পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯
পুৰণি সাহিত্যৰ সীমাৱদ্ধতা


নেথাকিলে যে কবিয়ে ইয়াক সাধাৰণ প্ৰেমিকৰ আখ্যান কৰি তুলিব তাত কোনো সন্দেহ নাই।

 লৌকিক হিছাপে পীতাম্বৰ বৰ ওখ খাপৰ কবি নহ’ব পাৰে, কিন্তু তেওঁৰ দৰে ভক্তি-ধৰ্মৰ প্ৰভাৱৰ বাহিৰত থকা দুই-এজন কবিৰ ৰচনাত লৌকিকতাৰ যি ক্ষীণ আভাস পোৱা যায়, বৈষ্ণৱ কবিসকলৰ তাচ্ছিল্যৰ তীব্ৰ কটাক্ষত সেই জেউতী ম্লান হৈ গ’ল আৰু বৈষ্ণৱ সাহিত্যয়ো “তৰ্ক মহাব্যাঘ্ৰী”ৰ লগত পদে পদে যুঁজ কৰিবলৈ সাজু হৈ থাকিব লগাৰ কাৰণে ইয়াৰ মুক্ত বিকাশত বিঘিনি ঘটিছে।