সমললৈ যাওক

ফকৰা যোজনা সূচী শ-ক্ষ

ৱিকিউৎসৰ পৰা

এই পৃষ্ঠাত শ-ষ-স-হ-ক্ষ-ৰে আৰম্ভ হোৱা ফকৰা যোজনা সমূহৰ তালিকা যুগুত কৰা হৈছে। ফকৰা-যোজনাৰ সংকলনটো সম্পূৰ্ণ নহ'লেও যথেষ্ট প্ৰতিনিধিমূলক আৰু বিষয়টোৰ বিষয়ে ভালদৰে আভাষ দিয়ে।

ফকৰা যোজনাৰ সংগ্ৰহ

[সম্পাদনা কৰক]
বৰ্ণানুক্ৰমিক সূচী : অ-ঈ উ-ঔ ক-ঙ চ-ঞ
ট-ণ ত-ন প-ম য-ৱ শ-ক্ষ


  1. সময়ৰ টিকনি আগফালে উৰে
  2. সময়ৰ শৰ সময়ত মাৰিবা: যি সময়ত যি কাম কৰিব লগা আছে, সেই সময়তেই সেই কাম কৰিব লাগে, সময়ত নকৰি পিছলৈ পেলাই থলে বিপদত পৰিবলগা হব পাৰে।
  3. সৰুৱে পানী পেলাই, ডাঙৰে পিছল খাই: সৰু ল'ৰা-ছোৱালীয়ে কৰা দোষৰ শাস্তি সিহঁতৰ অভিভাৱকে পায়।
  4. সান্দহ খোৱা বালি তল যোৱা
  5. সাপ মাৰি নেগুৰত বিষ এৰা
  6. সৰিয়হৰ ডুলিত ভূত
  7. সন্ধিৰ বাঁহ বুদ্ধিৰে কটা
  8. সকলো চৰাইয়ে মাছ খায়, মাছৰোকাৰ নাম ৰয়: মাছৰোকা এবিধ বিশেষ মাছখোৱা চৰাই । কিন্তু দেখা যায় যে অন্য চৰায়ে মাছ খালেও কেৱল মাছৰোকাৰ নামহে কোৱা হয় । অৰ্থাৎ সকলো মানুহে দোষ কৰে কিন্তু বিশেষ কোনো ব্যক্তিকহে তাৰ বাবে জগৰ ধৰে।
  9. সকলো জিলিকা বস্তু সোণ নহয়
  10. সাগৰেদি উটি যায় শংখ, নেগুৰিয়া শামুকে কয় ময়ো তাৰে বংশ
  11. সাত পুৰুষত নহ'ল গাই, কঁৰীয়া লৈ খীৰাবলৈ যায়: সাধাৰণতে ফুটনি মৰা মানুহৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। কোনো মানুহৰ সামান্য কাম এটা কৰাৰোঁ সক্ষমতা নাথাকে কিন্তু আনক দেখুৱাই ডাঙৰ ডাঙত কাম কৰাৰ কথা কয়। অৰ্থাৎ ঘৰত গাই-গৰু নথকাকৈয়ে গাখীৰ খিৰাবলৈ যোৱাৰ দৰে কথা।
  12. সাতে পাতল, পাছে ঘন, ছয়ে তামোল, নদন-বদন
  13. সাত পো বাৰ নাতি, তেহে কৰিবা কুঁহিয়াৰ খেতি
  14. সু জল বৰিষণা, সু মত্স্য দৰিকণা
  15. সু তিৰী ফেদেলী, সু ফল কদলী
  16. সাতোৰ সাতোৰ নিজ বাহু বলে, সাতুৰিব নোৱাৰিলে যা ৰসাতলে: পানীত পৰি সাতোৰিব নোৱাৰিলে মৃত্যু নিশ্চিত। অৰ্থাৎ নিজৰ বাহু বলে কোনো কাম কৰিব নোৱাৰি আনৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে একো ফল লাভ কৰিব নোৱাৰি।
