পৃষ্ঠা:পৰিদৰ্শন.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

বিবেক-বিপৰ্য্যয়

 

(১)

 পঁচিশ-ত্ৰিশ বছৰমান আগৰ কথা। তেতিয়া আমাৰ দেশখন অসম প্ৰদেশ নহয়, পূৰ্ব্ববঙ্গ আৰু অসম প্ৰদেশ।

 বৰুৱাবাৰী গভৰ্ণমেণ্ট হাইস্কুল। আজিকালিৰ কেইবাখনো হাইস্কুলৰ দৰে তেতিয়াৰ হাইস্কুলৰ ঘৰ-বাৰী ইমান পকা-পকী নহয়, মাষ্টাৰসকলৰো দৰমহা কম; আৰু নিয়মকাৰণো কিছু টিলা।

 ডাইৰেক্টৰ চাহাবজন কিন্তু বৰ চোকা। তেওঁ চাৰ্কুলাৰ দিয়াত বৰ পাকৈত, আৰু তাতোকৈ পাকৈত সেই চাৰ্কুলাৰ মতে কাম কৰে নে নাই এনে কথাবোৰ ধৰাত, আৰু ধৰি শাস্তি দিয়াত।

 এনে সময়তে সচ্চিদানন্দ সেৱাদাস বৰুৱাবাৰী হাইস্কুলৰ

এজন মাষ্টাৰ— চতুৰ্থ, কি পঞ্চম, কি ষষ্ঠ, কি সপ্তম মাষ্টাৰ—

‌[১]