পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
পুৰণি অসমীয়া সাহিত্য

জননীক ভয়ে লুকি দিয়া ফিৰত
 গোৱাৰীক ডেবা সোমাই।
হামাকু আগু  খেলাৱত ঐছন
 চাতুৰী ভূষণ পাই॥
হামু জব চোৰ  হঞো কতি দেলহোঁ
 তোহাৰি জননীক আগ।  (মাধৱদেৱ)

 কৃষ্ণয়ো সমান তীব্ৰভাৱেই উত্তৰ দিলে,

একা হামো  শুতিয়ে বহলছি
 ভূষণ কয়লি চোৰি মোৰ॥
দিৱস সময়েকহোঁ  ৰাজবাট মহ
 সাহস ঐছন তোই।
ৰজনী সময়েকহোঁ  তোহাৰি ৰাধে
 চোৰি কৰিতে কোন হোই॥
হামু বিচাৰ কয়  দেখলো আৱৰি
 চোৰ ৰাধা বিনে নাই।
ঘৰহি ঘৰহি সব  ফিৰত চকোৱা
 ঐছন বাত জনাই।
গোপয়ে নাহি পাৰি  মেৰি ভূষণ
 দেলহ মাৱক ঠাই।  (মাধৱদেৱ)

 কোৱা বাহুল্য যে, ৰাধা-কৃষ্ণৰ এই প্ৰেম-চাতুৰীত বিদ্যাপতি চণ্ডীদাসসকলৰ প্ৰেমানুৰাগ নাই, ইয়াত শিশুশুলভ দুষ্টালি আছে। ই প্ৰায়েই ভায়েক-ভনীয়েকৰ স্নেহ-ধেমালিৰ দৰে। যদি ভৱিষ্যৎ প্ৰেমৰ কিবা সুদূৰ আভাস ইয়াত থকা যেন লাগে, সি ৰাধা-কৃষ্ণৰ প্ৰেম-লীলা কাহিনী মনত আগৰপৰাই বদ্ধ-মূলভাৱে থকাৰ কাৰণেহে। মাধৱদেৱৰ ৰাধা-কৃষ্ণৰ প্ৰেম-চাতুৰী-কীৰ্তন বাৎসল্য-ৰসৰ ভিতৰেদিহে।

 কবিবৰ ৰামসৰস্বতী গীত-গোবিন্দৰ কাব্য অসমীয়া পদত ভাঙিছিল বুলি ওপৰত কোৱা হৈছে। কিন্তু ৰামসৰস্বতীৰ ভাঙনিত গীত-গোবিন্দ সন্মোহন আদি ৰসাত্মক ভাৱৰ তীব্ৰতা সমূলি নাই।