পৰিদৰ্শন/বিবেক-বিপৰ্য্যয়

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
[ //১// ]
 

বিবেক-বিপৰ্য্যয়

 

(১)

 পঁচিশ-ত্ৰিশ বছৰমান আগৰ কথা। তেতিয়া আমাৰ দেশখন অসম প্ৰদেশ নহয়, পূৰ্ব্ববঙ্গ আৰু অসম প্ৰদেশ।

 বৰুৱাবাৰী গভৰ্ণমেন্ট হাইস্কুল। আজিকালিৰ কেইবাখনো হাইস্কুলৰ দৰে তেতিয়াৰ হাইস্কুলৰ ঘৰ-বাৰী ইমান পকা-পাকী নহয়, মাষ্টাৰসকলৰো দৰমহা কম; আৰু নিয়মকাৰণো কিছু টিলা।

 ডাইৰেক্টৰ চাহাবজন কিন্তু বৰ চোকা। তেওঁ চাৰ্কুলাৰ দিয়াত বৰ পাকৈত, আৰু তাতোকৈ পাকৈত সেই চাৰ্কুলাৰ মতে কাম কৰে নে নাই এনে কথাবোৰ ধৰাত, আৰু ধৰি শাস্তি দিয়াত।

 এনে সময়তে সচ্চিদানন্দ সেৱাদাস বৰুৱাবাৰী হাইস্কুলৰ এজন মাষ্টাৰ— চতুৰ্থ, কি পঞ্চম, কি ষষ্ঠ, কি সপ্তম মাষ্টাৰ— [  ] হেড্‌মাষ্টাৰ, চেকেণ্ড মাষ্টাৰ আৰু থাৰ্ড মাষ্টাৰৰ তলত কোনজন কি মাষ্টাৰ সকলো ল’ৰাই ভালকৈ বুজি নাপায়।

 সচ্চিদানন্দ সেৱাদাস নামটো কিছু নতুন। এতেকে কেনেকৈ এই নাম হ’ল তাৰ চমু বুৰঞ্জী কোৱাৰ আৱশ্যক।

 সৰু কালতে পিতৃ-মাতৃদত্ত এওঁৰ নাম আছিল সৎৰাম দাস। গুৱাহাটীৰ আৰু কলিকতাৰ কলেজত পঢ়োঁতে কিছুমান ব্ৰাহ্ম ছাত্ৰৰ আৰু তাৰ পাচত এটা ব্ৰাহ্ম পৰিয়ালৰ সংশ্ৰৱ পাই সৎৰামৰ ঠাইত তেওঁ নাম ললে সচ্চিদানন্দ। আৰু যেতিয়া কলেজৰ পৰা বি.এ. ফেইল মাৰি ওলাই আহিল, তেতিয়া কিছুদিন কতো একো কাম-কাজ যো-জা কৰিব নোৱাৰি দেশসেৱা মহাব্ৰতত জীৱন প্ৰায় উচৰ্গা কৰি ঠায়ে ঠায়ে বক্তৃতা দি ফুৰিলে। সেই সময়ত স্বদেশী ব্যৱহাৰ আৰু বিদেশী বৰ্জ্জনৰ আন্দোলন। এই দেশসেৱা ব্ৰতত ফুৰোঁতে হঠাৎ তেওঁৰ মনত ভাব হ’ল যে, সচ্চিদানন্দ দাসতকৈ সচ্চিানন্দ সেৱাদাস নাম ললে তেওঁৰ মনৰ ভাব, শৰীৰৰ শক্তি আৰু সম্প্ৰতি লোৱা ব্ৰত— এই সকলোটিৰে সুন্দৰ সামঞ্জস্য ৰক্ষা কৰা হয়— তেতিয়াৰে পৰা তেওঁ নাম ললে সচ্চিদানন্দ সেৱাদাস।

 ইয়াৰ পাচত দেখা গ’ল যে, দেশসেৱা ব্ৰতত বক্তৃতা দিবলৈ সুযোগ বহুত ওলায়, কিন্তু পেট পুহিবলৈ তিমান সুবিধা নাই—নিজৰ পেট পুহিবলৈ কিছু থাকিলেও, পৰিয়ালৰ ফালে [  ] মন দিয়া বৰ টান। সেইদেখি কোনো ছেগত ইন্সপেক্টৰ চাহাবক কৈ-মেলি ৪০৲ টকাৰ এটা মাষ্টাৰী চাকৰি ললে। সম্প্ৰতি সচ্চিদানন্দ সেৱাদাস, আগত কোৱা হৈছে, বৰুৱাবাৰী চৰকাৰী হাইস্কুলৰ এজন মাষ্টাৰ।