  17. সাপে নাপাহৰে ককালৰ কোব, মাকে নাপাহৰে পুত্ৰৰ শোক: সাধাৰণতে সাপৰ স্মৃতি শক্তি অতি প্ৰখৰ। কোনোবা ব্যক্তিয়ে সাপক অনিষ্ট কৰিলে সেই ব্যক্তি জনক কেতিয়াও নাপাহৰে আৰু আক্ৰমণ কৰিবৰ কাৰণে প্ৰস্তুত হৈ থাকে। একেদৰে মাকৰ বাবে পুত্ৰত মৃত্যু কেতিয়াও পাহৰিব নোৱাৰা শোক। অৰ্থাৎ কোনোবা ব্যক্তিক আমি এবাৰ অপকাৰ কৰিলে সেই ব্যক্তিজনে যিমান ভাল হ'লেও সদায় মনৰ মাজত এটা ক্ষোভ ৰাখি থয় আৰু সুবিধা পালে অন্যায় কৰিবলৈ নাপাহৰে।
  18. সাপৰ লেখা, বাঘৰ দেখা
  19. সাপ হৈ খোটা, বেজ হৈ জৰা: নিজেই অন্যায় কৰি শেষত ভালৰি লগাবলৈ বা আনক দেখুৱাবলৈ তাৰ প্ৰতিকাৰৰ ব্যৱস্থা কৰা।
  20. সেই ৰামো নাই, সেই অযোধ্যাও নাই: এজন ভাল ব্যক্তিয়ে এটা ভাল পৰিবেশো সৃষ্টি কৰে। কিন্তু তেওঁৰ মৃত্যুৰ লগে লগে চাৰিওফালৰ পৰিবেশটোও এলাগি হৈ পৰে। অৰ্থাৎ কোনো ভাল বস্তুৰ লগতে তাৰ চাৰিওফালৰ আনুষাঙ্গিক বিষয়বস্তু বিলাকো শেষ হৈ যায়।
  21. সীতা থাকিবলৈ ৰামো থাকিব লাগিব
  22. সোণ বেছি দৰিদ্ৰ হোৱা: এসময়ত ধণ সম্পত্তি আছিল, কিন্তু কালক্ৰমত দুখীয়া হৈ যোৱা।
  23. সোণত সুৱগা চৰা
  24. সমানে সমানে কৰিবা কাজ, হাৰিলে জিকিলে নাই লাজ: সাধাৰণতে ৰণত হৰা জিকা থাকেই, কিন্তু নিজতকৈ শ্ৰেষ্ঠজনৰ লগত বা দুৰ্বলজনৰ লগত হৰা জিকা হ'লে কোনেও আত্মসন্তুষ্টি লাভ কৰিব নোৱাৰে। অৰ্থাৎ নিজৰ সমকক্ষ ব্যক্তিজনৰ লগত কাম কৰি, নিজৰ যোগ্যতা প্ৰতিপন্ন কৰি হৰা জিকা হ'লে কোনেও কাকো দোষ দিব নোৱাৰে বা আনৰ ওচৰতো লাজ পাব নোৱাৰে।
  25. সময়ৰ টিকনি সদায় আগফালে: সাধাৰণতে মানুহৰ টিকনি পাছফালে থাকে আৰু তাত সহজতে ধৰি মানুহক ৰখাব পাৰি। কিন্তু আগফালে থকা হ'লে কোনেও সেই কাম কৰিব নোৱাৰিলেহেঁতেন। একেদৰে সময়ৰ টিকনিডাল আগফালে থকা বাবে সময়ৰ গতিক কোনেও ধৰি ৰাখিব নোৱাৰে। অৰ্থাৎ আমি সময় থাকোতেই সকলোঁ কাম কৰা উচিত। ইয়াত টিকনি-ক কেৱল ধৰি ৰখাৰ সুবিধাজনক আহিলাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছে।
