ফকৰা যোজনা সূচী প-ম

ৱিকিউৎসৰ পৰা

এই পৃষ্ঠাত প-ফ-ব-ভ-ম-ৰে আৰম্ভ হোৱা ফকৰা যোজনা সমূহৰ তালিকা যুগুত কৰা হৈছে। ফকৰা-যোজনাৰ সংকলনটো সম্পূৰ্ণ নহ'লেও যথেষ্ট প্ৰতিনিধিমূলক আৰু বিষয়টোৰ বিষয়ে ভালদৰে আভাষ দিয়ে।

ফকৰা যোজনাৰ সংগ্ৰহ[সম্পাদনা কৰক]

বৰ্ণানুক্ৰমিক সূচী : অ-ঈ উ-ঔ ক-ঙ চ-ঞ
ট-ণ ত-ন প-ম য-ৱ শ-ক্ষ

[সম্পাদনা কৰক]

  1. পাপীৰ লগত যমদূতৰ শাস্তি: অপৰাধীৰ লগত আৰক্ষীৰ লোকেও শাস্তি খাব লাগে।
  2. পাগলে নকয় কি, ছাগলে নাখাই কি
  3. পানীত হাঁহ নচৰা অৱস্থা
  4. পাপীৰ পিঠাত মন
  5. পৰ্বতত কাছৰ কণী বিচৰা
  6. পৰৰ পালে জ্বৰৰ গাৰে খোৱা
  7. পৰৰ মূৰত কঁঠাল ভঙা
  8. পোৱতিয়েহে জানে প্ৰসৱ বেদনা কি
  9. পথাৰৰ মাজৰ মুঢ়া, যৰে পৰা চোৱা তৰে পৰাই পোন
  10. পুহত কল, মাঘত জল, তেহে পাবা গাত বল
  11. পঢ়ে পঢ়াই ৰোৱে পাণ, এই তিনিয়ে নিচিন্তে আন: ছাত্ৰই পঢ়াৰ বাহিৰে বেলেগ একো নকৰে, শিক্ষকে পঢ়োৱাত নিমগ্ন থাকে, খেতিয়কে খেতিৰ বাহিৰে বেলেগ চিন্তা নকৰে, অৰ্থাৎ যাৰ যি কাম তাতে ব্যস্ত থকা।
  12. পঢ়িবা শুনিবা পাইবা দুখে, মৎস্য মাৰিবা খাইবা সুখে
  13. পৰুৱাৰ পাখি গজে মৰিবলৈ: নিজৰ ক্ষমতাতকৈ বেছি কাম কৰিব গলে বিপদত পৰিব পাৰে।
[ ওপৰলৈ যাওক]

[সম্পাদনা কৰক]

  1. ফটা বাঁহ জোৰা নালাগে
  2. ফটা কঁথা তিতে মানে গালৈহে গধুৰ
  3. ফিৰিঙতিত খাণ্ডৱ দাহ
  4. ফুটা কলহৰ মাত সাৰ
  5. ফেউৰাৰ মাতত সিংহই উভতি নাচাই
  6. ফোপযহী ৰঙাই, এদোন ধানৰ পিঠা খুন্দি গোটেই গাঁওখনকে জনাই
  7. ফটা হওক চিতা হওক পাটৰ টঙালি, কণা হওক কুঁজা হওক ভূঞাৰ পোৱালি
  8. ফল খাই পানী, যমে নিয়ে টানি
  9. ফাল চাচোঁতেই মাঁহৰ বতৰ যোৱা
[ ওপৰলৈ যাওক]

[সম্পাদনা কৰক]