 মাষ্টাৰ হৈ তেওঁ তেওঁৰ বক্তৃতা দিয়াৰ অভ্যাস আৰু ব্ৰাহ্ম ধৰ্ম্মৰ নৈতিকতাৰ সূত্ৰবোৰ এৰা নাছিল; বৰঞ্চ এইবোৰৰ চৰ্চ্চা কৰিবলৈ স্কুলত সুযোগহে ঘটিছিল। স্কুলৰ ডিবেটিং ক্লাব, প্ৰাইজ সভা, ছাত্ৰোন্নতি সমিতিৰ বছেৰেকীয়া অধিবেশন, ৰামমোহন ৰায়ৰ বাৰ্ষিক উৎসৱ, ৰামকৃষ্ণ পৰমহংসৰ তিথি পালন ইত্যাদিবোৰত তেওঁৰ বক্তৃতা ধ্বনিয়ে গোটেই সভামণ্ডপ তোলপাৰ লগাইছিল; আৰু তেৱেঁ তেওঁৰ ধৰ্ম্ম আৰু নীতিৰ সূত্ৰবোৰৰ পুনৰাবৃত্তি কৰিবলৈ একোটা সুবিধা পাইছিল।

 সেই সময়ত হেমচন্দ্ৰ বৰুৱাৰ বা আনন্দৰাম বৰুৱাৰ স্মৃতিৰ অৰ্থে বছেৰেকীয়া সভা নবহিছিল; আৰু শঙ্কৰদেৱৰ বা দেৱ দামোদৰৰ তিথিও এতিয়াৰ দৰে পালন কৰা নহৈছিল।

 সেই সময়ত আৰু এটা কথা বিদ্বৎ-সমাজত প্ৰচলিত আহিল যে বি.এ. পাচ কৰা মানুহতকৈ বি.এ. ফেইল কৰা মানুহৰ ইংৰাজী ভাষাৰ জ্ঞান বেচি পূৰা; কাৰণ, ফেইল কৰা ডেকাসকলৰ ইংৰাজী সাহিত্যৰ প্ৰতি ইমান আগ্ৰহ যে, তেওঁলোকে এই বিষয়ত বৰ বেছিকৈ মন দিয়াৰ কাৰণে বি.এ. পৰীক্ষাৰ [  ] অন্য দুটা বিষয়লৈ তিমান কাণ কৰিব নোৱাৰে। তাৰ ফলত, অন্তৰ্দৃষ্টিশূন্য সহানুভূতিবিহীন বিশ্ববিদ্যালয়ে এনেহেন ইংৰাজী অভিজ্ঞ ডেকাসকলক ফেইল কৰি থয়।

 সচ্চিদানন্দ সেৱাদাসে এই বিষয়তে প্ৰচলিত মতৰ সত্যতা প্ৰমাণ কৰিছিল, তেওঁৰ ফট্‌ফটীয়া ইংৰাজী বক্তৃতাৰ দ্বাৰা।

 এই প্ৰকাৰে নানা প্ৰকাৰ কাৰ্য্য-কাৰণৰ সমন্বয়ত বৰুৱাবাৰী চহৰত এই খ্যাতি বিস্তৃত হৈছিল যে, সচ্চিদানন্দ সেৱাদাস এজন বিদ্বান্, বক্তা, সমদৰ্শী, দেশসেৱাপৰায়ণ লোক। তেওঁ নিজৰ বা আন কাৰো সুখ-দুখ, লাভ-ক্ষতিলৈ বিচাৰ নকৰি, কাৰো প্ৰতি অলপো কৃপা বা শঙ্কা নকৰি, নিজৰ বিবেকে যিহকে ভাল বুলি কয় সেইদৰে চলে। ইংৰাজীত তেওঁ কয় যে, তেওঁ এজন fearless conscientious worker.

 

(২)

 বৰুৱাবাৰী হাইস্কুলৰ পৰীক্ষা-হল। শাৰী শাৰীকৈ বেঞ্চ পতা। দেৰশ-দুশ মান ছাত্ৰই পৰীক্ষা দিবলৈ বহিছে।

 সচ্চিদানন্দ সেৱাদাস ‘গাৰ্ড’ সকলৰ ভিতৰৰ এজন— তেতিয়াও ইন্‌ভিজিলেটৰ শব্দটো প্ৰচলিত হোৱা নাই; গতিকে, গাৰ্ড বুলিলে তাচ্ছিল্য কৰা নহয়।
[  ]  যিফালে সেৱাদাস যায়, সেইফালেই ছাত্ৰবিলাক নিজম। এনেকি, অঙ্ক কৰোঁতে দুই-চাৰিজনৰ মুখত যি গুণ্‌গুণনি উঠে সেই শব্দও নাথাকে। সকলোৱে জানে, সেৱাদাস মাষ্টাৰ বৰ বিবেকী, তেওঁৰ আগত ধৰা পৰিলে ৰক্ষা নাই।

