা লৈ জাহাজৰ ওপৰৰ পৰা তললৈ চলাথ কৰি থাকোতে দুয়োকে দোলনি বেমাৰটোৱে বাৰুকৈয়ে আক্ৰমণ কৰিছিল। কুলদীপে নিজৰ কাণ দুখনত ধৰি প্ৰতিজ্ঞা কৰিলে জীৱনত দ্বিতীয়বাৰলৈ আৰু জাহাজত নুঠে।

[ ১৬৯ ] পুৰণি কালত পালতোলা নাৱত দুঃসাহসী নাৱিকসকলে কেনেকৈ যে সমুদ্ৰ যাত্ৰা কৰিছিল নাজানো।

 যিসকলক বিচাৰি কেপকডলৈ আহিছিলো সেই তিমি মাছবোৰ সিদিনা ক’ত যে লুকাই থাকিল! সেইখিনি অঞ্চলত তিমিবোৰে জাক বান্ধি ঘূৰি ফুৰে বাবে পৰ্যটক কোম্পানীবোৰে ৰমৰমীয়া ব্যৱসায় কৰি আছে। সিদিনা জাহাজ ভৰা পৰ্যটকক তিমি দেখুৱাব নোৱাৰি তেওঁলোক হতাশ। আমিও হতাশ। নিৰ্দিষ্ট সময়তকৈ কেইবাঘণ্টা বেছি এই উথল-পাথল মহাসমুদ্ৰত আমাক ঘূৰোৱাৰ পাছত প্ৰত্যেকৰ হাতত জাহাজ কোম্পানীয়ে দহ বছৰৰ বাবে কাৰ্যকৰী একোখনকৈ বিনামূলীয়া টিকেট দিলে। অৱশ্যে আমি আৰু তেখেতসকলক বিচাৰি যোৱা নাই।

 তিমি দৰ্শন নোহোৱা বাবে জাহাজৰ পৰা নামিয়ে পোনে পোনে গ’লো পিলগ্ৰিম মনুমেণ্ট দৰ্শন কৰিবলৈ। এইখিনি ঠাইত ১৬২০ চনৰ ২১ নৱেম্বৰ তাৰিখে ইংলেণ্ডৰ পৰা অহা পিলগ্ৰিম ফাদাৰসকল নামিছিল। স্বভূমি ত্যাগ কৰি অচিনাকি ভূ-খণ্ড এডোখৰলৈ আটলাণ্টিক মহাসাগৰ নাৱেৰে পাৰ হৈ অহা মানুহবোৰক দুঃসাহসী নুবুলি কি বুলিম? এওঁলোকৰ পাছত ইংলেণ্ড-ইউৰোপৰ পৰা দলে দলে প্ৰব্ৰজনকাৰী বিভিন্ন প্ৰৱাহত আমেৰিকামুখী হয় নতুন জীৱনৰ সন্ধানত। সেইখন দেশলৈ প্ৰব্ৰজনৰ সোঁত আজিও বন্ধ হোৱা নাই। ইউৰোপৰ পৰা হোৱা প্ৰব্ৰজনৰ কাহানিবাই অন্ত পৰিছে, তাৰ পাছত আৰম্ভ হৈছে পৃথিৱীৰ বিভিন্ন দেশৰ পৰা আমেৰিকামুখী জনস্ৰোত। আমেৰিকাক এখন মিনি বিশ্ব বুলিব পাৰি। কোন দেশৰ মানুহ নাই তাত?

 মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বিখ্যাত কেনেডি পৰিয়ালৰ বাস কেপকডত। এওঁলোকৰ পূৰ্বপুৰুষ আহিছিল ইংলেণ্ডৰ পৰা। অস্বাভাৱিক মৃত্যুৰ কৱলত পৰিছে অভিশপ্ত পৰিয়ালটোৰ কেইবাজনেও। প্ৰেছিডেণ্ট জন এফ কেনেডি আৰু তেওঁৰ ভায়েক ৰবাৰ্ট কেনেডি দুয়ো আততায়ীৰ গুলীৰ আঘাতত নিহত হয়। জন এফ আৰু জেকুলিনৰ একমাত্ৰ পুত্ৰই স্বচালিত বিমানত কেপকডলৈ আহি থাকোতে সপত্নীক বিমান দুৰ্ঘটনাত আটলাণ্টিকৰ পানীত জীৱন হেৰুৱায়। ডেকা বয়সত এইজনা কেনেডিয়ে নিজৰ চিনাকি লুকুৱাই সাধাৰণ পৰ্যটকৰ দৰে সাধাৰণভাৱে ভাৰত দৰ্শন কৰি গৈছে। দিল্লীৰ বাটে বাটে হেনো ফুৰিছে চাইকেল চলাই। দিল্লীৰ পৰা কেৰেলালৈ তেতিয়াৰ দিনৰ ৰে'লৰ তৃতীয় শ্ৰেণীত ভ্ৰমণ কৰিছিল। এওঁ বুলিয়ে নহয় চহকী দেশৰ মানুহবোৰ অলপ চেৰাবলিয়াই হয় নেকি। ধন-ঐশ্বৰ্যই এওঁলোকক মাজে মাজে আমুৱায়।

 বহু বছৰ আগতে কলকাতালৈ আহিছিল এজন জাৰ্মান হিপ্পী। এদিন এগৰাকী [ ১৭০ ]

সামুদ্ৰিক জীৱ জেলী ফিশ্ব

[ ১৭১ ] বাঙালী লেখিকাৰ পিছে পিছে আহি তেওঁলোকৰ চিৰিৰ তলত দুদিনমানৰ বাবে থাকিবলৈ হিপ্পীজনে অনুমতি বিচাৰিছিল। তাত দুটামান বাটৰ ভতুৱা কুকুৰ থাকে বুলি কোৱাত হিপ্পীয়ে কৈছিল সিহঁতৰ লগতে থাকিব। লেখিকাৰ এই পগলা যেন ল'ৰাটোৰ অদ্ভুত ধৰণৰ প্ৰস্তাৱটো ভাল নালাগিল। নিজৰ ঘৰতো ঠাই নাই যে থাকিবলৈ দিব। অৱশেষত দুদিনমানৰ বাবে থাকিবলৈ আত্মীয় এজনৰ ঘৰত ব্যৱস্থা কৰি দিলে। পিছে হিপ্পীৰ যোৱাৰ কোনো লক্ষণতো নেদেখিলেই, বৰঞ্চ ৰাতি ৰাতি তেওঁলোকৰ লগত খোৱা টেবুলত বহিবলৈ আৰম্ভ কৰিলে। আপদটোক বহু কষ্ট কৰি খেদাৰ

কিছুদিনৰ পাছত আকৌ উভতি অহাত গৃহস্থই ভূত দেখা যেন পাইছিল। এইবাৰ সি কেৱল থাকিবলৈ খোজাই নহয়, তেওঁলোকৰ ছোৱালীজনীক বিয়া কৰোৱাৰ প্ৰস্তাৱো দিলে। ইমান আস্পর্ধা বাটৰ ভিকহুটোৰ! দীঘলীয়া ইতিহাস চমুকৈ কওঁ, সি জাৰ্মানীৰ চহকীয়ে নহয় এটা আঢ্যৱন্ত পৰিয়ালৰো ল'ৰা। তাৰ প্ৰেমত পৰিছিল ছোৱালীজনীও। অৱশেষত বিয়াও হ’ল। বিয়ালৈ দৰাৰ পৰিয়ালৰ অনেকে আহিছিল। কইনাই শহুৰৰ ঘৰৰ পৰা মাক-দেউতাকলৈ লিখিলে যে দৰা ঘৰক যিমান চহকী বুলি ভাবিছিল তাতোকৈ কেইবাগুণে বেছি চহকী!

 হিপ্পীক ইয়াতে এৰি কেপকডলৈ উভতি যাওঁ। তাৰে এটা আলিবাটত থিয় হৈ কেনেডি পৰিয়ালৰ বিশাল সাম্ৰাজ্যৰ এটা অংশ চাই আমি সমুদ্র সৈকতলৈ গৈছিলো। ইয়াত নিৰ্জন তটভূমিৰ অভাৱ নাই। সমুদ্ৰৰ ঢৌবোৰৰ দৰেই বলিয়া বতাহে সাগৰৰ পাৰবোৰত ধুমুহাৰ সৃষ্টি কৰে। আমাৰ দৰে মানুহক উৰুৱাই নিব পৰা তাৰ দুৰন্ত শক্তি। তাৰ লগত এই জাকে কঢ়িয়াই আনিছিল বৰফৰ শীতলতা। এনে লাগিছিল যেন কলিজা গোট মাৰিব এতিয়াই। আচৰিত হৈ দেখিছিলো এনে পৰিবেশত এজন মানুহে ভুৰৰ দৰে বস্তু এছটাত উঠি ঢৌৰ সৈতে উঠা-নমা কৰি আছে। কি যে অদম্য মনোবল আৰু দুৰ্দান্ত সাহস।

