পৃষ্ঠা:পৰিদৰ্শন.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰিদৰ্শন
 

কিয় কী-বুক চলোৱা হয় আৰু স্কুলৰ মাষ্টাৰ এজনে কিয় কী-বুক বিক্ৰী কৰে, আৰু সেই মাষ্টাৰজনক এই অপৰাধৰ কাৰণে শাস্তি দিয়া নহ’ব কিয়?

 এই চিঠিৰ উত্তৰত হেড্‌মাষ্টাৰে যথাবিহিত সম্মান আৰু বিনয় দেখুৱাই আৰু পূৰ্ব্বাপৰ ঘটনা বিবৰি লিখিলে,— “The teacher in question, Sjt. Sachchidananda Sevadas says that the keybooks are old ones and were in stock from four or five years past. I have taken special care to see that keybooks are not used in the school; and so far as I am able to ascertain no new keybook has been used or sold in my school since the date of the D. P. I.'s Circular.’

 ইন্সপেক্টৰ চাহাবে চিঠি পালে অফিচত, আৰু পাই পকেটত সুমাই থৈ দিলে। ভাটিবেলা ৪ ১/২ বজাত চাহ খাবৰ সময়ত চিঠিখন ডাইৰেক্টৰ চাহাবক দেখুৱালে। ক’লে যে তেওঁ keybook বোৰ পৰীক্ষা কৰি চাইছে, হয় সেইবোৰ চাৰি-পাঁচবছৰীয়া পুৰণা।

 ডাইৰেক্টৰ চাহাব অলপ তভক্ মাৰি ৰ’ল। শেষত ক’লে— “We were fools not to examine their dates on the spot.”


 
[১৮]