পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চিৰশিশু ৰূপ

 বিদ্যাপতি, চণ্ডীদাস আদি সহজিয়া কবিসকলৰ কৃষ্ণ যেনে চিৰপ্ৰেমিক ( eternal lover ) আমাৰ বৰগীত, কাণখোৱা, চোৰধৰা আদিৰ কৃষ্ণও তেনে চিৰশিশু ( eternal child )। শিশু-জীৱন অশেষ আনন্দ, কাৰুণ্য, ভেম, চাতুৰী তেওঁলোকৰ কবিতাবোৰৰ নিচিনাকৈ ক’তো প্ৰকাশ হোৱা দেখা নেযায়। কৃষ্ণৰ নাম বাদ দিলে এইবোৰ কবিতা যেই সেই শিশুৰ জীৱনতে খাপ খায়।

হামু বিহানত  খেৰি খেলাৱত
 আজো কিছু এ নাহি খাৱতৰি।
তুমহি হামাকো  নাহি ডাকল মাই
 ভোখহি বৰ দুখ পাৱতৰি॥
খালি উদৰে হৰি  হাত নিৱেশিয়ে
 দেখত বোলত বাণী।
আপুন তনয়কহো  দুখ দেখিয়ে মাই
 নয়নে ঝুৰাৱত পানী॥
পুতা পুতা বুলি  আঞ্চোৰে মোচল
 শ্যাম শৰীৰক ধূলি।
মোৰ বাপ বুলি  ক্ষীৰ পিয়াৱত
 বাহু মেলি কোলে তুলি॥  ( মাধৱদেৱ )

শিশুৰ এই আব্দাৰ জগতৰ যেই সেই শিশুতে খাটিব।

 অসমীয়া বৈষ্ণৱ সাহিত্যৰ মূল প্ৰেৰণা দাস্য-ভাব হ’লেও ইয়াত বাৎসল্য ভাৱৰ প্ৰৱল আধিপত্য আছে। সাহিত্য আৰু সুকুমাৰ শিল্পত এই দুটি ভাৱৰ কেনে অঙ্গাঙ্গি সম্বন্ধ, ইয়াতেই অলপ আলোচনা কৰা যাওক।

 দাস্য-ভাবৰ কল্পনা প্ৰাৰ্থনা-ক্ষেত্ৰত বিশেষকৈ খাটে। নিজক দাসানুদাস বা সৰুতকৈও সৰু বুলি ভাবি ল’ব পাৰিলে মদ, মাৎসৰ্য,