পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭
পুৰণি সাহিত্যৰ সীমাবদ্ধতা


পদত ভঙাও ধৰ্ম-বিৰোধী অকাৰ্য বুলি বিবেচিত হৈছিল। ৰায় বাহাদুৰ অধ্যাপক ডক্টৰ সূৰ্যকুমাৰ ভূঞাৰ সম্পাদিত তুংখুঙীয়া বুৰঞ্জীত এষাৰ অৰ্থ-পূৰ্ণ ঐতিহাসিক ৰচনাৰ উল্লেখ আছে। ডেবেৰা নামে ডাঙৰীয়া এজন ৰজা ভঙা-পতা আদি নানা দুষ্কৰ্মত লিপ্ত আছিল। যুঁজত তেওঁক ধৰাই অনাই বুঢ়াফুকনে সুধিলে, “ডেবেৰা, কিয় এনে কৰিলি?” ডেবেৰাই বোলে, “নুশুনিছহঁকনে? এক দেহ। দশমৰ পদ মইহে কৰিছোঁ, তয়ো কৰিবি।” অৰ্থাৎ দশমৰ পদ এজনৰ ৰচনা নহয় ( আগ দশম শঙ্কৰদেৱৰ, শেহ দশম অনন্ত কন্দলিৰ ৰচনা )। দশমৰ পদ-ৰচনা-ৰূপ অকাৰ্য দুজনে কৰিছিল। মই যি অকাৰ্য কৰা বুলি মোৰ বিচাৰ কৰিছ, তেনে অকাৰ্য তয়ো শেহত কৰিবি। ইয়াৰপৰাই বুজা যায়, দশম ভাগৱতৰ পদ অসমীয়াত ৰচনা কৰাটোৱেই তেতিয়াৰ সমাজত ধৰ্ম বিৰোধী কাম বুলি পৰিগণিত হৈছিল। এনে অৱস্থাত ভুলতে ভৰি পিছলিলেও বৈষ্ণৱ কবিসকলৰ মহা অপৰাধ। ভাষানুবাদ কৰাটোৱেই ধৰ্মদ্ৰোহী কাম তাৰ ওপৰত মূলৰ লগত সামঞ্জস্য নেথাকিলেতো কথাই নাই! সেই কাৰণে দঢ়াই দঢ়াই কবিসকলে কৈ থাকিব লগাত পৰিছিল—

যেবে টীকা-ভাষ্য-চাই  দেখা ইটো কথা নাই
 নিন্দা তেবে কৰিবা আমাক।

 হেজাৰ হওক কবি-প্ৰাণ; কেতিয়াবা দীঘল-চুটি দোষত দোষী হ’লেও হ’ব পাৰে। সেই বঢ়া-টুটা দোষ নধৰিবলৈকো বাৰে বাৰে কাবৌ কৰিছে—

যিবা কিছু বঢ়া দেখা  ইটো অপৰাধ এৰা
 ব্যাসো দেন্ত কথাত ৰঞ্জন।
আনো মহাকবিচয়  কাব্য়-ৰস নিবন্ধয়
 তাক নিন্দে কোন সাধুজন॥

 যি সাহিত্যৰ গঢ়-গতি এনেকুৱা বিষম সামাজিক অৱস্থাৰ ভিতৰত গঠিত হৈছিল, তাত যে আজি-কালিৰ হিছাপমতে স্বাধীন ভাব নেথাকিব, তাত আচৰিত হ’বলগীয়া কথা নাই।