ফকৰা যোজনা সূচী ক-ঙ
অৱয়ব
এই পৃষ্ঠাত ক-খ-গ-ঘ-ঙ-ৰে আৰম্ভ হোৱা ফকৰা যোজনা সমূহৰ তালিকা যুগুত কৰা হৈছে। ফকৰা-যোজনাৰ সংকলনটো সম্পূৰ্ণ নহ'লেও যথেষ্ট প্ৰতিনিধিমূলক আৰু বিষয়টোৰ বিষয়ে ভালদৰে আভাষ দিয়ে।
ফকৰা যোজনাৰ সংগ্ৰহ
[সম্পাদনা কৰক]
|
ক
[সম্পাদনা কৰক]- ক বুলিব নাজানে ৰত্নাৱলী পঢ়ে: ৰত্নাৱলী এখন সংস্কৃতত লিখা ধৰ্মশাস্ত্ৰ, আৰু ইয়াক সহজে বুজা নাযায়। সেয়েহে যি একেবাৰে লিখা-পঢ়া নাজানে সি ৰত্নাৱলী পঢ়া অসম্ভব। অৰ্থাৎ একেবাৰে কৰিব নোৱাৰা কাম এটা কৰিব যোৱা।
- কণা হাঁহক পতান দিয়া: হোজা মানুহক ঠগোৱা।
- কলাৰ আগত বেঙাই কয়, কলাই বোলে হয় হয়: বেঙা মানুহে কথা কব নোৱাৰে, আনহাতে কলা মানুহে কাণেৰে নুশুনে। অৰ্থাৎ কথা ভালদৰে নুশুনি এনেই হয়ভৰ দিয়া।
- কুকুৰ চিকুন গৃহস্থৰ যশ: কোনো এঘৰ মানুহৰ যদি পোহনীয়া কুকুৰ যদি চাফ-চিকুন হয়, তেনেহলে সেই ঘৰ মানুহো চাফ-চিকুন বুলি ধৰিব পাৰি।
- কুকুৰৰ নেজ দীঘল হলে নিজে পাৰি বহিব: কুকুৰৰ নেজ দীঘল হলেও তাত আনক বহিব নিদিয়ে, সাধাৰণতে কৃপণ মানুহক বুজাবলৈ এইশাৰী কথা ব্যৱহাৰ কৰা হয়।
- কুকুৰে একেদিনাই স্বৰ্গ পাবগৈ পাৰে, কেৱল জ্ঞাতিৰ কাৰণে নোৱাৰে : নিজৰ অসফলতাৰ কাৰণে আনক দোষ দিয়া।
- কুকুৰৰ নেজ কেতিয়াও পোন নহয়: কিছুমান মানুহৰ স্বভাৱ যিমান চেষ্টা কৰিলেও সলনি নহয়।
- কাকনো বুলিবা ককা, সকলোৰে দাঢ়ি-চুলি পকা: যেতিয়া সৰু বৰ সকলোৱে অপকৰ্মত লিপ্ত হয়, তেতিয়া কাকো দোষ দিবলৈ কোনো উপায় নেথাকে।
- কালৰো কাল বিপৰীত কাল, হৰিণাই চেলেকে বাঘৰ গাল: বাঘে হৰিণা চিকাৰ কৰি খায়, তেনেক্ষেত্ৰত যদি হৰিণাই বাঘৰ গাল চেলেকা দেখা যায় তেনেহলে নিশ্চয় ডাঙৰ অঘটন ঘটিছে।
- কিনা হাঁহৰ ঠোটলৈকে মঙহ: সাধাৰণতে হাঁহ খালে ঠোট, ঠেং আদি পেলাই দিয়া হয়। কিন্তু হাঁহটো যদি কিনি অনা হয় তেনেহলে যিমান বেছি পাৰি সিমান মাংস কাটি উলিয়াব যত্ন কৰা হয়। অৰ্থাৎ কিনি অনা বস্তুৰ যিমান পাৰি সিমান বেছি ব্যৱহাৰ কৰিব চেষ্টা কৰা হয়।
