পৰিদৰ্শন/পঢ়াশালি পৰিদৰ্শন

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
[ //১৯// ]
 

পঢ়াশালি পৰিদৰ্শন

 

 শ্ৰীযুত কল্পেশ্বৰ শৰ্ম্মা ফুকন ঢোপৰ স্কুলৰ পণ্ডিত, মৌজাদাৰৰ ভায়েক, জিলাৰ ইংৰাজী স্কুলৰ দ্বিতীয় শ্ৰেণী অৰ্থাৎ নৱম মানলৈ পঢ়া আৰু ইপিনে যোৰহাট নৰ্ম্মাল স্কুলৰ পৰা গুৰু বাৰ্ষিক পাছ।

 তাহানিখন তেওঁ হাইস্কুলত পঢ়োঁতে কোনো গুহ্য অপৰাধত স্কুলৰ পৰা ‘নিৰ্বাসিত’ হৈছিল। ল’ৰাটোৰ একো নহল দেখি মৌজাদাৰ ডাঙৰীয়াই পোনতে তাক মণ্ডলৰ কাম দিয়ালে, কিন্তু আৰ মাটি তাৰ নামত লগাই দিয়া অপৰাধত সেই কামৰ পৰা বিদায় পালে। লোকেল বোৰ্ডৰ ওভাৰচিয়াৰ বাবুক কৈ মেলি আলি এটা মেৰামতিৰ ঠিকা লৈ দিলে, সেইবেলি মৌজাদাৰৰ নগদ ৩০০৲ টকা লোকচান হ’ল। পাচত, ৩ খন হাল আৰু ১০ পূৰা মাটি কৰি দি অলপ দূৰত খেতি কৰিবলৈ লগালে, হালোৱা গৰু আটাই কেইটা মৰিল আৰু ভাল ধান পালে ১০৫ ভাৰ। তাৰ পাচত কছাৰীত এছিষ্টেন্ট নকলনবীচ পাতি দিলে। তাতো কিবা কাকতৰ গোলমাল কৰাত সেই কামৰপৰা খেদা খালে। অৱশেষত, আন ক’তো একো নোহোৱাত মৌজাদাৰ ডাঙৰীয়াই নিজৰ চ’ৰাৰ আগতে আলিটোৰ সিপাৰে এটা চাৰিচলীয়া ঘৰ বান্ধি দি ডাবি-ধমকেৰে গাৱঁৰ পৰা ল’ৰা-ছোৱালী কিছুমান গোটাই কল্পেশ্বৰক তাৰ পণ্ডিত পাতি দিলে।
[ ২০ ]  এদিন ডিপুটী ইন্সপেক্টৰ ডাঙৰীয়া সেই বাটেদি যাবলৈ ধৰোঁতে মৌজাদাৰ ডাঙৰীয়াই লৰি গৈ তেওঁক বাটতে এটা চালাম দিলে আৰু অনেক কাকুতি-মিনতি কৰি তেওঁক নিজ চ’ৰালৈ লৈ আহিল। কথাই-বতৰাই ডিপুটী ডাঙৰীয়াই সেই নিশা তাতে খপিলে। পাচ দিনা পুৱাৰে পৰা কল্পেশ্বৰৰ স্কুল মঞ্জুৰ হ’ল; আৰু সেই মাহৰে যোৱা পহিলা তাৰিখৰ পৰা ৮৲ টকা নিৰিখত কল্পেশ্বৰৰ ‘তলব’ বন্দবস্ত হ’ল। যেতিয়া ট্ৰেইনিং পাছ কৰি আহিল, তেতিয়া তেওঁৰ দৰমহা হ’ল ১২৲ টকা; আৰু কেপিটেছন উঠি যোৱা সময়ৰ পৰা কল্পেশ্বৰ ১৭৲ টকাকৈ পাব ধৰিলে।

 

(২)