 সেইদিনা পৰীক্ষা দিয়া ছাত্ৰৰ ভিতৰত আছিল অতুলকৃষ্ণ। অতুলকৃষ্ণ বুদ্ধিমান, চোকা ল’ৰা; শ্ৰেণীত প্ৰথম, দ্বিতীয় হৈ থাকে; এতিয়া তৃতীয় (আজিকালিৰ অষ্টম মান) শ্ৰেণীত পঢ়ে। অতুলকৃষ্ণ ইংৰাজীত সদায় শ্ৰেণীত প্ৰথম হয়; অঙ্কত অলপ কেঁচা। আজিকালিৰ দৰে তেতিয়া খেলাৰ তিমান প্ৰচলন নাছিল। কিন্তু অতুলকৃষ্ণই ফুটবল আৰু ক্ৰিকেট দুয়োবিধ খেলিছিল; আৰু মাজে-সময়ে অনুগ্ৰহ কৰি যেতিয়া চাহাবসকলে স্কুলৰ ছাত্ৰৰ লগত দুখন-এখন মেচ খেলিছিল, তেতিয়া স্কুলৰ এঘাৰজনৰ ভিতৰত অতুলকৃষ্ণ থাকিছিল। ইয়াৰ বাহিৰে কিছু দুষ্ট আৰু সাহসী বুলিও অতুলৰ অলপ খ্যাতি আছিল। সকলোৰে ওপৰত অতুলৰ মোমায়েক এজন হাকিম, আৰু ককায়েকে ইন্সপেক্টৰ চাহাবৰ বিশ্বাসী কেৰাণীৰ কাম কৰে।

 সেইদিনা তৃতীয় শ্ৰেণীৰ অঙ্কৰ পৰীক্ষা। সচ্চিদানন্দ সেৱাদাসে অতুল বহা বেঞ্চৰ ওচৰে-পাজৰে কেইবাবাৰো ঘূৰিছে। শেষত খপ্‌কৈ অতুলৰ আগত থিয় হৈ অতুলক সুধিলে,— “তোৰ চোৰ মোনাত সেইসোপা কি?” আৰু [  ] এইবুলি কৈয়েই চোলাৰ মোনাৰ ওপৰেদি মূৰ ওলাই থকা ফটা কিতাপৰ পাত কেইখিলান উলিয়াই আনিলে।

 গোটেই হল নিমাত, নিস্তব্ধ!— হঠাৎ যেন বজ্ৰ পৰিল। অতুল ৰঙা পৰি থিয় হৈ কঁপিবলৈ ধৰিলে; আন ল’ৰাৰ বুকতো ধপ্‌ধপনি উঠিল।

 সেৱাদাসে অতুলৰ উত্তৰৰ কাগজসোপা টোপোলা বান্ধি লৈ ক’লে,- “আহ, হেড্‌মাষ্টাৰৰ ওচৰলৈ।”

 হেড্‌মাষ্টাৰৰ ওচৰ পাই সেৱাদাসে ক'লে— “ছাৰ, অতুলৰ জেপত এইবোৰ কিতাপৰ ফলা পাত। চাওক, জ্যামিতিৰ পাত। আজি ইহঁতৰ অঙ্কৰ পৰীক্ষা।”

 হেড্‌মাষ্টাৰে ফলা পাতবোৰ চালে— হয়, জ্যামিতিৰ পাত! সুধিলে,— সি চাইছিল নেকি?”

 সেৱাদাস— “চোৱা নাই হ’বপায়! মই কেইবাবাৰো মন কৰিছোঁ, তাৰ জেপৰ ওপৰেদি পাত কেইখিলামান ওলাই আছে। তিনি-চাৰিবাৰমান অহা-যোৱা কৰি শেষত তাক উঠিবলৈ কৈ চাওঁ যে এইসোপা।”

 হেড্‌মাষ্টাৰে অতুলক বুদ্ধিমান আৰু চতুৰ ল’ৰা বুলি অলপ মৰম কৰে; আৰু তাৰ সম্পৰ্কৰ বাবে মনে মনে অলপ খাতিৰো কৰে। বিবেকী আৰু সমদৰ্শী সেৱাদাসৰ ঠিক এই কাৰণেই অতুলৰ ওপৰত তিমান সন্তোষৰ ভাব নাই। হেড্‌মাষ্টাৰে সুধিলে— “অতুল! কিয় নকল কৰিছিলি?"
[  ]  অতুল— “নকল কৰা নাই, ছাৰ! আৰু সেই কেই পাতত আজিৰ পৰীক্ষাত অহা কোনো প্ৰতিজ্ঞাও নাই।”

 হেড মাষ্টাৰে— “হয়নেকি?” বুলি পাতকেইটা প্ৰশ্নৰ লগত মিলাই চাই দেখে যে হয়, প্ৰশ্নত অহা কোনো এটা প্ৰতিজ্ঞাই তাত নাই। তেওঁ সুধিলে,— “পাতবোৰ আনিছিলি কিয়?”— অতুল নিমাত!

