পৃষ্ঠা:পৰিদৰ্শন.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰিদৰ্শন
 

 মহকুমাৰ ডিপুটীয়ে লাহেকৈ ইন্‌স্পেক্টৰ চাহাব বাহাদুৰৰ ওচৰলৈ গৈ ক’লে— “Sir, one thing. Will you so very kindly take some rice?” চাহাব বাহাদুৰ চক্ খাই উঠিল, “Rice, well, when could you have rice?”

 “Sir, the Pandit you saw on the road— I had it cooked by him. He is a good Brahmin, Sir, brother of Mouzadar, Sir.”

 “Well, you are so very clever.”

 “Your favour, Sir. Will the rice be brought here?”

 “Thank you. That will be very convenient.”

 “Your favour, Sir.”

 

(৮)

 উপৰোক্ত ঘটনাৰ তাৰিখ ২৭ জানুৱাৰী। ইয়াৰ প্ৰায় ১১ মাহৰ পাচত, অৰ্থাৎ সেই বছৰৰ নভেম্বৰ মাহত মহকুমাৰ ডিপুটী ইন্‌স্পেক্টৰৰ হাতত আন আন কাকতৰ ভিতৰত তলত দিয়া কাকত খনো পৰিল।

 Dhopor-Gorid Primary School.................. Sub-division ........date 27th January 19XX

[৩২]