 স্কুলৰ চেয়াৰত বহি টেবুলত ভৰি মেলি আৰু মুখত চুৰট লৈ কল্পেশ্বৰ বহি আছে; আন্ধাৰ ঘৰটোৰ কোনোবা চুকৰ জেকা মাটিত ফটা থলিয়াৰ কানি পাতি তিনি নে চাৰিজন ল’ৰা। তাৰে কাষতে তেনে সজুলিৰ ওপৰত এজন ডেকাই শুই ফোঁচ-ফোঁচাইছে। এনে সময়তে ‘ডাক পিয়োনি’ আহি চৰকাৰী চাব মৰা দীঘল খাম এটা কল্পেশ্বৰৰ হাতত দিলে। ডাকঘৰ স্কুলৰ পৰা বহুত দূৰ, ৮/১০ দিনে এই বিষয়াজনৰ মৌজাদাৰ থকা বুলি সেই গাৱঁত অৱতাৰ হয়। অসম্ভৱ ৰূপে পিয়নৰ প্ৰবেশত ঘৰৰ ভিতৰত থকা সকলোটি প্ৰাণী চমক্‌ [ ২১ ] খাই উঠিল। কল্পেশ্বৰে টেবুলৰ পৰা ভৰি নমালে, বহি থকা ল’ৰা কেইজনে ‘যিজনে নিৰ্ভৰ কৰে সদায় পৰত’— এই ফাঁকি খেলি-মেলিকৈ গাব ধৰিলে। আৰু শুই একা ডেকাটোৱেও হুঁ কৰি বাগৰ সলালে।

 পিয়ন গ’ল; কল্পেশ্বৰে ধীৰে সুস্থিৰে লেফাফাটো খুলি ফুফুৰকৈ চুৰটৰ ধোঁৱা উলিয়াই চিঠিখন পঢ়িলে। সৰ্ব্বনাশ! ডিপুটি ডাঙৰীয়াই পৰৱানা পঠাইছে:—

 “যেহেতু মহামহিমান্বিত শ্ৰীল শ্ৰীযুক্ত অসম উপত্যকা আৰু পৰ্ব্বতীয়া বিভাগৰ সমুদায় স্কুলসমূহৰ ইন্‌স্পেক্টৰ চাহাব বাহাদুৰ মহোদয় অত্ৰ মহকুমালৈ স্কুল পৰিদৰ্শন কৰিবলৈ আহিছে—

 আৰু যেহেতু উক্ত শ্ৰীল শ্ৰীযুক্ত চাহাব বাহাদুৰৰ জানুৱাৰী মাহৰ ১০ তাৰিখৰ পৰা ২০ তাৰিখলৈ ইয়াৰ ভিতৰত তোমাৰ স্কুলৰ সমুখৰ আলিয়েদি যোৱাৰ সম্ভাৱনা আছে—

 এতেকে তোমাক সতৰ্ক কৰা গ’ল যে, তুমি শ্ৰীল শ্ৰীযুক্ত চাহাব বাহাদুৰক স্কুল দেখুৱাবলৈ সকলো প্ৰকাৰে সাজু হৈ থাকিবা। ইয়াৰ অন্যথা নকৰিবা। ইতি—

.................
ডিপুটী ইন্‌স্পেক্টৰ।”  

 চিঠি পায়েই তো কল্পেশ্বৰৰ ধাতু উৰিল। স্কুল দেখুৱাবলৈ আছে কি? ঘৰটো ভঙা; বেৰ নাই; ভেটিটোও জেকা— [ ২২ ] চাল উৰুখে। হাজিৰা হাজিৰাই, ছাত্ৰ তো আছে ৩ বা ৪ জন। ইফালে নোট বহী এটা নাই, কল কৰা কাকত এডোখৰ নাই, পেন্সিল হেন্দেল কাৰো নাই, ল’ৰাৰ কিতাপবোৰ পুৰণি, একটকীয়া ভূগোল আৰু ছঅনীয়া আখৰ লিখা বহী কিনা নাই। সৰ্ব্বনাশ— এইবাৰ দেখোন চাকৰিটো ৰখাই টান হ’ল। তাতে আজি আকৌ ১৬ জানুৱাৰী! চাহাব জানোচা আজিকালিতে ওলায়হি। খালে, খালে, খালে ইহঁতে!

