পৃষ্ঠা:পৰিদৰ্শন.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

পঢ়াশালি পৰিদৰ্শন

 

 শ্ৰীযুত কল্পেশ্বৰ শৰ্ম্মা ফুকন ঢোপৰ স্কুলৰ পণ্ডিত, মৌজাদাৰৰ ভায়েক, জিলাৰ ইংৰাজী স্কুলৰ দ্বিতীয় শ্ৰেণী অৰ্থাৎ নৱম মানলৈ পঢ়া আৰু ইপিনে যোৰহাট নৰ্ম্মাল স্কুলৰ পৰা গুৰু বাৰ্ষিক পাছ।

 তাহানিখন তেওঁ হাইস্কুলত পঢ়োঁতে কোনো গুহ্য অপৰাধত স্কুলৰ পৰা ‘নিৰ্বাসিত’ হৈছিল। ল’ৰাটোৰ একো নহল দেখি মৌজাদাৰ ডাঙৰীয়াই পোনতে তাক মণ্ডলৰ কাম দিয়ালে, কিন্তু আৰ মাটি তাৰ নামত লগাই দিয়া অপৰাধত সেই কামৰ পৰা বিদায় পালে। লোকেল বোৰ্ডৰ ওভাৰচিয়াৰ বাবুক কৈ মেলি আলি এটা মেৰামতিৰ ঠিকা লৈ দিলে, সেইবেলি মৌজাদাৰৰ নগদ ৩০০৲ টকা লোকচান হ’ল। পাচত, ৩ খন হাল আৰু ১০ পূৰা মাটি কৰি দি অলপ দূৰত খেতি কৰিবলৈ লগালে, হালোৱা গৰু আটাই কেইটা মৰিল আৰু ভাল ধান পালে ১০৫ ভাৰ। তাৰ পাচত কছাৰীত এছিষ্টেন্ট নকলনবীচ পাতি দিলে। তাতো কিবা কাকতৰ গোলমাল কৰাত সেই কামৰপৰা খেদা খালে। অৱশেষত, আন ক’তো একো নোহোৱাত মৌজাদাৰ ডাঙৰীয়াই নিজৰ চ’ৰাৰ আগতে আলিটোৰ সিপাৰে এটা চাৰিচলীয়া ঘৰ বান্ধি দি ডাবি-ধমকেৰে গাৱঁৰ পৰা ল’ৰা-ছোৱালী কিছুমান গোটাই

কল্পেশ্বৰক তাৰ পণ্ডিত পাতি দিলে।

[১৯]