ফকৰা যোজনা সূচী ত-ন
অৱয়ব
এই পৃষ্ঠাত ত-থ-দ-ধ-ন-ৰে আৰম্ভ হোৱা ফকৰা যোজনা সমূহৰ তালিকা যুগুত কৰা হৈছে। ফকৰা-যোজনাৰ সংকলনটো সম্পূৰ্ণ নহ'লেও যথেষ্ট প্ৰতিনিধিমূলক আৰু বিষয়টোৰ বিষয়ে ভালদৰে আভাষ দিয়ে।
ফকৰা যোজনাৰ সংগ্ৰহ
[সম্পাদনা কৰক]
|
ত
[সম্পাদনা কৰক]- তাতো নাহিলো খাই, ইয়াতো পাবলৈ নাই
- তিৰিৰ কপালে ধন, পুৰুষৰ কপালে জন
- তিৰিৰ চুটি বাঢ়নীৰ বুতি
- তেজ ধুলে উটে, মঙহ ধুলে নুটে
- তেলিয়াই কান্দে তেল পেলাই, কপহুৱাই কান্দে লেত পেলাই
- তিলকে তালতো কৰা: সৰু কথা এটাকে ডাঙৰ কৰা৷
- তেলিৰ মূৰত তেল
- তোমাৰ বাৰিৰ বাঁহগাজ কাটি তাৰে কৰিছো খৰিচা, তোমাকে দি ধান দোন ললো, কথাটো মন কৰিছা: আনৰ বস্তুৰে আনকে বেছি নিজে উপাৰ্জন কৰা স্বভাৱ৷
- তুলসীৰ লগত কলপতুৱাৰো মুক্তি: তুলসীক পৱিত্ৰ বস্তু বুলি ভবা হয় আৰু কোনো মাঙ্গলিক কামত কলপাতত তুলসী দিয়া হয়৷ ফলত তাৰ লগত দিয়া কলপাত খিলাও পবিত্ৰ হৈ পৰে৷ সেইদৰে কোনো সৎ বন্ধুৰ সঙ্গত থাকিলে অসৎ বন্ধু জনো ভাল পথে যাব পাৰে৷
- তৰিলে দেশ, মৰিলে স্বৰ্গ: দেশৰ হকে যুঁজি বাচি থকিলে দেশৰ স্বাধীনতা উপভোগ কৰিব পাৰিবা, আনহাতে সেই যুদ্ধত মৃত্যু হলেও স্বৰ্গলৈ যাবা।
- তোপোলা দেখিলে তোপোলা যাচে, ৰ ৰ তোলৈও তোপোলা আছে: কাৰোবাক কিবা এটা দিলে তেঁও ও ঘূৰাই কিবা এটা দিব।
- তুমি যদি ডালে ডালে, মই পাতে পাতে: তুমি যদি টেঙৰ, তেনেহলে মই নোম-টেঙৰ৷
দ
[সম্পাদনা কৰক]- দুই মহৰ যুজত বিৰিণাৰ মৰণ: আনৰ কাজিয়া, বেমেজালি বা ঝামেলাৰ মাজত নিৰীহজনৰ হাৰাশাস্তি হোৱা।
- দুই নাওত দুই ভৰি: বিকল্পবোৰৰ পৰা সঠিক বিকল্পটো বাছনি কৰিব নোৱাৰা।
- দিনৰ পাহাৰ ৰাতিৰ জুই তাক নেখেদি থাকিবা শুই
- দাঁত নাইকিয়া সাপৰ ফোচফোচনি বেছি
- দাতাই দিলেও বিধাতাই নিদিয়ে
- দা ধাৰেৰে মাৰিলও গাত পৰে, গাদীৰে মাৰিলও গাত পৰে
- দেহা থাকিলেহে বেহা, নহলে তিতা কেহা
- দৰিদ্ৰ লঙ্কালৈ যায়, সাগৰো শুকায়, মাণিকো লুকায়
- দূৰৰ পাহাৰ শুৱনি
- দূৰৰ ৰৌ-বৰালী, ওচৰৰ পুঠি-খলিহনা
- দুষ্টৰ দুদিন, সন্তৰ শ দিন: অসাধু লোকে কেইদিনমান ৰাজত্ব কৰিব পাৰে, কিন্তু সাধু লোকেই বেছিভাগ সময় ৰাজত্ব কৰে।
- দহো আঙুলিৰে খায়, বুঢ়াই হেচুকিলেহে যায়
- দেখাতেই কঠাল, পিঠিত কাঁইট: জল জল পট পট, কোনো প্ৰমাণৰ প্ৰয়োজন নাই।
- দেখাক দেখি কুকুৰে পাতে একাদশী: সামৰ্থ্য নাথাকিলেও আনক দেখি কোনো কাম কৰিবলৈ যোৱা।
- দেখাত হে বুটী, কঠীয়া জেঠতে পৰা: দেখিবলৈ সিমান ভাল নহ'ব পাৰে, কিন্তু থাকিবলগিয়া আটাইখিনি গুণ আছে।
- দুহাল গোনা বাই, ছয়মাহ খাবলৈ নাই: থকা সম্পদৰ অপচয়।