 এনেতে ল’ৰা এটাই মাটিৰ পৰা সৰু কাকতৰ টুকুৰা এখন পণ্ডিতৰ হাতত দি কলে— “এইয়া বাবু, ডাঙৰখন কাকত মেলোঁতে সৰি পৰিছিল।” বাবুৱে সৰু কাকতখন চালে— তাতে লিখা আছে—

 ‘পণ্ডিত, অলপ গাখীৰ, অলপ মাছ, আঠোটামান পাৰ আৰু পাৰিলে এটা পঠা যোগাৰ কৰি ৰাখিবা।’

 

(৩)

 বিস্ময়ৰ ওপৰত বিস্ময়! এইদৰে থাকোঁতেই স্কুলৰ ছাব-ইন্‌স্পেক্টৰ বাবুৰ চাপৰাছীটো ওলালহি।

 “এই ক’ৰপৰা ঔ, বগাই?”

 “কিয় আপুনি জানো খবৰ পোৱা নাই। আপোনালোকৰ ইন্‌স্পেক্টৰ চাহাব আহিছে নহয়?”

 “কি কৱ! ক’ত আছে?”
[ ২৩ ]  “কেলেই খৰখৰি বঙলাত। কাইলৈ দেমাকৰ বঙলাত থাকিবহি। আপোনাৰ স্কুল কাইলৈ চাব নহয়, সেইহে খবৰ দিবলৈ ডিপুটীয়ে খৰধৰকৈ পঠালে। তাত ভাত-পানী খাই ৪ মান বজাত এই খিনি পাবহি।”

 আকাশ ভাঙি পণ্ডিতৰ মূৰত পৰিল। উপায়? অলপ পৰ থমকি ৰৈ বগাইক সুধিলে, “হেৰ, মোৰ ফালে হ’ল বগাই! নেদেখিছ স্কুল কি হৈ আছে।”

 “চিন্তা কৰিছে কিয় বাৰু আপুনি? চাহাবজন বৰ বেয়া মানুহ নহয়। আপনি খুব মতে চালাম দিব, ভাল পাই যাব। আৰু কলটনা কাকত আৰু নোটবোৰ নাইনে?”

 “সেইবোৰ থকাহেঁতেন কি চিন্তা আছিল। হেৰ, চালাম হালি মাটিৰ পৰা দিলে ভাল পায়নে অ’ বগাই?”

 “খুব ভাল পায়, বাবু। ডিপুটীয়ে আৰু আমাৰ বাবুয়ে নিতৌ পুৱা উঠি ‘গুড মণি’ আৰু গধূলি ‘গুড নাই’ কৰে নহয়; আমি যেতিয়াই দেখোঁ তেতিয়াই হালি হালি এইদৰে চালাম দিওঁ। বাবু সকলে আমাক শিকাই দিছে।” এই বুলি বগাইয়ে চালামৰ নমুনা এটা দেখুৱাই দিলে।

 পণ্ডিতে অলপ পৰ ৰৈ সুধিলে— “তই ফিৰি যাবি নে কি বগাই?”

 “এৰা, হওঁতে ফিৰি যাবলৈ কৈছিলে। পাছে, ভাত এমুঠি দিব, থাকোইহঁক, দহ মাইল বাট এতিয়া কোনে যাব! [ ২৪ ] কম বোলোঁ নিশা হ’ল, হাবিতলীয়া বাট। ঘোঁৰাটো লৈ অলপ দিগ্‌দাৰ হ’ব— চাব বাবুৱেই।”

 

(৪)

 “হেৰ নদাই, উঠ উঠ! গাহৰিটোৱে শুইছেহে শুইছে! উঠ কুকুৰ পোৱালীটো!”

 তেতিয়া কাষত থকা ল’ৰা দুটামানে নদাইক টোপনিৰ পৰা তুলি দিলে। শুই থকা ডেকাজনেই নদাই। “কেলেই আমনি কৰিছে বাবু?”

 “কটা আমনি কৰিছোঁ! গাহৰি! শুনিছ নে নাই শুনা, বন্দীৰ পোৱালী!”

 “গালিখন পাৰে কেলেই! কি হৈছে কওক বাৰু!”

 “কটাৰ পো! আৰু হ’বলগীয়া নাই। কাইলৈ ইন্‌স্পেক্টৰ চাহাব আহিব— শুনিছ? তালৈকে পঠা এটা লাগে, আৰু দহোটামান হাঁহ-পাৰ লাগে।”

 “কোন চাহাব?”

