পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
চিৰ শিশু ৰূপ


অহঙ্কাৰ আদি প্ৰবৃত্তিবোৰৰ তেজ ভালেখিনি কমে আৰু আত্মবিৰামৰ অৱস্থা সোনকালে আহিব পাৰে। কিন্তু স্নেহ, কৰুণা, দয়া, দাক্ষিণ্য আদি মনৰ কোমল ভাববোৰৰ একান্ত বিলোপ হ’লে প্ৰাৰ্থনাও নীৰস হৈ পৰে। সেই কাৰণে সাধকসকলে “ৰসময়ী ভকতিৰ” হে কামনা কৰে। ভকতি ৰসময়ী হ’ব লাগিলে তাত এনেকুৱা ৰস থাকিব লাগিব, যাৰ ভোগৰ ভিতৰতেই ত্যাগ আছে, যাৰ আকাঙ্ক্ষাৰ ভিতৰতেই তৃপ্তি আছে, যাৰ প্ৰতি ধাউতিয়েই নিবৃত্তিৰ পৰিপোষক।

 বাৎসল্য ৰসৰ নিচিনা নিষ্কাম নিৰ্বিকাৰ ভাব আৰু দ্বিতীয় নাই বুলিলেই হয়। সন্তানৰ প্ৰতি যি প্ৰকৃত স্নেহ, তাত স্বাৰ্থৰ গোন্ধ নাই, তাত ভোগৰ ভিতৰতেই ত্যাগ আছে। ঘোৰ সংসাৰীৰ পৰা পৰম বিৰাগী পুৰুষৰ মনতো ই কোনো বিকাৰ নোপজোৱাকৈ বৰ্তিব পাৰে। লৌকিক দৃষ্টিত যিটো দাস্য-ভাব, অন্তৰৰ ফালৰ পৰা সেয়ে বাৎসল্য-ভাবত পৰিণত হয়। গৃহস্থৰ ঘৰৰ বহুদিনীয়া দাস-দাসীসকলে বয়সৰ তাৰতম্য অনুসাৰে যিফালৰ পৰাই হওক গিৰিহঁতৰ লগত বাৎসল্য বা তাৰ সমান শ্ৰেণীৰ ভাবেৰে অন্তৰৰ সংযোগ স্থাপন কৰে। সেই হিছাপে দাস্য আৰু বাৎসল্য ভাবৰ ওচৰ-চুবুৰীয়া সম্বন্ধ। দূৰৈৰপৰ৷ যিটো দাস্যভাব, ওচৰৰপৰা ই সিয়েই বাৎসল্য়-ভাব।

 চৰিত-পুথিত আছে ৰামকৃষ্ণ পৰমহংসদেৱে নিৰ্বিকল্প সমাধিৰ পিছতো “মা, মা” বুলি ঈশ্বৰক উদ্দেশ্য কৰি চিয়ঁৰিছিল। বাৎসল্য-ৰসৰ ইমানেই মন-প্ৰাণ জুৰোৱা শক্তি! সেই কাৰণে আধ্যাত্মিক ক্ষেত্ৰত মানসিক প্ৰকৃতিৰ তাৰতম্য অনুসাৰে ঈশ্বৰত নানা ভাবৰ আৰোপ কৰা দেখা যায়। কেতবোৰে ঈশ্বৰক সন্ধানৰূপে কল্পনা কৰে, কেতবোৰেবা নিজকেই জগন্মাতাৰ সন্তান বুলি ভাবে আৰু কেতবোৰে বিশেষকৈ তিৰোতা সাধিকাসকলে ঈশ্বৰক দৰা বা স্বামী বুলি কল্পনা কৰে। সাধক-সাধিকাসকলৰ জীৱনত এনেকুৱা ৰস-সম্বন্ধৰ অভিব্যক্তি দাস্য-ভাবৰ স্বাভাৱিক