  26. সিয়নীত শুৱা, ভটিয়নি পানীত যোৱা: পানীৰ সোঁতৰ লগত সাধাৰণতে মিলি যাবলৈ সহজ। তাৰ বাবে বেছি কষ্ট কৰিব নালাগে। অৰ্থাৎ বুদ্ধিৰে সহজ ব্যৱস্থা গ্ৰহণ কৰি চলি থকা।
    আনহাতে সিয়নীত শুৱা কথাষাৰৰ লগতো এটা সাধুকথা জড়িত হৈ আছে। এবাৰ তিনিজন ককাই-ভাইৰ মাজত সম্পত্তিৰ ভাগ কৰিব লগা হ'ল। সম্পত্তিৰ নামত এখন কম্বল আৰু এযোৰ বেজি-সূঁতা। কোনে কি ল'ব ভাবি থাকোতে আটাইতকৈ বুদ্ধিয়ক জনে গুলি-সূঁতা ল'লে আৰু বাকি দুজনক কম্বলখন ফালি ল'ব ক'লে। সেই মতে কাম হ'ল। কিন্তু ৰাতি ফটা কম্বল দুখন লৈ দুজনে টানি-টানি শুই থাকিল। কিন্তু বুদ্ধিয়কজনে দুয়োজনৰ মাজত শুবলৈ সোমাই বেজি-সূঁতাৰে দুয়োখন চিলাই আৰামত শুই থাকিল।
  27. স্থান এৰিলে মান যায়: নিজৰ থকা ঠাই এৰিলে সেই ঠাইত ইমান দিনে আৰ্জন কৰা মানো এৰিব লাগে, কাৰণ নতুন ঠাইৰ মানুহে আপোনাৰ বিষয়ে নাজানে।
[ ওপৰলৈ যাওক]
  1. শ পাপে জ্বৰ, হাজাৰ পাপে খৰ: ভগবানে আপোনাৰ পাপৰ হিচাপ সৰু সৰু ৰোগৰ দ্বাৰা দিয়ে।
  2. শালৰ মাজত শিঙি ওলোৱা
  3. শাল শিঙৰি কহিৰৰ এফাল, ইকৰাই বোলে নিতিতিলে নুশূকালে মইও যাও কত কাল: নিৰ্মাণ সামগ্ৰী হিচাবে ইকৰা একেবাৰে দুৰ্বল, কিন্তু ঠিকভাবে ৰ’দ-বৰষুণৰ পৰা বছালে ইও বহুদিন যায়।
  4. শেনটো হৈ গৈ ফেঁচাটো হৈ ঘূৰি অহা: দম্ভালি মাৰি কিবা কাম এটা কৰিম বুলি গৈ বিফল হৈ ঘূৰি অহা।
  5. শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে: কিবা এটা পাবলে হলে কাম কৰিব লাগিব।
  6. শগুনৰ শাৱত বুঢ়া গৰু নমৰে : শগুনৰ খাদ্য হ’ল মৰা গৰু ছাগলী। যিমান গৰু মৰে শগুনৰ লাভ, কিন্তু গৰু মৰক বুলি ভাবিলেও গৰু নমৰিব পাৰে। অৰ্থাৎ নিজৰ হিতৰ বাবে আনৰ অহিত চিন্তা কৰা অযুগুত।
  7. শাকত নাখাই লোণ, পিটিকাত যায় তিনিগুণ: সৰু সৰু খৰছ এৰাব চেষ্টা কৰা, কিন্তু ডাঙৰ খৰছ কৰা।
    আগৰ দিনত লোণ বহুমূল্য সামগ্ৰী আছিল, যিহেতু ইয়াক অসমত পোৱা নগৈছিল সেই বাবে বাহিৰৰ পৰা আমদানী কৰা হৈছিল। সেয়েহে লোণ কমকৈ ব্যৱহাৰ কৰিবলৈ শাকত লোণ নিদিয়াকে বনোৱা হল, কিন্তু পিটিকা লোণ নোহোৱাকে খাব নোৱাৰা কাৰণে তাত লোণ দিব লগা হল, এতিয়া শাকত যিমান লোণ লাগিলহৈ পিটিকাত তাতকৈ বেছি লোণ লাগিব।
