পৃষ্ঠা:অনিমা গুহ.pdf/১৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভাৰতীয় আৰক্ষী বিষয়া এজনে কেইবা লাখ টকা আৰু কেইবা লাখ টকাৰ সোণৰ বিনিময়ত কোনোবা চহকী মানুহৰ ছোৱালীক বিয়া কৰাই ল'ৰা-ছোৱালী হোৱাৰ পাছতো শহুৰেকৰ পৰা ধন দাবী কৰিবলৈ এৰা নাছিল। তেওঁৰ পত্নীৰ মুখে শুনাৰ পাছত মই তেওঁক ক’লো— এওঁক দেখোন সন্ত্রাসবাদীৰে তুলনা কৰিব পাৰি। ভাবুকি দেখুৱাই ধন আদায় কৰাৰ পদ্ধতি দুয়োৰে হুবহু একে। দাবী কৰা টকা নিদিলে মানুহগৰাকীক হেনো ডিভোৰ্ছ কৰিব। আন এটা পৰিয়ালে হেনো আই পি এছজনে তেওঁলোকৰ ছোৱালী বিয়া কৰালে পঞ্চাশ লাখ দিবলৈ ৰেডী হৈ আছে। সকলো শুনাৰ পাছত মোৰ মানুহজনীলৈ পুতৌ উপজিল। ইতিমধ্যে তেওঁ দেউতাকৰ লগত আলোচনা কৰি ওলাই যাবলৈ সিদ্ধান্তও লৈছিল। আমি তেওঁক কৈছিলো, তেওঁৰ যেতিয়া সুবিধা আছে দিল্লীত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ ওচৰত গোচৰ তৰিবলৈ। তেওঁ গৈছিল। তাৰ পাছত তেওঁলোকৰ কি হ’ল গম নাপালো। আমি তেওঁক কৈছিলো ডিভোৰ্ছত ৰাজী নহ'বলৈ।

 নিৰ্যাতনৰ ঘটনাবোৰ নিৰ্যাতিতাৰ মুখে পোনপটীয়াকৈ যিসকলে শুনে তেওঁলোকৰ হৃদয়বোৰ কেতিয়াবা লোৰ দৰে টান কৰি ল'বলগীয়া হয়। কাৰণ সহায়কাৰী ভাগি পৰিলে সহায় কৰা কঠিন হৈ পৰে। সম্প্ৰতি মোৰ মাজত কিছু দুর্বলতা অনুভৱ কৰিছো যেন লাগিছে। বয়স বঢ়াৰ ফলতেই এই দুৰ্বলতাৰ দ্বাৰা আক্রান্ত হ'লো কিজানি। বেছি অত্যাচাৰৰ কাহিনী শুনিব নোৱৰা হ'লো।

 অলপতে এজনী নৱবিবাহিতা গাভৰু আহিছিল নিজে ভাল পাই বিয়া কৰোৱা স্বামীজনৰ চৰিত্ৰৰ বিষয়ে অভিযোগ কৰিবলৈ। তেওঁলোক অসমৰ বাহিৰত থাকে। ব্লু-ফিল্মৰ নাম শুনিছো, এনে ফিল্ম বিকৃতমনাসকলে নিৰ্মাণ কৰে আৰু বিকৃতমনাসকলেই চায়। এই ফিল্মৰো ৰমৰমীয়া ব্যৱসায় চলে গুপুতে। বিয়াৰ পাছত ছোৱালীজনীয়ে গম পালে বহু দিনৰ চিনাকি স্বামীজনে সেই জঘন্য ফিল্ম নির্মাণ কৰে আৰু অচিনাকি পুৰুষৰে সৈতে পত্নীক অন্তৰংগ হ’বলৈ দি ছবি তোলে। ছোৱালীজনীক সি নজৰবন্দী কৰি ৰাখে যেন বাহিৰৰ কাৰো সংস্পৰ্শলৈ আহিবলৈ সুযোগ নাপায়। যি কি নহওক উপায় এটা উলিয়াই তাই এদিন গুৱাহাটীলৈ আহে। স্বামীৰ দ্বাৰা নানাভাৱে নির্যাতিতা অনেকৰ হৃদয় বিদাৰক কাহিনী শুনিছো, কিন্তু এইবাৰৰ উৎপীড়িতা-লাঞ্ছিতা ছোৱালীজনীৰ কাহিনী কাৰো লগত তুলনা কৰিব নোৱাৰি। অলপো লুক-ঢাক নকৰাকৈ তাই যিদৰে নিজকে মেলি ধৰিলে যে শুনি মোৰ মূৰটো ঘূৰাবলৈ ধৰিছিল। সহ্য কৰিব নোৱাৰি মাকৰ লগত অহা ছোৱালীজনীক কেৱল ক’লো— Stop it, আৰু শুনিব

১৯৪/ বাকীছোৱা জীৱন