পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পাতনি

 আমি সৰু কালত স্কুলত পঢ়োঁতে মাজে সময়ে কামৰূপীয়া মানুহৰ মুখে উত্তৰ কামৰূপৰ ৺হৰদত্ত আৰু ৺বীৰদত্তৰ বিষয়ে কেতখিনি গীত শুনিছিলোঁ। এই গীতবিলাকত শোক আৰু ব্যঙ্গৰ ভাব মিহলি। কামৰূপীয়া দুই চাৰিজন বুঢ়াৰ মুখে সাধুকথা শুনাদি শুনিছিলো হৰদত্ত আৰু বীৰদত্ত নামে কামৰূপ জিকেৰি গাঁৱত দুজন কলিতা ভাতৃ বৰ পৰাক্ৰমী হৈ বৰফুকনৰ অত্যাচাৰ সহিব নোৱাৰি তেওৰ শাসন উত্তৰ কামৰূপত এক প্ৰকাৰে উঠাই দি প্ৰায় সাত বছৰ কাল নিজে ৰাজত্ব কৰিছিল। পিচত হেনো নিজৰ জ্ঞাতি বৈৰীতাত বৰফুকনৰ লগত ১৭৯৫ সনৰ যুজত হাৰে। বীৰদত্ত সেই যুঁজতে চেচামুখৰ ৰণত মৰে। হৰদত্তক ধৰাই নি বৰফুকনে শগুণঠুটিৰ বালিত বধ কৰে। পিতৃ মাতৃ হীনা হৈ হৰদত্তৰ পৰম ৰূপ লাবন্যবতী দুহিতা পদ্মকুমাৰীয়েও এক প্ৰকাৰ আত্মহত্যা কৰে।
 কলিকতাৰ পৰা পঢ়ি শুনি আহি চৰকাৰী কামত যাওঁ। ভাগ্যগুণে কামৰূপত বৰপেটা আৰু সদৰ ঠাইতেই আমি চাৰি পাঁচ বছৰ কাল চবডিপুটী কলেকটৰি কাম কৰিবলৈ পাওঁ। এদিন আমি ৰঙ্গিয়াত মাটি