  8. শাহু-বোৱাৰীৰ ঘৰ, কোনে খালে দৈ-সৰ: শাহু বোৱাৰীৰ মাজত দ্বন্দ্ব যিকোনো সৰু সৰু কাৰণতে হয়। ঘৰখনত কোনো এটা বস্তু ইফাল সিফাল হ'লেও সাধাৰণতে শাহু-বোৱাৰীয়ে পৰস্পৰক সন্দেহৰ দৃষ্টিৰে চায়।
  9. শিয়ালৰ জাক জাক, সিংহৰ এটাই যথেষ্ট: সিংহ যথেষ্ট শক্তিশালী চিকাৰী প্ৰাণী, ইয়াক বনৰ সকলো জন্তুৱেই ভয় কৰে, আনহাতে শিয়ালে নিজে চিকাৰ নকৰে, আনে চিকাৰ কৰি খাই এৰি থৈ যোৱা মাংস খায়। বহুকেইটা শিয়াল একেলগে থাকিলেও অকলশৰীয়া সিংহ এটাকে ভয় কৰে। অৰ্থাৎ বহুকেইজন সাধাৰণ মানুহ থকাতকৈ এজন শক্তিশালী মানুহেই যথেষ্ট।
  10. শত্ৰু জ্ঞান কৰি বান্ধিবা, মিত্ৰ জ্ঞান কৰি নিবা : শস্য খালৈ অহা গৰু-ছাগলীক শত্ৰুৰ ঘৰৰ বুলি ভাবি লৈ বান্ধি ৰাখিলেও সেইবোৰ মোকলাই দিবৰ সময়ত দ্বন্দ খৰ্য়াল কৰা অযুগুত।
  11. শুনা কথাত নিদিবা কাণ, দেখিলেও লবা তিনিটা প্ৰমান
  12. শুকান জেওৰা খৰিৰ ৰস চেপি উলিওৱা : অত্যাচাৰী, নিৰ্দয় শোষকে দুখীয়া বা নিঃকিন জনৰ পৰাও কৰ-কাটল, ধন টকা আদায় কৰা কাৰ্যক তুলনা কৰা হৈছে।
  13. শূণ্যত গদা ঘূৰোৱা বীৰ: দূৰৰ পৰা হুঙ্কাৰ কৰি আচল যুদ্ধলৈ যাবলৈ ভয় কৰা লোক।
[ ওপৰলৈ যাওক]
  1. হাতীয়ে খায় যিমান লাডেও সিমান: প্ৰত্যেকেই নিজৰ সামৰ্থ আৰু যোগ্যতা অনুসৰি খৰচ কৰিব লাগে।
  2. হাতত নাই কণটো, বৰ সবাহলৈ মনটো: হাতত ফুটাকড়ি এটাও নোহোৱাকে ডাঙৰ কামলৈ মন মেলা স্বভাৱ। মনৰ অলিক কল্পনা।
  3. হাতৰ কুঠাৰ ভৰিত মাৰ: নিজেই নিজৰ অপকাৰ কৰা।
  4. হাতী চোৰ আগে আগে যায় বেঙেনা চোৰক ধৰি কিলায়: হাতী চোৰেই হওক বা বেঙেনা চোৰেই হওক সকলোৱেই অপৰাধী। কিন্তু ডাঙৰ অপৰাধী কিবা প্ৰকাৰে সাৰি যায় আৰু ধৰা নপৰে, কিন্তু সৰু-সুৰা অপৰাধীবোৰ হে ধৰা পৰে।
  5. হাবিৰ জুই দেখি, মনৰ জুই নেদেখি: হাবিত জুই লাগিলে সকলোৱে দেখা পাই, কিন্তু মানুহৰ অন্তৰত থকা দুখঃ কষ্ট বাহিৰৰ পৰা কোনেও উমান পাব নোৱাৰে।
