ৰলে, গাটো যেনে হমাৎ কৰি উঠে; একান্তমনে কোনো এখন কিতাপ পঢ়ি আছা, কাণৰ কাষত কোনোবাই আটাহ পাৰি দিলে মনটো যেনেকৈ ঝিনিৎ কৰি বাজে, সেৱাদাসৰ এইবাৰ মনৰ অৱস্থা তেনে হ’ল। তেওঁ ক’লা পৰিল, কঁপিব ধৰিলে, আৰু গাৰ তত হেৰুৱাই বহি পৰিল।
তেওঁৰ তেনে অৱস্থা দেখি চাহাব দুজনে বিশেষ একো নকলে। ডাইৰেক্টৰ চাহাবে হেড্মাষ্টাৰক ক’লে,— “হেড্মাষ্টাৰ, আপোনাৰ supervision (তলৰ মানুহৰ কাম-কাজ চোৱাত) ইয়াতকৈ বহুতো ভাল হোৱা যুগুত।” আৰু স্কুলৰ পৰা ওলাই গ’ল।
যাবৰ বেলিকা ডাইৰেক্টৰ চাহাবে ইন্সপেক্টৰ চাহাবক ক’লে,— “The cheek of some men! He himself encourages the boys to use keys and makes a profit out of it and has the audacity to contradict us!"
চাহাব যোৱাৰ একমিনিটমানৰ ভিতৰতে গোটেই স্কুলত ৰজন্জনাই গ’ল, কি কাণ্ড আজি ঘটিল!
(৪)
হেড্মাষ্টাৰ ক’লা পৰি অফিচ ঘৰ সোমাল। তেওঁক
মাতিবলৈ কাৰো সাধ্য নহ’ল।