পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮
পুৰণি অসমীয়া সাহিত্য


 এনেও হ’ব পাৰে যাক আমি স্বাধীন ভাব বা কল্পনাৰ মুক্ত স্ফুৰণ বোলো, তাক হয়তো বৈষ্ণৱ কবিয়ে “কথাত ৰঞ্জন” বুলি বৰ প্ৰয়োজনীয় বুলি নেভাবিছিল; পুৰাণৰেই হওক বা ভাগৱতৰেই হওক যি আখ্যান ভাঙোতে ভক্তি ৰস পৰিস্ফুট হৈ নোলাল, বৈষ্ণৱ কবিৰ মনত হয়তো তাৰ কোনো মূল্যই নাছিল, তেহেলৈ তাত যিমানেই “মৌলিকতা” নেথাকক। পুৰণি সাহিত্য লৌকিক নোহোৱাৰ ইও এটি প্ৰধান কাৰণ। পুৰণি আন্দোলন ধৰ্মমূলক, পুৰণি সাহিত্যতো ধৰ্মৰ ফালে এঢলীয়া টান এটি ৰৈ গৈছে।

 বৈষ্ণৱ আন্দোলনৰ দ্বাৰা অনুপ্ৰাণিত নোহোৱা দুই-এখন পুৰণি পুথিত লৌকিকতাৰ ক্ষীণ আভাস পোৱা যায়। ৰামানন্দ দ্বিজৰ শঙ্কৰ-চৰিতত এটি বিতোপন ঘটনাৰ উল্লেখ আছে। ওপৰৰ “বৰগীত” প্ৰৱন্ধত উনুকিৱা হৈছে। পুনুৰুক্তি হ’লেও ঘটনাটো মন কৰিবলগীয়া। ভাটী অঞ্চলৰ ভৱানন্দ বা নাৰায়ণ ঠাকুৰ আহি শঙ্কৰদেৱৰ ওচৰ চাপিলত শঙ্কৰদেৱে সুধিলে, সেই অঞ্চলত কোনোবা ধৰ্মপৰায়ণ লোক আছেনে নাই? নাৰায়ণ ঠাকুৰে ক’লে, পীতাম্বৰ নামে এজন আছে আৰু তেওঁ দশমৰ পদ ভাঙিছে।

শঙ্কৰে বোলন্ত নাৰায়ণ মহাশয়।
তাহান কবিতা মুখে আসয় নাসয়
নাৰায়ণ ঠাকুৰে পাছে গাইবাক লাগিলা।
যেন মতে ৰুক্মিণীয়ে কৃষ্ণক ভাবিলা॥

কবিতা শুনি শঙ্কৰদেৱে যি মন্তব্য প্ৰকাশ কৰিলে, পুৰণি সাহিত্যৰ ভৱিষ্যৎ-গতি নিৰ্দেশক হিছাপে সি অতি মূল্যবান।

শুনিয়া বোলন্ত আৰু গাইবে নলাগয়।
গৰ্ব্ব-পৰ্ব্বতত সিটো উঠিয়া আছয়॥
ধৰ্ম্ম ধৰিবাৰ সিটো যোগ্য নোহে লোক।
আৰু কোন আছে নাৰায়ণ কহিওক॥

ৰুক্মিণীহৰণৰ বিষয়টো আদি-ৰসাত্মক আৰু বিশেষ ধৰ্ম-প্ৰৱণতা