 সেৱাদাসে কলে— ‘পাতবোৰ আনিছিল নকল কৰিবলৈ। আজিৰ প্ৰতিজ্ঞা নাই দেখি নকল কৰিব নোৱাৰিলে। তাৰ মত্‌লব্‌টো বেয়া। কোনো কাৰ্য্যৰ শেষ ক্ৰিয়াটো চাব নে তাৰ উদ্দেশ্যটো চাব। তাৰ intention (মত্‌লব্‌) নকল কৰা হে আছিল; বিশেষ circumstance-ত (অৱস্থাত) পৰি সেই মত্‌লব্‌ সিদ্ধ কৰিব নোৱাৰিলে। সি দণ্ড পাবই লাগে।”

 হেড্‌মাষ্টাৰে জানে যে ethics লৈ সেৱাদাসৰ লগত তৰ্ক কৰাৰ একো ফল নাই। তেওঁ সেৱাদাসক পৰীক্ষা-হলৈ পঠাই অতুলক সেই দিনালৈ পৰীক্ষা নিদি ঘৰলৈ যাবলৈ ক’লে।

 সময়ত প্ৰমোচন দিবৰ কাৰণে শিক্ষকসকলৰ মিটিং বহিল। অতুলৰ কথা ওলাল। হেড্‌মাষ্টাৰে আগৰ নম্বৰ, ক্লাছৰ পঢ়া-শুনা সকলো চাই, অতুলক প্ৰমোচন পাব বুলি মত দিলে। গণিতৰ মাষ্টাৰজনে দেখুৱালে যে, অঙ্কৰ পৰীক্ষাৰ দিনা সি [  ] আধাআধি লিখা সত্বেও পাছ নম্বৰ পাইছে। আন আন মাষ্টাৰসকলৰো তাক প্ৰমোচন দিবৰে মত— বিশেষ হেড্‌মাষ্টাৰৰ মতৰ বিপক্ষে কোনোৱে একো কোৱাও উচিত নহয়, আৰু শিক্ষকৰ সাধাৰণ মনৰ ভাব, ল’ৰাই যিমানে প্ৰমোচন পায় সিমানে ভাল।

 কিন্তু এই কথাই বিবেকী সেৱাদাসৰ বিবেকত খুন্দা মাৰি দিলে। তেওঁ খপকৈ থিয় হৈ কবলৈ ধৰিলে,— “এই কথাত মই মান্তি নহওঁ, ছাৰ! অতুলক আপোনালোকে গুৰু অপৰাধত অপৰাধী বুলি জানিও শাস্তি নিদিয়ে। এনে অনীতিৰ কথাত মই নাই, ছাৰ!”

 হেড্‌মাষ্টাৰ— “কিয়, তাক বেত মাৰিব খুজিছিলোঁ নহয়। আৰু বিশেষ সিতো সেইদিনা নকল কৰা নাছিল।”

 সেৱাদাস— “ছাৰ, মাফ কৰিব। মোৰ সেই মত নহয়। সি নকল কাৰ্য্যেৰেহে কৰা নাছিল; তাৰ নকল কৰাৰ অভিপ্ৰায় সম্পূৰ্ণ আছিল। অৱস্থা বিশেষতহে সি নকল কৰিব নোৱাৰিলে। Intention is all that counts in morality. (নৈতিকতাত অভিপ্ৰায় হে আচল কথা।)”

 কোনোবা এজন মাষ্টাৰ অলপ মুখ চোকা। তেওঁ ক'লে— “থাওক আপোনাৰ নৈতিকতা (morality)। অতুলে প্ৰমোচন পাব লাগে ছাৰ।”

 সেৱাদাস গৰ্জি উঠিল— “থাওক morality (নৈতিকতা)। [  ] Conscience (বিবেক) নাথাকিলে, শিক্ষা কিহৰ? সকলোকে সমান দেখিব নোৱাৰিলে বিদ্যামন্দিৰৰ পবিত্ৰতা ক’ত থাকে? অতুল অমুকা হাকিমৰ ভাগিন, আৰু অমুকা কেৰাণীৰ ভায়েক নোহোৱা হ’লে, অপোনালোকে তাক প্ৰমোচন নিদিলেহেঁতেন। এতিয়া ভাঙৰ মানুহৰ ল’ৰা দেখি তাৰ দোষ, দোষ নহয়। মই এনে কথাত নাই। নীতিৰ আগত, বিবেকৰ আগত সকলো সমান।”

 কথা অপ্ৰীতিকৰ হৈ উঠে দেখি হেড্‌মাষ্টাৰে ক’লে,— ‘বাৰু! অতুলৰ কথা এৰা যাওক। মই বাৰু প্ৰেচিডেণ্ট চাহাবক পৰামৰ্শ কৰি চাম।” —অন্য কাম কৰি মিটিং শেষ হ’ল।

 অতুলে অৱশ্যে প্ৰমোচন পালে।

 