 “তোৰ বাপেৰ চাহাব, কটা গু বন্দী! ইন্‌স্পেক্টৰ চাহাব! সকলোৰে ওপৰত— বুইছ?”

 “আজিয়েই এইবোৰ ক’ত পাম মই, বাবু?”

 “হেৰ ক’ত পাবি মই কি জানোঁ। গাৱঁত হাঁহপাৰ নোহোৱা হ’ল, হোঁ? গধূলি গৈ আনিব নোৱাৰ? হোঁ ল’।” [ ২৫ ] — এইবুলি পণ্ডিতে জেপৰ পৰা তিনিটা চুৰট নদাইৰ হাতত দিলে। নদাইৰ চকুত আৰু মুখত তৃপ্তিৰ ভাব ফুটি উঠিল। “বাৰু, হাঁহ-পাৰ হব। পঠাটোৰ হলে ধন দিব লাগিব।” এইবুলি কৈ ভঙা চিলত আৰু ফটা কিতাপটো লৈ নদাই ওলাই গ’ল।

 তেতিয়া পণ্ডিতে বাকী চাৰিজনৰ যাৰ ঘৰত গাখীৰ আছিল তাক গাখীৰ, যাৰ ঘৰত ভাল জহা চাউল আছিল তাক জহা চাউল আৰু বাকী দুটাক খৰি আৰু মাছৰ যোগাৰ কৰিবলৈ হকুম দি বিদায় দিলে। যাবৰ বেলিকা কৈ দিলে, যদি কোনোবাই বস্তু ঠিকমতে যোগাৰ দিব নোৱাৰে, তেন্তে কোবত তাৰ পিঠি ছিগিব।

 

(৫)

 পাচদিনা পুৱা উঠি কল্পেশ্বৰে বগাই চাপৰাছীক মাতিলে; মাতি তাক চাহ আৰু লুচি খুৱালে। দহমান বজাত ভাত খুৱালে, তাৰ পাচত তাৰ হাতত চাহ-চেনি-গাখীৰ, ভজা লুচি কিছুমান, সিজোৱা কণী কেইটামান, প্ৰভৃতি বস্তুৰে সৈতে বগাইক বঙলালৈ গৈ চাহৰ যোগাৰ ৰাখিবলৈ বুলি পঠাই দিলে। বঙলালৈ এমাইলমান দূৰ।

 অলপ পাচতে যথাসাধ্য ভাৰভেটি লৈ ল’ৰা কেইটা ওলালহি। চাহাব আহিব শুনি ৮/১০ জনমান ল’ৰা আহিছে। [ ২৬ ] “কটাৰ পো কটাহঁত আজি আহিব পাৰিছ। কি আনিছ অ’—” পণ্ডিতৰ এনে হুকুম হোৱাত ল’ৰাহঁতে যাৰ হাতত যি আছিল সকলোকে থলে; তেতিয়া পণ্ডিতে কলে,— “যা এতিয়া, আজি স্কুল নহয়। মই চাহাবক দেখা কৰিবলৈ খৰখৰি বঙলালৈ যাব লাগে।” নদাইৰ কাম নিশাতে হৈ আছিল।

 মৌজাদাৰ ঘৰত নাই, মৌজাত। তেওঁৰ চ’ৰাঘৰটো থকা ঘৰৰ পৰা কিছু আঁতৰত— কাছাৰীৰ দৰে। ঘৰটো চাৰিচলীয়া, চূণ দিয়া, দক্ষিণ মুৱা আৰু দক্ষিণৰ ফালে এখন বাৰাণ্ডা থকা; সমুখতে অকণমানি ফুলনিও আছে। আলিটো আহিছে দক্ষিণৰ পৰা উত্তৰলৈ, গতিকে চ’ৰাৰ মুখ আলিৰ ফালে নহয়। চ’ৰাৰ মুখত আলিৰ সিপাৰে ভঙা স্কুল ঘৰ। কল্পেশ্বৰে তেওঁবিলাকৰ চ’ৰাৰ সমুখত সৰু-সুৰা ‘গেট’ বনালে, মানুহ লগাই চাৰিওফালে নিকালে আৰু গেটৰ পৰা চ’ৰাৰ বাৰাণ্ডালৈ দুই শাৰী কলপুলি পুতি দিলে। ইফালে ভাগি থকা স্কুল ঘৰটো যাতে চকুত নপৰে সেইদৰে তাৰ ওচৰত কিছুমান পাত-খেৰ আদি ছেদেলি-ভেদেলি কৈ ৰাখিলে। মানুহে কিবা সুধিলে ক’লে, “চাহাব আহিব আজি! এইবোৰ তহঁতে কি বুজিবি? এইবোৰ ডিকোৰেচন হৈছে।” গাৱঁৰ মানুহৰ বিশ্বাস, কল্পেশ্বৰে ইংৰাজী খুব জানে; আৰু সেইদেখি চাহাব চুহাবৰ কথা তেওঁ যিমান ভু পায় মৌজাদাৰেও তিমান নাপায়।

