খাই উঠিল। কল্পেশ্বৰে টেবুলৰ পৰা ভৰি নমালে, বহি থকা ল’ৰা কেইজনে ‘যিজনে নিৰ্ভৰ কৰে সদায় পৰত’— এই ফাঁকি খেলি-মেলিকৈ গাব ধৰিলে। আৰু শুই একা ডেকাটোৱেও হুঁ কৰি বাগৰ সলালে।
পিয়ন গ’ল; কল্পেশ্বৰে ধীৰে সুস্থিৰে লেফাফাটো খুলি ফুফুৰকৈ চুৰটৰ ধোঁৱা উলিয়াই চিঠিখন পঢ়িলে। সৰ্ব্বনাশ! ডিপুটি ডাঙৰীয়াই পৰৱানা পঠাইছে:—
“যেহেতু মহামহিমান্বিত শ্ৰীল শ্ৰীযুক্ত অসম উপত্যকা আৰু পৰ্ব্বতীয়া বিভাগৰ সমুদায় স্কুলসমূহৰ ইন্স্পেক্টৰ চাহাব বাহাদুৰ মহোদয় অত্ৰ মহকুমালৈ স্কুল পৰিদৰ্শন কৰিবলৈ আহিছে—
আৰু যেহেতু উক্ত শ্ৰীল শ্ৰীযুক্ত চাহাব বাহাদুৰৰ জানুৱাৰী মাহৰ ১০ তাৰিখৰ পৰা ২০ তাৰিখলৈ ইয়াৰ ভিতৰত তোমাৰ স্কুলৰ সমুখৰ আলিয়েদি যোৱাৰ সম্ভাৱনা আছে—
এতেকে তোমাক সতৰ্ক কৰা গ’ল যে, তুমি শ্ৰীল শ্ৰীযুক্ত চাহাব বাহাদুৰক স্কুল দেখুৱাবলৈ সকলো প্ৰকাৰে সাজু হৈ থাকিবা। ইয়াৰ অন্যথা নকৰিবা। ইতি—
ডিপুটী ইন্স্পেক্টৰ।”
চিঠি পায়েই তো কল্পেশ্বৰৰ ধাতু উৰিল। স্কুল দেখুৱাবলৈ
আছে কি? ঘৰটো ভঙা; বেৰ নাই; ভেটিটোও জেকা—