সমললৈ যাওক

ফকৰা যোজনা সূচী উ-ঔ

ৱিকিউৎসৰ পৰা

এই পৃষ্ঠাত উ-ঊ-ঋ-এ-ঐ-ও-ঔ-ৰে আৰম্ভ হোৱা ফকৰা যোজনা সমূহৰ তালিকা যুগুত কৰা হৈছে। ফকৰা-যোজনাৰ সংকলনটো সম্পূৰ্ণ নহ'লেও যথেষ্ট প্ৰতিনিধিমূলক আৰু বিষয়টোৰ বিষয়ে ভালদৰে আভাষ দিয়ে।

ফকৰা যোজনাৰ সংগ্ৰহ

[সম্পাদনা কৰক]
বৰ্ণানুক্ৰমিক সূচী : অ-ঈ উ-ঔ ক-ঙ চ-ঞ
ট-ণ ত-ন প-ম য-ৱ শ-ক্ষ


  1. উত্তৰে গাজিলে জানিবা খৰ, দক্ষিণে গাজিলে মাৰিবা লৰ (ডাকৰ বচন): উত্তৰ ফালে মেঘে গাজিলে বৰষুণ নহয়, কিন্তু দক্ষিণ ফালে গাজিলে যথেষ্ট বৰষুণ হয়।
  2. উপকাৰীক অজগৰে খায়: অজগৰ সাপক উপকাৰ কৰিলেও সুবিধা পালে উপকাৰী জনক খায়, অৰ্থাৎ যাকে তাকে উপকাৰ কৰিব নালাগে।
  3. উপদেশতকৈ আৰ্হি ভাল: কিবা এটা কাম কৰাৰ উপদেশ দিয়াতকৈ নিজে কৰি দেখুওৱা ভাল।
  4. উৰহৰ খং ভঙা ঢাৰীত জৰা: সাধাৰণতে বিচনা লেতেৰা হ'লে তাত উৰহ নামৰ পোক বিধ হয় আৰু ৰাতি সি শুই থকা মানুহক কামোৰে৷ আনহাতে বিচনাৰ তলত থকা ভগা ঢাৰীতে সেই উৰহ থাকে বুলি জানি উৰহক বিচাৰি নাপাই ঢাৰীকে মৰিয়াই হাৰাশাস্তি কৰে৷ অৰ্থাৎ কাৰোবাৰ খং কাৰোবাৰ ওপৰত সৰা বিষয়ত ইয়াক ব্যৱহাৰ কৰা হয়৷
  5. উমৈহতীয়া শ বাহী শ হয়: ৰাজহুৱা সম্পত্তি চোৱা চিতা কৰা মানুহৰ অভাৱ।
  6. উদঙিয়া গৰু, ঢাকণি নাইকিয়া চৰু: নিয়ন্ত্ৰণহীন।
  7. উদক ভেটা ৰখিয়া পতা: সাধাৰণতে সকলোৱে জানে যে উদে মাছ খায়৷ কিন্তু সেই উদকে যদি মাছ ধৰিবৰ কাৰণে মৰা ভেটা ৰাখিবলৈ দিয়া হয় তেন্তে তাৰ ফল উলোটাহে হ'ব৷ অৰ্থাৎ যি মানুহ যি বস্তুৰ প্ৰতি অধিক আসক্ত বা দুৰ্বলতা আছে তাক সেই বস্তুৰে ৰখিয়া পতা৷
  8. উদৰ সম্মুখৰ শালপোণা: উদৰ সম্মুখত শাল মাছ বা পোনা মাছৰ কোনো বাচ বিচাৰ নোহোৱাৰ দৰে চিকাৰিৰ সন্মুখত কোনো চিকাৰৰ বাচ বিচাৰ নহয়৷
  9. উদৰ সাতপুৰুষ গ'ল কেঁচা মাছ খাওতেই: উদ মাছ খোৱা জীৱ, সি সাধাৰণতে মাছ কেচাই খায় আৰু তেনেদৰেই চলি আছে৷ অৰ্থাৎ আগৰ প্ৰচলিত ৰীতি সহজতে এৰিব নোৱাৰা।
  10. উলুৰ লগত বগৰী পোৰা যোৱা: সাধাৰণতে উলুৱনিত বগৰি গছ থাকে, কিন্তু উলুৱনিত জুই দিয়াৰ সময়ত সেই বগৰি গছো পোৰা যায়৷ অৰ্থাৎ অসৎ মানুহৰ সঙ্গত ভাল মানুহ থাকিলেও তেওঁৰো বিপদ হ'ব পাৰে৷
[ ওপৰলৈ যাওক]
  1. এদেও, দুদেও, লোটা নিয়াৰ চেওঁ: সুবিধা পালে চুৰি কৰা।
  2. এন্দুৰক সেন্দুৰ পিন্ধোৱা: কুৰূপ ব্যক্তিক কৃত্ৰিম উপায়েৰে অধিক সুন্দৰ কৰিবলৈ যত্ন কৰা৷
  3. এনেয়ে উৰ্বশী দুৱাৰে বাট দিয়া: সুযোগ বিচাৰি ফুৰা মানুহক অধিক দুষ্টালি কৰিবলৈ চল দিয়া৷
  4. এবাৰ সাপে খালে কেঁচুলৈকো ভয়: এবাৰ বিপদত পৰিলে পিছ্ত বেছি সাৱধান হোৱা।
  5. একে গছৰ পাণ, সি নো হব কি আন: একে বংশৰ মানুহৰ স্বভাৱ-চৰিত্ৰ একে হয়।