- কুমলীয়া আদা পায়, ভৰিৰে মোহাৰি খায়: আদাৰ বাকলি কটাৰীৰে গুচোৱা হয়, কিন্তু কুমলীয়া আদা হলে ভৰিৰে মোহাৰিলেই বাকলী গুচি যায়। ঠিক তেনেদৰে দুৰ্বল মানুহক সহজে বশ কৰা যায়।
- কেঁচা বৰলক জোকাই ললে গা সৰা টান: বৰলৰ বাহক জোকাই ললে বৰলবোৰে আক্ৰমণ কৰিবলৈ খেদি ফুৰে, তেনে বৰলৰ পৰা হাত সৰা টান। ঠিক তেনেদৰে কাজিয়া প্ৰবণ মনোভাবৰ মানুহক জোকাই নোলোৱাই ভাল।
- কেচু খান্দোতে সাপ ওলোৱা: কিছুমান অন্য কথা আলোচনা কৰোতে , মনে বিচাৰি থকা তথ্যৰ সম্ভেদ পোৱা।
- কাঠৰ মালা ফুটে ফাটে, মনৰ মালা কাহে চুটে
- কথাত কথা বাঢ়ে, খৰিকাত বাঢ়ে কাণ, মাকৰ ঘৰত জীয়েক বাঢ়ে, পথাৰত বাঢ়ে ধান
- কেৰেলাতকৈ গুটি দীঘল
- কোন কালতে পৈয়েক মৰিল, ঢেঁকী দিওঁতে মনত পৰিল
- কটাৰী ধৰাবা শিলে, তিৰোতা বলাবা কিলে: কটাৰীৰ ধাৰ গুচি গলে শিলত ধৰাব লাগে, ঠিক তেনেদৰে ঘৈণীয়েকে কথা নুশুনিলে বল প্ৰয়োগ কৰি মনাব লাগে। (এই ডাকৰ বচন শাৰী সেই সময়ৰ সমাজৰ মহিলাৰ প্ৰতি থকা মনোভাবৰ প্ৰতিফলন।)
- কথা কত বোলে ভেকুৰিৰ তলত, চিঙিব নোৱাৰি কাঁইটৰ বালত
- কথাত কটা যায়, কথাত বটা পায়: ভুল সময়ত ভুল ঠাইত ভুল কথা কলে বিপদত পৰিব লাগে, আনহাতে ঠিক সময়ত ঠিক ঠাইত ঠিক কথা কলে লাভজনক হয়।
- ক'ৰ পৰা আহিলা ক'ত দিলা ভৰি, চোতাল খন ফাটি গল চেৰেক চেৰেক কৰি: বহুদিন নহা মানুহ আহিলে ব্যৱহাৰ কৰা হয়।
উল্লেখযোগ্য যে এই যোজনাটো লীলা গগৈৰ "বিহুগীত আৰু বনঘোষা" নামৰ অসমীয়া লোকগীতৰ সংকলনত বিহুনাম হিচাবে সন্নিবিষ্ট কৰা হৈছে। - ক'লেও আয়ে কিল খায়, নক'লেও বোপায়ে ছুৱা খায়: দেউতাকৰ বাবে ভাত বাঢ়ি থোৱা ভাত মেকুৰীয়ে খোৱাটো পুতেকে দেখিছে, এতিয়া দেউতাক অহাৰ পাছত যদি কথাতো কৈ দিয়া হয় তেনেহলে দেউতাকে মাকক কিলাব, আনহাতে নকলে দেউতাকে জুঠা খাব লাগিব।
কোনো কথা ক'লেও বিপদ আৰু নকলেও বিপদ অৰ্থাৎ ই দোধোৰ মোধোৰ অবস্থাত পৰা বুজাইছে। - কৄষ্ণই কৰিলে লীলা, আমি কৰিলে ধৰি বান্ধি কিলা: সমাজৰ গণ্য-মান্য মানুহে কিছুমান কাম কৰিলে প্ৰশংসা পায়, কিন্তু সাধাৰণ মানুহে কৰিলে ঠাট্টা মস্কৰাহে কৰা হয়।
