পৃষ্ঠা:পৰিদৰ্শন.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰিদৰ্শন
 

আধাআধি লিখা সত্বেও পাছ নম্বৰ পাইছে। আন আন মাষ্টাৰসকলৰো তাক প্ৰমোচন দিবৰে মত— বিশেষ হেড্‌মাষ্টাৰৰ মতৰ বিপক্ষে কোনোৱে একো কোৱাও উচিত নহয়, আৰু শিক্ষকৰ সাধাৰণ মনৰ ভাব, ল’ৰাই যিমানে প্ৰমোচন পায় সিমানে ভাল।

 কিন্তু এই কথাই বিবেকী সেৱাদাসৰ বিবেকত খুন্দা মাৰি দিলে। তেওঁ খপকৈ থিয় হৈ কবলৈ ধৰিলে,— “এই কথাত মই মান্তি নহওঁ, ছাৰ! অতুলক আপোনালোকে গুৰু অপৰাধত অপৰাধী বুলি জানিও শাস্তি নিদিয়ে। এনে অনীতিৰ কথাত মই নাই, ছাৰ!”

 হেড্‌মাষ্টাৰ— “কিয়, তাক বেত মাৰিব খুজিছিলোঁ নহয়। আৰু বিশেষ সিতো সেইদিনা নকল কৰা নাছিল।”

 সেৱাদাস— “ছাৰ, মাফ কৰিব। মোৰ সেই মত নহয়। সি নকল কাৰ্য্যেৰেহে কৰা নাছিল; তাৰ নকল কৰাৰ অভিপ্ৰায় সম্পূৰ্ণ আছিল। অৱস্থা বিশেষতহে সি নকল কৰিব নোৱাৰিলে। Intention is all that counts in morality. (নৈতিকতাত অভিপ্ৰায় হে আচল কথা।)”

 কোনোবা এজন মাষ্টাৰ অলপ মুখ চোকা। তেওঁ ক'লে— “থাওক আপোনাৰ নৈতিকতা (morality)। অতুলে প্ৰমোচন পাব লাগে ছাৰ।”

 সেৱাদাস গৰ্জি উঠিল— “থাওক morality (নৈতিকতা)।

[৮]