  1. বাজিব লাগে হাচতি, বাজে টেমি কটাৰি: হাচটিত থকা টেমি-কটাৰী আদি নাবাজি হাচটিখন বজা অৰ্থাৎ কথা ক'ব লাগে ব্যক্তিজনে নকৈ তেওঁৰ সমৰ্থনত অন্য ব্যক্তিয়ে অনৰ্থকভাৱে কথা কৈ থকা৷
  2. বন্ধু চিনিবা বিপদৰ বেলা: বিপদত পৰিলেহে কোন প্ৰকৃত বন্ধু তাক চিনিব পাৰি, কিয়নো ভাল সময়ত সকলোৱে ভালদৰেই বন্ধুত্ব দেখুৱাই।
  3. বান্দৰে কি বুজে নাৰিকলৰ মোল: নাৰিকলটো বাহিৰৰ পৰা দেখিবলৈ ভাল নহয়, কিন্তু ভিতৰতহে সুস্বাদু নাৰিকল থাকে, বান্দৰবোৰে কথাটো নাজানি নাৰিকল পালেও পেলাই দিয়ে। অৰ্থাৎ সকলোৱে মূল্যবান বস্তুৰ মূল্য নুবুজে।
  4. বান্দৰৰ তিনিটা কণী, নিতৌ উলিয়াই নিতৌ সুমুৱাই ডালৰ ফেৰেঙনিত বহি
  5. বাপৰ ধনে নাটে আৰু পাপৰ ধনে নাটে
  6. বাছৰ আগত, ঘোঁৰাৰ পাছত: বিপদজনক ঠাই।
  7. বাঘৰ নেজেৰে কাণ খজুৱা
  8. বাঘৰ আগতেল খোৱা
  9. বাঘৰ আগত ছাগৰ অগা-ডেৱা
  10. বাৰ হাত জালৰ তেৰ হাত ফটা, ভাল মাৰিলি বাপৰ বেটা, ৰৌ-বৰালি সৰকি গ’ল, পুঠি-খলিহনা পাহে পাহে ৰ’ল
  11. বনৰ বাঘে নখায়, মনৰ বাঘেহে খায়: ভয়ৰ কাৰণেহে বিপদ হয়।
  12. বাওনা হৈ চন্দ্ৰলৈ হাত মেলা: চুটি-চাপৰ মানুহে ওখত থকা বস্তু হাতেৰে ঢুকি নেপায়৷ এই যোজনাটোৰে অসম্ভৱ কামৰ হাবিয়াস কৰাৰ কথা বুজোৱা হয়৷
  13. বুঢ়া শালিকাই মাত লোৱা
  14. বিনা মেঘে বজ্ৰপাত
  15. বাটৰ কচু গাত ঘঁহি লোৱা
  16. বাৰীৰ ঘাঁহ গোহালিৰ গৰুৰ ৰাহি-যোৰা নাহে
  17. বাহিৰে ৰং-চং ভিতৰি কোৱা-ভাতুৰী: কোৱাভাতুৰী এবিধ লতাৰ ফল, সি পকিলে তাৰ বাহিৰ ভাগ দেখাত সুন্দৰ হয়, কিন্তু ভিতৰৰ ফাল কাউৰীৰ পাখিৰ দৰে ক'লা হয়। ইয়াৰ দ্বাৰা বুজাব খোজা হৈছে যে, কোনো বস্তু বা ব্যক্তিৰ বাহ্যিকতা দেখি তেওঁৰ গুণাগুণ নিৰূপণ কৰিব নোৱাৰি৷
  18. বাহৰ পৰা উৰিল কাউৰী, পাৰিলহি কুলিয়ে কণী তিনি
  19. বিপদত কুকুৰেও মৈ টানে
  20. বেঁকাকৈ পদুলি, চিকুনকৈ নঙলা, কেতিয়াও সেই ঘৰ নহয় বৰলা
  21. বেছি মেঘে গাজিলে বৰষুণ নিদিযে
  22. বেজিৰ জলঙা মনে, কুঠাৰৰ জলঙা নমনে
  23. বেজৰ নাকত খৰ