(৩)

 পৰীক্ষাৰ এমাহমান পাচৰ কথা। ডাইৰেক্টৰ চাহাব স্কুল চাবলৈ আহিছে। লগতে ইন্সপেক্টৰ চাহাবো আছে। হেড্‌মাষ্টাৰৰ গাত তত্‌ নাই। — কিজানি ক’ৰবাত কিবা প্ৰকাৰে চাহাবদ্বয়ে বেয়া পাই যায়। তলৰ মাষ্টাৰসকলৰো মনত ভয়।

 চতুৰ্থ শ্ৰেণী (আজিকালিৰ সপ্তমমান) চাওঁতে এটা বিষম [ ১০ ] কথা হ’ল। ইংৰাজীৰ শিক্ষকসকলে দঢ়াই দঢ়াই ছাত্ৰক কৈ পঠাইছিল যেন কী-বুক (অৰ্থৰ কিতাপ) কোনোৱে স্কুললৈ লৈ নাহে। ইংৰাজী কিতাপৰ বঙালী অৰ্থৰ কিতাপ সকলো ল’ৰাই পঢ়ে; শিক্ষকসকলে জানেও আৰু পঢ়িবলৈকো কয়। কিন্তু কিছুদিন পূৰ্ব্বে ডাইৰেক্টৰ চাহাবে হুকুম দিছে চাৰ্কুলাৰ জাৰি কৰি, যে প্ৰকৃত শিক্ষাৰ কাৰণে কী-বুক ব্যৱহাৰ কৰা প্ৰকৃততে অনিষ্টজনক। গতিকে প্ৰত্যেক শিক্ষক সাৱধান হব, যেন কোনো ল’ৰাই কী-বুক নপঢ়ে।

 চতুৰ্থ শ্ৰেণীৰ ল’ৰা এজনক ইংৰাজী পঢ়ি থাকোঁতে ডাইৰেক্টৰ চাহাবে অৰ্থ সুধিলে; ল’ৰাজনে এনে ইংৰাজী দি অৰ্থটো কলে যে, চাহাবৰ মনত সংশয় জন্মিল যে শব্দটো ইংৰাজী কী-বুকৰ! চাহাবে সুধিলে,— “তুমি কী-বুক ব্যৱহাৰ কৰা হ’বপায়?” ল’ৰাজনৰ উচিত আছিল ‘নকৰোঁ।’ বুলি উত্তৰ দিয়া। কিন্তু ভয়তে তাৰ ভগৱন্ত কঁপি আছিল; তাৰ মুখত ওলাল— “হয় ছাৰ!”

 চাহাবে ক্লাছ মাষ্টাৰক মাতিলে,— “মাষ্টাৰ এই বিষয়ে আপোনাৰ কি কবলগীয়া আছে?”

 ক্লাছ মাষ্টাৰ আহিল সচ্চিদানন্দ সেৱাদাস! তেওঁ ক’লে,— “ছাৰ, মই আপোনাৰ চাৰ্কুলাৰৰ কথা বঢ়িয়াকৈ বুজাই দিছোঁ। সিহঁতে কী-বুক ব্যৱহাৰ নকৰে।”

 চাহাব— “এই ল’ৰাজনে সেখোন কৰা বুলি কয়।”
[ ১১ ]  সেৱাদাস— “হয় নে, তই কী-বুক ব্যৱহাৰ কৰ নেকি?”

 তিমানখিনি সময় ল’ৰাৰ বুদ্ধি চাপি আহিছে। সি ক'লে,— “নকৰোঁ ছাৰ, চাহাবৰ কথা বুজিব নোৱাৰিহে ‘ইয়েছ’ বুলিলোঁ!”

 সেৱাদাসে কথাষাৰ বুজাই দিলে। এইদৰে এটা কথাত অপমান বাধা পাই চাহাবৰ ৰোষ চাপিল। ‘বাৰু’ এইবুলি ইন্সপেক্টৰেৰে সৈতে গোটেইটো ক্লাছৰ কিতাপপত্ৰবিলাক ঘূঁকটি চাব ধৰিলে। চোৱা হ’ল, বহুতো মলি বহী, ৰাফ্ বুক, ফটা কাগজ— এইবোৰ ওলাল। কিন্তু কী-বুক এখনো নোলাল।

 সেৱাদাস মাষ্টাৰৰ মুখ জয়ৰ গৰ্ব্বত ফুলি পৰিল। ক'লে,— “মই কৈছিলোঁ নহয় ছাৰ! মোক বিশ্বাস কৰিব পাৰিলেহেঁতেন।”

 স্পষ্ট কথা কোৱাত ভয় নকৰে বুলি সেৱাদাসৰ খ্যাতি ছাত্ৰৰ আগত অক্ষুণ্ণ ৰাখিব লাগে নহয়।