  6. এশ গৰু মাৰিলে বাঘৰো মৰণ: বনৰ বাঘ মাজে মাজে গাঁৱত আহি পোহনীয়া গৰু মহ আদি মাৰি খায়, কিন্তু কোনো এটা বাঘে যদি নিয়মীয়াকৈ আহি পোহনীয়া জন্তু আক্ৰমণ কৰে তেনেহলে গাঁৱৰ ৰাইজে মিলি বাঘটো মাৰি পেলায়। অৰ্থাৎ বহু বেছি বেয়া কাম কৰিলে শেষত নিজে বিপদত পৰিব লাগে।
  7. এশ এজুপি ৰুবা কল
    মাহেকে পষেকে চিকুনাবা তল
    পাত-পচলা লাভত খাবা
    লংকাৰ বাণিজ্য ঘৰত পাবা (ডাকৰ বচন)
  8. এখন হাতেৰে চাপৰি নাবাজে: কাজিয়া লাগিবলৈ কমেও দুটা পক্ষ লাগে। যেনেদৰে এখন হাতেৰে চাপৰি বজাব নোৱাৰি তেনেদৰে এটা পক্ষ্যই অকলে কাজিয়া কৰিব নোৱাৰে।
  9. এগুন চাউল দুগুন পানী, জল দিবা টানি টানি (ডাকৰ বচন): ভাত বনাওতে যিমান চাউল দিয়া হয়, তাৰ দুগুন পানী দিব লাগে।
  10. এঘৰৰ পাটনাদ, এঘৰৰ জৰী, এঘৰে পানী তুলে হুৰূস হুৰূস কৰি: লোকৰ বস্তুৰে নিজৰ কাম কৰা।
  11. এদিন বামুনৰ, এদিন বহুৱাৰ: সকলোৰে এদিন নহয় এদিন ভাল দিন আহে।
  12. এনেই বুঢ়ী নাচনী, তাতে নাতিনীয়েকৰ বিয়া: বুঢ়ী এগৰাকীয়ে যদি নাচি ভাল পায়, তেনেহলে নাতিনীয়েকৰ বিয়া হলেতো কথাই নাই, মন প্ৰাণ ঢালি নাচিব।। অৰ্থাৎ যি কাম কৰিব ভাল পায়, সেই কামকে কৰিব সুবিধা পোৱা।
  13. এনেই মৰিচো ঋষিৰ শাপত, তাতে দিছে ধানৰ ভাপত: বিপদত পৰি থকোতে অন্য এটা বিপদ হোৱা।
  14. এৰি দিয়া শৰ ঘূৰাই আনিব নোৱাৰি: কোৱা কথা ঘূৰাই আনিব নোৱাৰি।
  15. এৰিলে মন ঘোৰাৰ ছুটি, বান্ধিলে মন শিলৰ খুটি: নিজৰ মনক নিজে নিয়ন্ত্ৰন কৰিব পাৰি। মনটো এৰি দিলে ঘোৰাৰ দৰে দৌৰি ফুৰিব, আনহাতে বান্ধি ৰাখিলে শিলৰ খুটিৰ দৰে স্থিৰ হৈ থাকিব।
  16. এহাত এমুঠন দিবা পোত, তেতিয়াহে চাবা কলৰ গোট (ডাকৰ বচন): কলপুলি ৰুলে মাতিৰ এহাত এমুঠি তলত ৰুব লাগে।
  17. এবাৰ হাগি দহ বাৰ উলটি চোৱা: খুব বেছি কৃপণ, ইমানেই কৃপণ যে শৌচ কৰি উঠি বাৰে বাৰে উলটি চায় বেছিকৈ শৌচ কৰিলে নেকি। ব্যঙ্গত্মক ভাবত ব্যৱহাৰ হয়।
  18. এলেকৰ পেলেক কুকুৰা চৰাইৰ ভাগিনীয়েক: ইমান বেছি দূৰ সম্পৰ্কৰ মানুহ যে সম্পৰ্কীয় বুলি কব নোৱাৰি।
[ ওপৰলৈ যাওক]
  1. ওচৰৰ আলহী নকৰে কাণ, নৰিয়াত পৰিলে আহে কাম: ওচৰ-চুবুৰীয়াক কেতিয়াও অৱজ্ঞা কৰিব নালাগে, কাৰণ বিপদত ওচৰ-চুবুৰীয়াই সহায় কৰে।
  2. ওস্তাদৰ খেল শেষ ৰাতি: পাৰ্গত লোকে প্ৰথমতে হাৰিলেও শেষত জিকিবই।
  3. ওপৰলৈ পানী চতিয়ালে নিজৰ গাতে পৰে: নভবা নিচিন্তাকৈ কাম কৰিলে নিজলৈকে বিপদ আহে।
  4. ওঁঠ চেপিলে গাখীৰ ওলোৱা: সৰু হৈ ডাঙৰৰ দৰে কথা ক'লে অপমান সূচক ভাবত ব্যৱহাৰ কৰা হয়৷
  5. ওলায়েই দেখিবা যাক, শতৰু নুবুলিবা তাক: ওচৰ-চুবুৰীয়াৰ লগত শত্ৰুতা কৰিব নালাগে।
[ ওপৰলৈ যাওক]