ফকৰা যোজনা সূচী চ-ঞ

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

এই পৃষ্ঠাত চ-ছ-জ-ঝ-ঞ-ৰে আৰম্ভ হোৱা ফকৰা যোজনা সমূহৰ তালিকা যুগুত কৰা হৈছে। ফকৰা-যোজনাৰ সংকলনটো সম্পূৰ্ণ নহ'লেও যথেষ্ট প্ৰতিনিধিমূলক আৰু বিষয়টোৰ বিষয়ে ভালদৰে আভাষ দিয়ে।

ফকৰা যোজনাৰ সংগ্ৰহ[সম্পাদনা কৰক]

বৰ্ণানুক্ৰমিক সূচী : অ-ঈ উ-ঔ ক-ঙ চ-ঞ
ট-ণ ত-ন প-ম য-ৱ শ-ক্ষ


[সম্পাদনা কৰক]

  1. চকুৰ আঁতৰ হলে মনৰো আঁতৰ
  2. চৰুক সুধি ভাত ৰন্ধা
  3. চাউল দিবা জেতেক-পেতেক, পানী দিবা তিনি তেতেক, যেবে দেখিবা নিসিজে চাউল, তেবে বুলিবা ডাকক বাউল (ডাকৰ বচন): ভাত বনোৱাৰ বিধি।
  4. চল চাই কঠীয়া পৰা: সঠিক সময়ত কৰিবলগা কাম কৰা।
  5. চাপৰিলে মেঘ নেৰায়
  6. চাপৰি যোৱাকে কুঁজা বোলে, লাখুটি লোৱাকে বুঢ়া বোলে: কোনো অপ্ৰিয় কথা পোনে পোনে স্বীকাৰ নকৰিলেও আচাৰ-ব্যৱহাৰৰ পৰাই ধৰা পৰে৷
  7. চাল-বেৰৰো কাণ থাকে
  8. চোৰ গলে বুদ্ধি, বৰষুণ গলে জাপি: কোনো বিপদ বা অঘটন হৈ যোৱাৰ পিছত তাৰ কাৰণে কৰা যিকোনো প্ৰতিৰোধমূলক প্ৰচেষ্টাৰ কোনো অৰ্থ নাথাকে৷
  9. চোৰক মোৰে পায়
  10. চোৰক ঘৰ ৰখীয়া পতা
  11. চোৰে নিয়া গৰুৰ বাটে বাটে ঘাঁহ
  12. চোৰে নেৰে চোৰৰ স্বভাৱ, কুকুৰে নেৰে চাঁই, জাৰ যি স্বভাৱ মৰিলে লগত যায়
  13. চোৰেহে চোৰৰ ঠেং দেখে: বেয়া চৰিত্ৰৰ মানুহে সদায় আনৰ বেয়াটোকে দেখে৷
  14. চৰণেহে জানে মৰণৰ ঠাই, চুচুৰি বাগৰি তালৈকে যায়
  15. চল পালে কুকুৰে ডিঙিলৈকে জপিয়াই
  16. চকু লাল, বুকু খাল, সেই পুৰুষৰ লক্ষণ ভাল
  17. চিকুটি লাও বুঢ়া কৰা: অনাগত বিপদৰ আগজাননী দিয়া।
  18. চুকত খাই বুকুত কামোৰ মৰা: নিকট আত্মীয় মানুহেই অনিষ্ট কৰা।
  19. চুঙা চাই সোঁপা
[ ওপৰলৈ যাওক]

[সম্পাদনা কৰক]

  1. ছোৱালী আনিবা মাক ভাল, মাটি কিনিবা মাজ খাল: মাকৰ যদি স্বভাৱ-চৰিত্ৰ ভাল হালে জীয়েকৰো স্বভাৱ-চৰিত্ৰ ভাল হব বুলি ধৰিব পাৰি, সেয়েহে বিয়া পাতিবলৈ তেনেকুৱা ছোৱালী আনিব লাগে।
  2. ছোৱালী বোলে কুৰিতে বুঢ়ী: আগৰ দিনত ছোৱালীক খুব কম বয়সতে বিয়া দিয়াৰ প্ৰথা আছিল, আৰু বয়স ২০ বছৰৰ বেছি হলে বুঢ়ী হোৱা অৰ্থাৎ বিবাহৰ অযোগ্যা হোৱা বুলি ধৰি লোৱা হৈছিল।
  3. ছোৱালী হল বৰশীৰ টোপ, ল’ৰাই দেখিলে মাৰিব খোট
  4. ছয় পো বাৰ নাতি, তেহে কৰিবা কুঁহিয়াৰ খেতি (ডাকৰ বচন): কুঁহিয়াৰ খেতি কৰিবলৈ বহু সংখ্যক খেতিয়কৰ প্ৰয়োজন, সেয়েহে যথেষ্ট সংখ্যক মানুহ থাকিলেহে এই খেতি কৰিবলৈ আগবাঢ়িব লাগে৷
[ ওপৰলৈ যাওক]

[সম্পাদনা কৰক]

  1. জী ভালেই জোৱাঁই ভাল, আপোন ভালেই জগত ভাল: নিজৰ জী যদি ভাল হয় তেন্তে জোৱাই বেয়া হ'লেও ভাল কৰি ল'ব পাৰিব৷ সেই দৰে নিজেই যদি ভাল হয় তেন্তে আন কোনেও নিজক বেয়া কৰিব নোৱাৰে৷
  2. জোৰ যাৰ মুলুক তাৰ: যাৰ শক্তি বেছি সেই ব্যক্তিহে সমাজত জীয়াই থাকিব পাৰে৷
  3. জোকৰ মুখত চূণ: জোকৰ মুখত চূন দিলে আহি থকা জোকডাল যেনেদৰে কোচ খায় যায় তেনেদৰে বেছিকৈ আত্মপ্ৰশংসা বা আনৰ কথা কৈ থকা ব্যক্তিৰ মুখৰ আগতে তাৰ সম্পূৰ্ণ বিপৰীত কথা কৈ তেওঁৰ মুখ বন্ধ কৰা৷
  4. জোৰ পুৰি হাত পোৱা: কোনো এটা বিপদ একেবাৰে কাষত আহি পোৱা৷
  5. জোৱাঁয়ে নিলেও নিয়া, যমে নিলেও নিয়া
  6. জ্বলা জুইত ঘিঁ ঢলা: জুইত ঘিঁ ঢালিলে সি বেছিকৈ জ্বলি উঠে অৰ্থাৎ কাৰোবাৰ খঙত অধিক খং উঠিব পৰা কথা কোৱা৷
  7. জ্বৰে এৰিলেও কৰ্পাটিয়ে নেৰা: নেৰা-নেপেৰা বিপদ৷
[ ওপৰলৈ যাওক]