ধ
[সম্পাদনা কৰক]- ধান পকে মানে টুনিৰ মৰণ
- ধানটোৱে প্ৰতি কণটো, মানুহটোৱে প্ৰতি মনটো
- ধন দিলে ধোবাই মেখেলাও কোবায়
- ধন ল'বা লেখি, বাট বুলিবা দেখি
- ধাৰত পৰিলে শিলো উটে, সপোন দেখিলে বুঢ়ায়ো মূতে
- ধনীৰ ঘৰত যাবা চাবলৈ, দুখীয়াৰ ঘৰত যাবা খাবলৈ: ধনী মানুহে নিজৰ সম্পত্তি দেখুৱাই ভাল পায়, আনহাতে দুখীয়া মানুহে আনক খোৱাই-বোৱাই ভাল পায়।
- ধেই-টাক বুলিলেই তিনি পাক ঘূৰা
ন
[সম্পাদনা কৰক]- নলগা জেঙত লগা
- নকৈ নোৱাৰোঁ ফটা মুখ, কলেও লাগে ভকতৰ দোষ
- নাই পো লনী, নাই পো ধনী
- নাই মোমাইতকৈ কণা মোমাই ভাল
- নাই হে নাখাও, লঘোনেও নাযাও, গাতো নিদিও দুখ: খাদ্য নথকা বাবে নাখাও, লঘোনো নপৰো, নিজক দুখ দিব নোৱাৰো।
- নাও উঠোতে বুৰে, নাও নামোতে বুৰে
- নাও বুৰিলেও টিঙৰ পৰা ননমা
- নাকত লাগিল পাক, মহা ভকতৰ চিন্তা লাগিল, মেধি পাতিম কাক
- নগাৰ চাং তলে বাট
- নাচিব নাজানে চোতালখন বেঁকা: নিজে কিবা এটা কৰিব নোৱাৰিলে আনক দোষ দিয়া।
- নি থাকিলে পাণ খিলাও গধুৰ
- নিজ বুদ্ধি শিলৰ খুটি
- নিজ হাত জগন্নাথ
- নিজৰ পোকৰত গু, আনক কয় ধো ধো ধো: নিজে অসৎ হৈ আনক সৎ হবলৈ উপদেশ দিয়া।
- নিজৰ নঙলা মুখত সকলো কুকুৰেই বাঘ বা নিজ দেশত ঠাকুৰ পৰৰ দেশত কুকুৰ: অৰ্থাৎ সকলো ব্যক্তিয়েই নিজৰ চিনাকী ঠাইত নিজৰ দাম্ভিকতাৰে নিজক ডাঙৰ হিচাপে প্ৰকাশ কৰে, কিন্তু আনৰ ঠাইত গৈ সেই ভাৱ প্ৰকাশ কৰিব নোৱাৰে আৰু সৰু হৈ থাকিব লাগে৷
- নিজৰ পোকৰ টেকটেকিয়া, লোকৰ পোকৰত পানী চতিয়া: নিজৰ দোষ নেদেখি লোকৰ দোষ দেখা।
- নেখাও তাইৰ হাতেৰে ভাত, ঘূৰি ঘূৰি তাইতেহে হাত: কাৰোবাৰ হাতে ভাত নাখাও বুলি ঠেহ পাতি থাকিলেও শেষত পেটৰ ভোকত খাবলৈ বাধ্য হয়৷ অৰ্থাৎ কোনোবা ব্যক্তিৰ হাতে কোনো কাৰ্য্য নকৰাও বুলি ভাবিও উপায় নাপায় কৰিবলৈ বাধ্য হোৱা অৱস্থা৷
- নোধোও গা ধুৱালি, নাখাও ভাত খুৱালি, নিগিলো কি কৰ কৰ: কোনোবাই গা ধুব ইচ্ছা নকৰিলে যোৰ কৰি গা ধুৱাব পৰি, ভাত খাব ইচ্ছা নকৰিলে যোৰ কৰি মুখত ভাত সুমুৱাই দিব পাৰি, কিন্তু সুমোৱাই দিয়াৰ পাছতো যদি তেওঁ নিগিলো বুলি ভাৱে তেন্তে তেওঁক কেতিয়াও তাৰ বাবে বাধ্য কৰিব নোৱাৰি৷ অৰ্থাৎ কোনো এজন মানুহক বাহ্যিকভাৱে কিছুমান কাম কৰিবলৈ বাধ্য কৰাব পাৰি যদিও মনৰ ইচ্ছাৰে কোনো কাম কৰিবলৈ নিবিচাৰিলে, কামটো কেতিয়াও সফল হৈ নুঠে৷
- নমঞ্চিব কইনা, ওঠৰটা মূূৰ্তি
- নিবোকা চামোন, গু খোৱা যম: বেছি কথা বতৰা নকয়, কিন্তু মানসিক ভাবে খুব শক্তিশালি।
- নেহাহিবি মোক, সোঁচৰিব তোক: মোৰ অৱস্থা দেখি নেহাহিবি, কাৰণ কাইলৈ তোমাৰো তেনে অৱস্থা হব পাৰে।