পৃষ্ঠা:পৰিদৰ্শন.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পঢ়াশালি পৰিদৰ্শন
 

জানুৱাৰীৰ শেষত যেতিয়া তাত পানী নোহোৱা হয়, তেতিয়া লোকেলব’ৰ্ডে তাৰ ওপৰেদি নলবিৰিণা আদি জাপি এখন দলং দিয়ে; এই দলং এপ্ৰিল মাহত যি বৰষুণ হয় তাৰ পানীয়ে উটাই লৈ যায়। ইন্‌স্পেক্টৰ চাহাব বাহাদুৰ অহাৰ সময়ত এই নৈৰ দলং তেতিয়াও সম্পূৰ্ণ হোৱা নাই। কল্পেশ্বৰে ৩ মান বজাতে গৈ সেই নৈৰ ওচৰত বহি থাকিল।

 

(৬)

 চাৰি বাজি গ’ল, পাঁচ বাজি গ’ল, প্ৰায় ছয় বাজে; তেও কাৰো দেখাদেখি নাই। ৰখোঁতে ৰখোঁতে পণ্ডিতৰ আমনি লাগিছে। এনেতে দূৰত দেখা গ’ল কেইটামান ঘোঁৰা আহিব ধৰিছে। কল্পেশ্বৰে ১ ফাৰ্লংমান বাট পিচুৱাই গৈ সেইখিনি দৌৰি আহিল। এনেতে ঘোঁৰা কেইটাও নৈৰ সিটো পাৰ পালে।

 কল্পেশ্বৰে হাত মাটিত লগাই কুঁজা হৈ এটা এটাকৈ ছটা চালাম দিলে। নৈত পানী প্ৰায় নাই। ঘোঁৰা কেইটা ইপাৰ পোৱাত আকৌ সেইদৰে এটা এটাকৈ ছটা চালাম দিলে। এই ছটা ঘোঁৰাত শিক্ষা বিভাগৰ ছজন প্ৰধান গৰাকী। শ্ৰীশ্ৰীযুক্ত ইঃ চাহাব বাহাদুৰ খোদ ডাঙৰ গেৰলা-পেটীয়া

ঘোঁৰাটোত। এই ঘোঁৰাটোৰ প্ৰধান গুণ এই যে,

[২৭]