পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
শ্ৰীৰাধা-চৰিত্ৰ

অসমীয়া কবিৰ মানত গীত গোবিন্দৰ প্ৰেম লীলা ৰুক্মিণী–হৰণ আদিৰ নিচিনা এটি আখ্যান মাথোন। তেওঁ তাক ভাগৱতৰ ৰাস-ক্ৰীড়াৰ লগত সংযোগ কৰি একান্ত ভক্তিবাদ-সমৰ্থক বৰ্ণনাত্মক কাবা এখনৰ আৰ্হিত চিত্ৰিত কৰিছে।

গোৱিন্দৰ ৰাস-ক্ৰীড়া গোপিকা সহিত।
একত্ৰ কৰিয়া ভগৱন্ত সমন্বিত॥
দুয়ো কথা-নিবন্ধ কৰিবো একে ঠাই।
যাহাক স্মৰণে লোক বৈকুণ্ঠক যাই॥

 ৰাধা-লীলাত কোনো ৰহস্যময় সাধন-মাৰ্গ স্বীকাৰ অসমীয়া কবিয়ে কৰা নাই। বৰং কবিয়ে গোপীসকলক তিনি ভাগত ভাগ কৰিছে,

তিনি বিধ গোপী সনে ক্ৰীড়া মাধৱৰ।
তাসম্বাৰ পূৰ্বকথা শুনা নিৰন্তৰ॥
একবিধ গোপী তাৰা গোপী-কন্যা বোলে।
মাধবৰ ক্ৰীড়া হেতু জন্মিলা গোকুলে॥
আৰু একবিধ তাৰা গোপ-কন্যাগণে।
কাত্যায়নী পূজিলা কৃষ্ণক স্বামী মনে॥
সেই পুণ্য-ফলে তাৰা মাধৱক পাই।
ৰাস-ক্ৰীড়া আৰম্ভিলা বৃন্দাবনে যাই॥

আৰু এবিধ গোপী হৈছে ৰাম অৱতাৰত লগ পোৱা দণ্ডকাৰণ্যৰ ঋষিসকল। সীতাদেৱীক দেখি তেওঁলোকে মনত ভাবিছিল,

শুনিয়োক সীতা তুমি কিনো ভাগ্যৱতী।
ত্ৰিভুৱন মোহন ৰাঘৱ যাৰ পতি॥

ঋষিসকলৰ ঈৰ্ষা-ভাব দেখি,

ৰামচন্দ্ৰ বোলন্ত শুনিয়ো ঋষিলোক।
নাৰী হুয়া যদি আলিঙ্গিবে খোজা মোক॥
গোকুলত কৃষ্ণ অৱতাৰ হুইবো মঞি।
গোপী হুয়া ভজিবাহা তোৰা ঋষিচয়॥