পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
পুৰণি অসমীয়া সাহিত্য


পৰিণতি যেন লাগে। ভক্ত মীৰাবায়ে শ্ৰীকৃষ্ণক স্বামীৰূপে বৰণ কৰিছিল—“মেৰে গিৰধৰ গুপাল দূসৰো ন কোই। জা কে সিৰ মোৰমুকট মেৰো পতি সোই॥”

 শ্ৰীকৃষ্ণৰ পৌৰাণিক জীৱনীত জানিবা শিশু-লীলা, ৰাস-লীলা আদি নানা লীলা-খেলাৰ উল্লেখ আছে আৰু প্ৰৱাদ পৰম্পৰা অনুসাৰে কৃষ্ণ-নামৰ লগত ৰস-সম্বন্ধৰ প্ৰথাও চলি আহিছে, কিন্তু যীশুখ্ৰীষ্টৰ জীৱনীত তেনে কোনো লীলাৰ উল্লেখ নাই। খ্ৰীষ্টধৰ্মতো মূলতঃ ঈশ্বৰক প্ৰভু কল্পনা কৰাটোহে দেখা যায়। তথাপি য়ুৰোপৰ মধ্য-যুগৰ কঠোৰ সন্ন্যাস-ব্ৰতী তিৰোতা সাধিকাসকলে (Elizabeth, Mary, Hildegard Lintgard ) ভক্ত মীৰাবাঈৰ দৰে খ্ৰীষ্টক দৰা বুলি বৰণ কৰি নিজক নিজক কইনা ( bride of Christ ) বুলি কল্পনা কৰিছিল।

 তাত বাজেও য়ুৰোপীয় মধ্য-যুগৰ সুকুমাৰ শিল্পত কুমাৰী মেৰী আৰু শিশু খ্ৰীষ্টৰ বাৎসল্য ভাবৰ অভিব্যক্তি স্বৰূ অসংখ্য ছবি অঁকা হৈছিল। এই বিষয়ত য়ুৰোপীয় বাৎসল্য-ৰস প্ৰকাশৰ ছবিৰ ঠাই আমাৰ দেশত শিশুকৃষ্ণ-বিষয়ক অসংখ্য কবিতাই অধিকাৰ কৰি আছে। উপাসনা-ক্ষেত্ৰত যি আদৰ্শ প্ৰভু-কল্পনা, সাহিত্যত সেই প্ৰভু-ভাবৰেই স্বাভাৱিক বিকাশ হৈছে স্নেহেৰে আঁকোৱালি ধৰিব পৰা বাৎসল্য-লীলা-কীৰ্তন।