 স্কুলৰ পৰা আধামাইলমান দূৰত এখন সৰু নৈ আছে, [ ২৭ ] জানুৱাৰীৰ শেষত যেতিয়া তাত পানী নোহোৱা হয়, তেতিয়া লোকেলব’ৰ্ডে তাৰ ওপৰেদি নলবিৰিণা আদি জাপি এখন দলং দিয়ে; এই দলং এপ্ৰিল মাহত যি বৰষুণ হয় তাৰ পানীয়ে উটাই লৈ যায়। ইন্‌স্পেক্টৰ চাহাব বাহাদুৰ অহাৰ সময়ত এই নৈৰ দলং তেতিয়াও সম্পূৰ্ণ হোৱা নাই। কল্পেশ্বৰে ৩ মান বজাতে গৈ সেই নৈৰ ওচৰত বহি থাকিল।

 

(৬)

 চাৰি বাজি গ’ল, পাঁচ বাজি গ’ল, প্ৰায় ছয় বাজে; তেও কাৰো দেখাদেখি নাই। ৰখোঁতে ৰখোঁতে পণ্ডিতৰ আমনি লাগিছে। এনেতে দূৰত দেখা গ’ল কেইটামান ঘোঁৰা আহিব ধৰিছে। কল্পেশ্বৰে ১ ফাৰ্লংমান বাট পিচুৱাই গৈ সেইখিনি দৌৰি আহিল। এনেতে ঘোঁৰা কেইটাও নৈৰ সিটো পাৰ পালে।

 কল্পেশ্বৰে হাত মাটিত লগাই কুঁজা হৈ এটা এটাকৈ ছটা চালাম দিলে। নৈত পানী প্ৰায় নাই। ঘোঁৰা কেইটা ইপাৰ পোৱাত আকৌ সেইদৰে এটা এটাকৈ ছটা চালাম দিলে। এই ছটা ঘোঁৰাত শিক্ষা বিভাগৰ ছজন প্ৰধান গৰাকী। শ্ৰীশ্ৰীযুক্ত ইঃ চাহাব বাহাদুৰ খোদ ডাঙৰ গেৰলা-পেটীয়া ঘোঁৰাটোত। এই ঘোঁৰাটোৰ প্ৰধান গুণ এই যে, [ ২৮ ] ই বৰ ভাৰী বোজাও লব পাৰে আৰু মৰিয়াই মাৰিলেও কেতিয়াও দৌৰ নামাৰে। ইয়াৰ জীন-লেকাম ভাল। বাকীবোৰ ঘোঁৰাৰ কাৰো ৰছীৰ লেকাম, কাৰো থলিয়াৰ জীন; কাৰো ৰেকাবী এপাট, কাৰো পটিৰ ঠাইত মৰাপাট। কাৰণ আটাইবোৰ ঘোঁৰাই গাৱঁৰ পৰা পণ্ডিতৰ হতুৱাই ধৰাই অনা। বাকী পাঁচজনাৰ এজনা সেই মহকুমাৰ ডিপুটি, এজনা সেই মহকুমাৰ স্কুলচোৱা বাবু আৰু বাকী দুজনা ওচৰৰ মহকুমাৰ স্কুলচোৱা বাবু অৰ্থাৎ ছাব্-ইন্‌স্পেক্টৰ। পৰিদৰ্শন শিকাবলৈ বুলি ইন্‌স্পেক্টৰ চাহাব বাহাদুৰে সি মহকুমাৰ পৰা এওঁলোকক লৈ আহিছে।

 চালাম কায়দা দেখিয়েই শ্ৰীশ্ৰীযুক্ত ইন্‌স্পেক্টৰ চাহাব বাহাদুৰে সুধিলে,— I say, Deputy Inspector, who is this man?”