 তিমি মাছ নেদেখাৰ দুখ পাতলাবলৈ জয়ে আমাক কেপকডৰ বিখ্যাত লৱষ্টাৰ খুবাবলৈ ৰেস্তোৰাঁ এখনলৈ নিছিল। দীঘল দীঘল হাতোৰাসদৃশ ঠেং থকা ডাঙৰ মিছা মাছেই লৱষ্টাৰ। দুগৰাকী পৰিচাৰিকাই লৱষ্টাৰ খাওঁতে কাপোৰ-কানি নষ্ট নহ’বলৈ প্রত্যেকৰ ডিঙিত একো একোখন প্লাচটিকৰ কাপোৰ আৰি দিলে। তাৰ পাছত সমুখলৈ আনিলে একো একোখন বিৰাট আকাৰৰ প্লেট, যিবোৰৰ ইমূৰৰ পৰা সিমূৰলৈ বিস্তৃত হৈ আছিল একো একোটা নোদোকা লৱষ্টাৰ। দুয়োখন হাত ব্যৱহাৰ নকৰিলে লৱষ্টাৰ খাব নোৱাৰি। ভদ্র সমাজত মুখখন সামান্য মেলি নিঃশব্দে খোৱাৰ ৰীতি লৱষ্টাৰ [ ১৭২ ]

কেপকডত সমুদ্ৰ যাত্ৰা

[ ১৭৩ ] খাওঁতে বৰ্জন নকৰি উপায় নাই। ঠেংবোৰৰ খোলা ভাঙি ভিতৰৰ সুস্বাদু সাহখিনি খাবলৈ প্লেটৰ কাষত ৰাখে একোখনকৈ চেপেনা। দাঁত-মুখ নিকটাই ৰাক্ষসিনীৰ দৰে লৱষ্টাৰ ভক্ষণৰ দৃশ্য জয়ে ভিডিঅ’ কেমেৰাত বন্দী কৰি নিছিল। খাই উঠাৰ পাছত কাপোৰে-কানিয়ে, চকুৱে-মুখে লৱষ্টাৰ খোৱাৰ চিন থাকি যায়, মজিয়াখনো লেতেৰা হয়। তাৰ বাবে গাঁৱলীয়া ভাৰতবাসী বুলি কোনেও কোৱা নাছিল। লৱষ্টাৰ খোৱাৰ এইটোৱে ৰীতি।

