দন্দুৱা দ্ৰোহ/পাতনি
আমি সৰু কালত স্কুলত পঢ়োঁতে মাজে সময়ে কামৰূপীয়া মানুহৰ মুখে উত্তৰ কামৰূপৰ ৺হৰদত্ত আৰু ৺বীৰদত্তৰ বিষয়ে কেতখিনি গীত শুনিছিলোঁ। এই গীতবিলাকত শোক আৰু ব্যঙ্গৰ ভাব মিহলি। কামৰূপীয়া দুই চাৰিজন বুঢ়াৰ মুখে সাধুকথা শুনাদি শুনিছিলো হৰদত্ত আৰু বীৰদত্ত নামে কামৰূপ জিকেৰি গাঁৱত দুজন কলিতা ভাতৃ বৰ পৰাক্ৰমী হৈ বৰফুকনৰ অত্যাচাৰ সহিব নোৱাৰি তেওৰ শাসন উত্তৰ কামৰূপত এক প্ৰকাৰে উঠাই দি প্ৰায় সাত বছৰ কাল নিজে ৰাজত্ব কৰিছিল। পিচত হেনো নিজৰ জ্ঞাতি বৈৰীতাত বৰফুকনৰ লগত ১৭৯৫ সনৰ যুজত হাৰে। বীৰদত্ত সেই যুঁজতে চেচামুখৰ ৰণত মৰে। হৰদত্তক ধৰাই নি বৰফুকনে শগুণঠুটিৰ বালিত বধ কৰে। পিতৃ মাতৃ হীনা হৈ হৰদত্তৰ পৰম ৰূপ লাবন্যবতী দুহিতা পদ্মকুমাৰীয়েও এক প্ৰকাৰ আত্মহত্যা কৰে।
কলিকতাৰ পৰা পঢ়ি শুনি আহি চৰকাৰী কামত যাওঁ। ভাগ্যগুণে কামৰূপত বৰপেটা আৰু সদৰ ঠাইতেই আমি চাৰি পাঁচ বছৰ কাল চবডিপুটী কলেকটৰি কাম কৰিবলৈ পাওঁ। এদিন আমি ৰঙ্গিয়াত মাটি [ ৪ ] পৰ্ত্তাল কৰি ফুৰোঁতে পূবপাৰ মৌজাৰ পুঠীমাৰি নামেৰে নৈৰ পাৰত, বৰ্ত্তমান বাইহাটা ৰেল ষ্টেষনৰ উত্তৰে প্ৰায় ছমাইল আঁতৰত, ৰঙ্গিয়া আৰু পূবপাৰ মৌজাৰ সীমাত এডোখৰ বৰ মনোৰম ঠাই পাই তাতে দুপৰীয়া অলপ পৰ জিৰাইছিলোঁ।
ঠাই ডোখৰ নৈৰ দাতিৰ পৰা প্ৰায় পঞ্চাচ টাৰ বহল আধামাইল দীঘল। ই, এখন মুকলি পথাৰ। এই পথাৰৰ পশ্চিমে প্ৰায় ইমান আয়তনৰে আৰু এডোখৰ ঠাই আছিল। ইয়াত মাজে মাজে দুই এডাল শিমলু গছ আৰু তল উলুৱনি হাবিৰে ভৰা আছিল। ইয়াৰ পশ্চিমে এখন ঝাৰণি হাবি।
ফাগুন মাহ। সুন্দৰ ফট্ফটীয়া পানিৰে পুঠীমাৰি নৈ বৈছিল। দুপৰীয়া আকাশো নিৰ্ম্মল আছিল। সিফালে দুৰত হিমালয়ৰ ভুটিয়া পাহাড় শ্ৰেণীও দেখা গৈছিল। মনত কি যে এটা নিস্তদ্ধতা আৰু অনুপম সৌন্দৰ্য্যৰ ভাব খেলাইছিল তাক কই এটাব নোৱাৰোঁ। কলেজত থাকোঁতে চাৰ ওয়ালটাৰ স্কটৰ নভেল শ্ৰেণী, ৺বঙ্কিম চাটুৰ্ষিৰ উপন্যাস শ্ৰেণী পঢ়িছিলো। এই ঠাইৰ, সিফালে পাহাড় দেখি আৰু আৰু আমাৰ অসমৰ সকলো ঠাইতে নদী নলা, নিঝৰা, বিল, পুখুৰী পাহাড় ঝাৰণি এই বিলা কলৈ মনত পৰি চাৰ ওয়াল্টাৰ স্কটৰ সেই High Land, (ওখ ঠাই, ) Lowland (নামনি ঠাই) ইত্যাদি [ ৫ ] বিলাকলৈ মনত পৰিছিল। ভাব হৈছিল:—“হায়! মোৰ জননী! তুমি কেনে প্ৰকৃতিৰ কাম্য-কানন! তোমাৰ কালাত স্কটলেণ্ডৰ দৰে