 “He is Sir, the pandit, Sir, of the last school, Sir.”

 “Very well-behaved Pandit you have got, you should be congratulated.”

 “Your favour, sir,”

 “টোমি পণ্ডিত আছে?”

 “হয় হুজুৰ।”

 “স্কুল কৰিছেনে এতিয়া?”
[ ২৯ ]  “স্কুল কৰিছে হুজুৰ! পাচে গৰীবৰ অপৰাধ হ’ল। হুজুৰ সকলৰ কোনো জন কিজানিবা চাইকেলতে আহে,— তেতিয়া এই নৈখনত কিবা অসুবিধা হয় বুলি মানুহ এটা ইয়াত বহাই থৈছিলোঁ, সি গধূলি হ’লত গুচি গ’ল। তাকে খবৰ পাই গোলাম ইয়ালৈ দৌৰি আহিলোঁ, হুজুৰ ল’ৰাবোৰকো যাব দিলো। মাফ কৰিব লাগে হুজুৰ।”— বুলি পণ্ডিতে মাটিতে আঠু লৈ পৰিল।

 “বাৰু, বাৰু, এই দোষ মাফ কৰিছে। বুজিছে।” এইবুলি চাহাব বাহাদুৰ টকৰ টকৰ কৰি আগবাঢ়ি গ’ল। লগতে মহকুমাৰ ডিপুটিত বাদে বাকী চাৰিজনো গ’ল। ডিপুটি পাচ পৰিল; কল্পেশ্বৰক সুধিলে, “যোগাৰ আছেনে নাই?” বাকী কেইজন অলপ আঁতৰ হ’লত কল্পেশ্বৰে হাতযোৰ কৰি থাকি লাহেকৈ ক’লে, “আমাৰ সৰু হাকিমকো মাতিব লাগিছিল।”

 “কাক?”

 “সৰু হাকিমক। চব ইনি—”

 “অঃ! ছাব-ইন্‌স্পেক্টৰক। Well—please hear Sub-Inspector,— Sir, kindly go ahead, Sir.” ছাব-ইনস্পেক্টৰ ফিৰি আহিল। ডিপুটিয়ে সুধিলে, “কি যোগাৰ কৰিছা?” “সকলো হৈছে। চিঠি বগাই অহা ১০ মিনিটমানৰ আগতহে পোৱা হ’ল। কেৱল পঠাটোতহে ছমহা মান ৰূপ দিব লাগিব।”
[ ৩০ ]  “বাৰু, এতিয়া দিবাচোন। মোৰ পৰা পাচত বাৰু আনিবা।”

 “সেইটো কোৱা নাই নহয়, দেউতা। ইবিলাক সকলো হৈছে। পাচে কেইটামান সুমথিৰা টেঙা আৰু মালভোগ কল আছে, দিম জানো?”

 “What a man you are! আৰু সুধিব লাগিছে, দিবাটোন।”

 “ভাল পঠাইদিম তেনেহলে। মই যাম নে?”

 “ৰবা ৰবা। তুমি নিজেই লৈ যাবাচোন; আৰু দেখা-নেদেখাকৈ চাহাবৰ সমুখেদি চাপৰাছীৰ হাতত দিবা গৈ। মোৰ বাবে বেলেগ ফল ল’ৰাৰ হাতত দিবা, বুজিছা।”

 এইদৰে কথা-বতৰা হৈ থাকোঁতে চাহাব বাহাদুৰ আৰু সি মহকুমাৰ হাকিম তিনিওজনে মৌজাদাৰৰ সজাই থোৱা চ’ৰাৰ আগ পালে। সাজ-সজ্জা আৰু আকাৰ-প্ৰকাৰ দেখিয়েই চাহাব বাহাদুৰে চ’ৰাকেই স্কুল ঘৰ বুলি ভুল কৰিলে বুলি নকলেও বুজিব পাৰি।

 “Well Deputy Inspector, this is excellent.”

