যিফালে সেৱাদাস যায়, সেইফালেই ছাত্ৰবিলাক নিজম। এনেকি, অঙ্ক কৰোঁতে দুই-চাৰিজনৰ মুখত যি গুণ্গুণনি উঠে সেই শব্দও নাথাকে। সকলোৱে জানে, সেৱাদাস মাষ্টাৰ বৰ বিবেকী, তেওঁৰ আগত ধৰা পৰিলে ৰক্ষা নাই।
সেইদিনা পৰীক্ষা দিয়া ছাত্ৰৰ ভিতৰত আছিল অতুলকৃষ্ণ। অতুলকৃষ্ণ বুদ্ধিমান, চোকা ল’ৰা; শ্ৰেণীত প্ৰথম, দ্বিতীয় হৈ থাকে; এতিয়া তৃতীয় (আজিকালিৰ অষ্টম মান) শ্ৰেণীত পঢ়ে। অতুলকৃষ্ণ ইংৰাজীত সদায় শ্ৰেণীত প্ৰথম হয়; অঙ্কত অলপ কেঁচা। আজিকালিৰ দৰে তেতিয়া খেলাৰ তিমান প্ৰচলন নাছিল। কিন্তু অতুলকৃষ্ণই ফুটবল আৰু ক্ৰিকেট দুয়োবিধ খেলিছিল; আৰু মাজে-সময়ে অনুগ্ৰহ কৰি যেতিয়া চাহাবসকলে স্কুলৰ ছাত্ৰৰ লগত দুখন-এখন মেচ খেলিছিল, তেতিয়া স্কুলৰ এঘাৰজনৰ ভিতৰত অতুলকৃষ্ণ থাকিছিল। ইয়াৰ বাহিৰে কিছু দুষ্ট আৰু সাহসী বুলিও অতুলৰ অলপ খ্যাতি আছিল। সকলোৰে ওপৰত অতুলৰ মোমায়েক এজন হাকিম, আৰু ককায়েকে ইন্সপেক্টৰ চাহাবৰ বিশ্বাসী কেৰাণীৰ কাম কৰে।
সেইদিনা তৃতীয় শ্ৰেণীৰ অঙ্কৰ পৰীক্ষা। সচ্চিদানন্দ সেৱাদাসে অতুল বহা বেঞ্চৰ ওচৰে-পাজৰে কেইবাবাৰো ঘূৰিছে। শেষত খপ্কৈ অতুলৰ আগত থিয় হৈ অতুলক
সুধিলে,— “তোৰ চোৰ মোনাত সেইসোপা কি?” আৰু