 বাঘ আৰু হৰিণাৰ লগত তুলনা নকৰি ঘৰুৱা মেকুৰী আৰু নিগনিৰ লগত তুলনা কৰিয়েই কওঁ। মেকুৰীৰ হাতৰ পৰা নিগনিটো পলাই সাৰিলে মেকুৰীৰ মনত যেনে ভাব হোৱা সম্ভৱ, এইদৰে ধৰোঁ ধৰোঁ পৰোঁ পৰোঁ আসোৱাহৰ পৰা মাষ্টাৰ মুক্ত হোৱা দেখি, চাহাবৰ মনতো তেনে ভাব হ’ল। তেওঁ ৰঙা পৰি ক’লে— ‘বাৰু, হেড্‌মাষ্টাৰ, তোমাৰ ল’ৰাক কিতাপ যোগায় কোনে?’
[ ১২ ]  এই প্ৰশ্নটোৰ এটা উদ্দেশ্য আৰু সাৰ্থকতা আছিল। সেই সময়ত কোনো কোনো স্কুলত একোজন শিক্ষকক ছাত্ৰৰ কিতাপ-কাগজ, বহী-কলম আদি যোগাবৰ অনুমতি দিয়া হৈছিল। বৰুৱাবাৰী স্কুলতো এই অনুমতি আছিল, আৰু সেই অনুমতি পাইছিল শ্ৰীযুক্ত সচ্চিদানন্দ সেৱাদাসে।

 হেড্‌মাষ্টাৰে ক’লে,— “সচ্চিদানন্দ বাবুৱে— এৱেঁই।”

 চাহাব,— “আপোনাৰ কিতাপবোৰ ইয়াতে থয় নে?”

 উচিত উত্তৰ উচিত সময়ত ওলাবলৈ হলে সচ্চিদানন্দই কব লাগিছিল যে, তেওঁ কিতাপ স্কুলত নথয়, বা কিতাপবোৰ বিক্ৰী হৈ গৈছে, বা এনে এটা অন্য কথা। অৱশ্য স্কুলত নিজৰ আলমাৰীত বিক্ৰীৰ কিতাপ থলেও তেতিয়া একো অপৰাধ নহৈছিল। কিন্তু সচ্চিদানন্দৰ মুখত উচিত উত্তৰটো নোলাল; সঁচাটো ওলাল।

 চাহাবে ‘বাৰু, চাওঁহঁক” বুলি খোজ ললে। তেতিয়া আৰু অন্য কথা কৈ চাহাবৰ গতি সলাবৰ অৱসৰ নাইকিয়া হ’ল।

 কিতাপৰ আলমাৰীটো সেৱাদাসে খুলি দিলে। হেড্‌মাষ্টাৰে আৰু ইন্সপেক্টৰ চাহাবে পাত্‌পাত্‌কৈ কিতাপ বোৰ চালে। তাৰ মাজৰ পৰা ওলাল— এখন নহয়, দুখন নহয়, সাতখন কী-বুক!

 ঘোঁৰাত উঠি চুটি মেলি গৈ আছা, হঠাৎ ঘোঁৰাটো
[ ১৩ ] ৰলে, গাটো যেনে হমাৎ কৰি উঠে; একান্তমনে কোনো এখন কিতাপ পঢ়ি আছা, কাণৰ কাষত কোনোবাই আটাহ পাৰি দিলে মনটো যেনেকৈ ঝিনিৎ কৰি বাজে, সেৱাদাসৰ এইবাৰ মনৰ অৱস্থা তেনে হ’ল। তেওঁ ক’লা পৰিল, কঁপিব ধৰিলে, আৰু গাৰ তত হেৰুৱাই বহি পৰিল।

 তেওঁৰ তেনে অৱস্থা দেখি চাহাব দুজনে বিশেষ একো নকলে। ডাইৰেক্টৰ চাহাবে হেড্‌মাষ্টাৰক ক’লে,— “হেড্‌মাষ্টাৰ, আপোনাৰ supervision (তলৰ মানুহৰ কাম-কাজ চোৱাত) ইয়াতকৈ বহুতো ভাল হোৱা যুগুত।” আৰু স্কুলৰ পৰা ওলাই গ’ল।

 যাবৰ বেলিকা ডাইৰেক্টৰ চাহাবে ইন্সপেক্টৰ চাহাবক ক’লে,— “The cheek of some men! He himself encourages the boys to use keys and makes a profit out of it and has the audacity to contradict us!"

 চাহাব যোৱাৰ একমিনিটমানৰ ভিতৰতে গোটেই স্কুলত ৰজন্‌জনাই গ’ল, কি কাণ্ড আজি ঘটিল!