 সি মহকুমাৰ ডিপুটীয়ে উত্তৰ দিলে, “He is behind, Sir, having a good conversation with this Pandit.”

 “Oh, but you see Sub-Inspector, you also [ ৩১ ] mark, (সমুখত থিয় হৈ) just this sort of house, facing south with such a garden— do you see?”

 “Yes, Sir, yes.” (আটায়ে একেলগে)

 “Yes, just note and mark. This is fine, fine, very excellent.”

 ঘোঁৰা টকৰ টকৰ কৈ আগবাঢ়ি গ’ল। চাহাব বাহাদুৰক আগবাঢ়ি যোৱা দেখি মহকুমাৰ পাচ পৰা ডিপুটী আৰু ছাব-ইন্‌স্পেক্টৰে ঘোঁৰা দৌৰাই গৈ বঙলাৰ ওচৰত চাহাব বাহাদুৰক লগ ধৰিলে।

 “I am very much pleased, Deputy Inspector, with your this man. He has kept his school house going decently.”

 চাহাবে ঠাট্টাকে কৰিলে নে কি কৰিলে এফোকে বুজি নোৱাৰি ডিপুটীয়ে কৈ থলে, “Your favour Sir.”

 

(৭)

 চাহাব বাহাদুৰৰ গাড়ী বহু পাচত, কিজানি ৰাতি ১২ মান বজাতহে পাবহি।

  ইন্‌স্পেক্টৰ চাহাব বাহাদুৰ এখন ইজি চেয়াৰত শুই আছে; তেওঁৰ চাৰিওফালে কিছুমান ফাইল; মুখৰ আগতে মেলা ফাইল এটা। চাহাব বাহাদুৰৰ ঘোৰ্ঘোৰীয়া নিদ্ৰা।
[ ৩২ ]  মহকুমাৰ ডিপুটীয়ে লাহেকৈ ইন্‌স্পেক্টৰ চাহাব বাহাদুৰৰ ওচৰলৈ গৈ ক’লে— “Sir, one thing. Will you so very kindly take some rice?” চাহাব বাহাদুৰ চক্ খাই উঠিল, “Rice, well, when could you have rice?”

 “Sir, the Pandit you saw on the road— I had it cooked by him. He is a good Brahmin, Sir, brother of Mouzadar, Sir.”

 “Well, you are so very clever.”

 “Your favour, Sir. Will the rice be brought here?”

 “Thank you. That will be very convenient.”

 “Your favour, Sir.”

 

(৮)

 উপৰোক্ত ঘটনাৰ তাৰিখ ২৭ জানুৱাৰী। ইয়াৰ প্ৰায় ১১ মাহৰ পাচত, অৰ্থাৎ সেই বছৰৰ নভেম্বৰ মাহত মহকুমাৰ ডিপুটী ইন্‌স্পেক্টৰৰ হাতত আন আন কাকতৰ ভিতৰত তলত দিয়া কাকত খনো পৰিল।

 Dhopor-Gorid Primary School.................. Sub-division ........date 27th January 19XX
[ ৩৩ ]  I was very glad to have been able to visit this school, though I could not see it in work; but the Pandit, whom I met afterwards and who is an exceptionally intelligent and well-behaved young man belonging to a very respectable family and well qualified— he having read up to class IX of High School and passed ‘Guru’ class Exam. from Jorbat— was not to blame.

 The school house and the compound presented a very neat and pleasing appearance. The garden was exceptionally successful. I trust the inner working of the school is compatible with its outer establishment.

 I congratulate the local officers on this very beautiful school. Attendance was not bad, I understood.

 I noted that the Pandit got only Rs. 17. The Local Board, the present Chairman of which is so enthusiastic about education, may be very kind to increase the Pandit's pay to Rs. 20. He fully deserves it.
[ ৩৪ ]  The Deputy Inspector of........... and ............and their Sub-Inspectors........ numbering three in all— accompanied me.

 ৰিপোৰ্ট পঢ়িয়েইতো ডিপুটি ডাঙৰীয়া অবাক!