- কালিলৈ ৰাম ৰজা হব আজি অধিবাস, কোনেনো জানিছিল ৰাম যাব বনবাস: ভৱিষ্যত অনিশ্চিত।
ৰামায়ণৰ ৰাম আছিল জনপ্ৰিয় যুৱৰাজ। কিন্তু ৰাজনৈতিক চক্ৰান্তৰ বলি হৈ তেওঁৰ পিতৃ দশৰথে (দশৰথ) তেওঁৰ ৰাজ্যাভিষেকৰ দিনাই লোকপ্ৰত্যাশাৰ বিপৰীতে সিংহাসনৰ পৰা বঞ্চিত কৰি চৌধ্য বছৰৰ কাৰণে বনবাসলৈ পঠাবলৈ বাধ্য হৈছিল। - কি ক আছিলা, কি ক হ'লা, খাবলে নাপাই শুকাই খীণাই গ'লা: বহুদিন ভাল অৱস্থাত থকাৰ পিছত বেয়া অৱস্থা হোৱা বুজাবলৈ ব্যৱহাৰ হয়।
খ
[সম্পাদনা কৰক]- খকুৱাই পাত কাতে, নিখকুৱাই মাটিতে খায়: খঁকুৱা মানুহে ভোকত থাকিও ভাত খাবৰ কাৰণে কলপাত কটাৰ দৰে বিভিন্ন আয়োজন কৰোঁতেই সময় পাৰ কৰে, কিন্তু নখঁকুৱা মানুহে যেনেদৰে পায় তেনেদৰেই খাই পেট ভৰায়৷ ইয়াৰ পৰোক্ষ অৰ্থ হৈছে- "কোনোবাই কোনো এটা কাম কৰিবলৈ মনতে পৰিকল্পনা কৰি থাকোতেই আনে কোনো পৰিকল্পনা নকৰাকৈয়ে কামটো শেষ কৰা৷"
- খাই কৰ্শলা ডালত উঠিল, কাঠি চেলেকাৰ মৰণ মিলিল: বেয়া কাম কৰাজন সুবিধা বুজি আঁতৰি য়ায় আৰু অনাহকত পিছত অহাজনে তাৰ শাস্তি ভোগ কৰিব লগা হয়৷
- খাবলে জীৱলে যাৰ মন, হাগোতেও আজোৰে বন: যাৰ খাই লৈ জীয়াই থকাৰ হাবিয়াস আছে, সি সকলো সময়তে কামত ব্যস্ত থাকে৷
- খেনো খেনো পাকত ঢেকি থোৰাও সোমায় নাকত
- খেনোক দেখি ৰান্ধে-বাঢ়ে, খেনোক দেখি দুৱাৰ বান্ধে: কোনোবা ঘৰলৈ অহা দেখিলে খোৱা-বোৱাৰ আয়োজন কৰা হয়, আনহাতে অন্য কোনোবা আহিলে দুৱাৰ বন্ধ কৰি ঘৰত কোনো নাই বুলি বুজাব খোজা হয়৷ অৰ্থাৎ বেলেগ বেলেগ মানুহক বেলেগ ব্যৱহাৰ কৰা হয়৷
- খৰ ৰান্ধনী খৰ বাঢ়নী পৈয়েক লঘোনে যায়, উদা ৰান্ধনী উদা বাঢ়নী পৈয়েক তিনি সাজ খায়
- খং নামে চণ্ডাল: খং বৰ বেয়া বস্তু, ইয়াক পৰিহাৰ কৰি চলাই ভাল।
- খঙত পেট কাটি ছমাহলৈ শুকনি খোৱা: খঙতে নিজৰ অনিষ্ট কৰি পিছত বহুদিনলৈ নিজে শাস্তি ভোগ কৰা।
গ
[সম্পাদনা কৰক]- গাই আনিবা ৰিংটো বাটৰ, ছোৱালী আনিবা দিনটো বাটৰ
- গাখীৰতে মহৰ খুটি সান্দহতে হাত : কোনো সৌভাগ্যৰ ওপৰতে আন সৌভাগ্যই দেখা দিয়া৷
