দন্দুৱা দ্ৰোহ/প্ৰথম অধ্যায়
[ ৭ ]
বুৰঞ্জী
পাতনি
আমি সৰু কালত স্কুলত পঢ়োতে মাজে সময়ে কামৰূপীয়া মানুহৰ মুখে উত্তৰ কামৰূপৰ হৰদত্ত আৰু বীৰদত্তৰ বিষয়ে কেতখিনি গীত শুনিছিলোঁ। এই গীতবিলাকত শোক আৰু ব্যঙ্গৰ ভাৱ মিহলি। কামৰূপীয়া দুই চাৰি- জন বুঢ়াৰ মুখে সাধুকথা শুনাদি শুনিছিলো হৰদত্ত আৰু বীৰদত্ত নামে কামৰূপৰ জিকেৰি গাঁৱত দুজন কলিতা ভাতৃ বৰ পৰাক্ৰমী হৈ বৰফুকনৰ অত্যাচাৰ সহিব নোৱাৰি তেওঁৰ শাসন উত্তৰ কামৰূপত এক প্ৰকাৰে উঠাই দি প্ৰায় সাত বছৰ কাল নিজে ৰাজত্ব কৰিছিল। পিচত হেনো নিজ জ্ঞাতি বৈৰীতাত বৰফুকনৰ লগত ১৭৯৫ চনৰ যুঁজত হাৰে। বীৰদত্ত সেই যুঁজতে চেচামুখৰ ৰণত মৰে। হৰদত্তক ধৰাই নি বৰফুকনে শগুণঠুটিৰ বালিত বধ কৰে। পিতৃ-মাতৃহীন হৈ হৰদত্তৰ পৰম ৰূপ-লাৱণ্যৱতী দুহিতা পদ্মকুমাৰীয়েও এক প্ৰকাৰ আত্মহত্যা কৰে।
কলিকতাৰ পৰা পঢ়ি শুনি আহি চৰকাৰী কামত সোমাওঁ। ভাগ্যগুণে কামৰূপত বৰপেটা আৰু সদৰ উভয় ঠাইতেই আমি চাৰি পাঁচ বছৰ কাল চবডিপুটী কলেকট্ৰি কাম কৰিবলৈ পাওঁ। এদিন আমি ৰঙ্গিয়াত মাটি পৰ্ত্তাল কৰি ফুৰোঁতে পূবপাৰ মৌজাৰ পুঠিমাৰি নামেৰে নৈৰ পাৰত, বৰ্ত্তমান বাইহাটা ৰেল ষ্টেচনৰ উত্তৰে প্ৰায় ছমাইল আঁতৰত, ৰঙ্গিয়া আৰু পূবপাৰ মৌজাৰ সীমাত, এডোখৰ বৰ মনোৰম ঠাই পাই তাতে দুপৰীয়া অলপ পৰ জিৰাইছিলোঁ।
ঠাই ডোখৰ নৈৰ দাঁতিৰ পৰা প্ৰায় পঞ্চাশ টাৰ বহল, আধামাইল দীঘল। ই এখন মুকলি পথাৰ। এই পথাৰৰ পশ্চিমে প্ৰায় ইমান আয়তনৰে আৰু এডোখৰ ঠাই আছিল। ইয়াত মাজে মাজে দুই এডাল শিমলু গছ আৰু তল উলুৱণি হাবিৰে ভৰা আছিল। ইয়াৰ পশ্চিমে এখন ঝাৰণি হাবি। [ ৯ ] এওঁলোকে বৰফুকনক মানিব লগা থাকিলেও এওঁলোকৰ ওপৰত বৰফুকনৰ বিশেষ একতিয়াৰ একো নাছিল। তেওঁলোকে আহোম ৰজালৈ নিজে নিজে অলপ অচৰপ কৰ-কাটল পঠাইছিল। যুজ-বিগ্ৰহত আহোম ৰজা আৰু বৰফুকনক সহায় কৰিবলৈ বাধ্য আছিল।