Highland, Lowland, Hills Dales, Lakes. সকলোবিলাক আছে। তোমাৰ অতীত কালৰ বুৰঞ্জী নানা ঘটনাৰে পৰিপূৰ্ণ; কিন্তু তোমাৰ এই সমস্ত স্বাভাৱিক সৌন্দৰ্য্য বৰ্ণাবলৈ, অতীতৰ বুৰঞ্জীৰে উপন্যাস লেখিবলৈ, চাৰ ওয়াল্টাৰ স্কটৰ নিচিনা বা ৺বঙ্কিম চাটুৰ্যিৰ দৰে উপন্যাস কাৰক প্ৰতিভাশালী সাহিত্যিক ক’ত? ” ইত্যাদি ভাবি চিন্তি দুপৰীয়া ৰদত জিৰাই সতাই লগ যোৱা মণ্ডল, গাওঁবুঢ়া আৰু গাঁৱৰ দুজন নে তিনি জনমান ভদ্ৰ লোকক সেই ঠাই ডোখৰ, নাম কি, কথা কি, বতৰা কি ইত্যাদি সোধোঁতে আমাক বুঢ়াভগীয়া ভাল মানুহ এজনে কলে :—“বাপ! সেই যে ঝাৰণিখান দেখিছে, সেইখানেই আগৰ জিকেৰীয়া বৰুৱা হৰদত বীৰদতৰ গাঁও আছিল। নৈৰ সিপাৰে যে সোঁ আলিৰ দৰে সেইটো দেখিছে সেইটোৱেই জিকেৰীয়া বৰুৱাৰ আলি। ইয়াৰে পৰা বাইহাটাৰ মাজেদি এই আলি গৈ চিলাৰ চকিত ওলাইছে। ” বৃদ্ধ জনৰ এই কথাত আমি লগত মানুহ-দুনুহ লই ঝাৰণিখানত সোমালোঁ গৈ। তাত সোমাই ঠায়ে ঠায়ে ঘৰৰ ভেটি, ধাপ, আলি, খাৱৈ ইতাদিৰ চিন পালোঁ। মাজতে মজলীয়া বিধৰ পুখুৰী এযোৰো পালোঁ। সেই পুখুৰীত নল আৰু পিতনি। এই বিলাক চাই চিন্তি লই [ ৬ ] জিৰাই সতাই সেই বুঢ়া লোকজন, মণ্ডল, গাঁওবুঢ়া, এই সকলে সৈতে কেম্পলৈ উলটিলোঁ। কেম্পত ছৰকাৰী কাম এফেৰা কৰি উঠি বুঢ়াৰ মুখে হৰদত, বীৰদত, পদ্মকুমাৰী, কুমেদান সিং শিখ, বৰফুকন, এই সকলৰ ইতিবৃত্ত সাধুকথা শুনাদি শুনিলোঁ। শুনি শুনি দীঘলকৈ হুমুনিয়া এটাও কাঢ়িলোঁ; আৰু বুঢ়াৰ মুখে শুনা প্ৰধান প্ৰধান ঘটনাবিলাক টুকি থলোঁ। এতিয়া কৰ্ম্মৰ পৰা অবসৰ পোৱাত আৰু অসমীয়া ৰাইজে আমাৰ পৰা আৰু উপন্যাস পাব খোজাত এই হৰদত আৰু বীৰদতৰ কাহিনী আমি বুৰঞ্জীমতে “দন্দুৱা দ্ৰোহ” নাম দি ৰাইজৰ আগলৈ উলিয়ালোঁ। বুৰঞ্জীমতে হৰদত্তৰ বিদ্ৰোহ আৰম্ভ হয় ইংৰাজী ১৭৮৮ সনত আৰু দমন হয় ১৭৯৬ সনত। এই আঠ বছৰ কাল হৰদত্ত বৰফুকনক যুঁজত ঘটুৱাই ব্যতিব্যস্ত কৰি তুলিছিল; আৰু উত্তৰ কামৰূপত নিজেই এক প্ৰকাৰ ৰজা হৈ ৰাজত্ব কৰিছিল। আমাৰ বন্ধুবৰ শ্ৰীযুত লক্ষ্মীনাথ বেজবৰুৰা ডাঙ্গৰীয়াই আগেয়ে পদ্মকুমাৰী নাম দি এই বিষয়ৰ এখান উপন্যাস ছপাই থৈছে। সেই উপন্যাস শুৱলাও হৈছে। কিন্তু তাত আমি হৰদত বীৰদতৰ বিষয়ে বুৰঞ্জী মতে যি জানো আৰু কামৰূপীয়া মানুহৰ মুখে মুখে যেনেকৈ শুনিছো সেই উপন্যাসত সেইদৰে নাই। সেই দেখি আমিও হৰদত বীৰদতৰ দ্ৰোহটো উপন্যাস আকাৰে লেখি ৰাইজৰ আগত