  6. হাৰ নাইকিয়া জিভা, কয় কিবা কিবা: নকবলগিয়া কঠা এটা কৈ পিছত জিভা পিছলা বুলি কোৱা।
  7. হাৰত বন গজা: বহু পুৰণি হোৱা।
  8. হাঁহ চোৰৰ মুৰত পাখী, কঠাল চোৰৰ আঠায়ে সাক্ষী: হাঁহ চোৰ কৰিবলৈ যাওঁতে ক'ব নোৱাৰাকৈয়ে ক'ৰবাত পাখী লাগি থাকে আৰু কঠাল খাওতে মুখত কিবা প্ৰকাৰে আঠা লাগিবই। অৰ্থাৎ কিবা অপকৰ্ম কৰাৰ পিছত কৰবাত নহয় কৰবাত চিন থাকি যায়।
  9. হাঁহৰ ওপৰত শিয়াল ৰজা: প্ৰতিজন দুৰ্বল ব্যক্তিৰ ওপৰত সেই জনতকৈ অলপ সবল ব্যক্তিজনে নিজৰ ক্ষমতা প্ৰতিপন্ন কৰা।
  10. হব চলি, বুলিব বাপ, তেহে গুচিব মনৰ তাপ
  11. হৰিণাৰ মাংসই বৈৰী: হৰিণাৰ মাংস অতি উত্তম মাংস। সেই মাংসৰ কাৰণেই হৰিণা সহজতে চিকাৰীৰ চিকাৰত পৰে। এতেকে কেতিয়াবা কোনো মানুহৰ নিজস্ব ধন-সম্পত্তিয়েই নিজৰ বিপদ নমায় আনে।
  12. হলা গছ দেখিলে সকলোৱে বাগি কুঠাৰ মাৰে: গছ হালি থকিলে কাটি তাক বগৰাবলৈ সহজ হয়। আনহাতে তাৰ বাবে বেছি কষ্ট কৰিবও নালাগে। সেই দৰে কোনো দুৰ্বলি লোকক তাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহন কৰি সকলোৱে অপকাৰ কৰিবলৈ আগবাঢ়ে।
  13. হস্তিৰো পিছলে পাৱ, সজ্জনৰো বুৰে নাৱ: ডাঙৰ বা মহৎ লোকৰো কেতিয়াবা কোনো কথাত ভুল হ'ব পাৰে।
  14. হস্তিৰো লাড দেখি শহাই ফাৰে পাৱ: আনৰ উন্নতি, সুখ, আনন্দ দেখি নিজৰ সক্ষমতালৈ নাচাই তাক জোৰ কৰি পাব বিচাৰি নিজে কষ্ট পোৱা।
  15. হয় পো মুখে, নহয় পো গুফে, হয় পো ধনী, নহয় পো লনি: ইয়াত এজন পুৰুষৰ চাৰিটা গুণ থাকিলে কেতিয়াও বিপদত নপৰাৰ কথা প্ৰকাশ কৰিছে। যদি এজন মানুহে সুন্দৰ কথা ক'ব পাৰে, নাইবা গুফযুক্ত অৰ্থাৎ পৌৰষত্ব থাকে, যদি ধনী হয় নাইবা দেখিবলৈ সুন্দৰ হয় তেনে হ'লে তেও যিকোনো এটা গুণ কাৰ্য্যত খটোৱাই নিজৰ বংশ ৰক্ষা কৰিব পাৰিব।
  16. হাঁহেৰেও ৰাজী, মাঁহেৰেও ৰাজী: যিকোনো কথাতে সন্তুষ্ট হোৱা।
  17. হুলেৰেহে হুল কাঢ়িব পাৰি: কাৰোবাক পৰাস্ত্ৰ কৰিব হলে তাৰ সমানেই শক্তি থাকিব লাগে।
[ ওপৰলৈ যাওক]