  24. বেটিয়ে ভাঙিলে কটৰা, গড়গাঁও পালেহি বতৰা, ঘৈণীয়ে ভাঙিলে কাহী, ঠলে মিচিকাই হাঁহি: বেটি মানে কাম কৰা ছোৱালিয়ে কটৰা ভাঙিলেও সকলোকে কৈ ফুৰা, কিন্তু ঘৈণীয়েকে কাঁহী ভাঙিলেও মনে মনে থকা। অৰ্থাৎ নিজৰ আপোন মানুহৰ ডাঙৰ দোষকো লুকুৱাই ৰাখি আনৰ সৰু দোষকে কৈ ফুৰা৷
  25. বেতনিত ঔ পৰিল, গোবিন্দায় নমঃ: সাধাৰণতে বেতঁনিৰ কাষত ঔ-টেঙাৰ গছ থকা দেখা যায় আৰু ঔ-টেঙা পাৰোঁতে সি যদি বেতঁনিত পৰে তেন্তে তাক তাতে বিসৰ্জন দিয়াৰ বাদে অন্য উপায় নাথাকে (যেনেদৰে যজ্ঞত আহুতি দিয়াৰ সময়ত 'গোবিন্দাই নমঃ' বুলি একেবাৰে বিসৰ্জন দিয়া হয়)৷ ইয়াৰ অৰ্থ হ'ল কোনো এটা কাম বা বস্তু পুনৰ আৰম্ভ বা প্ৰাপ্ত কৰিব নোৱাৰাকৈ শেষ হোৱা৷
  26. বোকাতহে পদুম ফুল ফুলে
  27. বোৱাৰী আনিবা দিনটোৰ বাটত, গৰু আনিবা ৰিংটোৰ বাটত: ওচৰৰ ঘৰৰ পৰা ছোৱালী বিয়া কৰাই আনিলে ঘনে ঘনে মাকৰ ঘৰলৈ গৈ থাকিব, সেয়েহে দুৰৈৰ ঘৰৰ পৰা (যলৈ এদিনৰ বাট) বিয়া কৰাব লাগে। আনহাতে গৰু কিনিলে ওচৰৰ ঘৰৰ পৰা কিনিব লাগে, যাতে বাট ভুল কৰি আগৰ ঘৰলৈ গলেও সহজে বিচাৰি আনিব পাৰি।
  28. বলে নোৱাৰা শিলক পৰি নমস্কাৰ
  29. বহিব জানিলে মাটিয়েই পিৰা, খাব জানিলে চাউলেই চিৰা
  30. বুঢ়াৰ কথা নুশুন ডেকা, টানত পৰি কিয় কেকা?
  31. বুজাক বুজাবা আকাৰে ঈঙ্গিতে, নুবুজাক বুজাবা হালোৱা এছাৰিৰে
  32. বৰাৰ ঘৰত তৰাৰ গাঁঠি বৰানো থাকিব কেই ৰাতি: তৰাৰ গাঁঠিৰেই মানুহ থাকিব পৰাকৈ কেইদিনমানলৈ এটা ঘৰৰ প্ৰয়োজনীয় গাঁঠিসমূহ দিব পাৰি আৰু সেই কথা অস্থায়িভাৱে থকা মানুহজনে ধৰিব নোৱাৰে ৷ কিন্তু সি চিৰস্থায়ী নহয় ৷ অৰ্থাৎ ক্ষন্তেকিয়া আলহীৰ নিমিত্তে চকুত ভাল লগাকৈ কোনো কাৰ্য্য কৰি মনত সন্তোষ দিয়া ব্যৱস্থা৷
  33. বামত বাম ৰজা, পোটা পুখুৰিত বাকেই ৰজা: নিজৰ নিজৰ ঠাইত সকলোৱে ৰজা।
  34. বাতি খালে আটি যায়, লুকাই খালে ঢুকাই যায়: সকলোৰে লগত মিলিজুলি উপভোগ কৰিলে সকলোৱে ভাগ পায়, আনহাতে অকলে উপভোগ কৰিব চেষ্টা কৰিলে নিজলৈকো নাটে।
  35. বাৰিৰ পুখুৰি সিচোতেও দুই চাৰিজনক শিঙিয়ে বিন্ধে: একবাৰে সাধাৰণ কামতো অলপ হলেও বিপদ থাকিব পাৰে।
[ ওপৰলৈ যাওক]

