সমললৈ যাওক

ফকৰা যোজনা সূচী ট-ণ

ৱিকিউৎসৰ পৰা

এই পৃষ্ঠাত ট-ঠ-ড-ঢ-ণ-ৰে আৰম্ভ হোৱা ফকৰা যোজনা সমূহৰ তালিকা যুগুত কৰা হৈছে। ফকৰা-যোজনাৰ সংকলনটো সম্পূৰ্ণ নহ'লেও যথেষ্ট প্ৰতিনিধিমূলক আৰু বিষয়টোৰ বিষয়ে ভালদৰে আভাষ দিয়ে।

ফকৰা যোজনাৰ সংগ্ৰহ[সম্পাদনা কৰক]

বৰ্ণানুক্ৰমিক সূচী : অ-ঈ উ-ঔ ক-ঙ চ-ঞ
ট-ণ ত-ন প-ম য-ৱ শ-ক্ষ


[সম্পাদনা কৰক]

  1. টেঙা আম এবাৰহে বেচিব পাৰি: বজাৰত যদি টেঙা আম মিঠা বুলি বিক্ৰী কৰা হয়, তেনেহলে প্ৰথমতে বিক্ৰী হব, কিন্তু পাছলৈ গ্ৰাহকে ঠগা বুলি গম পাব আৰু সেই দোকানীৰ পৰা আম নিকিনা হব, অৰ্থাৎ মানুহক এবাৰহে ঠগিব পাৰি, ঠগ খোৱাৰ পাছত মানুহ সাৱধান হয়।
  2. টোপনিৰ চিকুন পুৱা, মাছৰ চিকুন মোৱা: ৰাতিপুৱাৰ টোপনি বৰ আকৰ্ষণীয়, তেনেকৈ মোৱা মাছো আকৰ্ষণীয়।
  3. টেঙৰতকৈ টেঙৰ আছে ভুল নাই তাত, সোমোৱাৰ আগতে জানিবা ওলোৱাৰ বাট
[ ওপৰলৈ যাওক]

[সম্পাদনা কৰক]

  1. ঢেঁকী স্বৰ্গলৈ গলেও ধানহে বানে
[ ওপৰলৈ যাওক]