 কেপকডৰ অনতিদূৰত মাৰ্থাজ ভাইন য়াৰ্ড এটা সৰু দ্বীপ। জহকালি ছুটীৰ দিনবোৰ কটাবলৈ ইয়াত বহুত মানুহৰ সমাগম হয়। প্ৰাক্তন প্ৰেছিডেণ্ট বিল ক্লিনটনে আমেৰিকাবাসীৰ আগত মনিকা লিউনিস্কি সম্পৰ্কীয় অপৰাধ টিভিৰ মাধ্যমেৰে স্বীকাৰ কৰি পিছদিনাই পৰিয়ালৰ সৈতে নিভৃতে কটাবলৈ মাৰ্থাছ ভাইন য়াৰ্ডলৈ আহিছিল। হিলাৰী ক্লিনটন এগৰাকী নাৰীবাদী মহিলা। অনেকে ভাবিছিল বিশ্বাসঘাতকতাৰ অপৰাধত হিলাৰীয়ে ক্লিনটনক ত্যাগ কৰিব। কিন্তু তেওঁ সতীসাধ্বী তিৰোতাৰ দৰে সেইজনাৰ লগতে থাকিল। মাজে মাজে ভাবো তেওঁ ক্ষমাশীলা নে কাৰণ আন কিবা। হিলাৰী এগৰাকী উচ্চাকাংক্ষী মহিলাও। তেওঁৰ ৰাজনৈতিক জীৱনৰ লক্ষ্য হোৱাইট হাউছ। আমেৰিকাৰ প্ৰথম মহিলা প্ৰেছিডেণ্ট। সেই লক্ষ্যত উপনীত হ’বলৈ ২০০৮ চনত প্ৰেছিডেণ্টৰ পদৰ বাবে তেওঁ বাৰাক ওবামাৰ বিৰুদ্ধে নিৰ্বাচনী যুদ্ধত নামিছিল। তেওঁ নিশ্চিতভাৱে উপলব্ধি কৰিছিল যে নিজৰ আকাংক্ষা পূৰ্ণ কৰিবলৈ হ’লে বিল ক্লিনটনৰ দৰে এগৰাকী পৰিপক্ক আৰু কৰিৎকৰ্মা ৰাজনীতিকৰ সহায়ৰ প্ৰয়োজন। গতিকে এই দূৰদৰ্শী উচ্চাকাংক্ষী মহিলাগৰাকীয়ে মনিকা কাণ্ডক গুৰুত্ব সহকাৰে লোৱা নাছিল বুলি মোৰ ধাৰণা।

 হিলাৰী ৰোধাম ক্লিনটন এগৰাকী সফল আইনজীৱীও। মোৰ সঠিককৈ মনত পৰা নাই এষাৰ বাক্য তেওঁৰ আত্মজীৱনী Living History তে পঢ়িলো নে আন ক’ৰবাত। তেওঁ ওকালতি কৰিবলৈ প্ৰস্তুত হোৱাৰ সময়ত এজন নামকৰা আইনজীৱীয়ে হেনো তেওঁক কৈছিল, ‘তুমি ওকালতি কৰিব নোৱাৰিবা, কাৰণ তোমাৰ পত্নী নাই!’ কথাষাৰ তেওঁ ঠিকেই কৈছিল কিয়নো ই এনে এক জীৱিকা যে চৌবিশ ঘণ্টাই সেই কামত ব্যস্ত থাকিবলগীয়া হয়। বিবাহিতা মহিলাৰ বাবে সম্পূৰ্ণ সময় তেনে কামত ব্যয় কৰা অসম্ভৱ। ঘৰখন চম্ভালিবলৈ আৰু সফল আইনজীৱী হ’ব খোজাজনৰ আলপৈচান ধৰিবলৈ ঘৰত পত্নী থাকিলেহে সংসাৰৰ পৰা পূৰাপূৰি মুকলি হৈ কোনোবাই সফল আইনজীৱী হ’ব পাৰে। হিলাৰীৰ কপালত ‘পত্নী’ পোৱা অসম্ভৱ, এতেকে [ ১৭৪ ] উল্লিখিত আইনজীৱীগৰাকীৰ মতে তিৰোতা মানুহৰ পক্ষে ওকালতি কৰা টান। পিছে হিলাৰীহঁতৰ দৰে মহিলাৰ বাবে সকলো সম্ভৱ। মিশ্বেল ওবামাও এগৰাকী সফল আইনজীৱী। দুয়োগৰাকীৰ উপাৰ্জন স্বামীসকলতকৈ বেছি আছিল।

 দিল্লীৰ লেডী শ্ৰীৰাম কলেজৰ ছাত্ৰী অনসূয়া সেনগুপ্তই হিলাৰী ক্লিনটনক স্বৰচিত কবিতা এটা উপহাৰ দিছিল যেতিয়া তেওঁ দিল্লীলৈ আহিছিল। কবিতাটো তেওঁ আত্মজীৱনীত প্ৰকাশ কৰি অনসূয়াক বিখ্যাত কৰিছে। নাৰীবাদী কবিতাটোৰ শিৰোনাম SILENCE। কবিতাটোৱে যিকোনো অনুভূতিসম্পন্ন ব্যক্তিক আলোড়িত কৰিব।

 Too many women
 In too many countries
 Speak the same language
 Of Silence.
 We seek only to give words
 To those who can not speak
 (too many women in too many countries)
 I seek only to forget
 The sorrows of my grandmother's
 Silence.