[সম্পাদনা কৰক]

  1. ভৰালত নাই কণটো, বৰসবাহলৈ মনটো: সীমিত সম্পদৰ গৰাকী হোৱা সত্ত্বেও মনত ডাঙৰ আকাংক্ষা পুহি ৰখা।
  2. ভুকুতে কলটো নপকে: সকলো কাৰ্য্য সম্পূৰ্ণ হোৱাৰ এটা সময় থাকে, তাকে নামানি অসময়ত ফলাফল বিচৰা অফলপ্ৰসূ হয়।
  3. ভুৰুকাত হাতী ভৰোৱা: বিশালাকাৰ একোটা বিষয় অতি সংক্ষেপে প্ৰকাশ কৰা, যেন চূণৰ সৰু টেমি এটাত হাতী এটাহে ভৰোৱা হৈছে৷
  4. ভুতৰ মুখত ৰাম নাম: কাৰোবাৰ চৰিত্ৰ বা ব্যক্তিত্বৰ লগত খাপ নোখোৱা ধৰণৰ কথা কাণ্ড।
  5. ভাতত নাখাই লোণ, পিটিকাত যায় তিনিগুণ
  6. ভয়ত ভগৱন্ত পলায়, কিললৈ বাসুদেউ ডৰায়
  7. ভাতৰ তিতা খাব পাৰি, মাতৰ তিতা খাব নোৱাৰি
  8. ভাল ভাল ঘোৰাই নাপাই ঘাঁহ, বটুৱা ঘোৰাই বিচাৰে মাহ
  9. ভালুকৰ ওলোটা খোজ: অসম্ভৱ ঘটনা।
  10. ভালে পায় ভাল, জাবৰে পায় খাল
  11. ভবা কথা নহয় সিদ্ধি, বাটত আছে কনা বিধি
[ ওপৰলৈ যাওক]

[সম্পাদনা কৰক]