- গাখীৰ খুৱাই সাপ পোহা: কোনো দুষ্ট লোকক আসৈ দি নিজৰ অপকাৰ মাতি অনা৷
- গাত নাই চাল বাকলি, মদ খাই তিনি টেকেলি: হাতত পইচা-পাতি নাই, তথাপিও যিকণ ঘটে তাক মদ খোৱাৰ দৰে কু অভ্যাসত খৰচ কৰা।
- গাধৰ আগত বীণ বজাই লাভ নাই
- গৰুৰ আগত টোকাৰী বায়, কাণ জোকাৰি ঘাঁহ খায়: গৰুৰ আগত টোকাৰী বজালেও যিদৰে সঙ্গীতৰ মোল একো বুজিব নোৱাৰি শিং জোকাৰি ঘাঁহ খোৱাতহে মগ্ন হয়, সেইদৰেই অজ্ঞানী লোকক যিমানেই ভাল কথা কোৱা নহওক কিয় তাক উলাই কৰি নিজৰ ইচ্ছামতে কাম কৰিয়েই যায়।
এই ফকৰা ফাঁকি 'অবুজনক বুজোৱা আৰু ঢেৰুৱা ঠাৰী সিজোৱা' ফকৰা ফাঁকিৰ সমাৰ্থক। - গায়নৰ ঘৰৰ বোন্দাইও ৰাগ দিয়ে: কোনো বিদ্যা বা কলাত পাৰদৰ্শী লোকৰ ঘৰত আনেও সেই বিষয়ে জনা৷
- গেলা বৰালী মনত গোন্ধ: নিজৰ দোষ দূৰ্বলতাৰ কথা জানি আনে কিবা নকলেও নিজৰ মনতে সন্দেহ সৃষ্টি হোৱা৷
- গোসাই ঘৰত কোন?? মই কল খোৱা নাই: বেয়া কাম কৰি লুকুৱাব খোঁজোতে নিজৰ কথাতে পাক খাই ধৰা পৰি যোৱা।
- গছ কাটিলেই মুঢ়া, ছোৱালী আনিলেই বুঢ়া
- গছত কঠাল. ওঁঠত তেল, নৌ পকোতেই চেল বেল: কোনো কাৰ্য্য হৈ নোথোতেই তাৰ বিষয়ে গাই-বাই থকা৷
- গুণীয়েহে যানে গুণীৰ মান, কাঠৰ থোৰাই কি জানে, নিতৌ খুন্দি মৰে ধান
- গছত উঠাই গুৰি কটা: আনক কোনো কামলৈ আগবঢ়াই দি পিছ মুৰ্হুত্বত মূৰপোলোকা মৰা৷
- গছত গৰু উঠা হোলোঙাৰে কান বিন্ধোৱা কথা: একেবাৰে অসম্ভব কথা।
- গৰম ভাতৰ ধোঁৱাই খালে: অত্যাধিক সুখ-সুবিধাই অপকাৰ সাধন কৰে৷
- গালো বালো খোলাকতি তাল: কৈ মেলি একো লাভ নোহোৱা৷
- গুৰুতকৈ শিষ্য হয় শিয়ান, খুচৰি খুচৰি লয় গিয়ান
- গধুলীৰ অতিথী সাক্ষাৎ দামোদৰ: গধুলীৰ সময়ত ঘৰলৈ আলহী আহিলে ভালদৰে সৎকাৰ কৰিব লাগে, যেনেকৈ শ্ৰীকৃষ্ণই বাল্যবন্ধু বিপ্ৰ দামোদৰৰ কৰিছিল।
ঘ
[সম্পাদনা কৰক]- ঘ্ৰাণেন অৰ্দ্ধ ভোজনং: ভাল খাদ্যৰ গোন্ধ পালেই আধা খোৱা বুলি ধৰিব পাৰি।
- ঘৰলৈ আহিলে ঢকুৱা বেৰ, আলিবাটলৈ গলে বৰ চুৰিয়াৰ ফেৰ
- ঘন ঘনকৈ দিবা আলি, তেহে খাবা নানান শালি
- ঘঁহোটে ঘঁহোটে শিলো ক্ষয় যায়