 

(৪)

 হেড্‌মাষ্টাৰ ক’লা পৰি অফিচ ঘৰ সোমাল। তেওঁক মাতিবলৈ কাৰো সাধ্য নহ’ল।
[ ১৪ ]  সচ্চিদানন্দ কমনৰুমলৈ গ’ল। নবীন মাষ্টাৰৰ মুখ চোকা বুলি খ্যাতি আছিল। তেওঁ ক’লে— “আপোনাৰ morality আৰু conscience আজি ধৰা পৰিল।”

 বিনয় মাষ্টাৰ ভদ্ৰলোক। তেওঁ ক’লে,— “ৰ’বা নবীন, সকলোতে তোমাৰ ধেমালিখন! In all conscience it is an extremely serious matter. বৰ বেয়া কথাটো ঘটিল। কিবা এটা কৰিব লাগে।”

 সচ্চিদানন্দই একো নমতাকৈ আছিল। তেওঁ ক’লে— “Even the best of us have faults; নহলেতো পৃথিবী গুচি স্বৰ্গই হ’লহেঁতেন। A friend in need is a friend indeed. কিবা পাৰে যদি পৰামৰ্শ দিয়ক।”

 সকলোটি পৰামৰ্শত লাগিল। কিছু পৰৰ পাচত নবীন মাষ্টাৰে বিনয়েৰে সৈতে লগলাগি সচ্চিদানন্দক এফলীয়া কৰি মাতি নিলে আৰু অনেক পৰ কথাবাৰ্ত্তা হ’ল।

 শেষত সচ্চিদানন্দই ক’লে,— “তেনে হলে দিয়ক তাকে কৰি। ৰক্ষা কৰক মোক। স্কুলৰ বদ্‌নামটো যাওক। ইয়াত আমাৰ সকলোৰে বদনাম।”

 নবীন— “আপুনি নিজে সকলো দুৰ্ঘটনা ঘটাব, morality গাব; আৰু এই কাম কৰিবৰ বেলিকা লাগে আমাক— immoralityৰ কাৰণ। সেইটি নহয়। আপোনাৰ চাকৰি [ ১৫ ] যায় যাব; আমাৰ কিহৰ বদ্‌নামটো হ’ব। উপায় দিছোঁ— কৰক।”

 বিনয়,— “ৰবা হে নবীন, তুমি কোন দিন খাটি খোৱাহে। নহয় সেৱাদাস, আপুনি নিজে কৰিলেহে ভাল। নহলে আৰু ৰক্ষা নাই।”

 সেৱাদাসে ক’লে,— “বাৰু।”

 

(৫)

 গধূলি সময়। অতুলকৃষ্ণৰ পদূলিৰ আগত সেবাদাস, তেওঁৰ হাতত এটা টোপোলা। অতুল এই সময়তে খেলি আহে। অলপ ইফাল সিফাল কৰাৰ পাচতে অতুল আহিল; আহিয়েই সেৱদাস মাষ্টাৰ পদূলিত দেখি নমস্কাৰ দিলে।

 সেৱাদাসে ক’লে— “অতুল, তোমাৰ কাৰণে ৰৈ আছোঁ।”

 অতুল আচৰিত হ’ল। ক’লে,— “কিয় ছাৰ?”

 সেপ ঢুকি সেৱাদাসে ক’লে— “বৰ কথা এটা হ’ল। তুমি ৰক্ষা কৰিব লাগে। আজি স্কুলৰ ঘটনা শুনিছাই নহয়। তুমি জানা এইবাৰৰ পৰীক্ষাৰ কথা। তোমাক পৰীক্ষা দিবলৈ কাৰো মতেই নাছিল। ময়ে হে হেড্‌মাষ্টাৰক ধৰি মেলি প্ৰমোচন দিয়ালোঁ।”

 অতুলে প্ৰমোনচনৰ মিটিঙৰ সকলো কথা জানে। তেওঁ মাষ্টাৰক খাতিৰ কৰি ক’লে— “হয়, ছাৰ।”
[ ১৬ ]  সেৱাদাস— “আজি কী-বুকৰ কথাত মোৰ চাকৰি যায়। চাকৰি যোৱাৰ অৰ্থ কি জানা নহয়! ল’ৰা-তিৰোতাৰ খাবলৈ নোহোৱা হয়। আচলতে কী-বুকৰ কথাত মই নিৰপৰাধ। ডাইৰেক্টৰ চাহাবেই হওক বা যেয়ে হওক সকলো কথাৰ আৰু আদেশৰ একোটা অৰ্থ থাকিব লাগে। বিবেক-বিবেচনাৰ বিৰুদ্ধে দিয়া আদেশ আমি কিয় পালিব লাগে? মোৰ মনেৰে ছাত্ৰই কী-বুক পঢ়া একো দোষণীয় নহয়। সেইদেখিহে মই পঢ়িবলৈ কওঁ আৰু বিক্ৰী কৰোঁ— ছাত্ৰৰ ভালৰ অৰ্থেহে।”

 অতুল— “হয়, ছাৰ।”

 সেৱাদাস— “এতিয়া এই বিপদৰ পৰা তুমি উদ্ধাৰ নকৰিলে আনে নোৱাৰে। প্ৰকৃততে অকল মোৰ বিপদ নহয়; আমাৰ স্কুলৰ বদ্‌নাম আৰু হেড্‌মাষ্টাৰৰো বেয়া। সেই দেখিহে তোমাক কৈছো। অকল মোৰ নিজৰ কথা হোৱা হলে তোমাক এই কথা নকওঁ।”

 অতুল— “হয় ছাৰ! পিচে কি কৰিব লাগে?”