  1. মৰে উৰুলিপুঙা, মৰে পদূলিশুঙা, মৰে অলপ পানীৰ মাছ
  2. মাউখে উতিলে গুৰি পৰুৱাৰ মৰণ নাই: একতা থাকিলে কোনো জনসমূহ বিপদত নপৰে।
  3. মাকতকৈ জীয়েক কাজী, ঢেঁকীথোৰা লৈ বাতে পাজী: মাকক সাধাৰণতে জীয়েকতকৈ সকলো বিষয়তে বেছি অভিজ্ঞ বুলি ধৰা হয়, কিন্তু জীয়েকে জনা দেখুৱাই পটাৰ সলনি মছলা বটিবলৈ ঢেঁকীথোৰা ব্যৱহাৰ কৰা অৰ্থাৎ অলপ জ্ঞান থকা বিষয় বস্তুৰ ওপৰত বেচি জনা দেখুওৱা৷
  4. মাছত বতিয়া আৰু মানুহত কটিয়া, ইহতৰ পৰা অলপ বাছি থাকিবা
  5. মাজ মুৰত নাই চুলি, গিৰিয়েকে মাতে ৰূপহী বুলি
  6. মাতিলে ৰণলৈও যাবা, নামাতিলে ভোজলৈও নাযাবা: আমন্ত্ৰণ জনালে ৰণলৈও যাবলৈ সংকোচ কৰিব নালাগে, কিয়নো এমে কৰিলে সন্মান পোৱা যায়৷ কিন্তু নামাতিলে ভোজ-ভাত খবলৈও যাব নালাগে, ইয়াত আত্ম-সন্মান হানি হ’ব পাৰে৷
  7. মাছে বোলে মাতে পানীয়ে দুই কোৱাৰি ভেটে: কোনো কথা ক'ব পৰাৰ উপযুক্ত যুক্তি থকাৰ পিছতো পাৰিপাৰ্শ্বিক পৰিবেশৰ বাবে ক'ব নোৱাৰা অৱস্থা৷
  8. মাছ বুলি নাখাই জীজী বুলি খায়: কোনো এটা বস্তু পোণ-পটিয়া ভাবে নলৈ আন অজুহাতত লোৱা৷ যেনে পোণ-পটিয়া ভাবে ভেটি নোলোৱা, কিন্তু আন প্ৰকাৰে লোৱা৷
  9. মাছৰ কেঁচা, চাহৰ চেঁচা: অখাদ্য।
  10. মামা বাৰীৰ কলি গাই, এক পিয়ন দি মৰি যায়
  11. মানুহটোৱে প্ৰতি মনটো, ধানটোৱে প্ৰতি কণটো: প্ৰতিটো ধানৰ ভিতৰত একোটাকৈ কণ থকাৰ দৰে প্ৰতিজন মানুহৰ নিজস্ব মন একোটা থাকে। অৰ্থাৎ এজনৰ ভাৱধাৰা আন এজনৰ লগত নিমিলিবও পাৰে।
  12. মোল্লাৰ দৌৰ মছজিদলৈ
  13. মন থাকিলে চন, বাকৰি মাটিতো ধন: কষ্ট কৰিলে যিদৰে ছন পৰা মাটিত শস্য উৎপাদন কৰিব পাৰি, সেইদৰে মনৰ দৃহতা থাকিলে যিকোনো কঠিন কামেই সমাধান কৰিব পাৰি ।
  14. ম’হতকৈ শিং চৰা
  15. মাছৰ তেলেৰে মাছ ভজা
  16. মাখিৰ মুৰৰ ঘী কাঢ়ি খোৱা
  17. মেকুৰিৰ ডিঙিত টিলিঙা অৰা
  18. মৰে উৰুলি পুঙা, মৰে পদুলি শুঙা
  19. মুৰত থলে ওকনিয়ে খায়, মাটিত থলে পৰুৱাই খায়
  20. মহন্তৰ চিন মাহনিত, বুঢ়া গৰুৰ চিন ঘাহঁনিত: এজন মহন্ত আচলতে কিমান মহৎ, তেওঁ মাহনী এখনৰ মাজেৰে নিঃসংগে লোভনীয় মাহ চিঙি নোখোৱাকৈ পাৰ হৈ যাব পাৰেনে তাতেই ধৰা পৰে। এতেকে এজন মানুহ কিমান মহৎ, তেওঁ সুবিধা থকা সত্তেও লোভ সংযম কৰিব পাৰিলেহে ধৰা পাৰে।
  21. মহৰ আগত বজাও টোকাৰি, মহে ঘাহ খায় মুৰ জোকাৰি
  22. মূৰ্খ বন্ধুতকৈ জ্ঞানী শত্ৰুৱেই ভাল
  23. মূৰ্খই থেকি শিকে, জ্ঞানীয়ে দেখি শিকে: মূৰ্খ মানুহে নিজৰ ভুলৰ পৰা শিকে, আনহাতে জ্ঞানী মানুহে আনৰ ভুল দেখি শিকে।
  24. মাহৰ মাৰ দেখি তিলে বেট মেলা: আনক সোধ-পোছ কৰা দেখি ভয়তে নিজে নিজে দোষ স্বীকাৰ কৰা।
  25. মিছা কথাৰ ঠেং চুটি: মিছা কথা বেছিদিন নিতিকে।
[ ওপৰলৈ যাওক]