ফকৰা যোজনা সূচী য-ৱ

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

এই পৃষ্ঠাত য-ৰ-ল-ৱ- ৰে আৰম্ভ হোৱা ফকৰা যোজনা সমূহৰ তালিকা যুগুত কৰা হৈছে। ফকৰা-যোজনাৰ সংকলনটো সম্পূৰ্ণ নহ'লেও যথেষ্ট প্ৰতিনিধিমূলক আৰু বিষয়টোৰ বিষয়ে ভালদৰে আভাষ দিয়ে।

ফকৰা যোজনাৰ সংগ্ৰহ[সম্পাদনা কৰক]

বৰ্ণানুক্ৰমিক সূচী : অ-ঈ উ-ঔ ক-ঙ চ-ঞ
ট-ণ ত-ন প-ম য-ৱ শ-ক্ষ

[সম্পাদনা কৰক]

  1. য'তে বাঘৰ ভয়, ত'তে ৰাতি হয়: যেতিয়া কিবা এটাৰ ভয় হয়, তেতিয়াই তাৰ সম্মুখিন হব লগা হয়।
  2. য'তে ৰাতি ততে কাটি
  3. যদিহে নোপোৱা মছলা ভাল, তলত দিবা বেছিকৈ জাল
  4. যখ চাই যখিনী, কৃষ্ণ চাই ৰুক্মিণী: আপুনি যেনে মানুহ তেনে সঙ্গই পাব৷
  5. যাৰ জহত শাখা সেন্দূৰ, তাকে পাতে ভোকোৰা এন্দুৰ
  6. যাৰ যি ইচ্ছা, হাত দাঙি দাঙি নাচা
  7. যাৰ নাই গৰু, সি সবাতোকৈ সৰু
  8. যাৰ নাই ধন, তাৰ নাই মান
  9. যাৰ নাই বাঁহ, তাৰ নাই সাহ
  10. যি যিমান নামে, সি সিমান তিতে
  11. যি মূলা বাঢ়ে তাৰ দুপাততে চিন
  12. যি পহু মাৰিলা বনত, সেই কথা ৰাখিবা মনত
  13. যিয়ে লঙ্কালৈ যায়, সিয়ে ৰাৱণ হয়
  14. যাচি দিয়া সোণৰো মূল্য নাই।
  15. যাৰ ঘৰত নুগুছে কন্দল, তাৰ ঘৰত নুফুলে কমল
  16. যিমানে বিলাই দিবা সিমানে মহান হ’বা: দান-বৰঙণি কৰিলে মহান বুলি স্বীকৃতি পায়।
  17. যিয়েই ৰজা তাৰেই প্ৰজা: সাধাৰণ মানুহৰে বাবে কোনে ৰাজত্ব কৰিছে সেয়া ডাঙৰ কথা নহয়, কাৰণ যিয়েই ৰাজত্ব নকৰক, সাধাৰণ প্ৰজাৰ অৱস্থা একেই থাকে।
  18. যেনে কুকুৰ, তেনে টাঙোন
  19. যোগ্যে ভোগ্যে বসুন্ধৰা (সংস্কৃত): যাৰ যোগ্যতা আছে সিহে উপভোগ কৰে
[ ওপৰলৈ যাওক]

[সম্পাদনা কৰক]

  1. ৰজাই ভাল দেখে যাক, শতৰু নুবুলিবা তাক: যি মানুহৰ প্ৰভাৱশালী মানুহৰ লগত ভাল সম্পৰ্ক, সেই মানুহৰ লগত শত্ৰুতা নকৰাই ভাল।
  2. ৰজাই ভাল দেখে যাক, ভেটিও নালাগে তাক: যি মানুহৰ প্ৰভাৱশালী মানুহৰ লগত ভাল সম্পৰ্ক, সেই মানুহে অনায়াসে নিজৰ কাম কৰাব পাৰে, যি কামৰ বাবে সাধাৰণ মানুহে ভেটি দিব লাগে।
  3. ৰাইজে নখ জোকাৰিলে নৈ বয়
  4. ৰাক্ষসৰ আগত ধোৱা চাউল
  5. ৰাতি হ'লে সাত হাল বায়, দিনত হ’লে এহালো নাই
  6. ৰান্ধনীশালত কাঁহী-বাতিৰ শব্দ হ’বই
  7. ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে।
  8. বালিলৈ যি পাত, সুগ্ৰীৱলৈও একেই পাত
  9. ৰৌ-বৰালী সৰকি যায়, পুঠি-খলিহনা ৰৈ যায়
  10. ৰচকীয়ে পাতে গাঁও, নিবুকিয়ে ভাঙে গাঁও
  11. ৰূপ টকাৰ কানি, একে হোপাই শেষ
  12. ৰূপেনো কি কৰে, গুণেহে সংসাৰ তৰে
  13. ৰোৱা চাবা পুৱা বেলিত, গাভৰু চাবা মাছৰ তলিত
[ ওপৰলৈ যাওক]

[সম্পাদনা কৰক]

  1. লুইতেহে জানে বঠা কিমানলৈ বহে
  2. লুকাই খালে ঢুকাই যায়, বাটি খালে আঁটি যায়
  3. লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটি
  4. লোভেই পাপ, পাপেই মৃত্যু
  5. লোহাৰেহে লোহা কাটিব পাৰি: কাৰোবাক পৰাস্ত কৰিবলৈ হ'লে তাৰ সমানেই শক্তি থাকিব লাগিব৷
  6. লাগি থাকিলে মাগি নাখায়: যি অহৰহ কাম কৰি থাকে, সি আনৰ ওচৰত কেতিয়াও হাত পাতিব নালাগে।
[ ওপৰলৈ যাওক]