 সেৱাদাস— “বিশেষ টান কাম নহয়। মোৰ হাতত যে এই টোপোলাটো আছে, ইয়াত পাঁচ-ছ বছৰীয়া পুৰণা পাঠ্য পুথিৰ কী-বুক সাতখন আছে। আজি ইন্সপেক্টৰ চাহাবে যি কেইখন লৈ গ’ল, সেই কিখন আজিকালিৰ পাঠ্যৰ কী-বুক। তুমি যদি এই কেইখন চাহাবৰ টেবিলৰ ওপৰত থৈ তাত থকা কেইখন আনি দিব পাৰা, তেনেহলে আমাৰ [ ১৭ ] সকলোৰে দোষ খণ্ডন হয়। তোমাৰো একো ভয় নাথাকে। তুমিতো চাহাবৰ বঙলালৈ অহা-যোৱা কৰাই।”

 অতুল— “কৰোঁ হয়, ছাৰ। পাছে চাহাবে বা কিতাপবোৰ থৈছে ক’ত? যদি অফিচৰ টেবিলৰ ওপৰতে আছে, মই যাম। কিন্তু যদি ড্ৰৱাৰ বা আলমাৰীত বন্ধ কৰি থৈছে, তেনেহলে কি হ’ব?”

 সেৱাদাস— “তেতিয়া কপালত যি হয় হব। তুমি এবাৰ যাব লাগে, অতুল। তোমাৰ বুদ্ধি আৰু সাহ আমি সকলোৱে জানো। সেই দেখিয়ে সকলো মাষ্টাৰে তোমাক এইটো কাম কৰিবলৈ কৈ পঠাইছে। হেড্‌মাষ্টাৰেও ভাল পাব।”

 অতুল— (আচৰিত হৈ) “হেড্‌মাষ্টাৰেও কৈছে নে?”  সেৱাদাস— (থতমত, খাই) হেড্‌মাষ্টাৰে ঠিক এইদৰে স্পষ্টকৈ কোৱা নাই। কিন্তু এই বিপদৰ পৰা উদ্ধাৰ পাবলৈ বুদ্ধি সাজিব পাৰিলে, নিশ্চয় ভাল পাব বুলি আমি ভাবিছোঁ।”

 অতুল— “ভাল, ভাল! মই এতিয়াই চেষ্টা কৰি চাম। চাহাব ক্লাবত থাকিব পায়।”

 সেবাদাস— “পাৰিবা, বাপা তুমি। তোমাক ঈশ্বৰে কল্যাণ কৰক।”

 

(৬)

 এই ঘটনাৰ পাচ দিনা ইন্সপেক্টৰ চাহাবৰ পৰা তাগাদা চিঠি আহিল, ডাইৰেক্টৰ চাহাবৰ আদেশৰ বিৰুদ্ধে স্কুলত [ ১৮ ] কিয় কী-বুক চলোৱা হয় আৰু স্কুলৰ মাষ্টাৰ এজনে কিয় কী-বুক বিক্ৰী কৰে, আৰু সেই মাষ্টাৰজনক এই অপৰাধৰ কাৰণে শাস্তি দিয়া নহ’ব কিয়?

 এই চিঠিৰ উত্তৰত হেড্‌মাষ্টাৰে যথাবিহিত সম্মান আৰু বিনয় দেখুৱাই আৰু পূৰ্ব্বাপৰ ঘটনা বিবৰি লিখিলে,— “The teacher in question, Sjt. Sachchidananda Sevadas says that the keybooks are old ones and were in stock from four or five years past. I have taken special care to see that keybooks are not used in the school; and so far as I am able to ascertain no new keybook has been used or sold in my school since the date of the D. P. I.'s Circular.’

 ইন্সপেক্টৰ চাহাবে চিঠি পালে অফিচত, আৰু পাই পকেটত সুমাই থৈ দিলে। ভাটিবেলা ৪ ১/২ বজাত চাহ খাবৰ সময়ত চিঠিখন ডাইৰেক্টৰ চাহাবক দেখুৱালে। ক’লে যে তেওঁ keybook বোৰ পৰীক্ষা কৰি চাইছে, হয় সেইবোৰ চাৰি-পাঁচবছৰীয়া পুৰণা।

 ডাইৰেক্টৰ চাহাব অলপ তভক্ মাৰি ৰ’ল। শেষত ক’লে— “We were fools not to examine their dates on the spot.”