পৃষ্ঠা:পৰিদৰ্শন.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰিদৰ্শন
 

অন্য দুটা বিষয়লৈ তিমান কাণ কৰিব নোৱাৰে। তাৰ ফলত, অন্তৰ্দৃষ্টিশূন্য সহানুভূতিবিহীন বিশ্ববিদ্যালয়ে এনেহেন ইংৰাজী অভিজ্ঞ ডেকাসকলক ফেইল কৰি থয়।

 সচ্চিদানন্দ সেৱাদাসে এই বিষয়তে প্ৰচলিত মতৰ সত্যতা প্ৰমাণ কৰিছিল, তেওঁৰ ফট্‌ফটীয়া ইংৰাজী বক্তৃতাৰ দ্বাৰা।

 এই প্ৰকাৰে নানা প্ৰকাৰ কাৰ্য্য-কাৰণৰ সমন্বয়ত বৰুৱাবাৰী চহৰত এই খ্যাতি বিস্তৃত হৈছিল যে, সচ্চিদানন্দ সেৱাদাস এজন বিদ্বান্, বক্তা, সমদৰ্শী, দেশসেৱাপৰায়ণ লোক। তেওঁ নিজৰ বা আন কাৰো সুখ-দুখ, লাভ-ক্ষতিলৈ বিচাৰ নকৰি, কাৰো প্ৰতি অলপো কৃপা বা শঙ্কা নকৰি, নিজৰ বিবেকে যিহকে ভাল বুলি কয় সেইদৰে চলে। ইংৰাজীত তেওঁ কয় যে, তেওঁ এজন fearless conscientious worker.

 

(২)

 বৰুৱাবাৰী হাইস্কুলৰ পৰীক্ষা-হল। শাৰী শাৰীকৈ বেঞ্চ পতা। দেৰশ-দুশ মান ছাত্ৰই পৰীক্ষা দিবলৈ বহিছে।

 সচ্চিদানন্দ সেৱাদাস ‘গাৰ্ড’ সকলৰ ভিতৰৰ এজন— তেতিয়াও ইন্‌ভিজিলেটৰ শব্দটো প্ৰচলিত হোৱা নাই;

গতিকে, গাৰ্ড বুলিলে তাচ্ছিল্য কৰা নহয়।

[৪]